as_gen_text_ulb/50/15.txt

1 line
1.4 KiB
Plaintext
Raw Normal View History

\v 15  পাছত যোচেফৰ ককায়েকসকলে দেখিলে যে তেওঁলোকৰ পিতৃৰ মৃত্যু হ’ল, সেয়ে তেওঁলোকে ক’লে, “যদি যোচেফে ঘৃণা কৰে, আৰু আমি তেওঁলৈ যি যি অন্যায় কৰিছিলোঁ, তাৰ যদি প্ৰতিফল আমাক দিয়ে?” \v 16  সেয়ে তেওঁলোকে যোচেফলৈ বার্তা পঠালে, আৰু ক’লে, “তোমাৰ পিতৃয়ে তেওঁৰ মৃত্যুৰ আগেয়ে এই আদেশ দিছিল, যে, \v 17  তোমালোকে যোচেফক এইদৰে ক’বা, ‘বিনয় কৰোঁ, তুমি তোমাৰ ককায়েৰাহঁতৰ জগৰ, তেওঁলোকৰ পাপ ক্ষমা কৰা; কিয়নো তেওঁলোকে তোমাক দুৰ্গতি কৰিছিল’। এতেকে, এতিয়া আমি বিনয় কৰোঁ, আপুনি নিজ পিতৃৰ ঈশ্বৰৰ দাসসকলৰ দোষ ক্ষমা কৰক।” এইদৰে তেওঁলোকে যোচেফলৈ কৈ পঠোৱাত, তেওঁ কান্দি পেলালে।