as_ulb/21-ECC.usfm

469 lines
71 KiB
Plaintext
Raw Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

\id ECC
\ide UTF-8
\h উপদেশক
\toc1 উপদেশক
\toc2 উপদেশক
\toc3 ecc
\mt1 উপদেশক
\c 1
\cl ১
\p
\v 1 যিৰূচালেমৰ ৰজা, দায়ুদৰ পুত্ৰ উপদেশকজনৰ কথা।
\p
\v 2 উপদেশকে কৈছে,
\q1 “অসাৰৰ অসাৰ! অসাৰৰ অসাৰ!
\q1 সকলোৱেই অসাৰ।
\q1
\v 3 সূৰ্যৰ তলত মানুহে যি যি পৰিশ্ৰম কৰে, সেই সকলো পৰিশ্ৰমত তেওঁৰ কি লাভ?
\q1
\v 4 এক পুৰুষ গুছি যায় আৰু এক পুৰুষ আহে; কিন্তু পৃথিৱী চিৰস্থায়ী।
\q1
\v 5 সূৰ্য উদয় হয় আৰু সূর্য অস্ত যায়; পুণৰ নিজৰ উদয় স্থানলৈ ঘূৰি যায়।
\q1
\v 6 বতাহ দক্ষিণৰ দিশে বলে আৰু উত্তৰলৈ ঘূৰি যায়। ই নিৰন্তৰে ঘূৰি ঘূৰি নিজ পথতে বলে, আৰু নিজৰ চক্ৰপথলৈ বতাহ পুণৰ উলটি আহে।
\q1
\v 7 সকলো নদী গৈ সমুদ্ৰত পৰে; তথাপি সমুদ্ৰ পূর্ণ নহয়;
\q1
\v 8 সকলোবোৰ কথাই বৰ্ণনাতীতভাৱে বিৰক্তিজনক। মানুহৰ বাবে ইয়াৰ বৰ্ণনা দিয়া অসাধ্য। চকুৱে দৰ্শন কৰি কৰি তৃপ্ত নহয় বা
\q1 কাণে শ্ৰৱণ কৰি কৰি পূৰ্ণ নহয়।
\q1
\v 9 যি বিষয় হৈ গ’ল, সেয়াই হ'ব। যি কৰা হ’ল, তাক পুনৰ কৰা হ’ব; আৰু সূৰ্যৰ তলত নতুন একো বিষয়েই নাই।
\q1
\v 10 এনে কিবা আছে নেকি যাৰ বিষয়ে ক'ব পাৰি “চাওক, এইটো নতুন”? এইটো ইতিমধ্যে পুৰণি সময়ৰ পৰাই আছিল, আমাৰ কালৰ আগেয়েও আছিল।
\q1
\v 11 পূৰ্বকালত ঘটি যোৱা বিষয়বোৰৰ কথা কাৰো মনত নাই; ভৱিষ্যতে যিবোৰ হ’ব, পিছত আহিবলগীয়াসকলেও তাক সোঁৱৰণ নকৰিব।
\q1 নদীবোৰ যি ঠাইৰ পৰা আহে, পুনৰায় সেই ঠাইলৈকে উলটি যায়।
\p
\v 12 মই উপদেশক; মই যিৰূচালেমত ইস্ৰায়েলৰ ওপৰত ৰজা আছিলোঁ।
\v 13 আকাশৰ তলত কৰা সকলোবোৰ কাৰ্যৰ বিষয়ে জ্ঞানৰ দ্বাৰা বিচাৰিবলৈ আৰু অনুসন্ধান কৰিবলৈ মই মোৰ হৃদয় স্থিৰ কৰিলোঁ; ঈশ্বৰে মানুহৰ সন্তানসকলক এই দুৰ্বহ কাৰ্যভাৰ দিছে, যাৰ দ্বাৰা মানুহক ব্যস্ত ৰাখিব পৰা যায়।
\v 14 সূর্যৰ তলত যি যি কৰা হয়, সেই সকলোকে মই চালোঁ; দেখিলোঁ, এই সকলো অসাৰ আৰু কেৱল বতাহক ধৰিবলৈ \f + \ft অর্থাৎ বতাহ খোৱাৰ দৰে \f* চেষ্টা কৰাৰ নিচিনা।
\q1
\v 15 যি বেঁকা তাক পোন কৰিব নোৱাৰি!
\q1 যি নাই, তাক গণনা কৰিব নোৱাৰি।
\p
\v 16 মই মনতে ক’লো, “মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, সেইসকল লোকতকৈ মই অধিক প্ৰজ্ঞা অর্জন কৰিলোঁ; মোৰ হৃদয়ে মহান প্ৰজ্ঞা আৰু জ্ঞান-বুদ্ধি বুজি পাইছে।”
\v 17 তাৰ পাছত মই জ্ঞান জানিবলৈ আৰু, উন্মাদনা আৰু মূৰ্খতা জানিবলৈ মোৰ হৃদয় স্থিৰ কৰিলো; তাতে মই বুজিলো যে, ইও বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
\v 18 কিয়নো প্ৰজ্ঞা বাঢ়িলে অধিক নৈৰাশ্যতাও বাঢ়ে আৰু যিজনে জ্ঞান বৃদ্ধি কৰে, তেওঁৰ দুখো বৃদ্ধি কৰে।
\c 2
\cl ২
\p
\v 1 মই মোৰ হৃদয়ক ক’লোঁ, “এতিয়া আহাঁ, মই আমোদ-প্রমোদৰ দ্বাৰাই তোমাক পৰীক্ষা কৰি চাওঁ; সেয়ে, আনন্দ উপভোগ কৰা।” কিন্তু দেখিলোঁ, ইও অসাৰ আছিল।
\p
\v 2 মই হাঁহিৰ বিষয়ে ক’লো, “এয়া উন্মাদনা,” আৰু আনন্দৰ বিষয়েও ক’লো “ই কি সম্পন্ন কৰে?
\p
\v 3 মানুহৰ সন্তানসকলে তেওঁলোকৰ গোটেই জীৱনকালত আকাশৰ তলত কি কৰা উচিত, তাক দেখা নোপোৱা পৰ্যন্ত মই মোৰ হৃদয়ত অনুসন্ধান কৰিলো, কেনেকৈ নিজকে দ্ৰাক্ষাৰসেৰে পৰিতৃপ্ত কৰিম - তেতিয়াও মোৰ হৃদয়ক প্ৰজ্ঞাই নিয়ন্ত্ৰণ কৰি আছিল; আৰু কেনেকৈ অজ্ঞানতাক আধাৰ কৰি ৰাখিম।
\v 4 মই মোৰ কাৰ্যবোৰ মহান কৰি তুলিলো, মই মোৰ ঘৰবোৰ নিৰ্মাণ কৰিলো, আৰু মোৰ দ্ৰাক্ষাবাৰীবোৰ প্ৰস্তুত কৰিলো।
\v 5 মই অনেক উদ্যান আৰু বাগিছাবোৰ নিৰ্মাণ কৰি তাত সকলো ধৰণৰ ফলবৃক্ষ ৰোপণ কৰিলো;
\v 6 বাঢ়ি অহা গছবোৰৰ বাগিছাত পানী যোগানৰ বাবে মই পুখুৰী খান্দিলোঁ;
\v 7 মই অনেক দাস আৰু দাসীক কিনি ল’লো; মোৰ গৃহতো দাস-দাসীৰ জন্ম হৈছিল; যিৰূচালেমত মোৰ আগেয়ে যিসকল আছিল, সেই সকলতকৈ মোৰ ডাঙৰ আৰু সৰু গৰু-ছাগলী, মেৰ-ছাগ আদি পশুধনৰ বহুতো সম্পত্তি আছিল;
\v 8 মই ৰূপ-সোণ আৰু, অন্যান্য ৰজাসকলৰ আৰু বিভিন্ন প্ৰদেশৰ বিশেষ বিশেষ সম্পদবোৰো সঞ্চয় কৰিলো। মই অনেক গায়ক-গায়িকা আৰু সকলো ধৰণৰ বাদ্য-যন্ত্ৰৰ দৰে মানুহৰ সন্তানসকলক সুখী কৰা সকলোকে লাভ কৰিলো।
\v 9 এইদৰে যিৰূচালেমত মোৰ আগেয়ে যিসকল আছিল, তেওঁলোকতকৈ মই অনেক বেচি মহান আৰু উতকৃষ্ট হ’লো। তেতিয়াও প্রজ্ঞাই মোক নিয়ন্ত্ৰণ কৰিছিল।
\q1
\v 10 মোৰ চকুৱে যি বিচাৰে, মই সেইবোৰৰ পৰা আঁতৰি নাথাকিলোঁ;
\q1 মই মোৰ মনক কোনো আমোদ-প্রমোদৰ পৰা আটক কৰা নাছিলোঁ, কিয়নো মোৰ হৃদয় মোৰ সকলো শ্ৰমত আনন্দিত হৈছিল; আৰু এয়াই মোৰ সকলো শ্ৰমৰ পৰা পোৱা মোৰ পুৰস্কাৰ আছিল।
\q1
\v 11 তাৰ পাছত মই মোৰ হাতে কৰা সকলো কাৰ্য
\q2 আৰু মই কৰা পৰিশ্ৰমৰ ওপৰত দৃষ্টিপাত কৰিলো।
\q2 আৰু চাওঁক, এই সকলোবোৰ অসাৰ আছিল আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ। সূৰ্যৰ তলত একোতে লাভ নাই।
\q1
\v 12 পাছত মই নিজে প্রজ্ঞা, উন্মাদনা আৰু মূৰ্খতাৰ কথা চিন্তা কৰিলোঁ;
\q2 ৰজাৰ পাছত পৰৱর্তী যিজন ৰজা আহিব, তেওঁ কি কৰিব পাৰে?
