as_gen_text_ulb/21/14.txt

1 line
1.2 KiB
Plaintext
Raw Normal View History

\v 14  পিছদিনা অব্ৰাহামে নিচেই পুৱাতে উঠি কিছু পিঠা আৰু ছালেৰে তৈয়াৰী পানী ভৰা এটা মোনা লৈ হাগাৰৰ কান্ধত তুলি দিলে। তাৰ পাছত ইশ্মায়েলকো শোধাই দি তেওঁলোক দুয়োকো বিদায় দিলে; পাছত দুয়ো আঁতৰি গ’ল আৰু বেৰ-চেবাৰ মৰুপ্রান্তৰত ভ্ৰমি ফুৰিলে। \v 15  ছলৰ মোনাৰ পনী শেষ হোৱাত হাগাৰে লৰাটোক এজোপা জোপোহাৰ তলতে শোৱাই থৈছিল। তাৰ পাছত তাই কাড় এপাত মাৰিলে। কাড় পাত যিমান দূৰলৈ গল, সিমান দূৰলৈ গৈ বহিলছিল কাৰন তাই ভাবিছিল, “মই মোৰ লৰাৰ মৰণ চাবলৈ ইচ্ছা নকৰো” আৰু তাতে বহি উচুপি উচুপি কান্দিছিল।