as_ulb/02-EXO.usfm

2313 lines
408 KiB
Plaintext
Raw Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

\id EXO
\ide UTF-8
\h যাত্ৰা পুস্তক
\toc1 যাত্ৰা পুস্তক
\toc2 যাত্ৰা পুস্তক
\toc3 exo
\mt1 যাত্ৰা পুস্তক
\s5
\c 1
\s1 ইস্ৰায়েলৰ সন্তান সকলৰ বৃদ্ধি।
\p
\v 1 যাকোবৰ লগত ইস্ৰায়েলৰ যিসকল পুত্ৰই নিজৰ পৰিয়ালৰ সৈতে মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নাম:
\v 2 ৰূবেণ, চিমিয়োন, লেবী আৰু যিহূদা;
\v 3 ইচাখৰ, জবূলূন, আৰু বিন্যামীন;
\v 4 দান আৰু নপ্তালী; গাদ আৰু আচেৰ।
\v 5 যাকোবৰ বংশধৰ সৰ্ব্বমুঠ সত্তৰ জন আছিল। ইতিমধ্যে যোচেফ মিচৰত আছিল।
\s5
\p
\v 6 তাৰ পাছত যোচেফ, তেওঁৰ ভায়েক-ককায়েক সকল আৰু সেই প্রজন্মৰ সকলোৰেই মৃত্যু হ’ল।
\v 7 ইস্ৰায়েলৰ সন্তান সকল বহু বংশ হৈ সংখ্যাত বৃদ্ধি পালে; আৰু বাঢ়ি বাঢ়ি অতি বলৱন্ত হ’ল। তেওঁলোকৰ দ্বাৰাই দেশ পৰিপূৰ্ণ হ’ল।
\s5
\p
\v 8 তাৰ পাছত মিচৰত যোচেফক সোঁৱৰণ কৰা কথাত গুৰুত্ব নিদিয়া এজন নতুন ৰজাৰ উত্থান হ’ল।
\v 9 তেওঁৰ প্ৰজা সকলক তেওঁ ক’লে, “সেই ইস্ৰায়েল জাতিক চোৱা; তেওঁলোক সংখ্যাত অধিক আৰু আমাতকৈ বলৱন্ত।
\v 10 আহাঁ, আমি তেওঁলোকৰ লগত জ্ঞানেৰে লেনদেন কৰোঁহক। নহলে তেওঁলোক অবিৰত ভাৱে বৃদ্ধি পাব, আৰু কোনো যুদ্ধ হ’লে, তেওঁলোকে আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু দেশ ত্যাগ কৰি যাব।”
\s5
\p
\v 11 সেয়ে তেওঁলোকক কঠিন পৰিশ্রমৰ দ্বাৰাই অত্যাচাৰ কৰিবলৈ তেওঁলোকৰ ওপৰত কঠোৰ তত্ত্বাবধায়ক নিযুক্ত কৰিলে। ইস্রায়েলী লোক সকলে পিথোম আৰু ৰামিচেচ নামেৰে ফৰৌণৰ অৰ্থে ভঁৰাল ঘৰৰ নগৰ নিৰ্মাণ কৰিলে।
\v 12 কিন্তু মিচৰীয়া সকলে যিমান বেছিকৈ ইস্রায়েলী সকলক অত্যাচাৰ কৰিলে, সিমান বেছিকৈ তেওঁলোক সংখ্যাত বৃদ্ধি পালে আৰু বিস্তাৰ লাভ কৰিবলৈ ধৰিলে। সেয়ে মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক ভয় কৰিবলৈ আৰম্ভ কৰিলে।
\s5
\p
\v 13 মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক অব্যাহতি নিদিয়াকৈ কাম কৰাইছিল।
\v 14 চূণ, বালি আৰু পানী মিহলাই তৈয়াৰ কৰোঁৱা বোকাৰে ইটা প্রস্তুত কৰা, আৰু পথাৰৰ সকলো বিধৰ কামৰ দ্বাৰাই তেওঁলোকৰ জীৱন তিক্ত কৰিছিল। তেওঁলোকে কৰিব লগা সকলো কামেই কঠিন আছিল।
\s5
\p
\v 15 তাৰ পাছত মিচৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামৰ দুজনী ইব্ৰীয়া ধাত্ৰীৰ লগত কথা পাতিলে।
\v 16 ৰজাই ক’লে, “যি সময়ত তোমালোকে ইব্ৰীয়া মহিলা সকলক প্রসৱ আসনত সন্তান প্ৰসৱ কৰাত সহায় কৰিবা, সেই সময়ত তেওঁলোকে জন্ম দিয়া সন্তান লক্ষ্য কৰিবা; যদি সেই সন্তান ল’ৰা হয় তেনেহ’লে তাক অৱশ্যে বধ কৰিবা, আৰু যদি ছোৱালী হয়, তেনেহ’লে তাইক জীয়াই থাকিবলৈ দিবা।”
\v 17 কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে মিচৰৰ ৰজাই তেওঁলোকক দিয়া আজ্ঞা পালন নকৰি, তাৰ পৰিৱৰ্তে ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলে।
\s5
\p
\v 18 মিচৰৰ ৰজাই ধাত্ৰী দুজনীক মাতি অনালে আৰু তেওঁলোকক ক’লে, “তোমালোকে কিয় ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলা?”
\v 19 তেতিয়া ধাত্ৰী দুজনীয়ে ফৰৌণক ক’লে, “ইব্ৰীয়া মহিলা সকল মিচৰীয়া মহিলা সকলৰ দৰে নহয়; তেওঁলোক সবল, আৰু তেওঁলোকৰ ওচৰলৈ ধাত্ৰী অহাৰ আগতে, তেওঁলোকে নিজে সন্তান প্ৰসৱ কৰে।”
\s5
\p
\v 20 ঈশ্বৰে সেই ধাত্ৰী দুজনীক ৰক্ষা কৰিলে। লোক সকল সংখ্যাত বৃদ্ধি পালে আৰু অধিক বলৱন্ত হ’ল।
\v 21 ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে ঈশ্বৰে তেওঁলোকৰ বাবে পৰিয়াল গঠন কৰিলে।
\v 22 পাছত ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে যে, “তোমালোকে নতুন কৈ জন্ম হোৱা প্ৰত্যেক
\f +
\ft ইব্রী লোকৰ
\f* ল’ৰা শিশুক নীল নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিব পাৰিবা।”
\s5
\c 2
\p
\v 1 লেবী বংশৰ এজন মানুহে এজনী লেবীয়া ছোৱালী বিয়া কৰালে।
\v 2 পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হ’ল, আৰু এটি পুত্র সন্তান প্ৰসৱ কৰিলে। তেওঁ যেতিয়া দেখিলে যে, সন্তানটো স্বাস্থ্যবান; তেতিয়া তেওঁ সন্তানটি তিনি মাহলৈ লুকুৱাই ৰাখিলে।
\s5
\p
\v 3 কিন্তু তেওঁ যেতিয়া দেখিলে যে, ল’ৰাটোক বেছি দিন লুকুৱাই ৰাখিব নোৱাৰিব; তেতিয়া তেওঁ নলেৰে এটা পাচি সাজিলে, আৰু সেই পাচিটো শিলাজতু আৰু এঠাৰে লেপি ল’লে, পাছত সেই পাচিটোত ল’ৰাজনক সুমুৱাই ল’লে, আৰু নদীৰ দাঁতিত থকা নল-খাগড়িৰ মাজত গৈ থলে।
\v 4 তাতে দূৰৈত থিয় হৈ বায়েকে সেই শিশুটোৰ কি হ’ব, সেই বিষয়ে জানিবলৈ বাট চাই থাকিল।
\s5
\p
\v 5 ফৰৌণৰ জীয়েকে নদীত গা ধুবলৈ নামি গৈছিল, আৰু তেওঁৰ যুৱতী দাসী সকলে নদীৰ তীৰত ফুৰি আছিল। এনেতে তেওঁ নল খাগড়ি মাজত সেই পাচিটো দেখি, তেওঁৰ দাসী এজনীক পাচিটো আনিবলৈ পঠিয়ালে।
\v 6 তেওঁ পাচিটো মেলি শিশুটি দেখিলে। এনেতে শিশুটিয়ে কান্দিবলৈ ধৰিলে; আৰু তেওঁৰ শিশুটিলৈ মৰম লাগি ক’লে, “এই সন্তানটি নিশ্চয় এটি ইব্ৰীয়া সন্তান।”
\s5
\p
\v 7 তেতিয়া শিশুটিৰ বায়েকে ফৰৌণৰ জীয়েকক ক’লে, “আপোনাৰ অৰ্থে এই সন্তানটিক পিয়াহ খোৱাই তুলিবলৈ, মই এজনী ইব্ৰীয়া মহিলা বিচাৰি মাতি আনিম নে?”
\v 8 ফৰৌণৰ জীয়েকে ক’লে, “যোৱা।” তেতিয়া সেই ছোৱালী জনীয়ে শিশুটিৰ মাককে মাতি নিলে।
\s5
\p
\v 9 ফৰৌণৰ জীয়েকে শিশুটিৰ মাতৃক ক’লে, “আপুনি এই ল’ৰাটি লওক আৰু মোৰ বাবে পিয়াহ খুৱাই প্রতিপালন কৰক; তাৰ বাবে মই আপোনাক পাৰিশ্রমিক দিম।” তেতিয়া মহিলা গৰাকীয়ে ল’ৰাটি নিলে আৰু পিয়াহ খোৱাই প্রতিপালন কৰিলে।
\v 10 ল’ৰাটি যেতিয়া ডাঙৰ হ’ল, তেওঁ ল’ৰাটিক ফৰৌণৰ জীয়েকৰ ওচৰলৈ আনিলে; তেতিয়া সেই লৰাটি তেওঁৰ পুত্ৰ হ’ল। তেওঁ লৰাটিৰ নাম মোচি ৰাখি ক’লে, “কিয়নো মই ইয়াক পানীৰ পৰা তুলি আনিলোঁ।”
\s5
\p
\v 11 মোচি যেতিয়া ডেকা হ’ল, তেওঁ বাহিৰলৈ ওলাই গৈ নিজৰ লোকসকলৰ কঠোৰ পৰিশ্রম লক্ষ্য কৰিলে। তেওঁ দেখিলে যে, নিজৰ লোকসকলৰ মাজৰ এজন ইব্ৰীয়াক এজন মিচৰীয়াই মাৰি আছে।
\v 12 তেতিয়া মোচিয়ে ইফালে সিফালে চাই কাকো দেখা নাপাযই, সেই মিচৰীয়াজনক বধ কৰি বালিত পুতি থলে।
\s5
\p
\v 13 তাৰ পাছদিনা তেওঁ ওলাই গৈ, দুজন ইব্ৰীয়াক বিবাদ কৰি থকা দেখি, দোষী জনক তেওঁ ক’লে, “তোমাৰ ভাইক কিয় মাৰিছা?”
\v 14 কিন্তু মানুহ জনে ক’লে, “আমাৰ ওপৰত আপোনাক কোনে অধিপতি আৰু বিচাৰক পাতিছে? সেই মিচৰীয়াজনক যেনেদৰে বধ কৰিলে, তেনেদৰে মোকো বধ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি?” তেতিয়া মোচিয়ে আতঙ্কিত হৈ ভবিলে, “বাস্তৱিকতে মই যি কৰিলোঁ, সেই কথা নিশ্চয় আনেও গ’ম পালে।”
\s5
\p
\v 15 ফৰৌণে যেতিয়া সেই কথা শুনিলে, তেতিয়া তেওঁ মোচিক বধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তেওঁ ৰজা ফৰৌণৰ ওচৰৰ পৰা পলাই গ’ল, আৰু মিদিয়ন দেশত বাস কৰিলে। তাত তেওঁ এটা নাদৰ ওচৰত বহিল।
\s5
\p
\v 16 মিদিয়নৰ পুৰোহিতৰ সাত গৰাকী জীয়েক আছিল। তেওঁলোকে সেই নাদলৈ আহিছিল, আৰু পিতৃৰ মেৰ-ছাগৰ জাকক পানী খোৱাবৰ বাবে নাদৰ পৰা পানী তুলি পাত্রত ভৰাই আছিল।
\v 17 তেতিয়া মেৰ-ছাগ ৰখীয়া সকল তালৈ আহিল আৰু তেওঁলোকক খেদিবলৈ চেষ্টা কৰিলে; কিন্তু মোচিয়ে গৈ তেওঁলোকক সহায় কৰিলে। তাৰ পাছত মোচিয়ে তেওঁলোকৰ মেৰ-ছাগৰ জাকক পানী খুৱালে।
\s5
\p
\v 18 ছোৱালী কেইজনী যেতিয়া তেওঁলোকৰ পিতৃ ৰূৱেলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁ ছোৱালী কেইজনীক সুধিলে, “আজিনো কেনেকৈ ইমান সোনকালে ঘৰলৈ আহিলা?”
\v 19 তেওঁলোকে ক’লে, “এজন মিচৰীয়া মানুহে আমাক মেৰ-ছাগ ৰখীয়া সকলৰ পৰা ৰক্ষা কৰিলে। এনেকি তেওঁ আমাৰ বাবে পানী তুলি মেৰ-ছাগ জাকক খুৱালে।”
\v 20 তেতিয়া তেওঁৰ ছোৱালী কেইগৰাকীক তেওঁ সুধিলে, “তেওঁ ক’ত আছে? তোমালোকে সেই ব্যক্তি জনক কিয় এৰি আহিলা? তেওঁক মাতি আনা যাতে তেওঁ আমাৰ লগত ভোজন কৰিব পাৰে।”
\s5
\p
\v 21 মোচিয়ে সেই মানুহ জনৰ লগত থাকিবলৈ মান্তি হ’ল, আৰু তেওঁৰ ছোৱালী চিপ্পোৰাক তেওঁৰ সৈতে বিয়া দিলে।
\v 22 চিপ্পোৰাই এটি পুত্ৰ প্ৰসৱ কৰিলে, আৰু মোচিয়ে পুত্রটিৰ নাম গেৰ্চোম
\f +
\ft গেৰ্চোম প্রবাসী
\f* ৰাখিলে। মোচিয়ে ক’লে, “মই বিদেশত প্ৰবাসী হৈ আছোঁ।”
\s5
\p
\v 23 বহুত দিনৰ পাছত, মিচৰৰ ৰজাৰ মৃত্যু হ’ল। ইস্ৰায়েলী লোকসকলে বন্দীকামৰ বাবে আৰ্তনাদ কৰিলে। তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে আৰু তেওঁলোকৰ দাসত্ব জীৱনৰ কাৰণে তেওঁলোকৰ অনুৰোধ ঈশ্বৰে শুনিলে।
\v 24 তেতিয়া ঈশ্বৰে তেওঁলোকৰ ক্রন্দন শুনি, অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ লগত কৰা তেওঁৰ নিয়মটি পুনৰ সোঁৱৰণ কৰিলে।
\v 25 ঈশ্বৰে ইস্ৰায়েলী লোকসকললৈ দৃষ্টি কৰিলে, আৰু তেওঁলোকৰ পৰিস্থিতি বুজি পালে।
\s5
\c 3
\p
\v 1 মোচিৰ শহুৰ যিথ্ৰো মিদিয়নৰ পুৰোহিত আছিল, মোচিয়ে তেওঁৰ মেৰ-ছাগৰ জাক চৰাইছিল। তেতিয়া মোচিয়ে মৰুপ্রান্তৰ কাষদি মেৰ-ছাগৰ জাক লৈ গৈ আছিল, আৰু তেওঁ গৈ হোৰেব নামৰ ঈশ্বৰৰ পৰ্বত পাইছিল।
\v 2 সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নি শিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।
\v 3 তেতিয়া মোচিয়ে ক’লে, “মই এফলীয়া হৈ যাওঁ, আৰু এই আচৰিত বিষয়টো মই চাওঁ, কিয়নো এই জোপোহাটো পুৰি যোৱা নাই?”
\s5
\p
\v 4 যেতিয়া যিহোৱাই দেখিলে যে, তেওঁক চাবলৈ মোচি এফলীয়া হৈ গৈছে, তেতিয়া জোপোহাটোৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক’লে, “হে মোচি, হে মোচি।” তেওঁ ক’লে, “চাওঁক, মই আছোঁ।”
\v 5 যিহোৱাই ক’লে, “তুমি ওচৰ চাপি নাহিবা; তোমাৰ ভৰিৰ পৰা জোতা সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেয়া পবিত্ৰ ভূমি।”
\v 6 তেওঁ পুনৰ ক’লে, “মই তোমাৰ পূর্বপুৰুসকলৰ ঈশ্বৰ; অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ।” তেতিয়া মোচিয়ে নিজৰ মুখ ঢাকিলে, কিয়নো তেওঁ ঈশ্বৰক চাবলৈ ভয় কৰিলে।
\s5
\p
\v 7 যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।
\v 8 মই তেওঁলোকক মিচৰীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোল
\f +
\ft জোল অতি উর্বৰ দেশ
\f* বৈ থকা এখন উত্তম আৰু বহল দেশ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবুচীয়া লোক সকলে বাস কৰে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।
\s5
\p
\v 9 এতিয়া ইস্ৰায়েলৰ লোকসকলৰ কাতৰোক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিচৰীয়া সকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰবো মই দেখিছোঁ।
\v 10 সেয়ে মোৰ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিবলৈ, মই এতিয়া তোমাক ফৰৌণৰ ওচৰলৈ পঠাওঁ।”
\s5
\p
\v 11 কিন্তু মোচিয়ে ঈশ্বৰক ক’লে, “মইনো কোন যে, ফৰৌণৰ ওচৰলৈ গৈ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিম?”
\v 12 ঈশ্বৰে উত্তৰ দি ক’লে, “অৱশ্যে মই তোমাৰ সঙ্গী হ’ম; আৰু মইয়ে তোমাক পঠালোঁ, ইয়াৰ চিন তোমালৈ এয়ে হ’ব যে, তুমি মিচৰৰ পৰা লোকসকলক উলিয়াই আনি, এই পৰ্ব্বততে তোমালোকে ঈশ্বৰৰ আৰধনা কৰিবা।”
\s5
\p
\v 13 মোচিয়ে ঈশ্বৰক ক’লে, “মই যেতিয়া ইস্ৰায়েলী লোকসকলক ক’ম যে, তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে; তেতিয়া তেওঁলোকে মোক ক’ব, ‘তেওঁৰ নাম কি? তেতিয়া মই কি উত্তৰ দিম?”
\v 14 ঈশ্বৰে মোচিক ক’লে, “মই যি জন হওঁ, সেই জনেই হওঁ।” ঈশ্বৰে পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ ক’বা যে, ‘মই যি জন হওঁ’ বোলা জনেই মোক তোমালোকৰ ওচৰলৈ পঠালে।”
\v 15 ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু এই নামৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’
\s5
\p
\v 16 তুমি যোৱা, আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক একত্রিত কৰি সমবেত কৰোঁৱা। তেওঁলোকক ক’বা, ‘তোমালোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক দৰ্শন দি ক’লে, ‘মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিচৰত কেনে ব্যৱহাৰ কৰিছে, সেয়া মই দেখিলোঁ।
\v 17 মিচৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্রৱৰ পৰা তোমালোকক উলিয়াই আনি, গাখীৰ, মৌ-জোল বৈ থকা সেই কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্রতিজ্ঞা কৰিছোঁ’।
\v 18 তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব। তাৰ পাছত তুমি আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে মিচৰৰ ৰজাৰ ওচৰলৈ গৈ, তেওঁক নিশ্চয়কৈ ক’বা, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ’ল। সেয়ে আমি তিনি দিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক।’
\s5
\p
\v 19 কিন্তু মই জানো, যেতিয়ালৈকে মিচৰৰ ৰজাক বাধ্য কৰোঁৱা নহয়, তেতিয়ালৈকে তেওঁ তোমালোকক যাব নিদিব।
\v 20 মই নিজ হাত মেলিম, আৰু মিচৰ দেশৰ মাজত সকলো আচৰিত কৰ্মেৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব।
\v 21 মই মিচৰীয়াসকলৰ পৰা তোমালোকক অনুগ্ৰহপ্ৰাপ্ত কৰিম। সেয়ে তোমালোকে যোৱা সময়ত শুদা-হাতে যাব লগা নহ’ব।
\v 22 প্ৰতি গৰাকী মহিলাই নিজৰ ওচৰ-চুবুৰীয়া, আৰু নিজৰ ঘৰৰ ওচৰত বাস কৰা মিচৰীয় মহিলা সকলৰ পৰা ৰূপ আৰু সোণৰ অলঙ্কাৰ আৰু বস্ত্ৰ খুজিবা; আৰু তোমালোকে সেইবোৰ নিজৰ লৰা-ছোৱালীক পিন্ধাবা; এই দৰে তোমালোকে মিচৰীয়া সকলক লুট কৰিবা।”
\s5
\c 4
\p
\v 1 মোচিয়ে উত্তৰ দি ক’লে, “কিন্তু তেওঁলোকে যদি মোক বিশ্বাস নকৰে, আৰু মোৰ কথাও নুশুনে; আৰু তাৰ পৰিৱৰ্ত্তে তেওঁলোকে মোক ক’ব, ‘যিহোৱাই তোমাক দৰ্শন দিয়া নাই’ তেতিয়া কি হ’ব?”