\q2 পূৰ্বে যি যি কৰা হৈছে, তাকেই কৰিব।
\q1
\v 13 মই দেখিলোঁ, যেনেকৈ অন্ধকাৰতকৈ পোহৰ উত্তম, তেনেকৈ অজ্ঞানতকৈ প্রজ্ঞা উত্তম।
\q1
\v 14 জ্ঞানী মানুহৰ মূৰত চকু থাকে;
\q2 কিন্তু বুদ্ধিহীনে অন্ধকাৰত ভ্ৰমণ কৰে;
\q2 থাপিও মই নিজে এটা কথা বুজি পালো যে, সকলোলৈকে শেষত একেৰূপ দশা হয়।
\q1
\v 15 তেতিয়া মই মনতে ক’লোঁ, মূৰ্খলৈ যি ঘটে, মোলৈও তাকে ঘটে;
\q2 তেন্তে মই কিহৰ বাবে অধিক জ্ঞানী হলো?
\q2 মই নিজৰ মনতে ক’লোঁ, “এয়াও অসাৰ।”
\q1
\v 16 কিয়নো মানুহে অজ্ঞানীক যেনেদৰে মনত নাৰাখে
\q2 তেনেদৰে জ্ঞানীকো চিৰকাল মনত নাৰাখে;
\q2 ভবিষ্যত কালত সকলো পাহৰা যাব।
\q2 জ্ঞানীজন কেনেকৈ মৰে? মূৰ্খৰ দৰেই মৰে।
\p
\v 17 এই হেতুকে জীৱনলৈ মোৰ বিৰক্তি জন্মিল। কাৰণ সূৰ্যৰ তলত যি কৰা হয়, সেই সকলো কাৰ্য মোৰ বাবে দুখজনক বোধ হ’ল; কিয়নো সকলোৱেই অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
\p
\v 18 সূৰ্যৰ তলত মই যি যি পৰিশ্ৰমত পৰিশ্ৰান্ত হলো, সেই সকলো পৰিশ্ৰমত মোৰ এতিয়া ঘিণ লাগিছে; কিয়নো মোৰ পাছত যিজন আহিব, তেওঁৰ বাবেইতো তাক থৈ যাব লাগিব।
\v 19 সেই লোক জ্ঞানী নে অজ্ঞানী হ’ব, তাক কোনে জানে? তথাপি সূৰ্যৰ তলত পৰিশ্ৰম কৰি মই যি জ্ঞানৰ পৰিচয় দিলোঁ, তেৱেঁই মোৰ সকলো পৰিশ্ৰমৰ ফল ভোগ কৰিব । ইও অসাৰ।
\v 20 এই হেতুকে সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, সেই সকলো শ্ৰমৰ বাবে মই মনতে নিৰাশ হৈ পৰিলো।
\v 21 কিয়নো কোনো ব্যক্তিয়ে প্ৰজ্ঞা, জ্ঞান, আৰু দক্ষতাৰে পৰিশ্ৰম কৰে; কিন্তু পাছত তেওঁ সকলোখিনি এনে এজনৰ হাতত এৰি থৈ যাব লগা হয়, যি জনে তাৰ বাবে কোনো পৰিশ্ৰমেই কৰা নাই। ইও অসাৰ আৰু এক অতি দুখৰ কথা।
\v 22 সূৰ্যৰ তলত মানুহে যি কঠোৰ পৰিশ্ৰম কৰে আৰু মনৰ চাপত পৰিশ্ৰান্ত হয়, তাত তেওঁৰ কি লাভ হয়?
\v 23 কিয়নো তেওঁৰ দিনবোৰ দুখজনক আৰু তেওঁৰ কাৰ্য দুঃসহ হয়; এনেকি ৰাতিও তেওঁৰ মনে বিশ্রাম নাপায়। ইও অসাৰ।
\p
\v 24 তেন্তে মানুহৰ বাবে ভোজন-পান কৰা আৰু নিজ পৰিশ্ৰমত প্ৰাণক সন্তুষ্ট কৰাৰ বাহিৰে উত্তম একোৱে নাই। এয়াও মই দেখিলোঁ যে ঈশ্বৰৰ হাতৰ পৰাহে হয়।
\v 25 কাৰণ মোতকৈ কোনে অধিক ভোজন বা অধিক আনন্দ উপভোগ কৰিব পাৰে?
\v 26 যি মানুহ ঈশ্বৰৰ দৃষ্টিত উত্তম, ঈশ্বৰে তেওঁক প্ৰজ্ঞা, জ্ঞান, আৰু আনন্দ দান কৰে; কিন্তু তেওঁ পাপীক হ’লে কষ্টৰ কাৰ্য দিয়ে যাতে তেওঁ ঈশ্বৰৰ উত্তম লোকক দিবৰ কাৰণে, ধন-সম্পদ সংগ্ৰহ আৰু সঞ্চয় কৰে। ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
\c 3
\cl ৩
\p
\v 1 সকলো বিষয়ৰ কাৰণে এক এক সময় আছে; আকাশৰ তলত প্ৰত্যেকটো বিষয়ৰ একোটা নির্দিষ্ট সময় আছে।
\p
\v 2 জন্মৰ সময় আৰু মৃত্যুৰ সময়; ৰোপণ কৰাৰ সময় আৰু ৰোৱা উঘালি পেলাবৰ সময়;
\p
\v 3 বধ কৰাৰ সময় আৰু সুস্থ কৰাৰ সময়; ভাঙি পেলোৱাৰ সময় আৰু গঢ়িবৰ সময়;
\p
\v 4 কান্দিবৰ সময় আৰু হাঁহিবৰ সময়; শোক কৰাৰ সময় আৰু নাচিবৰ সময়;
\p
\v 5 শিল দলিয়াবৰ সময় আৰু সেইবোৰ একেলগে গোটাবৰ সময়; আঁকোৱালি ধৰাৰ সময় আৰু আঁকোৱালি নধৰাৰ সময়;
\p
\v 6 লাভৰ সময় আৰু লোকচানৰ সময়; সাঁচি থোৱাৰ সময় আৰু পেলাই দিয়াৰ সময়;
\p
\v 7 ফালিবৰ সময় আৰু চিলাই কৰাৰ সময়; মনে মনে থকাৰ সময় আৰু কথা কোৱাৰ সময়;
\p
\v 8 ভালপোৱাৰ সময় আৰু ঘৃণা কৰাৰ সময়; যুদ্ধৰ সময় আৰু সন্ধিৰ সময়;
\p
\v 9 শ্রমিকে তেওঁৰ পৰিশ্রমৰ পৰা কি লাভ কৰে?
