\v 37  ৰূবেণে তেওঁৰ পিতৃক ক’লে, “মই যদি বিন্যামীনক আপোনাৰ ওচৰলৈ উভটাই আনিব নোৱাৰো, তেন্তে আপুনি মোৰ দুই পুত্ৰকে বধ কৰিব। কেৱল বিন্যামীনক মোৰ হাতত শোধাই দিয়ক, মই পুনৰ তাক আপোনাৰ ওচৰলৈ ঘূৰাই আনিম।” \v 38  তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।”