\v 2 যিহোৱাই তেওঁক ক’লে, “তোমাৰ হাতত কি আছে?” মোচিয়ে ক’লে, “লাখুটি।”
\v 3 তেতিয়া যিহোৱাই ক’লে, “লাখুটি ডাল মাটিত পেলাই দিয়া।” তেতিয়া মোচিয়ে লাখুটিডাল মাটিত পেলাই দিলে, আৰু তেতিয়াই সেই লাখুটি ডাল সাপ হৈ পৰিল। মোচিয়ে তাৰ পৰা পাছ হুঁহকি গ’ল।
\s5
\p
\v 4 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ হাত মেলি তাৰ নেগুৰত ধৰা।” মোচিয়ে নিজৰ হাত মেলি তাকৰ নেগুৰত ধৰিলে, আৰু তেওঁৰ হাতত সেই সাপ ডাল পুনৰ লাখুটি হ’ল।
\v 5 “ইয়াৰ বাবেই তেওঁলোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই যে তোমাক দৰ্শন দিলে, সেই কথা তেওঁলোকে বিশ্বাস কৰিব।”
\s5
\p
\v 6 যিহোৱাই তেওঁক পুনৰ ক’লে, “তুমি তোমাৰ হাত চোলাৰ ভতৰত ভৰোৱা।” সেয়ে মোচিয়ে হাতখন নিজৰ চোলাৰ ভততৰত ভৰালে। পাছত তেওঁ যেতিয়া হাতখন বাহিৰলৈ উলিয়াই আনিলে, তেতিয়া তেওঁ দেখিলে যে, তেওঁৰ হাত কুষ্ঠ ৰোগেৰে হিমৰ নিচিনা বগা হৈছে।
\v 7 যিহোৱাই ক’লে, “তোমাৰ হাত পুনৰ চোলাত ভৰোৱা।” তেতিয়া মোচিয়ে নিজৰ হাত পুনৰ চোলাত ভৰালে; আৰু যেতিয়া বাহিৰলৈ উলিয়ালে তেওঁ দেখিলে যে, তেওঁৰ শৰীৰৰ অৱশিষ্ট অংশৰ দৰেই হাতখন পুনৰ সুস্থ হ’ল।
\s5
\p
\v 8 যিহোৱাই ক’লে, “তেওঁলোকে যদি তোমাক বিশ্বাস নকৰে, আৰু মোৰ শক্তিৰ সেই প্ৰথম চিনকো যদি বিশ্বাস নকৰে, তেনেহ’লে তেওঁলোকে দ্বিতীয় চিনত বিশ্বাস কৰিব।
\v 9 তেওঁলোকে যদি এই দুয়োটা চিনকো বিশ্বাস নকৰে, আৰু তোমাৰ কথাও নুশুনে, তেন্তে তুমি নদীৰ পৰা অলপ পানী লৈ শুকান মাটিত ঢালিবা। তেতিয়া তুমি নদীৰ পৰা লোৱা সেই পানী শুকান মাটিত ঢালি দিওঁতে, সেই পানী তেজলৈ পৰিণত হ’ব।”
\s5
\p
\v 10 তেতিয়া মোচিয়ে যিহোৱাক ক’লে, “হে মোৰ প্ৰভু মিনতি কৰিছোঁ, মই বাকপটু নহওঁ; ইয়াৰ পূৰ্বেও নাছিলোঁ, বা আপুনি নিজ দাসক কথা কোৱাৰ পাছতো নহওঁ। কাৰণ মোৰ মুখ আৰু জীবা গধূৰ।”
\v 11 যিহোৱাই মোচিক ক’লে, “মানুহৰ মুখ কোনে নিৰ্মাণ কৰিলে? বোবা বা কলা, নাইবা চকু থকা বা অন্ধ কোনে কৰিলে? মই যিহোৱাই জানো তাক নকৰোঁ?
\v 12 সেয়েহে তুমি এতিয়া যোৱা; মই তোমাৰ মুখত থাকিম, আৰু তুমি কবলগীয়া কথা মই তোমাক শিকাম।”
\v 13 কিন্তু মোচিয়ে ক’লে, “হে মোৰ প্ৰভু অনুগ্রহ কৰি, আপুনি যি জনক ইচ্ছা কৰে, তেনে আন কোনো এজনক পঠিয়াওক।”
\s5
\p
\v 14 তেতিয়া মোচিলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল। তেওঁ ক’লে, “তোমাৰ লেবীয়া ককায়েৰ হাৰোণ ক’ত আছে? মই জানো, তেওঁ ভালকৈ কথা ক’ব পাৰে। অৱশ্যে তেওঁ তোমাক ল’গ পাবলৈ আহি আছে; আৰু তেওঁ আহি তোমাক যেতিয়া দেখিব, তেতিয়া তেওঁ আনন্দিত হ’ব।
\v 15 তুমি তেওঁক ক’বা, আৰু তেওঁৰ মুখে কি ক’ব লাগে সেই বাক্য দিবা। মই তোমাৰ আৰু তেওঁৰ মুখৰো সহায় হ’ম, আৰু কি কৰিব লাগে, সেই বিষয়ে তোমালোকক জনাম।
\v 16 তেওঁ লোক সকলৰ আগত তোমাৰ হৈ কথা ক’ব। তেওঁ তোমাৰ মুখ স্বৰূপ হ’ব, আৰু তুমি তেওঁৰ ঈশ্বৰ স্বৰূপ হ’বা।
\v 17 এই লাখুটিডাল তুমি নিজ হাতত লোৱা। এই লাখুটি ডালেৰেই তুমি চিনবোৰ দেখুৱাবা।”
\s5
\p
\v 18 তাৰ পাছত মোচিয়ে তেওঁৰ শহুৰেক যিথ্রোৰ ওচৰলৈ উভটি গ’ল, আৰু তেওঁক ক’লে, “মই বিনয় কৰোঁ, মিচৰত থকা মোৰ সম্পৰ্কীয় লোকসকল এতিয়ালৈকে জীয়াই আছে নে নাই, তাক চাবৰ বাবে তেওঁলোকৰ ওচৰলৈ উভটি যাবলৈ মোক দিয়ক।” যিথ্ৰোৱে মোচিক ক’লে, “শান্তিৰে যোৱা।”
\v 19 যিহোৱাই মিদিয়নত মোচিক ক’লে, “তুমি মিচৰলৈ উভটি যোৱা; কিয়নো যি সকল লোকে তোমাৰ প্ৰাণ ল’ব বিচাৰিছিল, সেই লোক সকলৰ মৃত্যু হ’ল।”
\v 20 তেতিয়া মোচিয়ে নিজৰ ভাৰ্যা আৰু পুত্রক এটা গাধত উঠাই ল’লে আৰু মিচৰ দেশলৈ যাত্রা কৰিলে। মোচিয়ে ঈশ্বৰৰ সেই লাখুটি ডালো নিজৰ হাতত ল’লে।
\s5
\p
\v 21 যিহোৱাই মোচিক কৈছিল, “তুমি যেতিয়া মিচৰলৈ উভটি যাবা, তেতিয়া মই তোমাক যিবোৰ আচৰিত কাৰ্যৰ শক্তি দিলোঁ, সেই সকলো ফৰৌণৰ সাক্ষাতে কৰিবা। কিন্তু মই তেওঁৰ মন কঠিন কৰিম, আৰু সেয়ে তেওঁ লোকসকলক এৰি নিদিব।
\v 22 তুমি ফৰৌণক নিশ্চয়কৈ ক’বা, ‘যিহোৱাই এইদৰে কৈছে: ইস্ৰায়েল মোৰ পুত্ৰ, মোৰ জ্যেষ্ঠ পুত্ৰ’;
\v 23 মই তোমাক কৈছিলোঁ, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ পুত্ৰক এৰি দিয়া’। কিন্তু তথাপিও তেওঁলোকক এৰি দিবলৈ তুমি অসন্মত হ’লা; সেয়ে মই তোমাৰ জ্যেষ্ঠ পুত্ৰক নিশ্চয় বধ কৰিম’।”
\s5
\p
\v 24 তাৰ পাছত যাত্রা কৰি গৈ থাকোতে, ৰাতি হোৱাৰ বাবে তেওঁলোক এঠাইত থাকিল; তাতে যিহোৱাই মোচিক লগ পালে, আৰু বধ কৰিব খুজিলে।
\v 25 তেতিয়া চিপ্পোৰাই এটুকুৰা চিকমিকিয়া চোকা পাথৰ ল’লে; আৰু নিজৰ পুত্ৰৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰি, তাৰে সৈতে মোচিৰ ভৰিতস্পৰ্শ কৰি দি ক’লে, “নিশ্চয়ে আপুনি মোৰ পক্ষে তেজৰ দ্বাৰাই পোৱা দৰা।”
\v 26 “তেজৰ দ্বাৰা পোৱা দৰা বুলি কৈ চিপ্ৰাৰই সেই সময়ত চূন্নতৰ কথালৈ আঙুলিয়াইছিল।“
\s5
\p
\v 27 যিহোৱাই হাৰোণক কৈছিল, “তুমি মোচিৰে সৈতে সাক্ষাৎ কৰিবলৈ মৰুভূমিলৈ যোৱা।” তেতিয়া হাৰোণ গ’ল, আৰু ঈশ্বৰৰ পৰ্বতত মোচিক লগ ধৰি, তেওঁক চুমা খালে।
\v 28 তেতিয়া মোচিয়ে যিহোৱাই কোৱা সকলো কথা আৰু চিন দেখুৱাবৰ বাবে শক্তিৰে কাৰ্য কৰিবলৈ যিহোৱাই দিয়া আজ্ঞাৰ কথা হাৰোণক ক’লে।
\s5
\p
\v 29 তাৰ পাছত মোচি আৰু হাৰোণ দুয়ো গৈ ইস্ৰায়েলী লোকসকলৰ বৃদ্ধ লোকসকলক একগোট কৰিলে।
\v 30 যিহোৱাই মোচিক কোৱা সকলো কথা হাৰোণে তেওঁলোকক ক’লে। তেওঁ লোকসকলৰ আগত যিহোৱাৰ শক্তিৰ দ্বাৰাই চিনবোৰো দেখুৱালে।
\v 31 তেতিয়া লোকসকলে বিশ্বাস কৰিলে। যিহোৱাই যে ইস্ৰায়েলী লোক সকললৈ দৃষ্টি কৰিলে; আৰু তেওঁলোকৰ যাতনাবোৰ চালে, সেই কথা শুনি তেওঁলোকে মূৰ দোঁৱাই প্রণিপাত কৰি ঈশ্বৰৰ আৰাধনা কৰিলে।
\s5
\c 5
\p
\v 1 এই ঘটনাৰ পাছত মোচি আৰু হাৰোণে গৈ ফৰৌণক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মৰুভূমিত মোৰ উদ্দেশ্যে উৎসৱ পালন কৰিবলৈ, মোৰ লোকসকলক যাবলৈ দিয়ক’।”
\v 2 ফৰৌণে ক’লে, “যিহোৱা কোন? কিয় মই তেওঁৰ কথা শুনিম; আৰু ইস্ৰায়েলী লোক সকলক যাবলৈ কিয় এৰি দিম? মই যিহোৱাক নাজানো, গতিকে ইস্ৰায়েলী লোক সকলক যাবলৈ এৰি নিদিওঁ।”
\s5
\p
\v 3 তাৰ পাছত মোচি আৰু হাৰোণে ক’লে, “ইব্ৰীয়াসকলৰ ঈশ্বৰে আমাৰ লগত সাক্ষাত কৰিলে। আহক আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট যাওঁহক; যাতে তেওঁ আমাক মহামাৰী বা তৰোৱালেৰে আক্ৰমণ নকৰে।”
\v 4 কিন্তু মিচৰৰ ৰজাই তেওঁলোকক ক’লে, “মোচি আৰু হাৰোণ, তোমালোকে কিয় লোক সকলক তেওঁলোকৰ কামৰ পৰা লৈ গৈছা?” এই বুলি লোকসকলক তেওঁ ক’লে, “তোমালোক কামলৈ ঘূৰি যোৱা।”
\v 5 ফৰৌণে পুনৰ ক’লে, “বৰ্তমান দেশত অনেক ইস্ৰায়েলী লোক আছে, আৰু তোমালোকে তেওঁলোকৰ কাম বন্ধ কৰাইছা।”
\s5
\p
\v 6 সেই দিনাই ফৰৌণে লোক সকলৰ নিষ্ঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলক এই আজ্ঞা দি ক’লে,
\v 7 “আগেয়ে দিয়াৰ দৰে তেওঁলোকক ইটা বনাবলৈ তোমালোকে নৰা আনি নিদিবা। তেওঁলোকে নিজেই গৈ নৰা বিচাৰি লওক।
\v 8 তেওঁলোকে আগেয়ে যিমান পৰিমাণৰ ইটা বনাইছিল, এতিয়াও তেওঁলোকক সিমানেই বনাবলৈ দিয়া। তাৰ অলপো কম গ্ৰহণ নকৰিবা; কাৰণ তেওঁলোক এলেহুৱা। তেওঁলোকে চিঞৰিছে আৰু ক’বলৈ ধৰিছে, ‘আমাক যাবলৈ অনুমতি দিয়ক আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান উৎসৰ্গ কৰিবলৈ দিয়ক’।”
\v 9 তেওঁলোকৰ ওপৰত কামৰ ভাৰ অধিক গধূৰ কৰি দিয়া হওক; যাতে তেওঁলোকে কামৰ মাজত ব্যস্ত থাকি বিভ্রান্তিজনক কথাত মন নিদিয়ে।
\s5
\p
\v 10 তাৰ পাছত, কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলে বাহিৰলৈ ওলাই আহিল আৰু লোকসকলক তেওঁলোকে ক’লে, “ফৰৌণে এইদৰে কৈছে, ‘মই তোমালোকক এতিয়াৰ পৰা কোনো নৰা নিদিওঁ।
\v 11 তোমালোক নিজে যোৱা আৰু য’ত বিচাৰি পোৱা, তাৰ পৰা নৰা বিচাৰি আনা; কিন্তু তোমালোকৰ কামৰ নিৰ্দ্দিষ্ট পৰিমাণ হ্রাস কৰা নহব।’”
\s5
\p
\v 12 তেতিয়া লোক সকলে নৰা বিচাৰি জমা কৰিবলৈ মিচৰ দেশৰ চাৰিওফালে সিঁচৰতি হৈ গ’ল।
\v 13 তথাপি কঠোৰ তত্বাৱধায়ক সকলে তেওঁলোকক তাড়না কৰি ক’লে, “তোমালোকক নৰা দিওঁতে, তোমালোকে যেনেকৈ কাম কৰিছিলা, এতিয়াও তেনেকৈ প্ৰতিদিনৰ নিৰূপিত কাম সম্পূৰ্ণ কৰা।”
\v 14 তাৰ পাছত ফৰৌণৰ কঠোৰ তত্বাৱধায়ক সকলে শ্রমিক সকলৰ ওপৰত নিযুক্ত কৰা ইস্ৰায়েলী মুখিয়াল সকলক প্ৰহাৰ কৰিলে। সেই তত্বাৱধায়ক সকলে তেওঁলোকক সুধিলে, “তোমালোকক নিৰূপিত কৰি দিয়া অনুপাতে আগৰ দৰে, কালি আৰু আজি তোমালোকে কিয় ইটা তৈয়াৰ কৰিব পৰা নাই?”
\s5
\p
\v 15 সেয়ে কাৰখানাত কাম কৰা ইস্ৰায়েলী কৰ্মচাৰী সকলে ফৰৌণৰ ওচৰলৈ আহিল; আৰু তেওঁক কাকুতি কৰি ক’লে, “আপোনাৰ দাস বিলাকৰ ক্ষেত্ৰত কিয় আপুনি এনে ব্যৱহাৰ কৰিছে?
\v 16 আপোনাৰ দাস সকলক এতিয়া নৰা দিয়া হোৱা নাই, তথাপিও তেওঁলোকে আমাক কৈ আছে ‘ইটা তৈয়াৰ কৰা! এনেকি আমিও আপোনাৰ দাস সকলৰ দ্বাৰাই প্ৰহাৰিত হৈছোঁ। কিন্তু এয়া আপোনাৰ নিজৰ লোক সকলৰহে ভুল।”
\v 17 কিন্তু ফৰৌণে ক’লে, “তোমালোক এলেহুৱা! তোমালোক সকলো এলেহুৱা! তোমালোকে কৈছা, ‘আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আমাক যাবলৈ দিয়ক।’
\v 18 সেয়ে এতিয়া কাম কৰিবলৈ ঘূৰি যোৱা। তোমালোকক পুনৰ নৰা দিয়া নহব, কিন্তু তোমালোকে আগৰ সমানেই ইটা তৈয়াৰ কৰিব লাগিব।”
\s5
\p
\v 19 “তোমালোক প্ৰতিদিনে বনাব লগা ইটাৰ সংখ্যা অলপো কম কৰা নহব।” এই কথা কোৱাৰ পাছত, ইস্ৰায়েলী মুখিয়াল সকলে দেখিলে যে, তেওঁলোক বিপদত পৰিছে।
\v 20 তেওঁলোকে ফৰৌণৰ আগৰ পৰা ওলাই আহোঁতে ৰাজপ্রসাদৰ বাহিৰত ঠিয় হৈ থকা মোচি আৰু হাৰোণক লগ পালে।
\v 21 তেওঁলোকে মোচি আৰু হাৰোণক ক’লে, “যিহোৱাই আপোনালোকলৈ দৃষ্টি কৰি দণ্ড দিয়ক; কাৰণ আপোনালোকে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সাক্ষাতে আমাক দোষী কৰিলে। আমাক বধ কৰিবলৈ আপোনালোকে তেওঁলোকৰ হাতত তৰোৱাল তুলি দিলে।”
\s5
\p
\v 22 তেতিয়া মোচিয়ে যিহোৱাৰ ওচৰত প্রাৰ্থনা কৰি ক’লে, “হে প্ৰভু, আপুনি এই লোক সকলক বিপদত কিয় পেলালে? তাৰ বাবেই মোক ইয়ালৈ পঠিয়ালেনে?