\v 10 ঈশ্বৰে মনুষ্যক ব্যস্ত ৰাখিবলৈ যি কাম দিছে, তাক মই দেখিলোঁ।
\p
\v 11 তেওঁ নিজ নিজ সময়ত সকলোবোৰ সুন্দৰ কৰি তুলিছে; তদুপৰি তেওঁ তেওঁলোকৰ হৃদয়ত অনন্তকালো ৰাখিছে, তথাপি ঈশ্বৰে আৰম্ভণিৰ পৰা শেষলৈকে কৰা কামবোৰৰ তত্ত্ব কোনেও বিচাৰি উলিয়াব নোৱাৰে।
\v 12 মই জানো যে, জীৱন কালত আনন্দ কৰা আৰু সৎকৰ্ম কৰাতকৈ উত্তম মানুহৰ বাবে একো নাই।
\v 13 সকলো মানুহে ভোজন পান আদি কৰি নিজৰ শ্ৰমৰ ফল ভোগ কৰা উচিত। ইও ঈশ্বৰৰ দান।
\p
\v 14 মই জানো যে, ঈশ্বৰে যি কৰে, সেয়া চিৰস্থায়ী; তাত একো যোগ কৰিবও নোৱাৰি, আৰু তাৰ পৰা একো কমাবও নোৱাৰি; ঈশ্বৰে এনে কৰে যাতে মানুহে তেওঁক ভয় কৰে।
\q1
\v 15 যি আছে, সেয়া পূর্বেও আছিল;
\q2 যি হব, সেয়াও পূর্বে আছিল;
\q1 যি পাৰ হৈ গৈছে, ঈশ্বৰে পুণৰ তাকে বিচাৰে।
\p
\v 16 মই সূৰ্যৰ তলত সোধবিচাৰৰ স্থান দেখিলোঁ, তাত দুষ্টতা আছে আৰু ধার্মিকর্তাৰ স্থানত দেখিলো, তাত অতিশয় অনৈতিকতা আছে।
\v 17 মই মনতে ক’লো, “ঈশ্বৰেই ধাৰ্মিক আৰু দুষ্টৰ বিচাৰ কৰিব; কাৰণ সকলো বিষয় আৰু সকলো কৰ্মৰ বাবে এক সময় আছে।”
\p
\v 18 মই মোৰ মনতে ক’লো, “মানুহৰ সন্তানসকলৰ এই অৱস্থাৰ বিষয়ে ঈশ্বৰে যেন তেওঁলোকক পৰীক্ষা কৰে আৰু তেওঁলোকে যেন দেখা পাব পাৰে যে তেওঁলোক নিজে পশুৰ নিচিনা।”
\p
\v 19 কাৰণ মানুহলৈ যি ঘটে সেয়ে পশুলৈকো ঘটে; সকলোৰে প্ৰতি একেৰূপ ঘটনা ঘটে।পশু মৰে, মানুহো মৰে আৰু সকলোৰে এক উশাহ আছে; সেয়ে পশুতকৈ মানুহৰ কোনো প্রাধান্যতা নাই; কিয়নো সকলোৱেই অসাৰ।
\v 20 সকলোৱেই একে ঠাইলৈকে গতি কৰে; সকলোৱেই ধুলিৰ পৰা আহিছে আৰু ধুলিলৈকে উলটি যায়।
\p
\v 21 মানুহৰ সন্তানসকলৰ আত্মা যে উৰ্দ্ধগামী হয় আৰু পশুৰ আত্মা যে ভূ-তললৈ অধোগামী হয়, তাক কোনে জানে?
\v 22 সেয়েহে মই উপলব্ধি কৰিলোঁ যে, এজন মানুহেজৰ কামত আনন্দ কৰাতকৈ ভাল একো নাই, কিয়নো সেয়াই পৰম্পৰা। কাৰণ মানুহৰ মৃত্যুৰ পাছত যি ঘটিব, কোনে তেওঁক আনি তাক দেখুৱাব পাৰে?
\rem সস
\c 4
\cl
\s1 উপদ্ৰৱ, পৰিশ্রম আৰু নিসংগতা
\p
\v 1 তাৰপাছত মই ঘূৰি সূৰ্যৰ তলত যি সকলো উপদ্রৱ হয়, সেইবোৰ নিৰীক্ষণ কৰিলোঁ।
\q1 চোৱা, উপদ্রৱ পোৱা লোকসকলে চকুলো টুকিছে,
\q2 কিন্তু তেওঁলোকক শান্তনা দিওঁতা কোনো নাই;
\q1 উপদ্রৱকাৰীসকলৰ হাতত ক্ষমতা আছে;
\q2 কিন্তু উপদ্রৱ পোৱাসকলক শান্তনা দিওঁতা কোনো নাই।
\q1
\v 2 সেয়ে যিসকল বৰ্ত্তমান জীয়াই আছে,
\q2 সেইসকলতকৈ যিসকলৰ ইতিমধ্যে মৃত্যু হৈছে, মই তেওঁলোকৰ অধিক প্ৰশংসা কৰিলোঁ।
\q1
\v 3 কিন্তু যিজনৰ এতিয়াও জন্ম হোৱা নাই আৰু
\q1 সূৰ্যৰ তলত কৰা দুষ্টতাৰ কাৰ্য দেখা নাই, তেওঁৰ অৱস্থা এই দুয়োজনতকৈ ভাল।
\q2
\v 4 তাৰ পাছত মই সকলো পৰিশ্রম আৰু সকলো দক্ষতাপূৰ্ণ কাৰ্য-কৌশল চাই বিবেচনা কৰিলোঁ, ইয়াৰ বাবেই এজন মানুহক তেওঁৰ চুবুৰীয়াই ঈৰ্ষা কৰে। ইয়ো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
\q1
\v 5 অজ্ঞান লোকে হাত সাৱটি থাকি নিজৰেই মঙহ ভোজন কৰে \f + \ft নিজৰ ধ্বংস আনে । \f* ।
\q1
\v 6 পৰিশ্রমেৰে সৈতে বতাহক ধৰিবলৈ চেষ্টা কৰি দুই মুঠি লাভ কৰাতকৈ শান্তিৰে সৈতে এমুঠি পোৱাই অনেক ভাল।
\p
\v 7 তেতিয়া মই ঘূৰি সূৰ্যৰ তলত অসাৰতা দেখা পালোঁ।
\q1
\v 8 কোনো এজন মানুহ অকলশৰীয়াকৈ থাকে, সঙ্গী অবিহনে। তেওঁৰ কোনো পুত্ৰ বা ভাই-ককাই নাই।তথাপিও তেওঁৰ সকলো শ্ৰমৰ অন্ত নাই, বা তেওঁৰ চকু ধন-সম্পত্তিত সন্তুষ্ট নহয়।
\q2 কিন্তু তেওঁ কেতিয়াও প্ৰশ্ন নকৰে, “মই কাৰ বাবে পৰিশ্ৰম কৰিম আৰু মোৰ প্ৰাণক সুখ ভোগৰ পৰা বঞ্চিত কৰিম?” এইটোও অসাৰ আৰু এক অতি কষ্টদায়ক।
\q1
\v 9 এজনতকৈ দুজন ভাল, কিয়নো তেওঁলোকৰ পৰিশ্ৰমৰ দ্বাৰাই সুফল হয়।
\q1
\v 10 কাৰণ তেওঁলোক পৰিলে, এজনে তেওঁৰ সঙ্গীক তুলিব পাৰে।
\q1 কিন্তু হায় সেই অকলশৰীয়া লোক!
\q2 কিয়নো তেওঁ পৰিলে তেওঁক তুলি সহায় কৰিবলৈ দ্বিতীয় কোনো নাই।
\q1
\v 11 তদুপৰি দুজনে একেলগে শুলে উম পায়;
\q2 কিন্তু এজনে অকলে কেনেকৈ উম পাব?
\q1
\v 12 অকলশৰীয়াজন যদিও কোনো এজনৰ দ্বাৰা পৰাজয় হ’ব পাৰে,
\q2 কিন্তু দুজনে তেওঁক প্ৰতিৰোধ কৰিব পাৰে।
\q2 তিনিগুণা ৰছী এডাল সোনকালে নিছিগে।
\p
\v 13 এজন বৃদ্ধ অজ্ঞানী ৰজা, যিজনে কোনো পৰামৰ্শ গ্ৰহণ কৰিব নোৱাৰে তেনে ৰজাতকৈ বৰং দৰিদ্র অথচ জ্ঞানী যুবকেই শ্রেয়।
\v 14 কিয়নো সেই যুবক যদিও নিজৰ ৰাজ্যত এক দৰিদ্র পৰিয়ালত জন্ম গ্রহণ কৰিছিল, কিন্তু তেওঁ দেশৰ ৰজা হ’বলৈ কাৰাগাৰৰ পৰা ওলাই আহিলে ।
\p
\v 15 মই সূৰ্যৰ তলত খোজ কাঢ়ি থকা সকলো জীৱিত লোকক দেখিলো, তেওঁলোকে সেই যুবকজনক অনুসৰণ কৰিলে, ৰজাৰ উত্তৰাধিকাৰী হল।
\v 16 অগত অহা লোকসকলৰ কোনো অন্ত নাছিল। কিন্তু পাছত আহা, লোকসকলে উত্তৰাধীকাৰী সকলে সৈতে সুখী হব নোৱৰিলে। বাস্তৱিক ইও অসাৰ, আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
\c 5
\cl ৫
\p
\v 1 ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধানে ৰাখিবা। অজ্ঞানীৰ দৰে বলিদান আগবঢ়োৱাৰ সলনি শুনিবলৈ ওচৰ চপা ভাল। কাৰণ তেওঁলোকে নিজে যি দুষ্ট কাম কৰে, তাক বিবেচনা নকৰে।
\q1
\v 2 তোমাৰ মুখক বেগা-বেগীকৈ কথা কবলৈ নিদিবা।
\q2 ঈশ্বৰৰ ওচৰত তোমাৰ হৃদয়ক খৰ-খেদাকৈ কোনো কথা উচ্চাৰণ কৰিবলৈ নিদিবা;
\q1 কিয়নো ঈশ্বৰ স্বৰ্গত আছে আৰু তুমি পৃথিবীত আছা;
\q2 এই হেতুকে তোমাৰ কথাবোৰ যেন কম হয়।
\q2
\v 3 কিয়নো বহুতো কাৰ্যকলাপৰ মাজেদি এটা সপোন দেখা হয়, আৰু বহুতো শব্দৰ দ্বাৰাই অজ্ঞানৰ কণ্ঠস্বৰ বুজা যায়।
\p
\v 4 ঈশ্বৰৰ ওচৰত কিবা সংকল্প কৰিলে, তাক পৰিশোধ কৰিবলৈ পলম নকৰিবা; কিয়নো অজ্ঞান লোকসকলত তেওঁ কোনো সন্তোষ নাপায়। তুমি যি প্ৰতিজ্ঞা কৰা, তাক সিদ্ধ কৰা।
\v 5 সেয়ে, সংকল্প কৰি সিদ্ধ নকৰাতকৈ বৰং সংকল্প নকৰাই ভাল।
\v 6 তোমাৰ শৰীৰক তোমাৰ মুখৰ দ্বাৰা পাপ কৰিবলৈ নিদিবা। ঈশ্বৰৰ দূতৰ আগত “মোৰ সঙ্কল্প ভুল আছিল” এনে কথা নকবা; তোমাৰ কথাত ঈশ্বৰে কিয় ক্ৰোধ কৰি তোমাৰ হাতৰ কাৰ্য নষ্ট কৰিব লাগে?
