341 lines
28 KiB
Plaintext
341 lines
28 KiB
Plaintext
\id JOL
|
|
\ide UTF-8
|
|
\h যোৱেল
|
|
\toc1 যোৱেল
|
|
\toc2 যোৱেল
|
|
\toc3 jol
|
|
\mt1 যোৱেল
|
|
\c 1
|
|
\p
|
|
\v 1 পথূৱেলৰ পুত্ৰ যোৱেললৈ অহা এইটো যিহোৱাৰ বাক্য।
|
|
\q1
|
|
\v 2 হে পৰিচাৰকসকল, এই কথা শুনা?
|
|
\q1 আৰু হে দেশনিবাসীসকল, কাণ দিয়া। তোমালোকৰ দিনত বা তোমালোকৰ পূৰ্বপুৰুষসকলৰ দিনত এনে ঘটিছিল নে?
|
|
\q1
|
|
\v 3 তোমালোকে নিজ নিজ সন্তানসকলক এই বিষয়ে কোৱা,
|
|
\q1 আৰু তেওঁলোকেও নিজ নিজ সন্তানসকলক কওঁক,
|
|
\q1 আৰু তেওঁলোকৰ সন্তান সকলেও তেওঁলোকৰ ভাবী সন্তানসকলক কওঁক।
|
|
\q1
|
|
\v 4 কুটি খোৱা ফৰিঙে এৰাখিনি কাকতী ফৰিঙে খালে;
|
|
\q1 আৰু কাকতী ফৰিঙে এৰাখিনি চেলেকা ফৰিঙে খালে;
|
|
\q1 আৰু চেলেকা ফৰিঙে এৰাখিনি বিনাশকাৰী \f + \ft বিনাশকাৰী ভুৰ পোক \f* ফৰিঙে খালে।
|
|
\q1
|
|
\v 5 হে মতলীয়াসকল, সাৰ পোৱা আৰু কান্দা!
|
|
\q1 বিলাপ কৰা, হে দ্ৰাক্ষাৰস পান কৰোঁতাসকল,
|
|
\q1 নতুন দ্রাক্ষাৰস তোমালোকৰ মুখৰ পৰা সম্পূর্ণৰূপে আতৰাই দিয়া হল।
|
|
\q1
|
|
\v 6 কিয়নো এটা জাতি \f + \ft ফৰিঙৰ এটা বৃহৎ দল। \f* মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল,
|
|
\q1 অসংখ্য প্ৰাণী থকা এক বলবান জাতি।
|
|
\q1 সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা,
|
|
\q1 আৰু সিংহনীৰ \f + \ft প্রকাশিত বাক্য 9:7-10 \f* গুৰি দাঁতৰ নিচিনা সিহঁতৰ গুৰি দাঁত।
|
|
\q1
|
|
\v 7 সিহঁতে মোৰ দ্ৰাক্ষালতা ধ্বংস কৰিলে,
|
|
\q1 আৰু মোৰ ডিমৰু গছৰ বাকলি এৰুৱালে।
|
|
\q1 সিহঁতে তাক নিচেইকৈ বখলিয়ালে আৰু পেলাই দিলে;
|
|
\q1 তাৰ ডালবোৰ বগা কৰিলে।
|
|
\q1
|
|
\v 8 যৌৱন কালৰ স্বামীৰ শোকত চট কাপোৰেৰে কঁকাল বন্ধা কন্যাৰ নিচিনাকৈ তুমি বিলাপ কৰা।
|
|
\q1
|
|
\v 9 যিহোৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য বন্ধ কৰা হ’ল।
|
|
\q1 যিহোৱাৰ দাসবোৰ, পুৰোহিতসকলে শোক কৰিছে।
|
|
\q1
|
|
\v 10 পথাৰবোৰ নষ্ট হ’ল,
|
|
\q1 ভূমিয়ে শোক \f + \ft শুকাই গ’ল। \f* কৰিছে।
|
|
\q1 কিয়নো শস্য নষ্ট কৰা হ’ল,
|
|
\q1 নতুন দ্ৰাক্ষাৰস শুকাল,
|
|
\q1 আৰু তেল নাইকিয়া হ’ল।
|
|
\q1
|
|
\v 11 হে খেতিয়কসকল, লজ্জিত হোৱা,
|
|
\q1 হে দ্ৰাক্ষাবাৰী আপডাল কৰোঁতাসকল,
|
|
\q1 ঘেঁহু ধান আৰু যৱৰ বাবে বিলাপ কৰা।
|
|
\q1 কিয়নো পথাৰৰ শস্য বিনষ্ট হ’ল।
|
|
\q1
|
|
\v 12 দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জঁয় পৰিল,
|
|
\q1 ডালিম, খাজুৰ আৰু আপেলৰ গছবোৰ -
|
|
\q1 পথাৰৰ সকলো গছ শুকাল। সঁচাকৈ মনুষ্য সন্তানসকলৰ মাজৰ পৰা আমোদ প্ৰমোদ নাইকিয়া হ’ল।
|
|
\q1
|
|
\v 13 হে পুৰোহিতসকল, তোমালোকে চট কাপোৰ পৰিধান কৰি বিলাপ কৰা!