\v 23 মই যেতিয়াৰে পৰা আপোনাৰ নামেৰে ফৰৌণৰ আগত কথা ক’বলৈ উপস্থিত হলোঁ, তেতিয়াৰে পৰা তেওঁ এই লোক সকলক যন্ত্রণা দিছে; আৰু আপুনি নিজৰ লোক সকলক সমূলি উদ্ধাৰ কৰা নাই।”
\s5
\c 6
\p
\v 1 তেতিয়া যিহোৱাই মোচিক ক’লে, “ফৌৰণলৈ মই কি কৰিম, এতিয়া তুমি দেখিবলৈ পাবা। তুমি দেখিবলৈ পাবা যে, মোৰ হাতৰ শক্তিৰ বাবেই ৰজাই লোক সকলক যাবলৈ দিব। মোৰ হাতৰ শক্তিৰ কাৰণেই ৰজা ফৰৌণে নিজই তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াব।”
\s5
\p
\v 2 ঈশ্বৰে মোচিৰ সৈতে কথা পাতি তেওঁক ক’লে, “মই যিহোৱা।
\v 3 মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগতো সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি দৰ্শন দিছিলোঁ, কিন্তু মোৰ যিহোৱা নামৰ দ্বাৰাই মই তেওঁলোকক পৰিচয় দিয়া নাই।
\v 4 ইয়াৰ উপৰিও যি কনান দেশত তেওঁলোকে বিদেশীৰ দৰে বাস কৰিছিল, আৰু অনাই বনাই ঘুৰি ফুৰিছিল, সেই দেশ তেওঁলোকক দিবলৈ মই তেওঁলোকৰ সৈতে এটা নিয়ম স্থিৰ কৰিছিলোঁ।
\v 5 তাৰ উপৰিও, মিচৰীয়া সকলে বন্দীকামত লগোৱা ইস্ৰায়েলী লোক সকলৰ ক্রন্দন মই শুনিলো, আৰু মোৰ সেই নিয়মটি মই স্মৰণ কৰিলোঁ।
\s5
\p
\v 6 এই হেতুকে ইস্ৰায়েলী লোক সকলক কোৱা, ‘মই যিহোৱা; মই মিচৰীয়া সকলৰ বন্দীত্বৰ পৰা তোমালোকক উলিয়াই আনিম, আৰু মই তেওঁলোকৰ ক্ষমতাৰ পৰা তোমালোকক মুক্ত কৰিম। মই মোৰ শক্তি প্রদর্শন কৰিম; আৰু ন্যায় বিচাৰৰ মহা-কৰ্মেৰে তোমালোকক উদ্ধাৰ কৰিম।
\v 7 মই তোমালোকক মোৰ নিজৰ লোক কৰি ল’ম, আৰু ময়েই তোমালোকৰ ঈশ্বৰ হ’ম। তোমালোকক মিচৰৰ বন্দীত্বৰ পৰা উলিয়াই অনা ময়েই যে তোমালোকৰ সেই ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবা।
\s5
\p
\v 8 মই যি দেশ অব্ৰাহাম, ইচহাক, আৰু যাকোবক দিম বুলি শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক নিম, আৰু তোমালোকৰ অধিকাৰৰ অৰ্থেও সেই দেশ মই তোমালোকক দিম; ময়েই যিহোৱা’।”
\v 9 যেতিয়া মোচিয়ে গৈ ইস্ৰায়েলী লোক সকলক সেই কথা কলে; তেতিয়া তেওঁলোকে কঠিন বন্দী কামৰ বাবে নিৰুৎসাহ হৈ মোচিৰ কথাত মন নিদিলে।
\s5
\p
\v 10 সেয়ে যিহোৱাই মোচিক ক’লে,
\v 11 “তুমি গৈ মিচৰৰ ৰজা ফৰৌণক কোৱা যে, ইস্ৰায়েলী লোক সকলক আপোনাৰ দেশৰ পৰা ওলাই যাবলৈ এৰি দিয়ক।”
\v 12 মোচিয়ে যিহোৱাক ক’লে, “যদি ইস্ৰায়েলী লোক সকলেই মোৰ কথা নুশুনে; তেনেহ’লে ফৰৌণে মোৰ কথা কিয় শুনিব? যিহেতু মই কথা কোৱাত নিপুণ নহয়।”
\v 13 তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক ইস্ৰায়েল লোক সকলক আৰু মিচৰ ৰজা ফৰৌণৰ বিষয়ে কৈ ইস্ৰায়েল লোক সকলক মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ যাৱলৈ তেওঁকক আদেশ দিলে।
\v 14 এওঁলোকেই নিজৰ পিতৃ-বংশৰ প্রধান লোক আছিল: ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ ৰূবেণ, আৰু ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী। এওঁলোক আছিল ৰূবেণ গোষ্ঠীৰ পূৰ্বপুৰুষ।
\v 15 চিমিয়োনৰ পুত্র সকল আছিল যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল কনানীয়া মহিলাৰ পুত্র আছিল। এওঁলোক আছিল চিমিয়োন গোষ্ঠীৰ পূৰ্বপুৰুষ।
\s5
\p
\v 16 লেবীৰ পুত্র সকলৰ সৈতে তেওঁলোকৰ বংশধৰৰ নাম এই তালিকাত উল্লেখিত আছে। তেওঁলোকৰ নাম হ’ল: গেৰ্চোন, কহাৎ, আৰু মৰাৰী। লেবী এশ সাতত্ৰিশ বছৰ বয়সলৈকে জীয়াই আছিল।
\v 17 গেৰ্চোনৰ পুত্ৰ লিবনী আৰু চিমিয়ী আছিল।
\v 18 কহাতৰ পুত্র সকল হ’ল অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল। কহাত এশ তেত্ৰিশ বছৰ বয়সলৈকে জীয়াই আছিল।
\v 19 মৰাৰীৰ পুত্র সকল হ’ল মহলী আৰু মুচী। এওঁলোক বংশধৰ সকলৰ সৈতে লেবী গোষ্ঠীৰ পূৰ্বপুৰুষ আছিল।
\s5
\p
\v 20 অম্ৰমে তেওঁৰ পিতৃৰ ভনীয়েক
\f +
\ft ভনীয়েক পেহী
\f* যোকেবদক বিয়া কৰাইছিল। তেওঁ হাৰোণ আৰু মোচিক জন্ম দিছিল। অম্ৰম এশ সাতত্ৰিশ বছৰ জীয়াই আছিল আৰু তাৰ পাছত তেওঁৰ মৃত্যু হৈছিল।
\v 21 যিচহৰৰ পুত্র সকল আছিল কোৰহ, নেফগ, আৰু জিখ্ৰী।
\v 22 উজ্জীয়েলৰ পুত্র সকল আছিল মিচায়েল, ইলিচাফন, আৰু চিথ্ৰী।
\s5
\p
\v 23 হাৰোণে অম্মীনাদবৰ জীয়েক নহচোনৰ ভনীয়েক ইলীচেবাক বিয়া কৰিছিল। তেওঁ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক, জন্ম দিলে।
\v 24 কোৰহৰ পুত্র সকল আছিল অচীৰ, ইলকানা, আৰু অবীয়াচক। এওঁলোক কোৰহীয়া গোষ্ঠীৰ পূৰ্বপুৰুষ।
\v 25 হাৰোণৰ পুত্ৰ ইলিয়াজৰে পুটীয়েলৰ এজনী জীয়েকক বিয়া কৰিলে। তেওঁ পীনহচক জন্ম দিলে। এওঁলোকেই লেবীয়া সকলৰ বংশৰ সৈতে পিতৃবংশৰো প্রধান লোক আছিল।
\s5
\p
\v 26 এই দুজন পুৰুষ হাৰোণ আৰু মোচিক যিহোৱাই কৈছিল, “তোমালোকে ইস্ৰায়েলৰ লোকসকলক তেওঁলোকৰ যুদ্ধাৰু দলৰ সৈতে মিচৰ দেশৰ পৰা উলিয়াই আনাগৈ।”
\v 27 মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিবৰ বাবে মিচৰৰ ৰজা ফৰৌণক কোৱা লোক সকল মোচি আৰু হাৰোণেই হয়।
\s5
\p
\v 28 মিচৰ দেশত যেতিয়া যিহোৱাই মোচিৰ সৈতে কথা পাতিছিল,
\v 29 তেতিয়া যিহোৱাই মোচিক কৈছিল, “মই যিহোৱা; মই তোমাক যি যি কথা কলোঁ, সেই সকলো কথা তুমি মিচৰৰ ৰজা ফৰৌণৰ আগত গৈ কবা।”
\v 30 কিন্তু মোচিয়ে যিহোৱাক কৈছিল, “মই কথা কোৱাত পাৰ্গত নহয়, সেয়ে ফৰৌণে মোৰ কথা কিয় শুনিব?”
\s5
\c 7
\p
\v 1 তেতিয়া যিহোৱাই মোচিক ক’লে, “চোৱা, ফৰৌণৰ আগত মই তোমাক ঈশ্বৰ স্বৰূপ কৰিলোঁ; আৰু তোমাৰ ককায়েৰা হাৰোণ তোমাৰ ভাববাদী হ’ব।
\v 2 মই তোমাক যি আজ্ঞা দিওঁ, সেই সকলোকে তুমি ক’বা; তাতে ফৰৌণে ইস্ৰায়েলী লোক সকলক নিজৰ দেশৰ পৰা যাবৰ বাবে এৰি দিবলৈ, তোমাৰ ককায়েৰ হাৰোণে সেই সকলো কথা ফৰৌণক ক’ব।
\s5
\p
\v 3 কিন্তু মই ফৰৌণৰ মন কঠিন কৰিম, আৰু মিচৰ দেশত মোৰ পৰাক্রমী চিন আৰু অদ্ভুত লক্ষণ দেখুৱাম।
\v 4 তথাপিও ফৰৌণে তোমালোকৰ কথা নুশুনিব। সেয়ে মই মিচৰৰ ওপৰত আঘাত কৰিম, আৰু মোৰ ইস্ৰায়েলী লোকসকল, যুদ্ধাৰু দল, ইস্রায়েলৰ বংশধৰ সকলক দণ্ডৰ পৰাক্রমী কাৰ্য কৰি মিচৰ দেশৰ পৰা উলিয়াই আনিম।
\v 5 মই মিচৰৰ ওপৰত মোৰ পৰাক্রমী হাত দিম, আৰু মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে মিচৰীয়া সকলে জানিব পাৰিব।”
\s5
\p
\v 6 মোচি আৰু হাৰোণে সেইদৰে কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কাৰ্য কৰিলে।
\v 7 তেওঁলোকে যেতিয়া ফৰৌণৰ লগত কথা পাতিছিল, তেতিয়া মোচিৰ আশী বছৰ আৰু হাৰোণৰ তিৰাশী বছৰ বয়স হৈছিল।
\s5
\p
\v 8 যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
\v 9 “যেতিয়া ফৰৌণে তোমালোকক ক’ব, তোমালোকে কোনো এটা আচৰিত কাৰ্য কৰি দেখুউৱা, তেতিয়া তুমি হাৰোণক ক’বা যে, তোমাৰ লাখুটি সাপ হ’বৰ বাবে, লাখুটিডাল ফৌৰণৰ সন্মুখত পেলোৱা।”
\v 10 তাৰ পাছত মোচি আৰু হাৰোণে ফৰৌণৰ ওচৰলৈ গ’ল, আৰু যিহোৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰোণে নিজৰ লাখুটি ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত পেলাই দিলে; আৰু সেই লাখুটিডাল সাপ হ’ল।
\s5
\p
\v 11 তেতিয়া ফৰৌণে তেওঁৰ জ্ঞানী আৰু মায়া-কৰ্ম জনা লোক সকলক মাতি পঠিয়ালে; তেতিয়া সেই মিচৰীয়া শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে।
\v 12 তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ লাখুটি তলত পেলাই দিলে, আৰু সেইবোৰো সাপ হ’ল। কিন্তু হাৰোণৰ লাখুটিয়ে তেওঁলোকৰ সাপবোৰ গিলি পেলালে।
\v 13 তাৰ পাছত যিহোৱাই কোৱাৰ দৰেই, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
\s5
\p
\v 14 যিহোৱাই মোচিক ক’লে, “ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ লোকসকলক এৰি দিবলৈ অমান্তি হৈছে।
\v 15 ৰাতিপুৱা যেতিয়া ফৰৌণে পানীৰ ওচৰলৈ যায়, সেই সময়ত তুমি তেওঁৰ ওচৰলৈ যাবা। তুমি তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ নদীৰ পাৰত থিয় হৈ থাকিবা; আৰু যি লাখুটিডাল সাপ হৈছিল, সেই লাখুটি ডালো তোমাৰ হাতত ল’বা।
\s5
\p
\v 16 তুমি তেওঁক ক’বা, ‘ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই আপোনাৰ ওচৰলৈ মোক কথা ক’বলৈ পঠিয়াইছে, “মৰুভূমিত ঈশ্বৰৰ আৰধনা কৰিবৰ অৰ্থে ঈশ্বৰৰ লোক সকলক যাবলৈ দিয়ক। কিন্তু আপুনি এতিয়ালৈকে শুনা নাই।”
\v 17 যিহোৱাই এইদৰে কৈছে, “মই যে যিহোৱা, তাক তুমি ইয়াৰ দ্বাৰাই জানিবা।” মই নিজৰ হাতত থকা লাখুটিৰে নীল নদীৰ পানীত প্ৰহাৰ কৰিম, তাতে নদীৰ পানী তেজলৈ পৰিণত হ’ব।
\v 18 তেতিয়া নদীত থকা মাছবোৰ মৰিব, আৰু নদী দুৰ্গন্ধময় হ’ব। দুৰ্গন্ধময় পানী হোৱাৰ বাবে মিচৰীয়া সকলে নদীৰ পানী খাব নোৱাৰিব’।”
\s5
\p
\v 19 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “হাৰোণক এই কথা কোৱা, ‘তুমি তোমাৰ লাখুটিডাল হাতত লৈ মিচৰ দেশৰ সকলো পানী যেনে নদী, খাল, বিল, আৰু সকলো পুখুৰীবোৰত লাখুটিডালেৰে প্রহাৰ কৰা; যাতে সেই সকলো পানী তেজলৈ ৰূপান্তৰিত হয়। এইদৰে কৰা যাতে গোটেই মিচৰ দেশত এনেকি তেওঁলোকৰ কাঠ আৰু শিলৰ পাত্ৰতো পানী তেজলৈ ৰূপান্তৰিত হয়।”
\s5
\p
\v 20 তেতিয়া মোচি আৰু হাৰোণে যিহোৱাই আজ্ঞা দিয়াৰ দৰেই সেই কাৰ্য কৰিলে। হাৰোণে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত নদীৰ পানীত লাখুটি দাঙি প্ৰহাৰ কৰিলে; তেতিয়া নদীৰ সকলো পানী তেজ হ’ল।
\v 21 নদীৰ মাছবোৰ মৰিল, আৰু নদী দুৰ্গন্ধময় হ’ল। মিচৰীয়া লোক সকলে নদীৰ পানী খাব নোৱাৰিলে; আৰু সেই তেজ মিচৰ দেশৰ সকলো ঠাইতে হ’ল।
\v 22 কিন্তু মিচৰীয়া শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। সেয়ে যিহোৱাই কোৱাৰ দৰে ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।
\s5
\p
\v 23 তাৰ পাছত ফৰৌণে সেই আচৰিত কাৰ্যলৈ মনোযোগ নিদি, নিজৰ ঘৰলৈ উভটি গ’ল।
\v 24 সকলো মিচৰীয়া লোকে খোৱা পানীৰ বাবে নদীৰ চাৰিওফালে গাত খানিলে; কিন্তু সেই পানীও নদীৰ পানী দৰে হোৱা বাবে তেওঁলোকে খাব নোৱাৰিলে।
\v 25 যিহোৱাই নদী প্ৰহাৰ কৰা সাত দিন পূৰ হ’ল।
\s5
\c 8
\p
\v 1 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা যে, ‘যিহোৱাই এইদৰে কৈছে: মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়া।
\v 2 তুমি যদি তেওঁলোকক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ’লে মই তোমাৰ দেশৰ সকলো ঠাইত ভেকুলীৰে উপদ্ৰৱ কৰিম।
\v 3 নদী ভেকুলীৰে পৰিপূৰ্ণ হ’ব; সেইবোৰ উঠি তোমাৰ ঘৰত, শোৱা কোঁঠালিত, বিচনাত, আৰু তোমাৰ দাসসকলৰ ঘৰতো সোমাব। এনেকি তোমাৰ লোকসকলৰ গাৰ ওপৰত উঠিব, তোমাৰ তন্দুৰ আৰু তোমাৰ আটা খচা পাত্ৰতো সোমাব।
\v 4 ভেকুলীয়ে তোমাক, তোমাৰ লোকসকলক, আৰু তোমাৰ দাসসকলক আক্রমণ কৰিব’।”
\s5
\p
\v 5 যিহোৱাই মোচিক ক’লে, “তুমি হাৰোণক কোৱা, ‘নদী, নিজৰা আৰু বিলৰ ওপৰলৈ তুমি তোমাৰ হাত দাঙি লাখুটিৰে প্রহাৰ কৰি মিচৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনা’।”
\v 6 তেতিয়া হাৰোণে মিচৰ দেশৰ সকলো পানীৰ ওপৰত নিজৰ হাত মেলিলে, আৰু ভেকুলীবোৰ উঠি আহি, গোটেই মিচৰ দেশখনক চানি ধৰিলে।
\v 7 কিন্তু শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে, আৰু মিচৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনিলে।
\s5
\p
\v 8 তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি ক’লে, “যিহোৱাই যেন মোৰ আৰু মোৰ লোকসকলৰ পৰা ভেকুলীবোৰ আঁতৰাই নিয়ে, তাৰ বাবে তেওঁৰ আগত প্ৰাৰ্থনা কৰা। তাৰ পাছত মই যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ ইস্রায়েলী লোকসকলক যাবলৈ দিম।”
\v 9 তেতিয়া মোচিয়ে ফৰৌণক ক’লে, “ভেকুলীবোৰ আপোনাৰ দাস আৰু আপোনাৰ ঘৰবোৰৰ পৰা নাইকিয়া হৈ কেৱল যেন নদীতহে থাকে, সেইবাবে আপোনাৰ লোকসকলৰ অৰ্থে প্রাৰ্থনা কৰি ক’বৰ বাবে আপুনি নিৰূপিত সময়ৰ সুযোগ পাইছে।”
\s5
\p
\v 10 তেতিয়া ফৰৌণে তেওঁক ক’লে, “কাইলৈ।” মোচিয়ে তেওঁৰ কথা শুনি ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোনো নাই, ইয়াক যেন আপুনি জানিব পাৰে, সেই বাবে আপুনি কোৱাৰ দৰেই হওক।
\v 11 ভেকুলীবোৰ আপোনাৰ, আপোনাৰ ঘৰ, দাস, আৰু লোকসকলৰ পৰাও গুচি যাব। সেইবোৰ কেৱল নদীতহে থাকিব।”
\v 12 মোচি আৰু হাৰোণ ৰজা ফৰৌণৰ সন্মুখৰ পৰা আঁতৰি গ’ল। পাছত ফৰৌণৰ বিৰুদ্ধে যিহোৱাই অনা ভেকুলীবোৰৰ কাৰণে মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।
\v 13 তাতে যিহোৱাই মোচিৰ নিবেদন শুনিলে; আৰু ঘৰ, চোতাল, আৰু পথাৰবোৰত ভেকুলীবোৰ মৰিল।
\v 14 তেতিয়া লোকসকলে সেইবোৰ গোটাই দ’ম দ’ম কৰিলে; আৰু গোটেই দেশ দুৰ্গন্ধময় হ’ল।
\v 15 কিন্তু ফৰৌণে ভেকুলীৰ উপদ্রৱৰ পৰা সকাহ পোৱা দেখি, যিহোৱাই কোৱাৰ দৰে, ফৰৌণে পুনৰ নিজৰ মন কঠিন কৰি মোচি আৰু হাৰোণৰ কথা নুশুনিলে।
\s5
\p
\v 16 যিহোৱাই মোচিক ক’লে, “হাৰোণক কোৱা যে, ‘গোটেই মিচৰ দেশত পৃথিৱীৰ ধূলি ওকণী হ’বৰ বাবে তুমি নিজৰ লাখুটি দাঙি ধুলিত প্ৰহাৰ কৰা’।”
\v 17 তেতিয়া তেওঁলোকে সেইদৰে কৰিলে; হাৰোণে নিজৰ লাখুটি লৈ, হাত দাঙি দেশৰ ধুলিত প্ৰহাৰ কৰিলে, আৰু মানুহ আৰু পশুবোৰতো ওকণী হ’ল। গোটেই মিচৰ দেশৰ ধুলিবোৰ ওকণী হ’ল।
\s5
\p
\v 18 শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই ওকণী উৎপন্ন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে কৰিব নোৱাৰিলে। দেশত মানুহ আৰু পশুবোৰতো ওকণী হ’ল।
\v 19 তেতিয়া শাস্ত্ৰজ্ঞসকলে ফৰৌণক ক’লে, “এই কৰ্ম, ঈশ্বৰৰ আঙুলিৰ দ্বাৰাই কৰা কৰ্ম।” কিন্তু যিহোৱাই কোৱাৰ দৰে, ফৰৌণৰ মন পুনৰ কঠিন হ’ল, সেয়ে তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।
\s5
\p
\v 20 যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি গৈ ফৰৌণে পানীৰ ওচৰলৈ যোৱাৰ সময়ত তুমি তেওঁৰ সন্মুখত থিয় হৈ ক’বা, যিহোৱাই এইদৰে কৈছে: ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাব দিয়া।
\v 21 কিন্তু যদি মোৰ লোকসকলক যাব নিদিয়া, তেনেহ’লে মই তোমাৰ, তোমাৰ দাসসকলৰ, লোকসকলৰ আৰু ঘৰবোৰৰ ভিতৰলৈকে জাকে জাকে ডাঁহ পঠাম; তেতিয়া মিচৰীয়াসকলৰ ঘৰ, এনেকি তেওঁলোকে বাস কৰা ভূমিও ডাঁহৰ জাকেৰে পৰিপূৰ্ণ হ’ব।
\v 22 কিন্তু সেই দিনা গোচন দেশত বাস কৰা মোৰ লোকসকলৰ বাবে মই বেলেগ ব্যৱস্থা কৰিম। সেয়ে গোচন দেশত কোনো ডাঁহৰ জাক নহ’ব। পৃথিৱীৰ মাজত ময়েই যে যিহোৱা, এই কথা জানিবৰ বাবে এই সকলো ঘটিব।
\v 23 এইদৰে মোৰ লোকসকলৰ, আৰু তোমাৰ লোকসকলৰ মাজত মই প্ৰভেদ জন্মাম। মোৰ পৰাক্রমৰ কাৰ্য কাইলৈ সম্পন্ন হ’ব’।”
\v 24 যিহোৱাই সেইদৰেই কৰিলে। ফৰৌণ আৰু তেওঁৰ দাসসকলৰ ঘৰত জাকে জাকে ডাঁহবোৰ সোমাল। গোটেই মিচৰ দেশতে সেই ডাঁহৰ জাকৰ উৎপাতত ভূমি নষ্ট হ’ল।
\s5
\p
\v 25 তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “তোমালোকে আমাৰ দেশতে তোমালোকৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান কৰা।”
\v 26 মোচিয়ে ক’লে, “সেইদৰে কৰাটো আমাৰ বাবে উচিত নহয়; কাৰণ আমি আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে কৰা বলিদান মিচৰীয়াসকলৰ বাবে ঘৃণনীয়। সেয়ে মিচৰীয়াসকলৰ সাক্ষাতে তেওঁলোকৰ ঘৃণনীয় বলিদান কৰিলে তেওঁলোকে আমাক শিল দলিয়াই নামাৰিব নে?