\v 7 কিয়নো অধিক সপোন দেখা আৰু অধিক কথা ক’লে অসাৰতা থাকে; কিন্তু তুমি ঈশ্বৰক ভয় কৰিবা।
\p
\v 8 যদি তুমি এখন দেশত দৰিদ্ৰলোকৰ ওপৰত হোৱা অত্যাচাৰ অথবা, ন্যায় আৰু ধাৰ্ম্মিকতাৰ অত্যধিক দুৰ্নীতি দেখিছা, তেন্তে এই বিষয়টোত আচৰিত নহ'বা; কিয়নো উচ্চ পদৰ বিষয়াৰ ওপৰত থকা উচ্চতৰ বিষয়াজনে দৃষ্টি ৰাখে; আকৌ তেওঁলোকৰ ওপৰতো উচ্চতম পদত বিষয়া এজন আছে।
\v 9 তাৰ উপৰিও দেশত উৎপাদিত ফল সকলো লোকৰ কাৰণে; এনেকি ৰজাও খেতিৰ দ্বাৰাই লাভৱান হয়।
\q1
\v 10 যি মানুহে ৰূপ ভাল পায়, তেওঁ ৰূপত তৃপ্ত নহয়;
\q2 যি মানুহে প্ৰচুৰ ধন-সম্পদ ভাল পায়,
\q2 তেওঁ আয়ত তৃপ্ত নহয়।
\q2 ইও অসাৰ।
\p
\v 11 ধন-সম্পত্তি বাঢ়িলে খাওঁতাও বাঢ়ে; এতেকে চকুৰ তৃপ্তিৰ বাহিৰে সেই সম্পত্তিত গৰাকীৰ কি লাভ?
\v 12 পৰিশ্রম কৰা লোকে কম খাওঁক বা বেচি খাওঁক, তেওঁৰ টোপনি ভাল হয়। কিন্তু অধিক ধন-সম্পত্তিয়ে ধনৱানক টোপনি যাব নিদিয়ে।
\p
\v 13 সূৰ্যৰ তলত মই এক অতি দুখৰ ক্ষতিকৰ বিষয় দেখিলোঁ যে গৰাকীয়ে নিজৰ দুর্দশাৰ কাৰণেহে ধন জমা কৰে।
\q1
\v 14 দুৰ্দশাত সেই ধন ধ্বংস হয়। তাতে তেওঁৰ পুত্ৰ এটি জন্মিলে তাৰ কাৰণে একোৱেই নাথাকিল
\q1
\v 15 কিয়নো মাকৰ গৰ্ভৰ পৰা তেওঁ উদঙে আহে আৰু
\q2 যেনেকৈ আহে, তেনেকৈয়ে তেওঁ উদঙে পুণৰ গুছি যায়।
\q2 নিজে পৰিশ্ৰম কৰিলেও, তেওঁ লগত লৈ যাব পৰা একোৱেই নাই।
\p
\v 16 ইও এক অতি দুখৰ বিষয় যে, তেওঁ যেনেকৈ আহে, তেনেকৈয়ে গুছি যায়; যি জনে বতাহক ধৰিবলৈ পৰিশ্ৰম কৰে, তেওঁৰ কি লাভ হ’ব?
\v 17 তেওঁ গোটেই জীৱনকাল অন্ধকাৰত আহাৰ কৰে আৰু ৰোগ-ব্যাধিৰে অতিশয় পীড়িত হৈ খঙৰ জীৱন কটায়।
\q1
\v 18 তাৰ পাছত মই ইয়াকে দেখিলোঁ যে ঈশ্বৰে মানুহক যি কেইটা দিনৰ আয়ুস দিছে, সেই সকলো দিনত তেওঁ সূৰ্যৰ তলত কৰা সকলো পৰিশ্ৰমৰ উত্তম ফল ভোজন-পান আদি কৰি সুখভোগ কৰাই উত্তম আৰু উপযুক্ত। কিয়নো এইটোৱেই তেওঁৰ অংশ।
\v 19 ঈশ্বৰে
\p যেতিয়া কোনো মানুহক ধন-সম্পত্তি দিয়ে, তেওঁক সেইবোৰ ভোগ কৰিবলৈ, নিজৰ অংশ লবলৈ আৰু নিজৰ পৰিশ্রমত আনন্দ কৰিবলৈ সামৰ্থ্য কৰে; ই ঈশ্বৰৰে দান।
\v 20 তেওঁ নিজৰ জীৱনৰ দিনবোৰৰ কথা সঘনাই মনলৈ নানিব। কিয়নো তেওঁক হৃদয়ৰ আনন্দেত ঈশ্বৰে তেওঁক ব্যস্ত ৰাখে।
\c 6
\cl ৬
\p
\v 1 মই সূর্যৰ তলত এক দুখৰ বিষয় দেখিলো আৰু ই মানুহৰ কাৰণে অতি গধুৰ বোজা স্বৰূপ।
\v 2 কোনো কোনো ব্যক্তিক ঈশ্বৰে ইমান ধন, সম্পত্তি আৰু সন্মান দিয়ে যে, তেওঁৰ অভিলাষ পূৰণৰ একো বস্তুৰে অভাৱ নাথাকে; তথাপিও ঈশ্বৰে তেওঁক এই সকলো ভোগ কৰিবলৈ ক্ষমতা নিদিয়ে, কিন্তু আনে সেইবোৰ ভোগ কৰে। ই অসাৰ আৰু এক দুঃখজনক ব্যাধিস্বৰূপ।
\v 3 কোনো এজন মানুহে এশটা সন্তান জন্ম দি বহু বছৰ জীয়াই থাকিব পাৰে; কিন্তু তেওঁৰ বছৰবোৰৰ দিন যিমানেই অধিক নহওঁক কিয়, যদি তেওঁৰ প্ৰাণে জীৱনৰ সুখ ভোগত তৃপ্ত নহয়, বা তেওঁৰ সমাধিস্থও যদি নহয়, মই কওঁ যে তেওঁতকৈ মৃত সন্তানেই ভাল।
\v 4 কিয়নো সি বৃথাই আহে আৰু অন্ধকাৰলৈ গুছি যায়; অন্ধকাৰতে তাৰ নাম ঢাক খাই যায়।
\v 5 সি সূৰ্যক দেখা নাই আৰু একোকে নাজানে। তথাপি বৰং সেই মানুহতকৈ সিয়ে অধিক জিৰণি পালে।
\v 6 তেওঁ যদি দুই হাজাৰ বছৰো জীয়াই থাকি কোনো সুখ নাপায়, (তাতে কি) সকলোৱেই জানো একে ঠাইলৈকে নাযায়?
\p
\v 7 মানুহৰ সকলো পৰিশ্ৰমেই তেওঁৰ মুখৰ কাৰণে, তথাপিও ভোক পূৰণ নহয় ।
\v 8 অজ্ঞানীতকৈ জ্ঞানী লোকৰ অধিক কি আছে? দৰিদ্ৰজনে আন লোকসকলৰ আগত কেনে আচৰণ কৰিব লাগে তাক জানিলেইবা তেওঁৰ কি লাভ হয়?
\v 9 অধিক পোৱাৰ বাসনাৰে মন ভ্ৰমি ফুৰাতকৈ বৰং দৃষ্টিসুখত সন্তুষ্ট থকা ভাল। ইও অসাৰ, কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰা হয়।
\p
\v 10 যি যি আছে, তাৰ নামাকৰণ কৰা অনেক দিন হল; আৰু মানুহনহ যে কি সেয়াএ জনা গ’ল কিয়নো নিজতকৈ শক্তিশালী জনৰ আগত কোনো সুখী নহয়।
\v 11 যিমানে বেছি কথা কোৱা হয়, সিমানেই অসাৰতা বাঢ়ে; তাৰ দ্বাৰাই মানুহৰ কি লাভ হয়?
