as_gen_text_ulb/14/10.txt

1 line
919 B
Plaintext

\v 10  চিদ্দিম উপত্যকাত আলকতৰাৰে পূর্ণ বহুতো গাত আছিল; যেতিয়া চদোম আৰু ঘমোৰাৰ ৰজা পলাই গৈছিল, তেতিয়া তেওঁলোক সেই গাতত পৰিল; আন অৱশিষ্ট লোকসকল পাহাৰলৈ পলাই গ’ল। \v 11  শত্রুপক্ষই চদোম আৰু ঘমোৰাৰ সকলো ধন-সম্পত্তি আৰু বয়-বস্তু লুট কৰি লৈ গুচি গ’ল। \v 12  তেওঁলোক যাওঁতে সকলো সম্পদেৰে সৈতে চদোমত বাস কৰা অব্ৰামৰ ভতিজা পুতেক লোটকো বন্দী কৰি লৈ গ’ল। লোটৰ উদ্ধাৰ