\v 27 নহয়! আমাৰ ঈশ্বৰ যিহোৱাই আমাক আজ্ঞা দিয়াৰ দৰে, তেওঁৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে, আমাক তিনিদিনৰ বাট মৰুভূমিৰ মাজেৰে যাবলৈ দিয়ক।”
\s5
\p
\v 28 তাৰ পাছত ফৰৌণে ক’লে, “মৰুভূমিত তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে, মই তোমালোকক যাবলৈ অনুমতি দিছোঁ। কিন্তু তোমালোক বহুত দূৰলৈ নাযাবা। তোমালোকে মোৰ বাবে প্ৰাৰ্থনা কৰা।”
\v 29 তেতিয়া মোচিয়ে ক’লে, “মই আপোনাৰ ওচৰৰ পৰা যোৱাৰ পাছতে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম; যাতে ফৰৌণ, আৰু আপোনাৰ দাসসকল, আৰু লোকসকলক কাইলৈ ডাঁহৰ জাকবোৰে যেন এৰি গুচি যায়। কেৱল যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে ইস্রায়েলী লোকসকলক যাবলৈ দিয়াত আপুনি যেন পুনৰ প্ৰবঞ্চনা নকৰে।”
\s5
\p
\v 30 তাৰ পাছত মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা ওলাই গৈ, যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
\v 31 তেতিয়া যিহোৱাই মোচিয়ে কোৱাৰ দৰে কৰিলে: তেওঁ ফৰৌণ, তেওঁৰ দাসসকল, আৰু লোকসকলৰ পৰা ডাঁহৰ জাকবোৰ আতৰাই পঠালে। তাতে এটিও অবশিষ্ট নাথাকিল।
\v 32 তথাপিও ফৰৌণে সেইবাৰো মন কঠিন কৰিলে, আৰু তেওঁ লোকসকলক যাবলৈ এৰি নিদিলে।
\s5
\c 9
\p
\v 1 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা, ইব্ৰীয়া লোকসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।
\v 2 কিন্তু এতিয়াও যদি তেওঁলোকক যাব দিয়াত অমান্তি হৈ তেওঁলোকক ধৰি ৰাখিব বিচাৰে,
\v 3 তেনেহ’লে আপোনাৰ পথাৰত থকা পশুবোৰ, যেনে ঘোঁৰা, গাধ, উট, গৰু, মেৰ-ছাগ, আৰু ছাগলী জাকবোৰৰ ওপৰত যিহোৱাই হাত দিব; আৰু ইয়াৰ দ্বাৰাই ভয়ানক মহামাৰী হ’ব।
\v 4 কিন্তু যিহোৱাই ইস্ৰায়েলী লোকসকলৰ পশুবোৰ আৰু মিচৰীয়া লোকসকলৰ পশুবোৰৰ মাজত প্ৰভেদ কৰিব; তেতিয়া যিবোৰ পশু ইস্ৰায়েলী লোকসকলৰ নহয় সেইবোৰ মৰিব’।”
\s5
\p
\v 5 যিহোৱাই সময় নিৰূপণ কৰি ক’লে, “কাইলৈ দেশত মই এই কাৰ্য কৰিম।”
\v 6 পাছদিনা যিহোৱাই সেই কাৰ্য কৰিলে। মিচৰৰ আটাইবোৰ পশু মৰিল; কিন্তু ইস্ৰায়েলী লোকসকলৰ পশুবোৰৰ এটাও নমৰিল।
\v 7 তেতিয়া ফৰৌণে বিচাৰ কৰি দেখিলে যে, ইস্ৰায়েলী লোকসকলৰ এটাও পশু মৰা নাই। তথাপিও ফৰৌণৰ মন কঠিন হল, আৰু তেওঁ লোক সকলক যাবলৈ এৰি নিদিলে।
\s5
\p
\v 8 তাৰ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে ভাতীৰ পৰা আলান্ধু লোৱা আৰু সেই আলান্ধু মোচিয়ে ফৰৌণৰ সাক্ষাতে আকাশৰ ফলেলৈ ছটিয়াই দিয়ক।
\v 9 তাতে, সেই ছাঁই গোটেই মিচৰ দেশখনতে মিহি ধূলি হৈ পৰিব। এই ধূলিৰ কাৰণে গোটেই মিচৰ দেশৰ মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোহাঁ উঠিব।”
\v 10 সেয়ে তেওঁলোকে ভাতীৰ পৰা আলান্ধু লৈ, ফৰৌণৰ আগত থিয় হ’ল। মোচিয়ে সেই আলান্ধু ওপৰলৈ ছটিয়াই পঠিয়ালে, আৰু সেই আলান্ধুৰ কাৰণে মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোঁহা উঠিল।
\s5
\p
\v 11 শাস্ত্ৰজ্ঞ সকলে সেই বিষম খহুৰ কাৰণে মোচিক বাধা দিব নোৱাৰিলে। কাৰণ সকলো শাস্ত্ৰজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল।
\v 12 তথাপি যিহোৱাই মোচিক কোৱাৰ দৰে, তেওঁ ফৰৌণৰ মন কঠিন কৰিলে, সেয়ে ফৰৌণে মোচি আৰু হাৰোণৰ কথা নুশুনিলে।
\s5
\p
\v 13 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি, ফৰৌণৰ আগত থিয় হৈ, তেওঁক কবা, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।
\v 14 কিয়নো গোটেই পৃথিৱীত মোৰ তুল্য যে কোনো নাই, ইয়াক আপুনি জানিবৰ বাবে, মই এইবাৰ তোমাৰ, তোমাৰ দাস আৰু তোমাৰ লোকসকলৰ ওপৰলৈ মোৰ সকলো মহামাৰী পঠিয়াম।”
\s5
\p
\v 15 মই এতিয়ালৈকে তোমাৰ ওপৰত হাত দি, তোমাক আৰু তোমাৰ লোকসকলক মহামাৰীৰে প্ৰহাৰ কৰা হ’লে, তোমালোকে পৃথিৱীৰ পৰা উচ্ছন্ন হ’লাহেঁতেন।
\v 16 অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ।
\v 17 এতিয়ালৈকে তুমি গৰ্ব কৰি, মোৰ লোকসকলক এৰি দিবলৈ সন্মত হোৱা নাই।
\s5
\p
\v 18 শুনা, মিচৰ দেশ স্থাপন হোৱা দিনেৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্রচণ্ড শিলাবৃষ্টি বৰষাম।
\v 19 সেয়ে তুমি এতিয়া মানুহ পঠিয়াই পথাৰত থকা তোমাৰ পশু আৰু যি সকলো আছে, সেই সকলো গোটাই নিৰাপদ স্থানত ৰাখা। যিবোৰ মানুহ আৰু পশু ঘৰলৈ ননাকৈ পথাৰত থাকিব, সেইবোৰৰ ওপৰত শিলাবৃষ্টি হোৱাত, সেইবিলাক মৰিব’।”
\s5
\p
\v 20 তেতিয়া ফৰৌণৰ যি সকল দাসে যিহোৱাৰ বাক্য বিশ্বাস কৰিছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক বেগাই ঘৰলৈ আনিলে।
\v 21 কিন্তু যি সকল লোকে যিহোৱাৰ বাক্য গুৰুত্ব সহকাৰে লোৱা নাছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক পথাৰতে থাকিব দিলে।
\s5
\p
\v 22 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “গোটেই মিচৰ দেশৰ মানুহ, পশু, আৰু পথাৰত থকা সকলো গছ-গছনিৰ ওপৰত শিলাবৃষ্টি হবলৈ তুমি আকাশৰ ফাললৈ চাই তোমাৰ হাত মেলা।”
\v 23 মোচিয়ে আকাশলৈ চাই নিজৰ লাখুটি দাঙিলে। তেতিয়া যিহোৱাই গোটেই মিচৰ দেশত মেঘ-গৰ্জ্জন কৰি বিজুলী আৰু শিলাবৃষ্টি বৰষালে।
\v 24 এইদৰে শিলাবৃষ্টি আৰু বিজুলী মিহলি হৈ ভয়ঙ্কৰ ৰূপ ল’লে। এনে শিলাবৃষ্টি মিচৰ দেশ স্থাপন হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল।
\s5
\p
\v 25 গোটেই মিচৰ দেশৰ পথাৰত থকা মানুহ আৰু পশু সকলোকে শিলাবৃষ্টিয়ে বিনষ্ট কৰিলে। শিলাবৃষ্টিয়ে পথাৰৰ সকলো গছ-গছনি আৰু দেশৰ সকলো গছ ভাঙিলে।
\v 26 কেৱল ইস্ৰায়েলী লোকসকল বাস কৰা গোচন দেশতহে শিলাবৃষ্টি হোৱা নাছিল।
\s5
\p
\v 27 তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ণ, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ণ।
\v 28 মহা-গৰ্জ্জন আৰু শিলাবৃষ্টি সহিব নোৱাৰাকৈ অধিক হৈছে, সেয়ে তোমালোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা। মই তোমালোকক যাবলৈ দিম; তোমালোক আৰু ইয়াত থাকিব নালাগে।”
\s5
\p
\v 29 মোচিয়ে তেওঁক ক’লে, “নগৰ ত্যাগ কৰাৰ পাছতেই মই যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিম। তেতিয়া পৃথিৱী যে যিহোৱাৰহে হয়, এই কথা আপুনি জানিবলৈ মেঘ-গৰ্জ্জন বন্ধ হ’ব, আৰু শিলাবৃষ্টিও নহ’ব।
\v 30 কিন্তু আপুনি আৰু আপোনাৰ দাসসকলে যে এতিয়াও ঈশ্বৰ যিহোৱাক প্রকৃততে সন্মান কৰা নাই, সেই কথা মই জানো।”
\s5
\p
\v 31 সেই সময়ত শণ গছৰ ফুলবোৰ আৰু যৱ ধান নষ্ট হৈছিল; কাৰণ যৱ ধানৰ থোক পুৰঠ হৈছিল, আৰু শণ গছৰ ফুলবোৰ ফুলিছিল।
\v 32 কিন্তু ঘেঁহু আৰু সৰিয়হ নষ্ট নহ’ল কাৰণ সেইবোৰ ইয়াৰ পাছত হোৱা শস্য।
\v 33 মোচিয়ে যেতিয়া ফৰৌণ আৰু তেওঁৰ নগৰ ত্যাগ কৰি যোৱাৰ পাছত যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিলে, তেতিয়া মেঘ-গৰ্জ্জন আৰু শিলাবৃষ্টি বন্ধ হ’ল।
\s5
\p
\v 34 ফৰৌণে যেতিয়া বৰষুণ, শিলাবৃষ্টি, আৰু মেঘ-গৰ্জ্জন বন্ধ হোৱা দেখিলে, তেতিয়া তেওঁ আৰু তেওঁৰ দাসসকলে নিজৰ মন পুনৰ কঠিন কৰি পাপ কৰিলে।
\v 35 এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰে, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।
\s5
\c 10
\p
\v 1 যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ যোৱা। মিচৰ দেশত মোৰ শক্তিৰ চিনবোৰ দেখুৱাবৰ বাবে মই ফৰৌণ আৰু তেওঁৰ দাস সকলৰ মন কঠিন কৰিলোঁ।
\v 2 মই এইদৰে কৰাৰ কাৰণ এয়াও যে, মই মিচৰীয়া লোক সকলক কিদৰে কঠোৰ ব্যৱহাৰ কৰিলোঁ, আৰু তেওঁলোকৰ মাজত মোৰ শক্তিৰ চিন কিদৰে দেখুৱালোঁ এই সকলো কথা তুমি তোমাৰ সন্তান আৰু নাতি-নাতিনীয়েক সকলক যাতে ক’ব পাৰিবা। ইয়াৰ যোগেদি তোমালোকে জানিবা যে, মই যিহোৱা।”
\s5
\p
\v 3 তেতিয়া মোচি আৰু হাৰোণ ফৰৌণৰ ওচৰলৈ গ’ল, আৰু তেওঁক ক’লে, “ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি মোৰ আগত নম্ৰ হবলৈ কিমান সময়লৈকে অমান্তি হৈ থাকিবা? মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোক সকলক যাবলৈ এৰি দিয়া।
\v 4 কিন্তু তুমি যদি মোৰ লোক সকলক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ’লে শুনা, কাইলৈ তোমাৰ দেশলৈ মই কাকতী ফৰিং আনিম।
\s5
\p
\v 5 সেইবোৰে গোটেই দেশখন এনেকৈ ঢাকি ধৰিব যে, কোনো এজনে মাটিও দেখা নাপাব। শিলাবৃষ্টিৰ পৰা ৰক্ষা পোৱা অৱশিষ্ট গছবোৰ সেইবোৰে খাই পেলাব। আনকি আপোনালোকৰ বাবে পথাৰত উৎপন্ন হোৱা সকলো গছো খাই পেলাব
\v 6 আপোনাৰ ঘৰ, আৰু আপোনাৰ দাস সকলৰ ঘৰত, আৰু সকলো মিচৰীয়াৰে ঘৰবোৰ সেই কাকতী ফৰিঙেৰে ভৰি পৰিব। ইমান ফৰিং হ’ব যে, আপোনাৰ পিতৃ আৰু আপোনাৰ ওপৰ-পিতৃসকলে কেতিয়াও তেনে ফৰিং দেখা নাই।” তাৰ পাছত মোচি ফৰৌণৰ আগৰ পৰা বাহিৰলৈ ওলাই গ’ল।
\s5
\p
\v 7 তেতিয়া ফৰৌণৰ দাস সকলে ফৰৌণক ক’লে, “এই মানুহ জন আমালৈ কিমান দিনলৈকে ফান্দস্বৰূপ হৈ থাকিব? ইস্রায়েলী লোকসকল নিজৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবৰ অৰ্থে যাবলৈ এৰি দিয়ক। মিচৰ দেশখন যে ধ্বংস হ’ল, এতিয়ালৈকে সেই কথা আপুনি উপলব্ধি কৰা নাই নে?”
\v 8 তেতিয়া মোচি আৰু হাৰোণক ফৰৌণৰ আগলৈ পুনৰ মাতি অনা হ’ল, ফৰৌণে তেওঁলোকক ক’লে, “যোৱা, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা; কিন্তু কোনবোৰ লোক যাব?”
