as_gen_text_ulb/18/06.txt

1 line
1.1 KiB
Plaintext

\v 6  অব্ৰাহামে তেতিয়া বেগাই তম্বুৰ ভিতৰলৈ গৈ চাৰাক ক’লে, “তুমি সোনকালে তিনি চেয়া ভাল ময়দা মাখি লৈ কেইখনমান পিঠা যুগুত কৰি দিয়া।” \v 7  তাৰ পাছত অব্ৰাহামে লৰি গৈ পশুৰ জাকৰ পৰা ভাল চাই এটা সৰু দামুৰি আনি তেওঁৰ দাসক দিলে; সেই দাসেও ততাতৈয়াকৈ তাক ৰান্ধিলে। \v 8  পাছত অব্রাহামে দৈ, গাখীৰ আৰু দামুৰিৰ ৰন্ধা মঙহ লৈ তেওঁলোকৰ সন্মুখত থলে; তেওঁলোকে যেতিয়া ভোজন কৰি আছিল, তেতিয়া অব্রাহাম তেওঁলোকৰ কাষতে থকা গছজোপাৰ তলত থিয় হৈ আছিল।