as_gen_text_ulb/01/16.txt

1 line
1.0 KiB
Plaintext

\v 16  ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যোতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যোতি, এই দুই বৃহৎ জ্যোতি আৰু তৰাবোৰকো সৃষ্টি কৰিলে। \v 17  ঈশ্বৰে সেইবোৰক আকাশৰ মাজত স্থাপন কৰিলে যাতে সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিয়ে; \v 18  দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে। \v 19  গধূলি আৰু পুৱা হোৱাৰ পাছত চতুৰ্থ দিন হ’ল। পঞ্চম দিন