|
|
\q1 হে যজ্ঞবেদিৰ পৰিচাৰকসকল, বিলাপ কৰা।
|
|
\q1 হে মোৰ ঈশ্বৰৰ দাসবোৰ, আহাঁ, চট কাপোৰ পিন্ধি ওৰে ৰাতি পৰি থাকা।
|
|
\q1 কিয়নো তোমালোকৰ ঈশ্বৰৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য প্রতিৰোধ কৰা হৈছে।
|
|
\q1
|
|
\v 14 তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা,
|
|
\q1 সমাজ গোট খাবলৈ ঘোষণা কৰা।
|
|
\q1 পৰিচাৰকসকল আদি কৰি দেশনিবাসী আটাই লোকক গোট খুউৱাই
|
|
\q1 তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহত
|
|
\q1 যিহোৱালৈ কাতৰোক্তি কৰা,
|
|
\q1
|
|
\v 15 হায় হায়, এয়ে কেনে দিন!
|
|
\q1 কিয়নো যিহোৱাৰ ভয়ংকৰ দিন ওচৰ।
|
|
\q1 এই সকলোৰে সৈতে সৰ্ব্বশক্তিমান ঈশ্বৰৰ পৰা যেন প্ৰলয়হে উপস্থিত হ’ল।
|
|
\q1
|
|
\v 16 আমাৰ চকুৰ আগত খোৱা বস্তুবোৰ,
|
|
\q1 আৰু এনেকি আমাৰ ঈশ্বৰৰ গৃহৰ আনন্দ আৰু উল্লাস লোপ পোৱা নাই নে?
|
|
\q1
|
|
\v 17 বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ’ল,
|
|
\q1 ভঁৰালবোৰ ধ্বংস কৰা হ’ল, শস্যৰ ঘৰবোৰ ভাঙিল,
|
|
\q1 কাৰণ শস্যবোৰ নাইকিয়া হ’ল।
|
|
\q1
|
|
\v 18 পশুবোৰে কেনেকৈ কেঁকাইছে!
|
|
\q1 চৰণীয়া ঠাই নোহোৱাৰ বাবে
|
|
\q1 গৰুৰ জাকবোৰ ব্যাকুল হৈছে।
|
|
\q1 এনেকি মেৰছাগ আৰু ছাগলীৰ জাকবোৰে দণ্ড ভোগ কৰিছে।
|
|
\q1
|
|
\v 19 হে যিহোৱা, মই তোমাৰেই আগত কাতৰোক্তি কৰিছোঁ।
|
|
\q1 কিয়নো অগ্নিয়ে অৰণ্যৰ চৰণীয়া ঠাইবোৰ গ্ৰাস কৰিলে,
|
|
\q1 অগ্নিশিখাই খেতিৰ সকলো গছবোৰ পুৰি পেলালে।
|
|
\q1
|
|
\v 20 বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে,
|
|
\q1 কিয়নো জলৰ জুৰিবোৰ শুকাল,
|
|
\q1 আৰু অৰণ্যৰ চৰণীয়া ঠাইবোৰ অগ্নিয়ে গ্ৰাস কৰিলে।
|
|
\c 2
|
|
\q1
|
|
\v 1 তোমালোকে চিয়োনত শিঙা বজোৱা,
|
|
\q1 আৰু মোৰ পবিত্ৰ পৰ্ব্বতখনত সতৰ্ক-ধ্বনি কৰা!