\p
\v 12 অসাৰ জীৱনৰ কেইটামান দিন জীয়াই থকা কালত মৰ্ত্য লোকসকলৰ বাবে কি ভাল তাক কোনে জানে? তেওঁলোকে ছাঁৰ দৰে এই দিন পাৰ কৰে। কিয়নো কোনে তেওঁলোকক ক'ব পাৰে যে তেওঁলোকৰ পিছত সূৰ্যৰ তলত কি হ'ব?
\c 7
\cl
\q1
\v 1 মূল্যৱান তেলতকৈ সুনাম উত্তম,
\q2 জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।
\q1
\v 2 ভোজৰ ঘৰলৈ যোৱাতকৈ শোকৰ ঘৰলৈ যোৱা ভাল;
\q2 কিয়নো সেয়া সকলো মানুহৰে শেষগতি,
\q2 জীৱিত লোকে এই কথা মনত ৰাখিব।
\q1
\v 3 হাঁহিতকৈ মনোদুখ ভাল।
\q2 কাৰণ বিষন্ন মুখৰ দ্বাৰাই মন প্ৰফুল্লিত হয়।
\q1
\v 4 জ্ঞানৱানৰ হৃদয় শোকৰ ঘৰত থাকে;
\q2 কিন্তু অজ্ঞান লোকৰ হৃদয় আমোদ-প্রমোদৰ ঘৰত থাকে।
\q1
\v 5 অজ্ঞানীৰ গুণগান শুনাতকৈ জ্ঞানৱানৰ সমালোচনা শুনাই ভাল।
\q1
\v 6 কেৰাহীৰ তলত কাঁইট খৰিৰ ফুটফুটনিৰ শব্দ যেনেকুৱা,
\q2 মূৰ্খৰ হাঁহিও তেনেকুৱা;
\q1 এয়াও অসাৰ।
\q1
\v 7 জ্ঞানীজনৰ উপদ্ৰৱ কাৰ্যই তেওঁক মূর্খ সাজে;
\q2 ভেঁটি লোৱা কাৰ্যই বিবেচনা-শক্তি নষ্ট কৰে।
\p
\v 8 কাৰ্যৰ আৰম্ভণতকৈ তাৰ অন্ত ভাল, আৰু অহংকাৰী আত্মাতকৈ ধৈর্যশীল আত্মা ভাল।
\q1
\v 9 তোমাৰ আত্মাক হঠাৎ খং উঠিবলৈ নিদিবা;
\q2 কিয়নো অজ্ঞানীবোৰৰ অন্তৰহে খঙৰ আশ্ৰয়স্থান।
\q1
\v 10 তুমি এনে কথা নকবা, “বৰ্ত্তমান কালতকৈ আগৰ কাল কিয় ভাল আছিল?”
\q2 কিয়নো এই বিষয়ে তোমাৰ জিজ্ঞাসা প্রজ্ঞাৰ পৰা নহয়।
\q1
\v 11 প্রজ্ঞা পৈত্ৰিক সম্পত্তি লাভ কৰাৰ দৰে উত্তম আৰু
\q2 সূৰ্যৰ দৰ্শন পোৱা লোকৰ বাবে উপকাৰী।
\q1
\v 12 কিয়নো প্ৰজ্ঞাই সুৰক্ষা দিয়ে আৰু ধনেও সুৰক্ষা দিয়ে।
\q2 কিন্তু জ্ঞানৰ সুফল হৈছে যে, প্ৰজ্ঞা থকা জনক
\q2 জীৱন প্ৰদান কৰে।
\p
\v 13 ঈশ্বৰৰ কাৰ্যবোৰ নিৰীক্ষণ কৰা;
\q1 কিয়নো তেওঁ যিহক বেঁকা কৰিছে, তাক পোন কৰাৰ সাধ্য কাৰ আছে?
\q1
\v 14 সমৃদ্ধিৰ দিনত, আনন্দিত হোৱা আৰু প্ৰতিকূল দিনত, বিবেচনা কৰা।
\q2 ঈশ্বৰে ইটো নহলে সিটো, এই দুয়োটাকে নিৰূপণ কৰি ৰাখিলে, যাতে মৰ্ত্যলোকে ভৱিষ্যতৰ একো কথাকে জানিব নোৱাৰে।
\p
\v 15 মোৰ এই অসাৰ জীৱনকালত মই এই সকলো বিষয় দেখিলোঁ।
\q1 কিছুমান ধাৰ্ম্মিক লোক আছে যিসকলে তেওঁলোকৰ ধাৰ্ম্মিকতাত ধ্বংস হয় আৰু কিছুমান দুষ্ট লোক আছে যিয়ে তেওঁলোকৰ দুষ্ট কাৰ্য্যত দীৰ্ঘকাল যাপন কৰে।
\q1
\v 16 অতি ধাৰ্মিক নহবা বা
\q2 নিজকে অতিশয় জ্ঞানী নেদেখুৱাবা;
\q2 তুমি নিজকে কিয় ধ্বংস কৰিব লাগে?
\q2
\v 17 অত্যাধিক দুষ্ট নহবা আৰু মূৰ্খও নহবা। তোমাৰ সময়ৰ আগতে তুমি কিয় মৃত্যুবৰণ কৰিব লাগে?
\q2
\v 18 তুমি এটাক ধৰি ৰাখা আৰু আনটোৰ পৰাও তোমাৰ হাত প্ৰত্যাহাৰ নকৰা, তেন্তে ভাল। কিয়নো যিজনে ঈশ্বৰক ভয় কৰে, তেওঁ সকলোৰে পৰা পৰিত্ৰাণ পাব।
\q2
\v 19 দহজন পৰাক্ৰমী লোকে এখন নগৰক যিমান শক্তিশালী কৰে, প্রজ্ঞাই জ্ঞানৱানক তাতোকৈ অধিক পৰিমাণে শক্তিশালী কৰে।
\p
\v 20 বাস্তৱিক পৃথিৱীত পাপ নকৰাকৈ সৎ কৰ্ম কৰা এনে কোনো ধাৰ্ম্মিক ব্যক্তি নাই
\v 21 মানুহে কোৱা সকলো কথাৰ প্ৰতি মনোযোগ নিদিবা, নহ'লে তুমি তোমাৰ সেৱকে তোমাক অভিশাপ দিয়াহে শুনিবা।
\v 22 কাৰণ তোমাৰ হৃদয়ে জানে যে তুমি নিজেও বহুবাৰ আনক অভিশাপ দিছা।
\v 23 মই প্ৰজ্ঞাৰ দ্বাৰাই এই সকলো পৰীক্ষা কৰিলো; মই ক’লোঁ,
\q1 “মই জ্ঞানী হ’ম,”
\q2 কিন্তু জ্ঞান মোৰ পৰা দূৰৈত আছিল।
\q1
\v 24 যিয়েই প্ৰজ্ঞা নাথাকক, সেয়া বহু দূৰত আৰু অত্যাধিক গভীৰত; কোনে ইয়াক বিচাৰি পাব পাৰে?
\q2
\v 25 সেয়ে মই প্ৰজ্ঞা আৰু বিষয়বোৰৰ মনতে যুক্তি বিচাৰ কৰি চাবলৈ ধৰিলো আৰু বুজিলো যে দুষ্টতা মূৰ্খতা আৰু উন্মাদনা মাত্ৰ।
\q1
\v 26 মই মৃত্যুতকৈ অধিক তিক্ত সেই মহিলাগৰাকীক বিচাৰি পালোঁ, যাৰ হৃদয় ফান্দ আৰু জালেৰে পৰিপূর্ণ, যাৰ হাত দুখন শিকলিৰ বান্ধস্বৰূপ।
\q2 যি কোনোৱে ঈশ্বৰক সন্তুষ্ট কৰে তেওঁ তাইৰ পৰা ৰক্ষা পাব, কিন্তু পাপীসকলে তাইৰ ফান্দত পৰিব।
\p
\v 27 উপদেশকে কৈছে, “চোৱা, যুক্তি বিচাৰি এটাৰ পাছত আনটো বিবেচনা কৰি মই ইয়াকে পালোঁ।”
\v 28 মোৰ মনে এতিয়াও যি অন্বেষণ কৰি আছে, তাক পোৱা নাই; হাজাৰজনৰ মাজত এজনহে পুৰুষ পালোঁ, কিন্তু এই সকলোৰে মাজত এগৰাকী স্ত্রীক মই নাপালোঁ।
\p
\v 29 চোৱা, মই কেৱল ইয়াকেহে জানিব পাৰিলোঁ যে, ঈশ্বৰে মানুহক সৎ কৰি স্ৰজন কৰিছিল, কিন্তু মানুহে দুষ্টতাৰ বাবে নানা কৌশল তৈয়াৰ কৰিলে।
\c 8
\cl ৮
\q1
\v 1 জ্ঞানৱানি লোকৰ তুল্য কোন আছে?
\q1 কোনে বিষয়বোৰৰ ভাৱাৰ্থ জানে?