\s5
\p
\v 9 মোচিয়ে ক’লে, “আমি আমাৰ ডেকা, বুঢ়া, নিজৰ নিজৰ লৰা-ছোৱালী, আৰু মেৰ-ছাগ, ছাগলী, গৰুৰ জাকবোৰকো লগত লৈ যাম। কাৰণ যিহোৱাৰ উদ্দেশ্যে আমি উৎসৱ পালন কৰিব লাগিব।”
\v 10 ফৰৌণে তেওঁলোকক ক’লে, “যিহোৱা তোমালোকৰ লগত থাকক; যিহেতু মই তোমালোকক সন্তানসকলৰ সৈতে যাবলৈ এৰি দিছোঁ, আৰু চোৱা, তোমালোকৰ মন কিছু দুষ্টতাৰে পৰিপূৰ্ণ।
\v 11 সেয়ে নহব; কেৱল তোমালোকৰ মাজৰ পুৰুষসকল যাওক, আৰু যিহোৱাৰ সেৱা কৰক; কিয়নো এইদৰে কৰাটোৱেই তোমালোকে বিচাৰিছা।” পাছত ফৰৌণৰ আগৰ পৰা মোচি আৰু হাৰোনক পঠিয়াই দিয়া হ’ল।
\s5
\p
\v 12 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “কাকতী ফৰিংবোৰ মিচৰ দেশলৈ আহি, শিলাবৃষ্টিৰ পৰা অৱশিষ্ট থকা তৃণ আদি সকলোকে খাবলৈ তুমি কাকতী ফৰিঙৰ বাবে মিচৰ দেশৰ ওপৰলৈ হাত মেলা।”
\v 13 তেতিয়া মোচিয়ে মিচৰ দেশৰ ওপৰলৈ নিজৰ লাখুটি দাঙিলে, আৰু যিহোৱাই সেই দিনা দিনে ৰাতিয়ে সেই দেশৰ ওপৰত পূব ফালৰ পৰা বায়ু বোৱালে। যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া পূব ফালৰ পৰা অহা বতাহে কাকতি ফৰিংবোৰ উৰোৱাই আনিলে।
\s5
\p
\v 14 তাতে ফৰিংবোৰ সমগ্র মিচৰ দেশলৈ আহিল, আৰু মিচৰৰ আটাই অঞ্চলত উপদ্রৱ কৰিলে। ইমান বেছি ফৰিং পূৰ্বতে কেতিয়াও হোৱা নাই, আৰু পুনৰ কেতিয়াও নহ’ব।
\v 15 সেই ফৰিংবোৰে সমগ্র দেশ ছানি ধৰিলে, তাতে দেশখন অন্ধকাৰময় হ’ল। সেই ফৰিংবোৰে দেশৰ সকলো গছ-গছনি আৰু শিলাবৃষ্টিৰ পৰা অবশিষ্ট থকা গছৰ সকলো ফলবোৰ খালে। তাতে সমগ্র মিচৰ দেশত এজোপাও সেউজীয়া গছ জীয়াই নাথাকিল, আৰু পথাৰত এজোপাও গছ-গছনি নাথাকিল।
\s5
\p
\v 16 তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক বেগাই মাতি আনি কলে, “মই তোমালোকৰ ঈশ্বৰ যিহোৱা আৰু তোমালোকৰ বিৰুদ্ধে পাপ কৰিলোঁ।
\v 17 এতেকে বিনয় কৰোঁ, এইবাৰৰ বাবে মোৰ পাপ ক্ষমা কৰা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্রাৰ্থনা কৰা, যাতে তেওঁ মোৰ পৰা এই মৃত্যুদায়ক কষ্ট আঁতৰায়।”
\v 18 তেতিয়া মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা বাহিৰলৈ গ’ল; আৰু যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
\s5
\p
\v 19 যিহোৱাই পশ্চিম ফালৰ পৰা অতি প্ৰবল বতাহ বোৱাই আনিলে; তাতে সেই বতাহে ফৰিংবোৰ উৰোৱাই নি চূফ সাগৰত পেলাই দিলে। সমগ্র মিচৰ দেশৰ কোনো অঞ্চলতে এটাও ফৰিং অৱশিষ্ট নাথাকিল।
\v 20 কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলৰ লোকসকলক যাবলৈ নিদিলে।
\s5
\p
\v 21 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “সমগ্র মিচৰ দেশ অন্ধকাৰময় হ’বলৈ, তুমি আকাশৰ ফাললৈ হাত মেলা; তাতে সেই আন্ধাৰে সমগ্র দেশ গ্রাস কৰিব।”
\v 22 তেতিয়া মোচিয়ে আকাশৰ ফাললৈ হাত মেলিলে, আৰু সমগ্র মিচৰ দেশ তিনি দিনলৈকে ঘোৰ অন্ধকাৰময় হ’ল।
\v 23 কোনেও ইজনে সিজনক দেখা নাপালে, আৰু তিনি দিনলৈকে কোনেও নিজৰ ঘৰৰ পৰা নোলাল। অৱশ্যে ইস্ৰায়েলী লোকসকল বাস কৰা ঠাইত পোহৰ হৈ আছিল।
\s5
\p
\v 24 তেতিয়া ফৰৌণে মোচিক মাতি আনি ক’লে, “তোমালোক যোৱা, যিহোৱাৰ আৰধনা কৰা গৈ। এনেকি তোমালোকৰ পৰিয়াল বৰ্গও লগত যাব পাৰিব, কিন্তু তোমালোকৰ মেৰ-ছাগ, ছাগলী, আৰু গৰুৰ জাকবোৰ ইয়াতেই থাকিব লাগিব।”
\v 25 কিন্তু মোচিয়ে ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আৰু হোম বলিৰ অৰ্থে আপুনি আমাৰ লগত জীৱ জন্তুবোৰো দিবই লাগিব।”
\v 26 আমাৰ লগত আমাৰ পশুবোৰো নিশ্চয় যাব; আমাৰ ঈশ্বৰ যিহোৱাৰ আৰধনা কৰিবলৈ আমাৰ পশুবোৰৰ এটা খুৰাও ইয়াত নাথাকিব। কাৰণ আমি কিহেৰে যিহোৱাৰ আৰাধনা কৰিম, সেই বিষয়ে আমি সেই ঠাই নোপোৱালৈকে নাজানো।”
\s5
\p
\v 27 কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ তেওঁলোকক যাবলৈ নিদিলে।
\v 28 তেতিয়া ফৰৌণে মোচিক ক’লে, “মোৰ সন্মুখৰ পৰা গুচি যোৱা। এটা বিষয়ত সাৱধান হবা, মোৰ মুখ পুনৰ চাব নিবিচাৰিব কিয়নো যি দিনাই মোৰ মুখ চাবা, সেই দিনাই তোমাৰ মৃত্যু হ’ব।”
\v 29 তেতিয়া মোচিয়ে ক’লে, “আপুনি নিজেই কৈছে; মই আপোনাৰ মুখ পুনৰ নাচাও।”
\s5
\c 11
\p
\v 1 যিহোৱাই মোচিক ক’লে, “মই ফৰৌণ আৰু মিচৰ দেশৰ ওপৰত আন এক মহামাৰি আনিম। তাৰ পাছত তেওঁ তোমালোকক ইয়াৰ পৰা যাবলৈ এৰি দিব। আৰু অৱশেষত তেওঁ যেতিয়া তোমালোকক যাবলৈ দিব, তেতিয়া তেওঁ তোমালোকৰ সকলোকে ইয়াৰ পৰা খেদি পঠিয়াব।
\v 2 সেয়ে, প্ৰতিজন পুৰুষ আৰু মহিলাক নিজৰ নিজৰ ওচৰ-চুবুৰীয়াৰ পৰা তেওঁলোকৰ ৰূপ আৰু সোণৰ অলঙ্কাৰবোৰ খুজি ল’বলৈ নিৰ্দেশ দিয়া।”
\v 3 যিহোৱাই মিচৰীয়া লোকসকলক ইস্রায়েলী লোকসকললৈ অনুগ্ৰহ কৰিবলৈ আগ্রহী কৰালে। অৱশ্যে মিচৰ দেশত মোচি, ফৰৌণৰ দাস আৰু লোকসকলৰ দৃষ্টিত অতি আকৰ্ষণীয় পুৰুষ আছিল।
\s5
\p
\v 4 মোচিয়ে ক’লে, “যিহোৱাই এই কথা কৈছে, ‘মই মাজ নিশামানত মিচৰ দেশৰ মাজেৰে যাম।
\v 5 তেতিয়া মিচৰ দেশৰ সকলো প্রথম পুত্রৰ মৃত্যু হ’ব। সিংহাসনত বহা ৰজা ফৰৌণৰ প্রথম পুত্ৰৰ পৰা জাঁত ঘৰুৱা দাসীৰ প্রথম পুত্রলৈকে, আৰু মিচৰ দেশত থকা সকলো প্ৰথমে জন্মা পশুবোৰৰো মৃত্যু হ’ব।
\s5
\p
\v 6 তেতিয়া সমগ্র মিচৰ দেশত এনে ক্ৰন্দন হ’ব যে, তেনে ক্রন্দন কেতিয়াও হোৱা নাছিল, আৰু পুনৰ কেতিয়াও নহ’ব।
\v 7 কিন্তু যিহোৱাই যে মিচৰীয়া আৰু ইস্ৰায়েলী লোকসকলৰ মাজত প্ৰভেদ কৰে, ইয়াক যেন আপোনালোকে জানিব পাৰে, সেই বাবে ইস্ৰায়েলী লোকসকল হওক বা তেওঁলোকৰ পশুৱেই হওক, তেওঁলোকৰ অহিতে এটা কুকুৰেও নুভুকিব।’
\v 8 ফৌৰণ, আপোনাৰ সকলো দাস সকল মোৰ ওচৰলৈ নামি আহি মোৰ আগত প্ৰণিপাত কৰিব। তেওঁলোকে ক’ব, ‘আপুনি আৰু আপোনাক অনুসৰণ কৰা লোকসকল ওলাই যাওক! তাৰ পাছতহে মই বাহিৰলৈ ওলাই যাম।” এই বুলি তেওঁ বৰ ক্ৰোধেৰে ফৰৌণৰ ওচৰৰ পৰা ওলাই আহিল।
\s5
\p
\v 9 যিহোৱাই মোচিক কৈছিল, “মোৰ অদ্ভুত লক্ষণ যেন মিচৰ দেশত অধিককৈ দেখুউৱাব পাৰোঁ, সেই বাবে ফৰৌণে তোমাৰ কথা নুশুনিব।”
\v 10 মোচি আৰু হাৰোণে ফৰৌণৰ সাক্ষাতে সেই সকলো অদ্ভুত লক্ষণ দেখুৱাইছিল। কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিছিল, সেই বাবে তেওঁ নিজৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।
\s5
\c 12
\p
\v 1 যিহোৱাই মিচৰ দেশত মোচি আৰু হাৰোণৰ সৈতে কথা পাতিলে ক’লে,
\v 2 “এই মাহেই তোমালোকৰ বাবে মাহৰ আৰম্ভণি হ’ব; আৰু এই মাহ তোমালোকৰ কাৰণে বছৰৰ প্ৰথম মাহ।
\s5
\p
\v 3 তোমালোক সমবেত হোৱা আৰু ইস্ৰায়েলী লোকসকলক কোৱা, ‘এই মাহৰ দশম দিনা তেওঁলোক প্রত্যেকে নিজৰ বাবে এটাকৈ মেৰ-ছাগ পোৱালি বা ছাগলী পোৱালি ল’ব। প্রত্যেক পৰিয়ালে এইদৰে পৰিয়ালবৰ্গৰ বাবে এটা মেৰ-ছাগ পোৱালি ল’ব।
\v 4 সেই মেৰ-ছাগ পোৱালি ভোজন কৰিবলৈ যদি পৰিয়ালৰ মানুহ তাকৰ হয়, তেনেহলে তেওঁ আৰু তেওঁৰ ওচৰ-চুবুৰীয়াৰ সদস্যৰ সংখ্যা অনুসাৰে এটা মেৰ-ছাগ পোৱালি বা ছাগলীৰ মাংস প্রত্যেক মানুহলৈ জোৰাকৈ লওক। প্রত্যেক মানুহে খাব পৰা শক্তি অনুসাৰে সেই মাংস যাতে হয়।
\s5
\p
\v 5 তোমালোকৰ সেই মেৰ-ছাগ বা ছাগলী পোৱালি এবছৰীয়া আৰু নিৰ্ঘূণী মতা পোৱালি হ’ব লাগিব। তোমালোকে তাক মেৰ-ছাগ বা ছাগলীবোৰৰ জাকৰ মাজৰ পৰা ল’বা।
\v 6 তোমালোকে এই মাহৰ চৌদ্ধ দিনলৈকে তাক ৰাখিবা; তাৰ পাছত সমবেত ইস্ৰায়েলী সকলো লোকে গধূলি পৰত তাক বধ কৰিবা।
\v 7 তোমালোকে তাৰ কিছু তেজ লৈ, যি ঘৰবোৰত মাংস ভোজন কৰা হ’ব, সেই ঘৰবোৰৰ দুৱাৰৰ চৌকাঠৰ দুই দাঁতিত, আৰু ওপৰতো লগাবা।
\v 8 সেই ৰাতিয়েই তোমালোকে প্রথমে জুইত খৰিকাত দি সেই মাংস খমীৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে সৈতে ভোজন কৰিবা।
\s5
\p
\v 9 তোমালোকে তাক কেঁচাই, নাইবা পানীত সিজায়ো নাখাবা; তাৰ পৰিৱৰ্তে মুৰ, ঠেং, আৰু তাৰ ভিতৰত থকা অংশই সৈতে জুইত খৰিকাত দিহে খাবা।
\v 10 ৰাতিপুৱালৈ তাৰ অলপো অৱশিষ্ট নাৰাখিবা। কিন্তু ৰাতিপুৱালৈ যি অৱশিষ্ট থাকিব, তাক তোমালোকে জুইত পুৰি ভষ্ম কৰি দিবা।
\v 11 তোমালোকে টঙালিৰে কঁকাল বান্ধি, জোতা পিন্ধি, আৰু হাতত লাখুটি লৈ, বেগাবেগিকৈ তাক ভোজন কৰিবা। সেয়ে যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব।
\s5
\p
\v 12 যিহোৱাই এই কথা কৈছে: ‘মই সেই ৰাতিয়েই মিচৰ দেশৰ মাজেদি গৈ, মিচৰ দেশত প্রথমে জন্ম হোৱা মানুহ বা পশুৱেই হওক, সকলোকে সংহাৰ কৰিম। মিচৰীয়াসকলৰ সকলো দেৱতাকে মই দণ্ড দিম। মই যিহোৱা।
\v 13 তোমালোকে যিবোৰ ঘৰত থাকা, সেইবোৰ ঘৰত সেই তেজেই তোমালোকৰ চিন হ’ব; মই যেতিয়া মিচৰ দেশ আক্রমণ কৰিম, তেতিয়া সেই তেজ দেখি, মই তোমালোকক অতিক্রম কৰি এৰি থৈ যাম। এই মহামাৰিয়ে তোমালোকক স্পৰ্শ নকৰিব আৰু তোমালোকক বিনষ্ট নকৰিব।
\v 14 এই দিন সোঁৱৰণীয় দিন হ’ব; আৰু তোমালোকে এই দিন যিহোৱাৰ বাবে উৎসৱৰ দিন বুলি নিশ্চয়কৈ পালন কৰিবা। এই দিন পালন কৰাটো তোমালোকৰ বাবে এটা বিধান হ’ব, পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে এই দিন তোমালোকে পালন কৰিব লাগিব।
\s5
\p
\v 15 তোমালোকে সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিবা। প্ৰথম দিনাই তোমালোকে নিজৰ ঘৰৰ পৰা খমীৰ দূৰ কৰিবা। কিয়নো যি কোনোৱে প্ৰথম দিনৰ পৰা সপ্তম দিনলৈকে খমীৰ দিয়া পিঠা খাব, তেওঁক ইস্ৰায়েলৰ পৰা উচ্ছন্ন কৰা হ’ব।
\v 16 প্ৰথম দিনা লোক সকল সমবেত হৈ মোৰ উদ্দেশ্যে পবিত্রকৃত হ’ব, আৰু সপ্তম দিনাও সেই একেদৰে লোকসকল সমবেত হ’ব। সেই দিনবোৰত কোনো কাম কৰা নহব, কেৱল প্রত্যেকে খাব পৰাকৈ ৰন্ধা কাম কৰিব।
\s5
\p
\v 17 এইদৰে তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা; কিয়নো সেই দিনাই মই তোমালোকৰ লোক সকলক, সৈন্যৰ দলক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনিছিলো। এতেকে তোমালোকে পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে সেই দিন পালন কৰিবা।
\v 18 তোমালোকে বছৰৰ প্ৰথম মাহৰ চৌদ্ধ দিনৰ গধুলিৰে পৰা একৈশ দিনৰ গধুলিলৈকে খমীৰ নিদিয়া পিঠাহে ভোজন কৰিবা।
\s5
\p
\v 19 এই সাত দিনলৈকে তোমালোকৰ ঘৰবোৰত খমিৰ পোৱা নাযাব। কাৰণ বিদেশী হওক, বা স্বদেশীয়েই হওক, যি কোনোৱে খমিৰ দিয়া বস্তু খাব, তেওঁক ইস্ৰায়েলৰ সমাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
\v 20 তোমালোকে খমিৰ দিয়া কোনো বস্তুৱেই নাখাবা। তোমালোকে যি ঠাইতে বাস কৰা সেই সকলো ঠাইত, খমীৰ নিদিয়া পিঠাহে খাবা’।”
\s5
\p
\v 21 তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সকলো পৰিচাৰকক মাতি আনিলে আৰু তেওঁলোকক ক’লে, তোমালোকে নিজৰ নিজৰ পৰিয়ালৰ লোকক পৰ্যাপ্ত পৰিমাণে খোৱাবলৈ ভেৰাৰ জাকৰ পৰা পোৱালি বাছি লবা আৰু নিস্তাৰ-পৰ্ব্বৰ বলিৰ বাবে তাক কাটিবা।
\v 22 তাৰ পাছত এচোব বন একোচা লৈ, পাত্ৰটোত থকা তেজত জুবুৰিয়াবা। সেই তেজ পাত্ৰৰ পৰা লৈ দুৱাৰৰ চৌকাঠৰ ওপৰত আৰু দুই দাঁতিৰ কাঠত লগাবা। ৰাতিপুৱালৈকে তোমালোকৰ কোনেও নিজৰ নিজৰ ঘৰৰ দুৱাৰৰ বাহিৰ নহবা।
\s5
\p
\v 23 কিয়নো যিহোৱাই মিচৰীয়া সকলক আক্ৰমণ কৰিবৰ বাবে, তোমালোকৰ ওচৰেদি গমন কৰিব। যেতিয়া তেওঁ দুৱাৰৰ চৌকাঠৰ ওপৰত, আৰু চৌকাঠৰ দুই দাঁতিত সেই তেজ দেখিব, তেতিয়া যিহোৱাই সেই দুৱাৰ এৰি যাব, আৰু তোমালোকক আক্ৰমণ কৰিবৰ বাবে, তোমালোকৰ ঘৰত আক্ৰমণকাৰীক সোমাবলৈ নিদিব।
\s5
\p
\v 24 তোমালোকে আৰু তোমালোকৰ সন্তান সকলেও চিৰকাললৈকে পালন কৰিবলগীয়া বিধি বুলি, এই ৰীতি পালন কৰি থাকিবা।
\v 25 যিহোৱাই নিজৰ প্ৰতিজ্ঞাৰ দৰে তোমালোকক যি দেশ দিব, সেই দেশত যেতিয়া তোমালোক সোমাবা, তেতিয়াও তোমালোকে এই উপাসনাৰ কাৰ্য কৰি থাকিবা।
\s5
\p
\v 26 যেতিয়া তোমালোকৰ সন্তান সকলে সুধিব “এই উপাসনাৰ অৰ্থ কি,”
\v 27 তেতিয়া তোমালোকে ক’বা, ‘যিহোৱাই মিচৰীয়ালোকক আক্ৰমণ কৰোঁতে মিচৰত থকা ইস্ৰায়েলৰ লোকসকলৰ ঘৰবোৰ এৰি থৈ গৈছিল, এই দৰেই তেওঁ ইস্ৰায়েলৰ ঘৰবোৰ নিস্তাৰ কৰিছিল, সেইয়ে যিহোৱাৰ উদ্দেশে কৰা এয়ে নিস্তাৰ-পৰ্ব্বৰ বলিদান’।” তেতিয়া লোকসকলে মূৰ দোঁৱাই যিহোৱাৰ আৰাধনা কৰিলে।
\v 28 ইস্ৰায়েলৰ লোকসকলে সেয়ে যিহোৱাই মোচি আৰু হাৰোণক দিয়া আজ্ঞাৰ দৰেই কৰিলে।
\s5
\p
\v 29 মাজ নিশা সিংহাসনত বহা ফৰৌণৰ জেষ্ঠ পুত্ৰৰ পৰা বন্দীশালত থকা লোকৰ বৰ পুত্ৰলৈকে মিচৰ দেশত প্ৰথমে জন্মা সকলোলোক আৰু পশুবোৰৰ প্ৰথমে জন্মাবোৰকো আক্ৰমণ কৰিলে।
\v 30 সেয়ে ফৰৌণ, তেওঁৰ দাসবোৰ আৰু মিচৰৰ সকলো লোক ৰাতিয়েই উঠিল। মিচৰত সেয়ে মহাক্ৰন্দন হ’ল; কাৰণ এনে এটা ঘৰ নাছিল য’ত প্ৰথমা জন্মা পুত্ৰৰ মৃত্যু হোৱা নাছিল।
\s5
\p
\v 31 ৰাতিয়েই ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “উঠা, তোমালোক আৰু ইস্ৰায়েলৰ সকলো লোক মোৰ প্ৰজাসকলৰ মাজৰ পৰা বাহিৰ হৈ যোৱা। তোমালোকে কোৱাৰ দৰেই যিহোৱাৰ আৰাধনা কৰা।
\v 32 তোমালোকে কোৱাৰ দৰেই নিজৰ নিজৰ ভেৰা, ছাগলী, আৰু তোমালোকৰ জাকবোৰকো লৈ যোৱা; আৰু মোকো আশীৰ্ব্বাদ কৰি যোৱা।”
\v 33 তেতিয়া মিচৰীয়া লোকসকলে শীঘ্ৰে ইস্ৰায়েলী লোকসকলক দেশৰ পৰা পঠাবৰ বাবে ততাতৈয়া লগালে; কাৰণ তেওঁলোকে ক’লে, “আমি সকলোৱেই মৰিম।”
\s5
\p
\v 34 সেয়ে লোকসকলে খমীৰ নিদিয়াকৈ নিজৰ নিজৰ আটাগুড়ি ল’লে। তেওঁলোকে নিজৰ নিজৰ সনা পাত্ৰ গাৰ কাপোৰত বান্ধিলৈ, নিজৰ নিজৰ কান্ধত ল’লে।
\v 35 তাৰ পাছত ইস্ৰায়েলৰ লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। তেওঁলোকে মিচৰীয়া লোকসকলৰ পৰা সোণ আৰু ৰূপৰ অলঙ্কাৰ, আৰু বস্ত্ৰও খুজি ল’লে।
\v 36 যিহোৱাই মিচৰীয়া লোকসকলৰ আগত ইস্ৰায়েলী লোকসকলক অনুগ্ৰহপ্ৰাপ্ত কৰিলে। সেয়ে তেওঁলোকে খোজাৰ দৰেই তেওঁলোকক দিলে; এইদৰে তেওঁলোকে মিচৰীয়ালোক সকলক লুট কৰিলে।
\s5
\p
\v 37 ইস্ৰায়েলী লোকসকল ৰামিচেচৰ পৰা চুক্কোতলৈ যাত্ৰা কৰি গ’ল। মহিলা আৰু সন্তানৰ ওপৰিও তেওঁলোকৰ ছয় লাখমান পদাতিক পুৰুষ আছিল।
\v 38 ইয়াৰ উপৰিও অনা ইস্ৰায়েলী বহুলোক,তেওঁলোকৰ ভেৰা, ছাগলী আদি কৰি বহুতো পশুৰে সৈতে তেওঁলোকৰ লগত গৈছিল।
\v 39 তাৰ পাছত, তেওঁলোকে মিচৰৰ পৰা অনা খমীৰ নিদিয়া আটাগুড়িৰে পিঠা যুগুত কৰিলে। সেইবোৰত খমীৰ দিয়া নাছিল, কাৰণ তেওঁলোকক মিচৰৰ পৰা খেদাই দিয়া হ’ল, সেয়ে খোৱা যুগুত কৰিবৰ কাৰণে তেওঁলোকে পলম কৰিব নোৱাৰিলে।
\v 40 ইস্ৰায়েলী লোকসকল মিচৰ দেশত প্ৰবাসী হৈ চাৰিশ ত্ৰিশ বছৰ আছিল।