|
|
\q1 দেশ নিবাসী সকলোৱেই ভয়ত কঁম্পমান হওঁক,
|
|
\q1 কিয়নো যিহোৱাৰ দিন আহি আছে;
|
|
\q1 হয়, সঁচাই সেয়ে ওচৰ পাইছেহি;
|
|
\q1
|
|
\v 2 সেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন,
|
|
\q1 ডাৱৰীয়া আৰু ঘন মেঘেৰে হোৱা অন্ধকাৰৰ দিন।
|
|
\q1 পৰ্ব্বতবোৰৰ ওপৰত ব্যাপি থকা অৰুণ যেন ব্যাপ্ত,
|
|
\q1 মহৎ আৰু যেন পৰাক্ৰমী এক জাতি আহিছে।
|
|
\q1 তাৰ নিচিনা কেতিয়াও হোৱা নাই,
|
|
\q1 আৰু তাৰ পাছত পুনৰ কেতিয়াও নহব,
|
|
\q1 আনকি পুৰুষানুক্ৰমে অনেক বছৰলৈকে পুনৰ নহব।
|
|
\q1
|
|
\v 3 তাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে,
|
|
\q1 আৰু তাৰ পাছত অগ্নিশিখা জ্বলিছে।
|
|
\q1 তাৰ আগত দেশখন এদন বাৰীৰ নিচিনা,
|
|
\q1 আৰু তাৰ পাছত ধ্বংস কৰা মৰুভূমিৰ নিচিনা।
|
|
\q1 এনেকি একোৱেই তাৰ পৰা ৰক্ষা নাপায়।
|
|
\q1
|
|
\v 4 সিহঁতৰ আকৃতি ঘোঁৰাৰ আকৃতিৰ নিচিনা,
|
|
\q1 আৰু সিহঁত অশ্বাৰোহীসকল দৰে যোৱাৰ দৰে বেগেৰে যায়।
|
|
\q1
|
|
\v 5 সিহঁতে জপিওৱা শব্দ পৰ্ব্বতবোৰৰ টিঙত চলা ৰথসমূহৰ শব্দৰ নিচিনা,
|
|
\q1 সিহঁত খোৱা শব্দ নৰা গ্ৰাসকাৰী অগ্নিশিখাৰ শব্দৰ নিচিনা,
|
|
\q1 সিহঁত যুদ্ধলৈ বেহু পতা পৰাক্ৰমী এক জাতিৰ সদৃশ।
|
|
\q1
|
|
\v 6 সিহঁতৰ আগত জাতিবোৰে যাতনা পায়,
|
|
\q1 আৰু সিহঁতৰ আটাইৰে মুখ বিবৰ্ণ হয়।
|
|
\q1
|
|
\v 7 সিহঁতে বীৰসকলৰ দৰে লৰ মাৰে;
|
|
\q1 সিহঁতে যুদ্ধাৰু নিচিনাকৈ গড়ত উঠে;
|
|
\q1 সিহঁতে নিজ নিজ শাৰীত থাকে,
|
|
\q1 আৰু তাক নভঙাকৈ নিজ নিজ পথত যাত্ৰা কৰে।
|
|
\q1
|
|
\v 8 সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে;
|
|
\q1 প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে;
|
|
\q1 সিহঁতে নিৰাপত্তা ব্যৱস্থাত বলপূৰ্বক প্ৰবেশ কৰে,
|
|
\q1 আৰু সিহঁতে পৰিলেও যাত্ৰাপথৰ পৰা বাহিৰ নহয়।
|
|
\q1
|
|
\v 9 সিহঁতে নগৰত ভ্ৰমি ফুৰে,
|
|
\q1 গড়ৰ ওপৰত লৰ মাৰে,
|
|
\q1 উঠি ঘৰৰ ভিতৰত সোমায়,
|
|
\q1 আৰু চোৰৰ দৰে খিড়িকিয়েদি সোমায়।
|
|
\q1
|
|
\v 10 সিহঁতৰ আগত পৃথিৱী কঁপে,
|
|
\q1 আকাশ-মণ্ডল জোকাৰ খায়,
|
|
\q1 চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয়,
|
|
\q1 আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে।
|
|
\q1
|
|
\v 11 যিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ কন্ঠধ্বনি শুনাইছে,
|
|
\q1 কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক;
|
|
\q1 কাৰণ তেওঁৰ আজ্ঞা পালন কৰোঁতাসকল বলৱান।
|
|
\q1 কিয়নো যিহোৱাৰ দিন মহৎ আৰু অতি ভয়ানক।
|
|
\q1 কোনে তাক সহন কৰিব পাৰে?