\q2 মানুহৰ প্রজ্ঞাই তেওঁৰ মুখ উজ্জ্বল কৰে,
\q2 আৰু তেওঁৰ মুখৰ কঠিনতা সলনি কৰে।
\p
\v 2 মোৰ পৰামৰ্শ এই যে তুমি ৰজাৰ আজ্ঞা পালন কৰা; ঈশ্বৰৰ আগত তুমি কৰা শপতৰ কাৰণেই তাক কৰা।
\v 3 আতংকিত নহ’বা; তেওঁৰ দৃষ্টিৰ পৰা আতৰি যাবলৈ খৰখেদা নকৰিবা। মন্দ বিষয়ত লিপ্ত নহ’বা; কাৰণ ৰজাই যিহত সন্তোষ পায়, তাকে কৰে।
\v 4 যিহেতু ৰজাৰ কথাই চূড়ান্ত, “আপুনি কি কৰিছে” এনে কথা ৰজাক কোনে ক’ব পাৰে?
\v 5 যিজনে আজ্ঞা পালন কৰে, তেওঁৰ কোনো ক্ষতি নহ’ব; কিয়নো এজন জ্ঞানী ব্যক্তিৰ হৃদয়ে সময় আৰু ন্যায়বিচাৰ দুয়োটা বুজি বিবেচনা কৰে।
\v 6 বাস্তৱিক প্ৰতিটো উদ্দেশ্যৰ বাবে সময় আৰু বিচাৰ আছে, সেয়ে মানুহৰ দুখ-দুৰ্দশা তেওঁলোকৰ কাৰণে অধিক হৈ থাকে।
\p
\v 7 কিয়নো কি ঘটিব তাক যদি কোনেও নাজানে, তেন্তে কেতিয়া ঘটিব সেয়া তেওঁক কোনে জনাব পাৰে?
\v 8 বতাহক বাধা দি ৰাখিবলৈ কাৰো ক্ষমতা নাই, অথবা মৃত্যুৰ দিনৰ ওপৰতো কাৰো ক্ষমতা নাই। \f + \ft আত্মাৰ ওপৰত কোনো মানুহৰ ক্ষমতা নাই। \f* যেনেকৈ যুদ্ধৰ সময়ত (সৈনিকে) কোনো ধৰণৰ অব্যাহতি নাপায়, তেনেকৈ দুষ্টতাৰ আচৰণ কৰাজনক দুষ্ট কাৰ্যই বচাব নোৱাৰে।
\v 9 মই এই সকলোকে পৰ্যবেক্ষণ কৰিলোঁ, আৰু সূৰ্যৰ তলত যি সকলো কাৰ্য কৰা হয়, তালৈ মনোযোগ কৰিলোঁ। কোনো কোনো সময়ত এজন লোকে আনজনৰ হানি কৰিবৰ কাৰণে তেওঁৰ ওপৰত কৰ্তৃত্ব চলায়।
\v 10 তাৰ পাছত মই দেখিলোঁ, দুষ্টবোৰক কবৰ দিয়া হ’ল। এই দুষ্ট লোকে পবিত্ৰ স্থানৰ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিছিল আৰু যি নগৰত তেওঁলোকে দুষ্টতাৰ কাৰ্য কৰিলে, নগৰৰ লোকে তেওঁৰ প্ৰশংসা কৰিলে। ইও অসাৰ।
\v 11 কিয়নো যদি এক দুষ্ট কাৰ্য্যৰ বিৰুদ্ধে শাস্তি দ্ৰুতগতিত কাৰ্যকৰী কৰা নহয়, মানুহৰ হৃদয়ত সম্পূৰ্ণৰূপে দুষ্কৰ্মৰ প্ৰতি প্ৰৱণতা বাঢ়ে।
\v 12 এজন পাপীয়ে এশবাৰ কুকৰ্ম কৰি দীৰ্ঘকাল জীৱিত থাকিলেও, তথাপি মই হ’লে নিশ্চিতভাৱে জানো যে ঈশ্বৰ-ভয়কাৰী লোকসকলৰ মঙ্গল হয়; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় হয়।
\v 13 কিন্তু দুষ্ট লোকৰ হ’লে মঙ্গল নহ’ব। তেওঁলোকে নিজৰ ছাঁস্বৰূপ আয়ুস বৃদ্ধি নকৰিব। কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয় নাৰাখে।
\v 14 পৃথিৱীত এনে এক অসাৰতা আছে, যে কিছুমান ধাৰ্ম্মিক লোক আছে যাক দুষ্টলোকে কৰা আচৰণ অনুসাৰে ব্যৱহাৰ কৰা হয় আৰু এনে কিছুমান দুষ্ট লোক আছে যিসকলক ধাৰ্ম্মিকলোকৰ আচৰণ অনুসাৰে ব্যৱহাৰ কৰা হয়। মই ক’লো যে এইটোও অসাৰ।
\v 15 সেয়ে মই আমোদ-প্রমোদ ভোগ কৰাৰ প্ৰশংসা কৰিলোঁ; কিয়নো সূর্যৰ তলত থকা লোকসকলৰ বাবে খোৱা-বোৱা, পান কৰা আৰু আনন্দ উপভোগ কৰাতকৈ আন একোৱেই ভাল নাই। কিয়নো সূর্যৰ তলত ঈশ্বৰে দিয়া জীৱনৰ দিনবোৰত এয়াই তেওঁলোকৰ পৰিশ্রমত তেওঁলোকৰ সৈতে যাব।
\p
\v 16 যেতিয়া মই জ্ঞান জানিবলৈ আৰু পৃথিৱীত কৰা কাৰবাৰ চাবলৈ - কেনেকৈ দিন-ৰাতি মানুহৰ চকুৱে নিদ্ৰা দেখা নাপায়, তাক বুজিবৰ কাৰণে মনোযোগ দিলোঁ,
\v 17 তেতিয়া মই ঈশ্বৰৰ সকলো কাম চালো আৰু দেখিলো যে, কোনেও সূৰ্যৰ তলত কি ঘটি আছে তাক জানিব নোৱাৰে। তেওঁলোকে যিমানেই পৰিশ্ৰম নকৰক, কিন্তু ইয়াক বিচাৰি নাপাব; এনেকি জ্ঞানী লোকেও যদি জানিবলৈ দাবী কৰে, তেওঁলোকে ইয়াক বিচাৰি পাব নোৱাৰে।
\c 9
\cl ৯
\p
\v 1 সেয়ে মই এই সকলো বিষয়ে পৰীক্ষা কৰিবৰ কাৰণে মনোনিৱেশ কৰিলোঁ; কেনেকৈ ধাৰ্মিক আৰু জ্ঞানী লোকসকল, আৰু তেওঁলোকৰ সকলো কৰ্ম ঈশ্বৰৰ হাতত আছে। কোনেও নাজানে তেওঁৰ বাবে সন্মুখত কি আছে - প্ৰেম নে ঘৃণা।
\p
\v 2 সকলোৰে শেষ পৰিণতি একেই। ধাৰ্মিক হওঁক বা দুষ্ট হওঁক, সৎ বা বেয়া, শুচি আৰু অশুচি, বলি উৎসর্গ কৰক বা নকৰক সকলোলৈকে একেৰূপ ঘটনা ঘটে; যেনেদৰে সৎ লোকলৈ যি হয়, তেনেদৰে পাপীলোকলৈকো হয়; যিসকলে শপত খায়, তেওঁলোক শপত পৰিহাৰ কৰাজনৰ দৰে একে।
\p
\v 3 সূৰ্যৰ তলত যি সকলো কাৰ্য কৰা হয়, তাৰ ভিতৰত ইও অতি দুখৰ বিষয় যে, সকলোৰে প্ৰতি একেৰূপ দশা ঘটে; মানুহৰ হৃদয়বোৰ দুষ্টতাৰে পৰিপূর্ণ আৰু জীয়াই থাকে মানে উন্মত্ত অৱস্থা তেওঁলোকৰ হৃদয়ত থাকে। পাছত তেওঁলোক মৃতবোৰৰ ওচৰলৈ যায়।
\v 4 কিন্তু যিজনে সকলো জীৱিত লোকৰ সৈতে সংযুক্ত হয়, তেওঁলোকৰ আশা আছে, কিয়নো “জীৱিত কুকুৰ এটা মৃত সিংহতকৈ ভাল”।
\v 5 জীৱিত লোকে জানে যে তেওঁলোকৰ মৃত্যু হ’ব; কিন্তু মৃতসকলে একোকে নাজানে, তেওঁলোকৰ আৰু কোনো পুৰস্কাৰ নাই; কাৰণ মানুহে তেওঁলোকৰ কথা পাহৰি গ’ল।
\v 6 তেওঁলোকৰ প্ৰেম, ঘৃণা আৰু হিংসা সকলো বিলুপ্ত হৈ গ’ল।সূৰ্যৰ তলত কৰা যি কোনো কাৰ্যত তেওঁলোকৰ কোনো কালেও কোনো অধিকাৰ নাথাকিব।