\s5
\p
\v 41 চাৰিশ ত্ৰিশ বছৰৰ শেষৰ দিনা, যিহোৱাৰ বাহিনীৰ সকলো দল মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিছিল।
\v 42 যিহোৱাই মিচৰ দেশৰ পৰা তেওঁলোকক বাহিৰ কৰি অনাৰ কাৰণে, সেই ৰাতি তেওঁলোক সজাগ হৈ আছিল। সেই ৰাতি যিহোৱাৰ উদ্দেশে পালন কৰা ৰাতি বুলি ইস্ৰায়েলৰ সকলো লোকে পুৰুষানুক্ৰমে পালন কৰে।
\s5
\p
\v 43 যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “নিস্তাৰ-পৰ্ব্বৰ বলিৰ বিধি এই: কোনো বিদেশী লোকে ইয়াক ভোজন কৰিব নোৱাৰিব।
\v 44 অৱশ্যে ইস্ৰায়েলী লোকৰ প্ৰতিজন ধন দি কিনা বন্দীক
\f +
\ft বন্দীক ক্রীতদাসক
\f* যদি চুন্নৎ কৰা হৈছে, তেতিয়া তেৱোঁ ভোজন কৰিব পাৰিব।
\v 45 কিন্তু বিদেশী সকল আৰু ভাড়া কৰি অনা দাস সকলে ইয়াক খাব নোৱাৰিব।
\v 46 আহাৰ একেটা ঘৰতে ভোজন কৰিবই লাগিব। সেই মাংসৰ অলপো ঘৰৰ বাহিৰলৈ নিনিবা, আৰু তাৰ এডাল হাড়ো নেভাঙিবা।
\s5
\p
\v 47 ইস্ৰায়েলৰ গোটেই সমাজে তাক পালন কৰিব।
\v 48 তোমাৰ লগত বাস কৰা কোনো বিদেশী লোকে যদি যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁৰ পৰিয়ালৰ সকলো পুৰুষে চুন্নৎ কৰিব লাগিব। তেতিয়াহে তেওঁ আহি তাক পালন কৰিব পাৰিব। তেওঁ দেশত জন্ম হোৱা লোকৰ নিচিনা হ’ব। অৱশ্যে চুন্নৎ নোহোৱা কোনো লোকে ইয়াক ভোজন কৰিব নালাগে।”
\s5
\p
\v 49 দেশত জন্ম হোৱা লোকৰ বাবে, আৰু তোমালোকৰ মাজত বাস কৰা বিদেশী লোকৰ কাৰণেও একেটা বিধিয়েই হ’ব।
\v 50 সেয়ে ইস্ৰায়েলৰ সকলো লোকে যিহোৱাই মোচি আৰু হাৰোণক দিয়া আজ্ঞাৰ দৰেই কৰিলে।
\v 51 এইদৰে যিহোৱাই সেই দিনাই ইস্ৰায়েলৰ লোক সকলক সৈন্যৰ দলেৰে সৈতে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে।
\s5
\c 13
\p
\v 1 যিহোৱাই মোচিক ক’লে,
\v 2 “ইস্ৰায়েলৰ লোক সকলৰ মানুহৰেই হওক বা পশুৰেই হওক, সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশে উৎসৰ্গ কৰা। প্ৰথমে জন্মা সকলো মোৰেই।”
\s5
\p
\v 3 মোচিয়ে লোকসকলক ক’লে, “তোমালোকে বন্দী-ঘৰস্বৰূপ মিচৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰণ কৰিবা; কাৰণ যিহোৱাই তেওঁৰ বাহু-বলেৰে তোমালোকক সেই ঠাইৰ পৰা উলিয়াই আনিলে। খমীৰ দিয়া পিঠা আৰু ভোজন কৰা নহব।
\v 4 আবীব মাহৰ এই দিনাই তোমালোক মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলা।
\v 5 কনানীয়া, হিত্তীয়া, ইমোৰীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ যি দেশ তোমালোকক দিবলৈ, যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌ বৈ থকা দেশত, যেতিয়া তেওঁ তোমালোকক সুমুৱাব, তেতিয়া তোমালোকে এই মাহত যিহোৱাৰ উদ্দেশ্যে আৰাধনাৰ কাৰ্য কৰিবা।
\s5
\p
\v 6 সাত দিনলৈকে খমীৰ নিদিয়া পিঠা ভোজন কৰিবা; আৰু সপ্তম দিনটো যিহোৱাৰ উদ্দেশ্যে উৎসৱৰ দিন হ’ব।
\v 7 সেই সাত দিন নিশ্চয়কৈ খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব; তোমালোকৰ মাজত খমীৰ দিয়া কোনো পিঠা যাতে দেখা পোৱা নাযাওক। এনেকি তোমালোকৰ চাৰিও সীমাৰ ভিতৰতো খমীৰ দেখা পোৱা নাযাওক।
\s5
\p
\v 8 সেই দিনা তোমালোকে তোমালোকৰ সন্তান সকলক ক’বা, ‘যেতিয়া মিচৰৰ পৰা আমি ওলাই আহিলোঁ, তেতিয়া যিহোৱাই আমাৰ বাবে যি কৰিছিল, সেই কাৰ্যৰ কাৰণে এইদৰে কৰা হৈছে।’
\v 9 এয়ে নিস্তাৰ সোঁৱৰণৰ বাবে তোমালোকৰ হাত আৰু কপালত থাকক। যিহোৱাৰ ব্যৱস্থা তোমালোকৰ কথাত থাকক, কিয়নো তোমালোকৰ হাত, আৰু কপালত এই মুক্তি সোঁৱৰণীয় হৈ থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে মিচৰৰ পৰা তোমালোকক বাহিৰ কৰি আনিলে।
\v 10 এই হেতুকে তোমালোকে প্রত্যেক বছৰে এই সময়ত, এই বিধি পালন কৰিবা।
\s5
\p
\v 11 যিহোৱাই তোমাক আৰু তোমালোকৰ পূৰ্বপুৰুষ সকলক দিয়া প্রতিজ্ঞা অনুসাৰে, যেতিয়া তোমাক কনানীয়া সকলৰ দেশত আনি সোমুৱাব,
\v 12 তেতিয়া তোমালোকৰ প্রত্যেকৰে প্রথমে জন্ম হোৱা সন্তান আৰু তোমালোকৰ জীৱ জন্তুৰ প্রথমে জন্মা পশু যিহোৱাৰ উদ্দেশ্যে পৃথক কৰিবা। প্রথমে জন্মা সকলো পুৰুষ আৰু মতাপশু যিহোৱাৰ হ’ব।
\v 13 প্রত্যেক প্রথমে জন্মা গাধ এটা মেৰ-ছাগ পোৱালি দি মুক্ত কৰিব। যদি মুক্ত নকৰে, তেন্তে তাৰ ডিঙি ভাঙিব; কিন্তু তোমালোকৰ পুত্রসকলৰ মাজত প্রথমে জন্মা পুত্ৰ তোমালোকে নিশ্চয় কিনি মুক্ত কৰিব লাগিব।”
\s5
\p
\v 14 পাছত তোমালোকৰ পুত্ৰই যেতিয়া ‘ইয়াৰ অৰ্থ কি’ বুলি সুধিব? তেতিয়া তুমি তাক ক’বা যে, “যিহোৱাই বাহুবলেৰে মিচৰৰ বন্দী ঘৰৰ পৰা আমাক উলিয়াই আনিলে।
\v 15 যেতিয়া ফৰৌণে আমাক এৰি দিবলৈ মন কঠিন কৰিলে, তেতিয়া যিহোৱাই মিচৰ দেশত, মানুহৰ প্ৰথমে জন্মা পুত্র আৰু পশুৰ প্ৰথমে জগা মতাপশু সকলোকে বধ কৰিলে। এই হেতুকে, মই পশুবোৰৰ প্রথমে জন্মা মতা পশু যিহোৱাৰ উদ্দেশ্যে বলিদান কৰোঁ; সেই বাবে মই মোৰ প্ৰথমে জন্মা পুত্ৰক কিনি লৈ মুক্ত কৰোঁ।’
\v 16 এয়ে তোমালোকৰ হাত, আৰু কপালত সোঁৱৰণী স্বৰূপে থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে আমাক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।”
\s5
\p
\v 17 ফৰৌণে যেতিয়া লোকসকলক যাবলৈ এৰি দিলে, তেতিয়া পলেষ্টীয়াসকলৰ দেশেৰে বাট চমু আছিল যদিও, ঈশ্বৰে তেওঁলোকক সেই বাটেদি নিনিলে। কিয়নো ঈশ্বৰে ক’লে, “হয়তো যুদ্ধৰ সন্মুখিন হ’লে লোকসকলে মন সলনি কৰি মিচৰলৈ উভটি যাব।”
\v 18 সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল।
\s5
\p
\v 19 মোচিয়ে যোচেফৰ অস্থিকো নিজৰ লগত ল’লে; কিয়নো যোচেফে ইস্ৰায়েলী লোকসকলক শপত খুৱাই কৈছিল, “ঈশ্বৰে তোমালোকক নিশ্চয় উদ্ধাৰ কৰিব আৰু তোমালোকে তেতিয়া মোৰ অস্থি তোমালোকৰ লগত লৈ যাবা।”
\v 20 ইস্রায়েলী লোকসকলে চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুপ্রান্তৰ দাঁতিত থকা এথমত তম্বু তৰিলে।
\v 21 তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল।
\v 22 যিহোৱাই লোকসকলৰ আগৰ পৰা দিনত মেঘ-স্তম্ভ, আৰু ৰাতি অগ্নিস্তম্ভ আঁতৰ নকৰিলে।
\s5
\c 14
\p
\v 1 তাৰ পাছত যিহোৱাই মোচিক ক’লে:
\v 2 “ইস্ৰায়েলী লোক সকলক কোৱা যে, তেওঁলোক ঘূৰি বাল-চফোনৰ সন্মুখত, মিগদোল আৰু সাগৰৰ মাজত, পী-হহীৰোতৰ আগত তম্বু তৰিব। তোমালোকে পী-হহীৰতৰ বিপৰীতে থকা সাগৰৰ দাঁতিত তম্বু তৰিবা।
\v 3 ফৰৌণে ইস্ৰায়েলী লোকসকলৰ বিষয়ে এই দৰে ক’ব, ‘তেওঁলোকে দেশৰ মাজত বিচৰণ কৰি ফুৰিছে, আৰু তেওঁলোক মৰুভূমিত আৱদ্ধ হৈ আছে।’
\s5
\p
\v 4 মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্য সমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে।
\v 5 ইস্রায়েলী লোকসকল পলাই গ’ল বুলি মিচৰৰ ৰজাক জনোৱাৰ পাছত ফৰৌণ আৰু তেওঁৰ দাসবোৰৰ মন ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে হ’ল। তেওঁলোকে ক’লে, “আমাৰ বন্দীকামৰ পৰা ইস্ৰায়েলী লোকসকলক এৰি দি আমি কি কাম কৰিলোঁ?”
\s5
\p
\v 6 তেতিয়া ফৌৰণে নিজৰ ৰথ সাজু কৰিলে, আৰু নিজৰ সৈন্য সকলক তেওঁৰ লগত ল’লে।
\v 7 তেওঁ মনোনীত ছশ ৰথ, আৰু মিচৰৰ আন সকলো ৰথ, আৰু সেই সকলোবোৰৰ ওপৰত নিযুক্ত সেনাপতি সকলকো ল’লে।
\v 8 যিহোৱাই মিচৰৰ ৰজা ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলী লোকসকলৰ পাছে পাছে খেদি গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে যিহোৱাৰ জয়ধ্বনি কৰি ওলাই গৈছিল।
\v 9 কিন্তু মিচৰীয়া লোক সকলে ঘোঁৰা, ৰথ, অশ্বাৰোহী, আৰু সৈন্যৰ সৈতে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। বাল-চফোনৰ সন্মুখত পী-হহীৰোতৰ ওচৰৰ সাগৰৰ দাঁতিত ইস্রায়েলী লোকসকলে তম্বু তৰি থকা ঠাইত, তেওঁলোকে আগচি ধৰিলে।
\s5
\p
\v 10 ফৰৌণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁলোকক চাই আচৰিত হ’ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়া সকল আহি আছিল; তাতে ইস্ৰায়েলী লোকসকলে অতিশয় ভয় কৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে।
\v 11 তেওঁলোকে মোচিক ক’লে, “মিচৰত মৈদাম নাই নে যে, আমি মৰুভূমিত মৰিবলৈ, আপুনি আমাক ইয়ালৈ আনিলে? আপুনি আমাক মিচৰৰ পৰা উলিয়াই আনি, আমালৈ কিয় এনেকুৱা ব্যৱহাৰ কৰিছে?
\v 12 আমি মিচৰতে আপোনাক এই কথা কোৱা নাছিলোঁ নে? আমি আপোনাক কৈছিলোঁ, ‘আমাক মিচৰীয়া সকলৰ বন্দীকাম কৰিবলৈ অকলে এৰি দিয়ক? কিয়নো মৰুভূমিত মৰাতকৈ মিচৰীয়া সকলৰ বন্দীকাম কৰাই আমাৰ পক্ষে ভাল আছিল।’”
\s5
\p
\v 13 মোচিয়ে লোকসকলক ক’লে, “ভয় নকৰিবা। নিৰৱে থাকা; আৰু চোৱা, যিহোৱাই আজি তোমালোকলৈ পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিব। কাৰণ যি মিচৰীয়া সকলক আজি তোমালোকে দেখিছা, তেওঁলোকক পুনৰ কেতিয়াও নেদেখিবা।
\v 14 যিহোৱাই তোমালোকৰ বাবে যুদ্ধ কৰিব; আৰু তোমালোক কেৱল নিৰৱে থাকা।”
\s5
\p
\v 15 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি মোলৈ কিয় কাতৰোক্তি কৰিছা? ইস্ৰায়েলী লোকসকলক আগুৱাই যাবলৈ কোৱা।
\v 16 তুমি তোমাৰ লাখুটি তুলি, সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা, আৰু সাগৰক দুভাগ কৰা; তাতে ইস্ৰায়েলী লোকসকলে সাগৰৰ মাজেৰে শুকান বাটেদি যাব পাৰিব।
\v 17 চোৱা মই মিচৰীয়া সকলৰ মন কঠিন কৰিম; তাতে তেওঁলোকে তেওঁলোকৰ পাছে পাছে যাব। মই ফৰৌণ, তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্য সকলৰ দ্বাৰাই গৌৰৱান্বিত হ’ম।
\v 18 তেতিয়া ফৰৌণ, তেওঁৰ ৰথ, আৰু অশ্বাৰোহী সকলৰ দ্বাৰাই মই গৌৰৱান্বিত হ’লে, ময়েই যে যিহোৱা, এই কথা মিচৰীয়া সকলে জানিব।”
\s5
\p
\v 19 ঈশ্বৰৰ যি দূত ইস্ৰায়েলী লোকসকলৰ আগে আগে গৈছিল, তেওঁ তেওঁলোকৰ আগৰ পৰা আঁতৰি পাছফাললৈ গ’ল। মেঘ-স্তম্ভ তেওঁলোকৰ আগৰ পৰা আঁতৰি গৈ তেওঁলোকৰ পাছফালে স্থিৰ হ’ল।
\v 20 মেঘ-স্তম্ভ মিচৰীয়া সৈন্য আৰু ইস্ৰায়েলী লোকসকলৰ তম্বুৰ মাজলৈ আহিল। সেয়ে মিচৰীয়া লোকসকলৰ বাবে অন্ধকাৰময় মেঘ হ’ল, কিন্তু ইস্রায়েলী লোকসকলৰ বাবে ৰাতি পোহৰ দিওঁতা হ’ল। তাতে ওৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপিব নোৱাৰিলে।
\s5
\p
\v 21 মোচিয়ে সাগৰৰ ওপৰত তেওঁৰ হাত মেলিলে। যিহোৱাই সেই গোটেই নিশা পূব ফালৰ প্ৰবল বতাহেৰে সাগৰ হোঁহোকাই নি, তাক শুকান ভূমি কৰিলে। এইদৰে পানী দুভাগ কৰা হ’ল।
\v 22 তেতিয়া ইস্ৰায়েলী লোকসকল শুকান বাটেদি সাগৰৰ মাজেলৈ গ’ল। তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।
\s5
\p
\v 23 মিচৰীয়া সকলে তেওঁলোকক খেদি গ’ল। ফৰৌণৰ সকলো ঘোঁৰা, ৰথ, আৰু অশ্বাৰোহী বিলাক তেওঁলোকৰ পাছে পাছে সাগৰৰ মাজলৈ সোমাই গ’ল।
\v 24 কিন্তু দোকমোকালীতে যিহোৱাই অগ্নিস্তম্ভ আৰু মেঘ-স্তম্ভৰ মাজৰ পৰা মিচৰীয়া সৈন্য সকললৈ চাই, মিচৰীয়া সৈন্য সকলক ব্যাকুল কৰিলে।
\v 25 যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকালে, আৰু অশ্বাৰোহী বিলাকে অতি কষ্টেৰে ৰথ চলালে। সেয়ে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।”
\s5
\p
\v 26 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “মিচৰীয়া লোক, তেওঁলোকৰ ৰথ আৰু অশ্বাৰোহী বিলাকৰ ওপৰলৈ যেন পুনৰায় জল সমূহ আহিব, তাৰ বাবে তুমি সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা।”
\v 27 সেয়ে মোচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলে, আৰু যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া সাগৰ পুনৰ স্বাভাৱিক ৰূপত আহিল। মিচৰীয়া সকলে সাগৰলৈ সোমাই যাওঁতে, যিহোৱাই মিচৰীয়া সকলক সাগৰৰ মাজত পেলালে।
\v 28 জল সমূহ উভটি আহি ফৌৰণৰ ৰথ, অশ্বাৰোহী আৰু তেওঁলোকৰ পাছে পাছে সাগৰত সোমোৱা ফৰৌণৰ সকলো সৈন্য পানীয়ে ঢাকি ধৰিলে। তাতে তেওঁলোকৰ কোনো জীয়াই নাথাকিল।
\s5
\p
\v 29 ইস্ৰায়েলী লোকসকল সাগৰৰ মাজেদি শুকান বাটেৰে গ’ল; আৰু তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল।
\v 30 এইদৰে সেই দিনা যিহোৱাই মিচৰীয়া সকলৰ হাতৰ পৰা ইস্ৰায়েলক পৰিত্ৰাণ কৰিলে। ইস্ৰায়েলী লোকসকলে মিচৰীয়া সকলৰ মৃতদেহ সাগৰৰ তীৰত পৰি থকা দেখিলে।
\v 31 ইস্ৰায়েলী লোক সকলে যেতিয়া মিচৰীয়া সকলৰ বিৰুদ্ধে যিহোৱাৰ মহা পৰাক্রম দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ গৌৰৱ কৰিলে,আৰু তেওঁলোকে যিহোৱা আৰু তেওঁৰ দাস মোচিক বিশ্বাস কৰিলে।
\s5
\c 15
\p
\v 1 তাৰ পাছত মোচি আৰু ইস্ৰায়েলী লোকসকলে যিহোৱাৰ উদ্দেশ্যে এই স্তুতি গীত গাইছিল; তেওঁলোকে এইদৰে গাইছিল,
\q1 “মই যিহোৱাৰ উদ্দেশ্যে গান কৰিম, কিয়নো তেওঁ মহা জয়েৰে গৌৰৱাম্বিত হ’ল;
\q1 তেওঁ ঘোঁৰা আৰু অশ্বাৰোহী সমূদ্ৰত পেলালে।
\s5
\q1
\v 2 যিহোৱা মোৰ বল আৰু গান;
\q1 তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল;
\q1 তেওঁ মোৰ ঈশ্বৰ, মই তেওঁৰ প্ৰশংসা কৰিম;
\q1 তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, আৰু মই তেওঁৰ প্রশংসা কৰিম।
\s5
\q1
\v 3 যিহোৱা পৰাক্ৰমী বীৰ;
\q1 যিহোৱা তেওঁৰ নাম।
\s5
\q1
\v 4 তেওঁ ফৰৌণৰ ৰথ আৰু সৈন্য সমূহক সমুদ্ৰত পেলালে।
\q1 ফৌৰণৰ মনোনীত সেনাপতিসকল চূফ সাগৰত ডুবিল।
\s5
\q1
\v 5 জল সমূহে তেওঁলোকক ঢাকি ধৰিলে;
\q1 শিলৰ দৰে তেওঁলোক অগাধ জলৰ ত’ললৈ গ’ল।
\s5
\q1
\v 6 হে যিহোৱা, আপোনাৰ সোঁ হাত পৰাক্ৰমত মহিমান্বিত হ’ল;
\q1 হে যিহোৱা, আপোনাৰ সোঁ হাতে শত্ৰুক গুড়ি কৰিছে।
\s5
\q1
\v 7 আপুনি আপোনাৰ মহান মহিমাৰে আপোনাৰ বিৰুদ্ধে উঠাবোৰক বিনষ্ট কৰিলে।
\q1 আপুনি পঠোৱা আপোনাৰ ক্ৰোধাগ্নিয়ে; তেওঁলোকক নৰাৰ দৰে গ্রাস কৰিছে।
\s5
\q1
\v 8 আপোনাৰ নিশ্বাসতে জল সমূহ স্তূপাকৃত হ’ল;
\q1 বৈ যোৱা জল সমূহো স্তূপাকৃত হ’ল;
\q1 সমুদ্ৰৰ অগাধ জল সাগৰৰ অন্তৰ ভাগত গোট বান্ধিলে।
\s5
\q1
\v 9 শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খেদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই ল’ম;
\q1 মোৰ হাবিয়াহ তেওঁলোকৰ ওপৰত পূৰ হ’ব;
\q1 মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’
\s5
\q1
\v 10 কিন্তু আপুনি আপোনাৰ বায়ুৰে ফু দিলত সাগৰে তেওঁলোকক ঢাকি ধৰিলে;
\q1 তেওঁলোক সীহৰ দৰে মহাজলত ডুব গ’ল।
\s5
\q1
\v 11 হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন?