|
|
\q1
|
|
\v 12 যিহোৱাই কৈছে, “তথাপি এতিয়াও”,
|
|
\q1 “তোমালোকৰ সমস্ত মনেৰে সৈতে মোলৈ ঘূৰা। লঘোন, ক্ৰন্দন আৰু শোক কৰা।”
|
|
\q1
|
|
\v 13 আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা,
|
|
\q1 তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা।
|
|
\q1 কিয়নো তেওঁ কৃপাময় আৰু দয়ালু,
|
|
\q1 ক্ৰোধত ধীৰ আৰু দয়াত মহান,
|
|
\q1 আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।
|
|
\q1
|
|
\v 14 কোনে জানে? তেওঁ ঘূৰি মন পালটাব পাৰে,
|
|
\q1 আৰু নিজৰ পাছত আশীৰ্ব্বাদ দি যাব পাৰে,
|
|
\q1 তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে।
|
|
\q1
|
|
\v 15 তোমালোকে চিয়োনত শিঙা বজোৱা,
|
|
\q1 পবিত্ৰ উপবাস নিৰূপণ কৰা,
|
|
\q1 পবিত্র সমাজ গোট খাবলৈ ঘোষণা কৰা।
|
|
\q1
|
|
\v 16 লোকসকলক গোটোৱা,
|
|
\q1 সমাজখন পবিত্ৰ কৰা,
|
|
\q1 পৰিচাৰকসকলক গোটোৱা,
|
|
\q1 শিশুসকলক গোটোৱা
|
|
\q1 আৰু পিয়াহ খোৱাসকলক গোটোৱা।
|
|
\q1 দৰা নিজৰ কোঁঠালিৰ পৰা,
|
|
\q1 আৰু কন্যা নিজৰ বিয়াৰ তম্বুৰ পৰা ওলাই আহক।
|
|
\q1
|
|
\v 17 যিহোৱাৰ পুৰোহিত, পৰিচাৰকসকল,
|
|
\q1 যজ্ঞবেদী আৰু বাৰাণ্ডাৰ মাজৰ ঠাইত ক্ৰন্দন কৰক। তেওঁলোকক কবলৈ দিয়া, “হে যিহোৱা, তোমাৰ লোকসকলক দয়া কৰা,
|
|
\q1 আৰু তোমাৰ আধিপত্যক ধিক্কাৰৰ বিষয় হবলৈ নিদিবা,
|
|
\q1 যাতে তেওঁলোকৰ ওপৰত জাতিসমূহে শাসন কৰিব।
|
|
\q1 কিয় তেওঁলোকে জাতি সমূহৰমাজত কব,
|
|
\q1 কত তেওঁলোকৰ ঈশ্বৰ?”
|
|
\p
|
|
\v 18 তেতিয়া যিহোৱা নিজ দেশৰ বাবে উদ্যোগী
|
|
\q1 আৰু নিজ লোকসকললৈ দয়ালু হ’ল।
|
|
\q1
|
|
\v 19 যিহোৱাই উত্তৰ দি তেওঁৰ লোকসকলক কলে:
|
|
\q1 “চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস, আৰু তেল পঠিয়াম। তোমালোক তাৰেই তৃপ্ত হবা,
|
|
\q1 মই পুনৰ জাতিসমূহৰ মাজত তোমালোকক ধিক্কাৰৰ বিষয় নকৰিম।
|
|
\q1
|
|
\v 20 মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য-সামন্তক দূৰ কৰিম,
|
|
\q1 আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম।
|
|
\q1 তাৰ আগভাগ পূৱ সাগৰত,
|
|
\q1 আৰু তাৰ পাছভাগ পশ্চিম সাগৰত পেলাই দিম;
|
|
\q1 তাতে তাৰ গেলা গন্ধ ওলাব,
|
|
\q1 দুৰ্গন্ধ উঠিব।
|
|
\q1 কাৰণ সি মহৎ কাৰ্য কৰিলে।”
|
|
\q1
|
|
\v 21 হে দেশ ভয় নকৰিবা, উল্লাসিত হৈ আনন্দ কৰা,
|
|
\q1 কিয়নো যিহোৱাই মহৎ কাৰ্য কৰিলে।
|
|
\q1
|
|
\v 22 হে পথাৰৰ পশুবিলাক, ভয় নকৰিবা,
|
|
\q1 কিয়নো মৰুভূমিত থকা চৰণীয়া ঠাইত ঘাঁহ গজিছে,
|
|
\q1 গছে গুটি ধৰিছে,
|
|
\q1 ডিমৰু গছ আৰু দ্ৰাক্ষালতাই নিজ নিজ ফল উৎপন্ন কৰিছে।
|
|
\q1
|
|
\v 23 হে চিয়োনৰ সন্তানসকল, তোমালোক আনন্দিত হোৱা,
|
|
\q1 আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাত উল্লাস কৰা;
|
|
\q1 কিয়নো তেওঁ তোমালোকক উচিত পৰিমাণে \f + \ft তেওঁ ধাৰ্মিকতাৰ বৰষুণ \f* আগতীয়া বৰষুণ দিছে,
|
|
\q1 আৰু আগৰ দৰে জাকে জাকে আগতীয়া আৰু শেষতীয়া বৰষুণ বৰষাইছে।
