\v 30  সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।” তাতে তেনেকুৱাই হ’ল। \v 31  পাছত ঈশ্বৰে নিজে নিৰ্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।