\q1 পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন?
\q1 প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন?
\s5
\q1
\v 12 আপুনি আপোনাৰ সোঁ হাত মেলিলে,
\q1 আৰু পৃথিৱীয়ে তেওঁলোকক গ্ৰাস কৰিলে।
\s5
\q1
\v 13 আপুনি উদ্ধাৰ কৰা লোকসকলক আপোনাৰ দয়াৰে চলাই আনিছে;
\q1 আপুনি আপোনাৰ পৰাক্ৰমেৰেই তেওঁলোকক আপোনাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছে।
\s5
\q1
\v 14 লোকসকলে শুনিব আৰু তেওঁলোক কঁপি উঠিব;
\q1 পলেষ্টিয়া লোকসকলক ত্ৰাসে বেৰি ধৰিছে।”
\s5
\q1
\v 15 তেতিয়া ইদোমৰ প্রধান লোকসকলে ভয় কৰিলে;
\q1 মোৱাবৰ সৈন্য সকল কঁপি উঠিল;
\q1 কনান-বাসী সকলোৱেই দিশহাৰা হৈ গ’ল।
\s5
\q1
\v 16 ভয় আৰু ত্ৰাসে তেওঁলোকক বেৰি ধৰিলে;
\q1 আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ’ল;
\q1 হে যিহোৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে;
\q1 আপুনি উদ্ধাৰ কৰা লোকসকল পাৰ নোহোৱালৈকে
\s5
\q1
\v 17 আপুনি তেওঁলোকক আনিব আৰু আপোনাৰ অধিকাৰ কৰা পাহাৰত স্থাপন কৰিব,
\q1 হে যিহোৱা, আপুনি নিবাস কৰিবলৈ যুগুত কৰা ঠাই,
\q1 হে প্ৰভু, যি ধৰ্মধাম আপুনি নিজৰ হাতেৰে নিৰ্ম্মাণ কৰিলে,
\s5
\p
\v 18 যিহোৱাই সদা-সৰ্ব্বদায় ৰাজত্ব কৰিব।”
\s5
\p
\v 19 কাৰণ ফৰৌণৰ ৰথ আৰু অশ্বাৰোহীৰ সৈতে ঘোঁৰাবোৰ সমুদ্ৰৰ মাজত সোমাল। যিহোৱাই সমুদ্ৰৰ জল তেওঁলোকৰ ওপৰলৈ উভটাই আনিলে। কিন্তু ইস্ৰায়েলী লোকসকল হ’লে, সমুদ্ৰৰ মাজেদি শুকান বাটেদি গুছি গ’ল।
\v 20 তেতিয়া হাৰোণৰ বায়েক মিৰিয়ম ভাববাদিনীয়ে তেওঁৰ হাতত খঞ্জৰি ল’লে; আৰু তেওঁৰ পাছে পাছে আন আন মহিলাসকলেও হাতত খঞ্জৰি লৈ, নাচি নাচি ওলাই গ’ল।
\v 21 মিৰিয়মে তেওঁলোকৰ আগত গীত গালে,
\q1 “তোমালোকে যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহা-গৌৰৱাম্বিত হ’ল;
\q1 তেওঁ ঘোঁৰা আৰু অশ্বাৰোহীক সমুদ্ৰত পেলাই দিলে।”
\s5
\p
\v 22 তাৰ পাছত মোচিয়ে ইস্ৰায়েলী লোকসকলক চূফ সাগৰৰ তীৰৰ পৰা যাত্ৰা কৰিবলৈ দিলে, তেওঁলোকে চূৰ মৰুভূমিৰ মাজেৰে যাত্রা কৰি গ’ল। তেওঁলোকে সেই মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট গ’ল, আৰু সেই ঠাইত পানী বিচাৰি নাপালে।
\v 23 তাৰ পাছত তেওঁলোকে মাৰা গৈ পালে, আৰু মাৰাত থকা পানী তিতা হোৱাৰ বাবে, তেওঁলোকে পান কৰিব নোৱাৰিলে; সেয়ে তেওঁলোকে সেই ঠাইৰ নাম মাৰা
\f +
\ft মাৰা তিতা
\f* ৰাখিলে।
\s5
\p
\v 24 সেই কাৰণে লোকসকলে মোচিক অভিযোগ কৰি ক’লে, “আমি কি পান কৰিম?”
\s5
\p
\v 25 তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আৰু যিহোৱাই তেওঁক এজোপা গছ দেখুৱালে। তেওঁ তাকে আনি পানীত পেলাই দিলে, আৰু পানী খাবলৈ মিঠা হ’ল। সেই ঠাইতে যিহোৱাই তেওঁলোকৰ অৰ্থে এটা কঠোৰ বিধি আৰু শাসন-প্রণালী দিলে। সেই ঠাইতে যিহোৱাই তেওঁলোকক পৰীক্ষা কৰিলে।
\v 26 তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।”
\s5
\p
\v 27 তাৰ পাছত লোকসকল এলীমলৈ আহিল; সেই ঠাইত পানীৰ বাৰটা ভুমুক, আৰু সত্তৰ জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইতে পানীৰ কাষত তম্বু তৰিলে।
\s5
\c 16
\p
\v 1 ইস্ৰায়েলী লোকসকলে এলীমৰ পৰা যাত্ৰা কৰিলে। মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত দ্বিতীয় মাহৰ পোন্ধৰ দিনৰ দিনা, এলীম আৰু চীনয় এই দুয়োৰো মাজত থকা চীন মৰুপ্রান্তৰ পালে।
\v 2 ইস্ৰায়েলী সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে মৰুভূমিত অভিযোগ কৰিবলৈ ধৰিলে।
\v 3 ইস্ৰায়েলী সকলে তেওঁলোকক ক’লে, “আমি যেতিয়া মাংস ৰখা পাত্ৰৰ ওচৰত বহি লৈ হেঁপাহ নপলাইমানে পিঠা খাইছিলোঁ, সেই সময়তেই মিচৰ দেশত যিহোৱাৰ হাতত মৰা হ’লে ভাল আছিল। আপোনালোকে আমাক সকলোকে ভোকত মৰিবলৈ এই মৰুভূমিলৈ উলিয়াই আনিলে।”
\s5
\p
\v 4 তেতিয়া যিহোৱাই মোচিক ক’লে, “লোকসকলে মোৰ ব্যৱস্থা মানি চলিব নে নাই, তাৰ পৰীক্ষা কৰিবৰ অৰ্থে, ‘মই তোমালোকলৈ আকাশৰ পৰা পিঠা বৰষাম’ আৰু লোকসকলে ওলাই গৈ প্রতি দিনৰ আহাৰ প্রতি দিনে গোটাব।
\v 5 তেওঁলোকে প্রতিদিনে যিমান আহাৰ গোটাইছিল প্রতি ষষ্ঠ দিনত তাতকৈ দুগুণ গোটাব, আৰু তেওঁলোকে যি পৰিমাণে আনিব, তাকে ৰান্ধিব।”
\s5
\p
\v 6 তাৰ পাছত মোচি আৰু হাৰোণে ইস্ৰায়েলী লোকসকলক ক’লে, “গধূলি তোমালোকে জানিব পাৰিবা যে, যিহোৱাইহে তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে।”
\v 7 ৰাতিপুৱা তোমালোকে যিহোৱাৰ মহিমা দেখিবলৈ পাবা; কাৰণ যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ শুনিলে। আমি নো কোন যে, তোমালোকে আমাৰ বিৰুদ্ধে অভিযোগ কৰিছা?”
\v 8 মোচিয়ে পুনৰ ক’লে, “যিহোৱাই গধূলি যেতিয়া তোমালোকক খাবলৈ মাংস, আৰু ৰাতিপুৱা উপচি পৰাকৈ পিঠা দিব, তেতিয়া যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ যে শুনিলে, সেই কথা তোমালোকে বুজি পাবা। হাৰোণ আৰু মই কোন? তোমালোকৰ অভিযোগ আমাৰ বিৰুদ্ধে নহয়; যিহোৱাৰ বিৰুদ্ধেহে হৈছে।”
\s5
\p
\v 9 মোচিয়ে হাৰোণক ক’লে, “আপুনি ইস্ৰায়েলী লোকসকলৰ সমাজক কওক, তোমালোক যিহোৱাৰ ওচৰলৈ চাপি আহা; কাৰণ তেওঁ তোমালোকৰ অভিযোগ শুনিলে।”
\v 10 হাৰোণে ইস্ৰায়েলী লোকসকলৰ সমাজক এই কথা কৈ থাকোতে, তেওঁলোকে মৰুপ্রান্তৰ ফাললৈ চাই দেখিলে যে, মেঘৰ মাজত যিহোৱাৰ মহিমা প্ৰকাশিত হৈছে।
\v 11 তেতিয়া যিহোৱাই মোচিৰ সৈতে কথা পাতি ক’লে,
\v 12 “মই ইস্ৰায়েলী লোকসকলৰ অভিযোগ শুনিলোঁ। তুমি তেওঁলোকক কোৱা, ‘গধূলি তোমালোকে মাংস আৰু ৰাতিপুৱা হেঁপাহ পলুৱাই পিঠা খাবলৈ পাবা। তেতিয়া তোমালোকে জানিবা যে, ময়েই তোমালোকৰ যিহোৱা, তোমালোকৰ ঈশ্বৰ’।”
\s5
\p
\v 13 গধূলি পৰত, বটা চৰাইবোৰ তম্বুৰ ওপৰলৈ আহি তম্বু ঢাকি ধৰিলে। ৰাতিপুৱা তম্বুৰ চাৰিওফালে নিয়ৰ পৰি আছিল।
\v 14 পৰি থকা সেই নিয়ৰবোৰ যেতিয়া শুকাই গ’ল, তেতিয়া ক্ষুদ্র বৰফৰ টুকুৰাৰ দৰে সৰু সৰু ঘূৰণীয়া বস্তু গোটেইখন মৰুপ্রান্তৰ ভূমিত পৰি আছিল।
\v 15 ইস্ৰায়েলী লোকসকলে সেই বস্তু দেখি ইজনে সিজনক ক’লে, “এইয়া কি
\f +
\ft এইয়া কি মান-হূ?
\f* ?” কিয়নো সেই বস্তু নো কি তেওঁলোকে নাজানিছিল। তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “এইয়া যিহোৱাই তোমালোকক খাবলৈ দিয়া পিঠা।”
\s5
\p
\v 16 যিহোৱাই দিয়া আজ্ঞা এই, “তোমালোক প্ৰতিজনে খাব পৰা শক্তি অনুসাৰে; আৰু তোমালোক প্রতিজনে তম্বুত থকা মানুহৰ সংখ্যা অনুসাৰে এক ওমৰ
\f +
\ft এক ওমৰ আধা গেলন পৰিমাণৰ
\f* গোটাবা। এইদৰেই তোমালোকে গোটাবা: তোমালোকে তম্বুত থকা প্রতিজন মানুহে খাব পৰা অনুসাৰে গোটাবা।”
\v 17 তেতিয়া ইস্ৰায়েলী লোকসকলে সেইদৰেই কৰিলে। কিছুমান লোকে অধিক আৰু কিছুমান লোকে তাকৰকৈ গোটালে।
\v 18 তেওঁলোকে যেতিয়া সেইবোৰ ওমৰৰ জোখত জুখিলে, যি সকলে অধিককৈ গোটাইছিল, তেওঁলোকৰ অতিৰিক্ত নহ’ল, আৰু যি সকলে তাকৰকৈ গোটাইছিল তেওঁলোকৰো অভাৱ নহ’ল। তেওঁলোক প্ৰতিজনে প্রয়োজন অনুসাৰে গোটালে।
\s5
\p
\v 19 তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “কোনো এজনেও ৰাতিপুৱালৈকে ইয়াৰ অৱশিষ্ট নাৰাখিব।”
\v 20 তথাপিও তেওঁলোকে মোচিৰ কথা নুশুনিলে। কিছুমানে ৰাতিপুৱালৈকে সেইবোৰৰ কিছু অৱশিষ্ট ৰাখি থলে; কিন্তু সেইবোৰত পোক জন্মিল, আৰু দুৰ্গন্ধময় হ’ল; তেতিয়া তেওঁলোকৰ ওপৰত মোচিৰ খং উঠিল।
\v 21 প্রতি ৰাতিপুৱাতে তেওঁলোকে সেইবোৰ গোটাইছিল। প্ৰতিজন মানুহে সেই দিনটোত খাব পৰা অনুসাৰে গোটাইছিল। যেতিয়া ৰ’দ প্রখৰ হয়, সেইবোৰ গ’লি গৈছিল।
\s5
\p
\v 22 তাৰ পাছত ষষ্ঠ দিনৰ দিনা তেওঁলোকে দুগুণ, অৰ্থাৎ প্ৰতিজনৰ বাবে দুই ওমৰকৈ পিঠা গোটাইছিল। তেতিয়া সমাজৰ মূখ্য লোকসকল মোচিৰ ওচৰলৈ আহি সেই কথা ক’লে।
\v 23 মোচিয়ে তেওঁলোকক ক’লে, “যিহোৱাই যে কৈছিল সেয়া এই, ‘কাইলৈ সম্পূৰ্ণ বিশ্ৰাম-দিন, যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে পবিত্ৰ বিশ্ৰাম-দিন। তোমালোকে যি ভাজিব খোজা, আৰু যি সিজাব খোজা সিজাবা। নিজৰ বাবে ৰাতি পুৱালৈকে তাৰ অৱশিষ্ট অংশ থৈ দিবা’।”
\s5
\p
\v 24 সেয়ে তেওঁলোকে মোচিৰ নিৰ্দেশ অনুসাৰে, ৰাতিপুৱালৈকে একাষৰিয়াকৈ থৈ দিলে। সেই খাদ্য দুৰ্গন্ধময় নহ’ল, আৰু তাত পোকো নহ’ল।
\v 25 মোচিয়ে ক’লে, “সেই আহাৰ আজি ভোজন কৰা; কাৰণ আজি যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে বিশ্ৰাম-দিন। আজি তোমালোকে পথাৰত সেইবোৰ বিচাৰি নাপাবা।
\s5
\p
\v 26 তোমালোকে ছয় দিন সেইবোৰ গোটাবা; কিন্তু সপ্তম দিন বিশ্ৰাম-দিন। সেয়ে বিশ্রাম বাৰে পথাৰত মান্না
\f +
\ft মান্না অৰ্থাৎ যিহোৱাই ইস্রায়েলীলোক সকলক দিয়া খাদ্য।
\f* নাথাকিব।”
\v 27 তথাপিও সপ্তম দিনা কিছুমান লোকে মান্না গোটাবলৈ ওলাই গৈছিল; কিন্তু তেওঁলোকে একো বিচাৰি নাপালে।
\s5
\p
\v 28 তেতিয়া যিহোৱাই মোচিক ক’লে, “তোমালোকে মোৰ আজ্ঞা আৰু ব্যৱস্থাবোৰ কিমান দিনলৈকে পালন কৰিবলৈ অমান্তি হৈ থাকিবা?
\v 29 চোৱা, মই যিহোৱা, ময়েই তোমালোকক বিশ্ৰামবাৰ দিলোঁ। সেয়ে তোমালোকক ষষ্ঠ দিনা মই দুদিনৰ আহাৰ দি আছোঁ। তোমালোক প্ৰতিজনে নিজৰ ঠাইত থাকিব লাগিব; সপ্তম দিনত কোনো এজনেও নিজৰ ঠাইৰ পৰা বাহিৰলৈ ওলাই নাযাওক।”
\v 30 সেয়ে লোকসকলে সপ্তম দিনা বিশ্ৰাম কৰিলে।
\s5
\p
\v 31 ইস্ৰায়েলী লোকসকলে সেই আহাৰৰ নাম “মান্না” ৰাখিলে। সেইবোৰ ধনীয়া গুটিৰ দৰে বগা; আৰু ইয়াৰ সোৱাদ মৌজোলৰ সৈতে বনোৱা পিঠাৰ দৰে আছিল।
\v 32 মোচিয়ে ক’লে, “যিহোৱাই কৰা আজ্ঞা এই, মই তোমালোকক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনাৰ পাছত, মৰুভূমিত যি পিঠা তোমালোকক খুৱাইছিলোঁ, সেই পিঠা তোমালোকৰ ভাবী-বংশই যাতে দেখিবলৈ পাব; তাৰ বাবে তোমালোকে পুৰুষানুক্ৰমে এক ওমৰ ৰাখি থবা।”
\s5
\p
\v 33 মোচিয়ে হাৰোণক ক’লে, “তুমি এটা পাত্ৰ লোৱা, আৰু তাত এক ওমৰ মান্না ভৰোৱা। পুৰুষানুক্ৰমে তোমালোকৰ লোকসকললৈ, যিহোৱাৰ সন্মুখত সেই পাত্রটো সংৰক্ষিত কৰি থৈ দিয়া।”
\v 34 যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, হাৰোণে সেই পাত্রত এক ওমৰ মান্না ভৰাই নিয়ম চন্দুকৰ ভিতৰত বিধান পুস্তকৰ কাষত সংৰক্ষিত কৰি ৰাখিলে।
\v 35 ইস্ৰায়েলী লোকসকলে নিবাস কৰা দেশ নোপোৱালৈকে চল্লিশ বছৰ সেই মান্না খাইছিল। তেওঁলোকে কনান দেশৰ সীমা নোপোৱালৈকে সেই মান্নাকে ভোজন কৰিছিল।
\v 36 এক ওমৰ এক ঐফাৰ দহ ভাগৰ এভাগৰ সমান।
\s5
\c 17
\p
\v 1 তাৰ পাছত ইস্ৰায়েলৰ গোটেই সমাজে যিহোৱাৰ নিৰ্দেশ অনুসাৰে চীন মৰুভূমিৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ৰফীদীমত তম্বু তৰিলে; কিন্তু সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
\v 2 সেই অৱস্থাৰ কাৰণে লোকসকলে মোচিক দোষ ধৰি ক’লে, “আমাক খাবলৈ পানী দিয়ক।” মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে মোৰে সৈতে কিয় বিবাদ কৰিছা?” যিহোৱাক তোমালোকে কিয় পৰীক্ষা কৰিছা?”