|
|
\q1
|
|
\v 24 মৰণা মৰা খলাবোৰ শস্যৰে পূৰ হব,
|
|
\q1 দ্ৰাক্ষাৰস আৰু তেলেৰে কুণ্ডবোৰ উপচি পৰিব।
|
|
\q1
|
|
\v 25 “আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্যসামন্তই, কাকতী ফৰিং,
|
|
\q1 চেলেকা ফৰিং, বিনাশকাৰী ফৰিং, আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰায় তোমালোকক দিম।
|
|
\q1
|
|
\v 26 তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হবা,
|
|
\q1 যিহোৱাৰ নাম প্ৰশংসা কৰিবা,
|
|
\q1 আৰু তোমালোকলৈ আচৰিতৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ,
|
|
\q1 মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব।
|
|
\q1
|
|
\v 27 তেতিয়া মই যে ইস্ৰায়েলৰ মাজত আছোঁ,
|
|
\q1 মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা,
|
|
\q1 আৰু আন কোনো যে নাই, তাক তোমালোকে জানিবা;
|
|
\q1 মোৰ সন্তানসকলে কেতিয়াও পুনৰ লাজ নাপাব।
|
|
\q1
|
|
\v 28 তাৰ পাছতে
|
|
\q1 মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম,
|
|
\q1 তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব।
|
|
\q1 তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব,
|
|
\q1 আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন \f + \ft পাঁচনিৰ কৰ্ম 2:16-17 \f* পাব।
|
|
\q1
|
|
\v 29 আৰু দাস-দাসীসকলৰ ওপৰতো
|
|
\q1 সেই কালত মোৰ আত্মা বাকি দিম।
|
|
\q1
|
|
\v 30 মই তেজ, অগ্নি, ধূঁৱাস্তম্ভৰে
|
|
\q1 আকাশমণ্ডল আৰু পৃথিৱীত অদ্ভুত লক্ষণ দেখুৱাম।
|
|
\q1
|
|
\v 31 যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে
|
|
\q1 সূৰ্য অন্ধকাৰত পৰিণত হব,
|
|
\q1 আৰু চন্দ্ৰ তেজলৈ পৰিৱৰ্তন হব।
|
|
\q1
|
|
\v 32 যিকোনোৱে যিহোৱাৰ নাম লব, তেওঁ উদ্ধাৰ পাব।
|
|
\q1 কিয়নো যিহোৱাই এইদৰে কৈছে,
|
|
\q1 ‘পৰিত্ৰাণ আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা
|
|
\q1 পৰিত্ৰাণ পোৱা আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা
|
|
\q1 যিহোৱাই যিসকলক আহ্বান কৰিলে।
|
|
\c 3
|
|
\p
|
|
\v 1 চোৱা, সেইবোৰ দিনত আৰু সময়ত,
|
|
\q1 মই যিহূদাৰ আৰু যিৰূচালেমৰ বন্দী-অৱস্থাত থকা লোকসকলক ঘূৰাই আনিম,
|
|
\q1
|
|
\v 2 মই সকলো জাতিক গোটাই যিহোচাফটৰ \f + \ft যিহোচাফটৰ যিহোৱাৰ বিচাৰ \f* উপত্যকালৈ নমাই আনিম। সেই ঠাইত মই তেওঁলোকৰ বিচাৰ কৰিম,
|
|
\q1 কিয়নো মোৰ প্ৰজাবোৰক আৰু মোৰ যি উত্তৰাধিকাৰ স্বৰূপ ইস্ৰায়েলক
|
|
\q1 তেওঁলোকে জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিলে,
|
|
\q1 আৰু তেওঁলোকে মোৰ দেশ ভাগ বাঁটি ললে।
|
|
\q1
|
|
\v 3 তেওঁলোকে মোৰ প্ৰজাসকলৰ কাৰণে চিঠি খেলালে,
|
|
\q1 ল’ৰাক বিক্রী কৰি তাৰ সলনি বেশ্যা ললে,
|
|
\q1 আৰু ছোৱালীক বিক্রী কৰি
|
|
\q1 পান কৰিবৰ অভিপ্ৰায়েৰে দ্ৰাক্ষাৰস কিনিলে।
|
|
\q1
|
|
\v 4 এতিয়া তোমালোকে মোৰ প্রতি কিয় খং কৰিছা,
|
|
\q1 হে তূৰ, চীদোন আৰু পলেষ্টিয়াসকলৰ আটাই অঞ্চল?