\p
\v 7 সেয়ে যোৱা, তোমাৰ পিঠা ভোজন কৰা, আৰু হৰ্ষিত মনেৰে তোমাৰ দ্ৰাক্ষাৰস পান কৰাগৈ; কিয়নো ঈশ্বৰে ইতিপূৰ্ব্বে তোমাৰ কামক অনুমোদন জনাই আহিছে।
\v 8 সকলো সময়তে তোমাৰ বস্ত্ৰ বগা থাকক আৰু তোমাৰ মূৰত তেলৰ অভাৱ নহওঁক।
\p
\v 9 সূৰ্যৰ তলত ঈশ্বৰে তোমাক অসাৰ জীৱনৰ যিমান দিন আয়ুসৰ কাল দিছে, সেই সকলো অসাৰ দিনত তুমি তোমাৰ ভার্যা, যাক তুমি ভালপোৱা, তেওঁৰে সৈতে আনন্দেৰে জীৱন কটোৱা। কিয়নো সূর্যৰ তলত জীৱনকালত তুমি যি পৰিশ্ৰমত পৰিশ্ৰান্ত হৈছা, তাৰ মাজত এয়াই তোমাৰ অধিকাৰ।
\v 10 যি যি কার্য তোমাৰ হাতত আহে, তাক তুমি শক্তিৰে সৈতে কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত \f + \ft সীমাহীন গাত \f* কোনো কাৰ্য কি পৰিকল্পনা বা বুদ্ধিজ্ঞান কি প্ৰজ্ঞা একোৱেই নাই।
\p
\v 11 মই ঘূৰি পুনৰ সূর্যৰ তলত দেখিলোঁ যে,
\q1 লৰ মৰা প্ৰতিযোগিতাত দ্ৰুতবেগীসকল বা যুদ্ধত বীৰসকলেই যে জয়ী হয়, এনে নহয়, নাইবা জ্ঞানীসকলেই আহাৰ, বুদ্ধিমানে ধন-সম্পদ আৰু বিদ্যাত নিপুণ সকলেই যে সাহাৰ্য্য পায়, এনে নহয়।
\q1 কিন্তু সময় আৰু সুযোগ তেওঁলোক সকলোলৈকে আহে।
\p
\v 12 কোনেও দুৰ্যোগৰ সময় অনুমান কৰিব নোৱাৰে। নিষ্ঠুৰ জালত পৰা মাছৰ দৰে, আৰু ফান্দত ধৰা পৰা চৰাইৰ দৰে, হঠাতে মানুহৰ ওপৰলৈ অহা দুৰ্যোগৰ সময়ত মানুহৰ সন্তানবোৰ ফান্দত ধৰা পৰে।
\p
\v 13 মই সূৰ্যৰ তলত প্রজ্ঞা সম্বন্ধে এই উদাহৰণ দেখিলোঁ আৰু সেয়ে মোৰ দৃষ্টিত অতি মহৎ বোধ হ’ল।
\v 14 এখন সৰু নগৰ আছিল আৰু তাত অতি তাকৰ সংখ্যক মানুহ আছিল; পাছত এজন শক্তিশালী ৰজাই নগৰখনৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰি বৰ বৰ কোঁঠ সাজিলে।
\v 15 সেই নগৰত এজন জ্ঞানী দৰিদ্ৰ মানুহ পোৱা গ’ল; তেওঁ নিজৰ প্ৰজ্ঞাৰ দ্বাৰাই নগৰখন মুক্ত কৰিলে; কিন্তু কোনেও সেই দৰিদ্ৰ মানুহজনক সোঁৱৰণ নকৰিলে।
\p
\v 16 তেতিয়া মই ক’লোঁ, “শক্তিতকৈ প্রজ্ঞা উত্তম”; কিন্তু দৰিদ্র লোকৰ প্ৰজ্ঞাক হেয়জ্ঞান কৰা হয় আৰু তেওঁৰ কথা কোনেও নুশুনে।
\q1
\v 17 অজ্ঞানীসকলৰ মাজত এজন শাসনকর্তাই কৰা চিঞৰ-বাখৰতকৈ ধীৰে ধীৰে কোৱা জ্ঞানৱানৰ কথা অধিক শুনা যায়।
\q1
\v 18 যুদ্ধৰ অস্ত্ৰ-শস্ত্রতকৈ প্রজ্ঞা উত্তম; কিন্তু এজন পাপীয়ে অনেক ভাল বিষয় নষ্ট কৰে।
\c 10
\cl ১০
\s1 বিভিন্ন পর্যবেক্ষণ
\p
\v 1 যেনেকৈ মৰা মাখিয়ে সুগন্ধি তেল দুৰ্গন্ধময় কৰে, তেনেকৈ প্রজ্ঞা আৰু সন্মানতকৈ অলপ অজ্ঞানতাৰ প্ৰভাৱ অধিক হয়।
\v 2 জ্ঞানৱানৰ হৃদয় তেওঁৰ সোঁফালে থাকে, কিন্তু অজ্ঞানীৰ হৃদয় তেওঁৰ বাওঁফালে থাকে ।
\v 3 এনেকি যেতিয়া মূৰ্খসকলে ৰাস্তাত খোজ কাঢ়ে, তেওঁলোকৰ জ্ঞানৰ অভাৱ হয়, আৰু তেওঁলোক যে মূৰ্খ তাক সকলোৰে আগত প্ৰকাশ কৰে।
\v 4 যদি তোমাৰ বিৰুদ্ধে অধিপতিৰ খং উঠে, তথাপিও তুমি তোমাৰ পদ ত্যাগ নকৰিবা; কিয়নো শান্ত অৱস্থাই ডাঙৰ ডাঙৰ দায়-দোষকো ক্ষান্ত কৰে।
\p
\v 5 মই সূৰ্যৰ তলত অধিপতিয়ে চলাই যোৱা এক ডাঙৰ ত্ৰুটি যেন দুষ্টতাৰ বিষয় দেখিলোঁ।
\v 6 অজ্ঞানীসকলক উচ্চস্থানত স্থাপন কৰা হয় আৰু ধনৱান নিম্ন স্থানত বহে।
\v 7 মই দাসক ঘোঁৰাত উঠি যোৱা, আৰু অধিপতিসকলক দাসৰ দৰে মাটিত খোজ কাঢ়ি যোৱা দেখিছোঁ।
\p
\v 8 যি মানুহে গাত খান্দে, তেওঁ তাৰ ভিতৰত পৰিব; যি মানুহে দেৱাল ভাঙি পেলায়, তেওঁক সাপে খুঁটিব।
\v 9 যি মানুহে কুৱেঁৰীৰ শিলবোৰ আঁতৰ কৰে, তেওঁ সেইবোৰৰ দ্বাৰাই আঘাত প্ৰাপ্ত হ’ব, আৰু যি মানুহে কাঠ ফালে, তেওঁ তাৰ দ্বাৰাই বিপদগ্ৰস্ত হ’ব।
\v 10 কুঠাৰ যদি ভোঁতা হয় আৰু তাক ধাৰ দিয়া নহয়, তেন্তে তাক ব্যৱহাৰ কৰিবলৈ অধিক বল লাগে; কিন্তু দক্ষতাই সফল হোৱাত সহায় কৰে।
\v 11 মন্ত্ৰৰে মুগ্ধ কৰাৰ আগেয়েই যদি সাপে দংশন কৰে, তেন্তে মন্ত্ৰ গাওঁতাজনৰ দ্বাৰা একো লাভ নাই।
\p
\v 12 জ্ঞানৱানৰ মুখৰ কথাবোৰে তেওঁলোকলৈ অনুগ্ৰহ আনে; কিন্তু অজ্ঞানীৰ ওঁঠে ধ্বংস আনে।
\v 13 আৰম্ভনীতে তেওঁৰ বাক্যবোৰ মূৰ্খতাত আৰু তেওঁলোকৰ কথা দুঃখদায়ক উন্মাদনাত শেষ হয়।
\v 14 অজ্ঞানীসকলে অনেক কথা কয়; কোনেও নাজানে কি হ'ব; ভৱিষ্যতে কি ঘটিব, সেয়া কোনে কাক জনাব পাৰে?
\v 15 মূৰ্খসকলৰ পৰিশ্ৰমে তেওঁলোকক ক্লান্ত কৰে, কিয়নো তেওঁলোকে চহৰলৈ যোৱাৰ পথও নাজানে।
\p
\v 16 হায়, হায় হে দেশ, যদি তোমাৰ ৰজা এজন দাস হয় আৰু তোমাৰ যোৱৰাজসকলে ৰাতিপুৱাতেই ভোজ খায়!
\v 17 ধন্য, হে দেশ, যদি তোমাৰ ৰজা এজন মহৎ ব্যক্তি হয়, আৰু তোমাৰ মন্ত্ৰীসকলে সঠিক সময়ত ভোজ খায় শক্তি বৃদ্ধিৰ বাবে, কিন্তু মাতাল হোৱাৰ বাবে নহয়!
