as_gen_text_ulb/02/18.txt

1 line
1.3 KiB
Plaintext

\v 18 তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্মাণ কৰিম।” \v 19 ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ জানিবলৈ ঈচ্ছা কৰিলে মানুহেনো সেই সকলোবোৰক কি কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, সেয়ে তাৰ নাম হ’ল। \v 20 মানুহে \f + \ft আদম \f*সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত কোনো উপযুক্ত সহকাৰী নাপালে।