|
|
\q1 তোমালোকে মোক ক্ষতিপূৰণ দিয়া নে?
|
|
\q1 যদি তোমালোকে মোক ক্ষতিপূৰণ দিয়া,
|
|
\q1 তেতিয়া হ’লে মই অতি শীঘ্ৰে বেগেৰে গৈ তোমালোকে দিয়া ক্ষতিপূৰণৰ প্ৰতিফল তোমালোকৰ মূৰৰ ওপৰত দিম।
|
|
\q1
|
|
\v 5 কিয়নো তোমালোকে মোৰ ৰূপ আৰু সোণ নিলা,
|
|
\q1 আৰু তোমালোকৰ মন্দিৰবোৰলৈ মোৰ উত্তম উত্তম মনোহৰ বস্তুবোৰ লৈ গলা।
|
|
\q1
|
|
\v 6 তোমালোকে যিহূদা আৰু যিৰূচালেমৰ সন্তানসকলক গ্ৰীকসকলৰ ওচৰত বিক্ৰী কৰিলা
|
|
\q1 যাতে তেওঁলোকে তেওঁলোকক দেশৰ পৰা অপসাৰণ কৰি দূৰলৈ নিয়াৰ নিৰ্দেশ দিব পাৰে।
|
|
\q1
|
|
\v 7 কিন্তু চোৱা, যি ঠাইত তোমালোকে তেওঁলোকক বিক্ৰী কৰিলা, সেই ঠাইৰ পৰা নিজ ঠাইলৈ ঘূৰিবলৈ মই তেওঁলোকক উদ্ধাৰ কৰিম,
|
|
\q1 আৰু তোমালোকৰ প্ৰতিকাৰৰ প্ৰতিফল মই তোমালোকৰ মূৰৰ ওপৰত দিম।
|
|
\q1
|
|
\v 8 আৰু তোমালোকৰ পো-জীবোৰক
|
|
\q1 যিহূদাৰ সন্তানসকলৰ হাতত বিক্ৰী কৰিম।
|
|
\q1 তেওঁলোকে দূৰত থকা জাতি চিবায়ীয়া লোকসকলৰ ওচৰত
|
|
\q1 তেওঁলোকক বিক্ৰী কৰিব।
|
|
\q1 কিয়নো যিহোৱাই এই কথা কলে।
|
|
\q1
|
|
\v 9 তোমালোকে জাতিসমূহৰ মাজত এই কথা ঘোষণা কৰা:
|
|
\q1 ‘যুদ্ধ কৰিবলৈ সাজু হোৱা,
|
|
\q1 বীৰ লোকসকলক জাগ্ৰত কৰা,
|
|
\q1 তেওঁলোকক ওচৰলৈ আনা,
|
|
\q1 আৰু আটাই ৰণুৱা উপস্থিত হওঁক।
|
|
\q1
|
|
\v 10 তোমালোকে তোমালোকৰ নাঙলৰ ফাল পিটি তৰোৱাল,
|
|
\q1 আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি যাঠী গঢ়োৱা।
|
|
\q1 “মই শক্তিশালী”,
|
|
\q1 এই বুলি দুৰ্ব্বলসকলে কওঁক।
|
|
\q1
|
|
\v 11 হে চাৰিওফালে থকা জাতিসমূহ,
|
|
\q1 অগ্ৰসৰ হোৱা আৰু আহা,
|
|
\q1 হে যিহোৱা,
|
|
\q1 তোমাৰ বীৰসকলক সেই ঠাইলৈ নমাই আনা।
|
|
\q1
|
|
\v 12 জাতিসমূহ নিজে জাগি উঠক,
|
|
\q1 আৰু যিহোচাফটৰ উপত্যকালৈ আহক;
|
|
\q1 কিয়নো মই সেই ঠাইত
|
|
\q1 চাৰিওফালে থকা জাতি সমূহৰ বিচাৰ কৰিবলৈ বহিম।
|
|
\q1
|
|
\v 13 তোমালোকে কাঁচি লগোৱা,
|
|
\q1 কিয়নো শস্য পকিল।
|
|
\q1 আহাঁ দ্ৰাক্ষাকুণ্ড গচকা,
|
|
\q1 কিয়নো দ্ৰাক্ষাকুণ্ড পৰিপূৰ্ণ হৈছে,