\v 18 এলাহুৱাৰ কাৰণে ঘৰৰ চাল তল যায়; সোৰোপালি হাতৰ কাৰণে ঘৰত পানী পৰে।
\v 19 হাঁহি-স্ফূৰ্তিৰ কাৰণেই ভোজ-মেল পতা হয়; দ্ৰাক্ষাৰসে জীৱনলৈ আনন্দ আনে কিন্তু ধনেহে এই সকলো পূর্ণ কৰে।
\v 20 ৰজাক শাও নিদিবা, এনেকি মনে মনেও নিদিবা; তোমাৰ শোৱা কোঁঠালিত ধনীক শাও নিদিবা; কিয়নো আকাশৰ এটি চৰায়ে তোমাৰ সেই কথা বৈ নিব; ডেউকাযুক্ত জীৱই সেই বিষয়ে জনাই দিব।
\c 11
\cl ১১
\s1 শ্রমৰ মূল্য
\q1
\v 1 তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া \f + \ft আহাৰ বিতৰণ কৰা বা সলনি কৰা প্ৰসংগত কোৱা হৈছে। - পানীত পেলাই দিয়া মানে জাহাজত বস্তু পঠাই দি বেলেগ দেশত ব্যৱসায় কৰা। \f* ;
\q2 কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা।
\q1
\v 2 তুমি এটা অংশ সাতজন বা আঠজনক ভাগ বাঁটি দিয়া;
\q2 কিয়নো পৃথিবীত কি দুর্যোগ ঘটিব পাৰে, তাক তুমি নাজানা।
\q1
\v 3 যেতিয়া ডাৱৰবোৰ বৰষুণেৰে ভৰি থাকে,
\q2 তেতিয়া পৃথিবীৰ ওপৰত পৰি নিজক খালী কৰে;
\q2 গছ উত্তৰ বা দক্ষিণ যি দিশতেই পৰক,
\q2 কিন্তু যি ঠাইত পৰে, সেই একে ঠাইতেই থাকে।
\q1
\v 4 যি কোনোৱে বতাহক নিৰীক্ষণ কৰে,
\q2 তেওঁ বীজ ৰোপন নকৰিব,
\q1 যি কোনোৱে ডাৱৰলৈ নিৰীক্ষণ কৰে,
\q2 তেওঁ শস্য নাদাব।
\q1
\v 5 যিদৰে বতাহ কোন পথেদি বয়, বা মাতৃৰ সৈতে থকা শিশুটিৰ হাড়বোৰ গৰ্ভত কেনেকৈ বৃদ্ধি পায়, তাক তোমাৰ বোধৰ অগম্য,
\q1 সেইদৰে যিজন সকলো বস্তুৰে সৃষ্টিকর্তা, সেই ঈশ্বৰৰ কার্যও তোমাৰ বোধৰ অগম্য।
\q2
\v 6 ৰাতিপুৱা তোমাৰ বীজ ৰোপণ কৰিবা, আৰু সন্ধিয়াপৰতো তোমাৰ হাত নিষ্ক্ৰিয় হ'বলৈ নিদিবা; কিয়নো তুমি নাজানা যে পুৱা বা সন্ধিয়া কৰা কোনটো কৃতকাৰ্য্য হ'ব, নে দুয়োটাই সমানে ভাল হ'ব।
\q1
\v 7 স্বৰূপেই পোহৰ সুন্দৰ আৰু চকুৰ বাবে সূৰ্যক দেখা পোৱা এক সন্তোষজনক বিষয়
\q1
\v 8 যদিও এজন মানুহ বহু বছৰ জীয়াই থাকে আৰু
\q2 তেওঁ সেই দিনবোৰত আনন্দ উপভোগ কৰে, তথাপিও অন্ধকাৰৰ দিনবোৰো তেওঁ মনত ৰাখক; কিয়নো সেই দিনবোৰ অধিক হ’ব। যি যি ঘটে, সেই সকলোৱেই অসাৰ।
\p
\v 9 হে ডেকা, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা; যৌৱনৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰে; তুমি তোমাৰ হৃদয়ৰ আৰু চকুৰ দেখোৱা পথত খোজ কাঢ়া, কিন্তু জানিবা যে এই সকলোবোৰ বিষয়ৰ বাবে ঈশ্বৰে তোমাক সোধবিচাৰলৈ আনিব।
\p
\v 10 এই হেতুকে তোমাৰ মনৰ পৰা উদ্বেগ দূৰ কৰা আৰু তোমাৰ মাংসৰ পৰা দুষ্টতা আঁতৰ কৰা, কিয়নো শৈশৱ আৰু যৌৱন কাল ভাপস্বৰূপ।
\c 12
\cl ১২
\p
\v 1 দুঃসময়বোৰ অহাৰ আগেয়ে তুমি যৌৱন কালতেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা; আৰু যেতিয়া সেই বছৰবোৰ ওচৰ চাপে, তুমি ক'বা “মই এইবোৰত আৰু সন্তোষ নাপাওঁ।”
\v 2 সূৰ্য আৰু তাৰ দীপ্তি, চন্দ্ৰ আৰু তৰাবোৰ আন্ধাৰময় হোৱাৰ আৰু বৰষুণৰ পাছত ডাৱৰ উলটি যোৱাৰ আগেয়ে;
\v 3 যেতিয়া ঘৰৰ ৰক্ষীয়া কঁপিব, শক্তিশালী মানুহবোৰ মূৰ নত হ’ব, মুখৰ আলুৰ দাঁতবোৰ তাকৰ হোৱাৰ বাবে পিহিবলৈ \f + \ft পিহনা, খুন্দনা \f* এৰিব আৰু খিড়িকিয়েদি চোৱাজনে অস্পষ্টকৈ দেখা পাব;
\v 4 সেইসময়ত বাটৰ দুৱাৰবোৰ বন্ধ হ’ব \f + \ft বৃদ্ধকালত কাণেৰে কম শুনিব। \f* , জাঁত পিহাৰ শব্দও অতি ক্ষীণ হ’ব, চৰাইৰ মাতত সাৰ পাই উঠিব \f + \ft বৃদ্ধকালত টোপনি কম হ’ব \f* , গান গোৱা ছোৱালীৰ কণ্ঠৰ সুৰ কমি যাব।
\v 5 তেওঁলোকে ওখ ঠাইলৈ ভয় পাব আৰু বাটৰ বিঘিনিবোৰলৈ ভয় কৰিব; বাদাম গছত ফুলফুলিব হ’ব \f + \ft চুলি পকিবলৈ ধৰিব \f* , ফৰিঙও নিজকে চোঁচৰাই নিব, কামনা-বাসনা নিস্তেজ হ’ব। কিয়নো মানুহজন নিজৰ অনন্তকালৰ ঘৰলৈ যায় আৰু শোক কৰোঁতাসকল পথলৈ ওলায়।
\v 6 সেয়ে ৰূপালী তাঁৰ ছিঙি যোৱা বা সোনালী পাত্র \f + \ft জীৱনৰ ভঙ্গুৰ অৱস্থা \f* ভাঙি যোৱাৰ পূর্বেই, নিজৰাৰ কাষত কলহ আৰু কুঁৱাত চক্ৰ ভাঙি যোৱাৰ পূর্বেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা।
\v 7 পাছত মাটিৰ পৰা অহা ধুলি মাটিলৈকে ঘূৰি যাব আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈকে উলটি যাব।
\p
\v 8 উপদেশকে কৈছে, অসাৰৰ অসাৰ, সকলোৱেই অসাৰ।
\p
\v 9 তদুপৰি উপদেশক নিজে যিহেতু জ্ঞানী আছিল, সেয়ে তেওঁ লোকসকলকো জ্ঞানৰ শিক্ষা দিছিল। তেওঁ চিন্তা কৰিছিল আৰু বিবেচনা কৰি অনেক নীতিবচন ৰচনা কৰিছিল।
\p
\v 10 উপদেশকে মনোগ্ৰাহী বাক্যৰ অনুসন্ধান কৰিছিল আৰ সৰলভাৱে সত্যৰ বাক্যবোৰ লিখিছিল
\p
\v 11 জ্ঞানী লোকসকলৰ কথাবোৰ ৰখীয়াৰ আগজোঙা লাঠিস্বৰূপ আৰু সংগ্ৰহ কৰা কথাবোৰ দৃঢ়ভাৱে গভীৰলৈকে হানি যোৱা গজালৰ নিচিনা। সেই সকলো কথা এজন ৰখীয়াৰ \f + \ft ‘এজন ৰখীয়া’ মানে ‘চলোমনৰ ঈশ্বৰ’ \f* দ্বাৰাই দিয়া হৈছে।
\p
\v 12 ইয়াৰোপৰি হে মোৰ বোপা, এই বোৰৰ যোগেদি তুমি সতৰ্ক হোৱা; অনেক পুথি লিখাৰ শেষ নাই। অধিক অধ্যয়নে শৰীৰক ক্লান্ত কৰে।
\p
\v 13 এতিয়া সকলো কথা শুনিলা। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞা সমূহ পালন কৰা; কিয়নো সকলো মানুহৰ কৰ্তব্য এয়ে।
\v 14 কিয়নো ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ৰে সৈতে সকলো কৰ্মকে সোধবিচাৰলৈ আনিব।