|
|
\q1 আৰু ৰসৰ আধাৰবোৰ উপচি পৰিছে, কিয়নো তেওঁলোকৰ দুষ্টতা অধিক।”
|
|
\q1
|
|
\v 14 তাত আলোড়ন হৈছে। সোধ-বিচাৰ কৰা উপত্যকাত আলোড়ন হৈছে।।
|
|
\q1 কিয়নো সোধ-বিচাৰৰ উপত্যকাত দণ্ড দিব লগা যিহোৱাৰ দিন ওচৰ হৈছে।
|
|
\q1
|
|
\v 15 সূৰ্য আৰু চন্দ্ৰ অন্ধকাৰ হৈছে,
|
|
\q1 আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়া হৈছে।
|
|
\q1
|
|
\v 16 যিহোৱাই চিয়োনৰ পৰা গৰ্জ্জন কৰিব,
|
|
\q1 আৰু যিৰূচালেমৰ পৰা নিজৰ মাত শুনাব।
|
|
\q1 আকাশমণ্ডল আৰু পৃথিৱী কঁপিব,
|
|
\q1 কিন্তু যিহোৱা নিজ প্ৰজাসকলৰ আশ্ৰয়
|
|
\q1 আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কোঁঠস্বৰূপ হ’ব।
|
|
\q1
|
|
\v 17 “তেতিয়া মই যে মোৰ পবিত্ৰ পৰ্ব্বত চিয়োনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ যিহোৱা,
|
|
\q1 সেই বিষয়ে তোমালোকে জানিবা।
|
|
\q1 তেতিয়া যিৰূচালেম পবিত্ৰ হব,
|
|
\q1 আৰু কোনো বিদেশী সৈন্য দলে তাৰ মাজেদি পুনৰ অহা-যোৱা কৰিব নোৱাৰিব।
|
|
\q1
|
|
\v 18 সেই দিনা
|
|
\q1 পৰ্ব্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপা-টোপে পৰিব,
|
|
\q1 ওখ পৰ্ব্বতবোৰৰ পৰা গাখীৰৰ সূঁতী বৈ যাব,
|
|
\q1 যিহূদাৰ আটাই জুৰিবোৰৰ পানী বৈ যাব,
|
|
\q1 আৰু যিহোৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই চিটীমৰ উপত্যকাত পানী দিব।
|
|
\q1
|
|
\v 19 যিহূদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিচৰ ধ্বংসস্থান হব,
|
|
\q1 আৰু ইদোম ধ্বংস-অৰণ্য হব,
|
|
\q1 কিয়নো তেওঁলোকে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে।
|
|
\q1
|
|
\v 20 কিন্তু যিহূদী চিৰকাললৈকে,
|
|
\q1 আৰু যিৰূচালেম পুৰুষানুক্ৰমে থাকিব।
|
|
\q1
|
|
\v 21 মই তেওঁলোকৰ যি ৰক্তপাতৰ প্ৰতিকাৰ সধা নাই, সেই ৰক্তপাতৰ প্ৰতিকাৰ সাধিম \f + \ft যিসকলক মই শাস্তি নিদিয়াকৈ উভতি আহিলোঁ, তেওঁলোকৰ ৰক্তপাতৰ শাস্তি নিদিয়াকৈ মই উভতি নাহো। \f* ,”
|
|
\q1 কিয়নো যিহোৱাই চিয়োনত বাস কৰিছে।
|