\v 3 লোকসকল পিয়াহত আতুৰ হ’ল, আৰু মোচিৰ বিৰুদ্ধে অভিযোগ কৰিলে। তেওঁলোকে ক’লে, “আপুনি কিয় আমাক মিচৰৰ পৰা উলিয়াই আনিলে? আমাক, আমাৰ সন্তানসকলক, আৰু পশুবোৰকো পিয়াহত মৰিবলৈ মিচৰৰ পৰা আনিলে নেকি?”
\s5
\p
\v 4 তাৰ পাছত মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “মই এই লোকসকলৰ সৈতে কি কৰিম? তেওঁলোকে মোক শিল দলিয়াই মাৰিবলৈ প্ৰায় যুগুত হৈ আছে।”
\v 5 তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলৰ পৰিচাৰক কেইজন মানক লগত লৈ, লোক সকলৰ আগে আগে যোৱা; আৰু তুমি যিডাল লাখুটিৰে নদীত প্ৰহাৰ কৰিছিলা, তোমাৰ সেই লাখুটিকো লগত লৈ যোৱা।
\v 6 মই হোৰেবত শিলৰ ওপৰত তোমাৰ সন্মুখত থিয় হ’ম; আৰু তুমি সেই শিলটোক প্ৰহাৰ কৰিবা। তেতিয়া লোকসকলে খাবলৈ, সেই শিলৰ পৰা পানী ওলাব।” তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ পৰিচাৰকসকলৰ আগত সেইদৰে কৰিলে।
\v 7 মোচিয়ে সেই ঠাইৰ নাম মচ্ছা আৰু মিৰীবা
\f +
\ft মিৰীবা পৰীক্ষা আৰু বিবাদ
\f* ৰাখিলে। কাৰণ সেই ঠাইতে ইস্ৰায়েলী লোকসকলে অভিযোগ কৰিছিল, আৰু “যিহোৱা আমাৰ মাজত আছে নে নাই?” এই কথা কৈ যিহোৱাৰ পৰীক্ষাৰ কৰিছিল।
\s5
\p
\v 8 সেই সময়ত অমালেকৰ লোকসকলে ৰফীদীমত ইস্ৰায়েলক আক্রমণ কৰিলে।
\v 9 সেয়ে মোচিয়ে যিহোচূৱাক ক’লে, “কিছুমান লোকক মনোনীত কৰি বাহিৰলৈ ওলাই গৈ, অমালেকৰ সৈতে যুদ্ধ কৰক। কাইলৈ মই ঈশ্বৰৰ লাখুটি হাতত লৈ পৰ্ব্বতৰ ওপৰত থিয় হ’ম।”
\v 10 মোচি, হাৰোণ, আৰু হূৰ যেতিয়া পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল, তেতিয়া যিহোচূৱাই মোচিৰ নিৰ্দেশ অনুসাৰে অমালেকৰ সৈতে যুদ্ধ কৰিলে।
\s5
\p
\v 11 মোচিয়ে যেতিয়া হাত ওপৰলৈ দাঙি ৰাখিছিল, তেতিয়া ইস্ৰায়েলৰ জয় হৈছিল; কিন্তু যেতিয়াই হাত তললৈ নমাইছিল, তেতিয়াই অমালেক জয়ী হ’বলৈ ধৰে।
\v 12 এইদৰে হাত দাঙি মোচিৰ হাত ভাগৰি পৰিল, তেতিয়া হাৰোণ আৰু হূৰে এচটা শিল আনি, তেওঁ বহিবৰ কাৰণে তেওঁৰ কাষত থলে। সেই একে সময়তে হাৰোণ আৰু হূৰে, এজনে এফালে, আৰু আনজনে আন ফালে তেওঁৰ হাত দুখন ধৰি দাঙি ৰাখিলে। সেয়ে বেলি মাৰ নোযোৱালৈকে মোচিৰ হাত থিৰে থাকিল।
\v 13 তেতিয়া যিহোচূৱাই অমালেকৰ লোকসকলক তৰোৱালেৰে পৰাজয় কৰিলে।
\s5
\p
\v 14 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “সোঁৱৰণৰ অৰ্থে এই কথা পুস্তকত লিখা, আৰু যিহোচূৱাক শুনোৱা; কাৰণ মই আকাশৰ তলৰ পৰা অমালেকৰ নাম সম্পূৰ্ণকৈ লুপ্ত কৰিম।”
\v 15 তেতিয়া মোচিয়ে এটা যজ্ঞবেদী নিৰ্মাণ কৰি, তাৰ নাম “যিহোৱা-নিচ্চী
\f +
\ft যিহোৱা-নিচ্চী যিহোৱা মোৰ ধ্বজা
\f* ” ৰাখিলে।
\v 16 তেওঁ এইদৰে কৰিলে, কিয়নো তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ বিৰোধ কৰিলে, সেয়ে তেওঁ কৈছিল, “যিহোৱাই প্রতিজ্ঞা কৰিলে যে তেওঁ পুৰুষে, পুৰুষে অমালেকৰ সৈতে যুদ্ধ কৰিব।”
\s5
\c 18
\p
\v 1 ঈশ্বৰে মোচিলৈ আৰু নিজৰ প্ৰজা ইস্ৰায়েললৈ যি যি কাৰ্য কৰিলে, বিশেষকৈ যিহোৱাই মিচৰৰ পৰা ইস্ৰায়েলক কেনেকৈ বাহিৰ কৰি আনিলে, সেই সকলো কথা মোচিৰ শহুৰেক মিদিয়নীয়া পুৰোহিত যিথ্ৰোৱে শুনিবলৈ পালে।
\v 2 তেতিয়া মোচিৰ শহুৰেক যিথ্ৰোৱে, মোচিৰ ভাৰ্যা চিপ্পোৰা, আৰু দুজন পুত্রক ঘৰলৈ পঠোৱাৰ পাছত,
\v 3 তেওঁৰ এজন পুত্ৰৰ নাম গেৰ্চোম, কাৰণ মোচিয়ে কৈছিল, “মই বিদেশত প্রবাসী হৈ আছোঁ,”
\v 4 আৰু আন জন পুত্রৰ নাম ইলিয়েজৰ কাৰণ তেওঁ কৈছিল, “মোৰ পূৰ্বপুৰুষৰ ঈশ্বৰে মোক সহায় কৰিছিল; আৰু তেওঁ মোক ফৰৌণৰ তৰোৱালৰ পৰা উদ্ধাৰ কৰিলে।”
\s5
\p
\v 5 মোচিয়ে মৰুভূমিত, ঈশ্বৰৰ পৰ্ব্বতৰ যি ঠাইত তম্বু তৰি আছিল, সেই ঠাইলৈ মোচিৰ শহুৰেক যিথ্ৰোৱে মোচিৰ ভাৰ্যা আৰু দুজন পুত্ৰক লগত লৈ আহিল।
\v 6 তেওঁ মোচিক ক’লে, “মই তোমাৰ শহুৰ যিথ্ৰোৱে তোমাৰ ভাৰ্যা আৰু তাইৰ দুজন পুত্রক লগত লৈ তোমাৰ ওচৰলৈ আহিছোঁ।”
\s5
\p
\v 7 মোচিয়ে তেওঁৰ শহুৰেকক লগ ধৰিবলৈ বাহিৰলৈ ওলাই গ’ল, আৰু তেওঁক প্ৰণাম কৰি চুমা খালে। তেওঁলোকে ইজনে সিজনৰ ভাল-বেয়া খবৰ ল’লে, আৰু তাৰ পাছত তম্বুলৈ সোমাই গ’ল।
\v 8 তাৰ পাছত যিহোৱাই ফৰৌণ আৰু মিচৰীয়া লোকসকললৈ, আৰু ইস্ৰায়েলীলোক সকলৰ বাবে যি যি কৰিছিল, বাটত তেওঁলোকলৈ যি সকলো ক্লেশ ঘটিছিল, আৰু যিহোৱাই তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিলে, সেই সকলো কথা মোচিয়ে তেওঁৰ শহুৰেকক ক’লে।
\s5
\p
\v 9 যিহোৱাই মিচৰীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰি, তেওঁলোকৰ বাবে যি যি সকলো মঙ্গল কৰিলে, সেই কাৰ্যবোৰৰ বাবে যিথ্ৰোৱে আনন্দ কৰিলে।
\v 10 যিথ্ৰোৱে ক’লে, “যিজন সৰ্বশক্তিমান ঈশ্বৰে মিচৰীয়াসকলৰ হাতৰ পৰা, আৰু ফৰৌণৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ গৌৰৱ হ’ওক।
\v 11 যিহোৱা যে সকলো দেৱতাবোৰতকৈ মহান, তাক মই এতিয়া জানিলোঁ; কাৰণ মিচৰীয়াসকলে যেতিয়া ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁৰ লোকসকলক তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিল।”
\s5
\p
\v 12 তাৰ পাছত মোচিৰ শহুৰেক যিথ্ৰোৱে ঈশ্বৰৰ উদ্দ্যেশে হোম-বলি, আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰোণ আৰু ইস্ৰায়েলৰ সকলো পৰিচাৰক আহি, ঈশ্বৰৰ সন্মুখত মোচিৰ শহুৰেকৰ সৈতে ভোজন কৰিলে।
\s5
\p
\v 13 তাৰ পাছদিনা মোচিয়ে লোকসকলৰ সোধ-বিচাৰ কৰিবলৈ বহিল। ৰাতিপুৱাৰে পৰা সন্ধ্যালৈকে লোকসকল তেওঁৰ চাৰিওফালে থিয় হৈ আছিল।
\v 14 মোচিয়ে লোকসকললৈ কৰা সকলো কাৰ্য দেখি তেওঁৰ শহুৰেকে তেওঁক ক’লে, “তুমি লোকসকলৰ সৈতে এয়া কি কাৰ্য কৰিছা? তুমি কিয় অকলে বহি থাকা, আৰু লোকসকল ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে তোমাৰ চাৰিওফালে থিয় হৈ থাকে?”
\s5
\p
\v 15 তেতিয়া মোচিয়ে তেওঁৰ শহুৰেকক ক’লে, “লোকসকলে ঈশ্বৰৰ নিৰ্দেশনৰ কথা সুধিবলৈ মোৰ ওচৰলৈ আহে।
\v 16 যেতিয়া তেওঁলোকৰ মাজত বিবাদ হয়, তেতিয়া তেওঁলোক মোৰ ওচৰলৈ আহে। তেতিয়া মই এজনৰ লগত আন জনৰ মীমাংসা কৰোঁ; আৰু মই ঈশ্বৰৰ বিধি আৰু ব্যৱস্থাবোৰ তেওঁলোকক বুজাই দিওঁ।”
\s5
\p
\v 17 তেতিয়া মোচিৰ শহুৰেকে মোচিক ক’লে, “তুমি যি কাৰ্য কৰি আছা সেই কাৰ্য বৰ ভাল নহয়।
\v 18 এই দায়িত্ব তোমাৰ বাবে ভাৰস্বৰূপ হৈছে, সেয়ে তুমি অকলে বহন কৰিব নোৱাৰিবা। এইদৰে কৰিলে তুমি আৰু তোমাৰ ওচৰলৈ অহা লোকসকল নিশ্চয় ভাগৰি পৰিব।
\v 19 মোৰ কথা শুনা, মই তোমাক পৰামৰ্শ দিওঁ, আৰু ঈশ্বৰ তোমাৰ লগত থাকক; কাৰণ তুমি ঈশ্বৰৰ সন্মুখত লোকসকলৰ প্ৰতিনিধি হৈ, তেওঁলোকৰ বিবাদৰ কথা ঈশ্বৰৰ ওচৰত জনোৱা।
\v 20 তুমি তেওঁলোকক তেওঁৰ বিধি আৰু ব্যৱস্থাবোৰ শিকোৱা উচিত। তেওঁলোকে চলিবলগীয়া পথ আৰু কৰিবলগীয়া কার্য তেওঁলোকক দেখুৱা।
\s5
\p
\v 21 তুমি এই লোকসকলৰ মাজৰ পৰা সক্ষম, ঈশ্বৰক সন্মান কৰা, আৰু অন্যায় ঘৃণা কৰা, সত্যবাদী লোকক মনোনীত কৰা। লোকসকলৰ ওপৰত তেওঁলোকক সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি নিযুক্ত কৰা।
\v 22 তেওঁলোকে লোকসকলৰ সকলো সাধাৰণ বিষয়বোৰৰ সোধ-বিচাৰ কৰিব; কিন্তু কঠিন বিষয়বোৰ বিচাৰৰ বাবে তোমাৰ ওচৰলৈ আনিব। সকলো সাধাৰণ বিষয়ৰ বিচাৰ তেওঁলোকে নিজেই কৰিব। এইদৰে কৰিলে তোমাৰ কাৰণে সহজ হ’ব; আৰু তেওঁলোকে তোমাৰ সৈতে ভাৰ বহন কৰিব।
\v 23 তুমি যদি এইদৰে কাৰ্য কৰা, আৰু ঈশ্বৰে যদি তোমাক এইদৰে কৰিবলৈ আজ্ঞা দিয়ে, তেতিয়া তুমি সহ্য কৰিব পাৰিবা, আৰু লোকসকল সন্তুষ্ট হৈ নিজৰ ঘৰলৈ যাব পাৰিব।”
\s5
\p
\v 24 সেয়ে মোচিয়ে তেওঁৰ শহুৰেকৰ কথা শুনিলে, আৰু তেওঁ কোৱাৰ দৰেই সকলো কৰিলে।
\v 25 মোচিয়ে সকলো ইস্ৰায়েলৰ মাজৰ পৰা সক্ষম লোকসকলক মনোনীত কৰি, লোকসকলৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এইদৰে প্ৰধান লোক নিযুক্ত কৰিলে।
\v 26 তেওঁলোকে সাধাৰণ পৰিস্থিতিত লোকসকলৰ বিচাৰ কৰিছিল। কঠিন বিষয়বোৰ তেওঁলোকে মোচিৰ ওচৰলৈ আনিছিল; কিন্তু সাধাৰণ বিষয়বোৰ তেওঁলোকে নিজে বিচাৰ কৰিছিল।
\v 27 তাৰ পাছত মোচিয়ে শহুৰেকক বিদায় দিলে, আৰু যিথ্রো তেওঁৰ নিজৰ দেশলৈ গুচি গ’ল।
\s5
\c 19
\p
\v 1 ইস্ৰায়েলৰ লোকসকল তৃতীয় মাহত মিচৰ দেশৰ পৰা ওলাই যোৱাৰ পাছত, সেই দিনাই তেওঁলোক চীনয় মৰুভূমি আহি পালে।
\v 2 তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি চীনয় মৰুভূমিলৈ অহাৰ পাছত, মৰুভূমিত পৰ্ব্বতৰ সন্মুখত তম্বু তৰিলে।
\s5
\p
\v 3 মোচি ঈশ্বৰৰ ওচৰলৈ উঠি গ’ল। যিহোৱাই পৰ্ব্বতৰ পৰা তেওঁক মাত লগাই ক’লে, “তুমি যাকোবৰ বংশক আৰু ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ কোৱা:
\v 4 মই মিচৰীয়া লোকসকললৈ যি কৰিলোঁ, আৰু কেনেকৈ কুৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই তোমালোকক মোৰ ওচৰলৈ আনিলোঁ।
\v 5 এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
\v 6 মোৰ বাবে তোমালোক ৰাজকীয় পুৰোহিত আৰু পবিত্ৰ জাতি হ’বা। এই সকলো কথা তুমি ইস্ৰায়েলী লোকসকলক ক’ব লাগে।”
\s5
\p
\v 7 সেয়ে মোচিয়ে আহি লোকসকলৰ পৰিচাৰক সকলক মাতিলে। যিহোৱাই তেওঁক দিয়া সকলো আজ্ঞা তেওঁলোকৰ আগত প্রকাশ কৰিলে।
\v 8 সকলো লোকে একেলগে উত্তৰ দি ক’লে, “যিহোৱাই যি কৈছে, সেইবোৰ আমি কৰিম।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলে কোৱা কথা জনালে।
\v 9 যিহোৱাই মোচিক ক’লে, “মই ঘন মেঘৰ মাজত তোমাৰ ওচৰলৈ আহিম; আৰু মই যেতিয়া তোমাৰ লগত কথা পাতিম, তেতিয়া যেন লোকসকলে সেই কথা শুনিবলৈ পায়; আৰু তোমাকো যেন তেওঁলোকে সদায় বিশ্বাস কৰিব পাৰে।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলৰ কথা ক’লে।
\s5
\p
\v 10 যিহোৱাই মোচিক ক’লে, “লোকসকলৰ ওচৰলৈ যোৱা। আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা, আৰু তেওঁলোকক নিজৰ কাপোৰ ধুই, মই অহাৰ বাবে তেওঁলোকক যুগুত কৰা।
\v 11 তৃতীয় দিনৰ বাবে প্রস্তুত হোৱা, তৃতীয় দিনৰ দিনা মই যিহোৱা, চীনয় পৰ্ব্বতলৈ নামি আহিম।
\s5
\p
\v 12 তুমি লোকসকলৰ বাবে পৰ্ব্বতৰ চাৰিওফালে সীমা নিৰূপন কৰা। তেওঁলোকক কোৱা, ‘সাৱধান হওক; আপোনালোক পৰ্ব্বতৰ ওপৰলৈ উঠি নাযাব, আৰু তাৰ সীমাও স্পৰ্শ নকৰিব। যিজনে পৰ্ব্বত স্পৰ্শ কৰিব, তেওঁক অৱশ্যেই প্ৰাণদণ্ড দিয়া হ’ব।’
\v 13 সেই লোকক কোনেও হাতেৰে স্পৰ্শ নকৰিব। তাৰ পৰিৱৰ্তে, তেওঁলৈ শিল দলিওৱা হ’ব বা কাঁড় মৰা হ’ব। পশুৱেই হওক, বা মানুহেই হওক, তেওঁ নিশ্চয় মৃত্যুদণ্ড পাব। যেতিয়া দীঘল কৈ শিঙা বাজিব, তেতিয়া তেওঁলোক পৰ্ব্বতৰ নামনিলৈ নামি আহিব।”
\s5
\p
\v 14 তেতিয়া মোচিয়ে পৰ্ব্বতৰ পৰা লোকসকলৰ ওচৰলৈ নামি আহিল। তেওঁ লোকসকলক পবিত্ৰকৃত কৰিলে; আৰু তেওঁলোকে নিজৰ নিজৰ কাপোৰবোৰ ধুলে।
\v 15 তেওঁ লোকসকলক ক’লে, “তোমালোক তৃতীয় দিনৰ বাবে যুগুত হোৱা; আৰু তোমালোকৰ ভাৰ্যাৰ ওচৰলৈ নাযাব।”
\s5
\p
\v 16 তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্চ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।
\v 17 মোচিয়ে ঈশ্বৰক ল’গ ধৰিবলৈ লোকসকলক তম্বুৰ পৰা উলিয়াই আনিলে; আৰু তেওঁলোক পৰ্ব্বতৰ নামনিত থিয় হ’ল।
\v 18 যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, গোটেই পৰ্ব্বত ধোঁৱাময় হ’ল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্ব্বত বৰকৈ কঁপিবলৈ ধৰিলে।
\s5
\p
\v 19 শিঙাৰ উচ্চ ধ্বনি যেতিয়া ক্রমে ক্রমে বাঢ়ি গ’ল, তেতিয়া মোচিয়ে কথা ক’লে, আৰু ঈশ্বৰে আকাশী-বাণীৰে তেওঁক উত্তৰ দিলে।
\v 20 এইদৰে যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ নামি আহিল; আৰু মোচিক ওপৰলৈ মাতিলে। সেয়ে মোচি উঠি গ’ল।
\v 21 যিহোৱাই মোচিক ক’লে, “লোকসকলে মোক চাবৰ বাবে যেন সীমা লঙ্ঘন কৰি নাহে, আৰু তেওঁলোকৰ অনেক লোক যেন বিনষ্ট নহয়, সেই বাবে তুমি নামি গৈ তেওঁলোকক সাৱধান কৰা।
\v 22 যি পুৰোহিতসকল মোৰ ওচৰলৈ আহে, তেওঁলোকক পৃথক কৰা; যিহোৱাই যেন তেওঁলোকক আক্ৰমণ নকৰে, সেই বাবে তেওঁলোকে নিজকে পবিত্ৰকৃত কৰক।”
\s5
\p
\v 23 মোচিয়ে যিহোৱাক ক’লে, “লোকসকল চীনয় পৰ্ব্বতৰ ওপৰলৈ আহিব নোৱাৰে; কাৰণ, আপুনি আমাক আজ্ঞা কৰিছে: ‘বিশেষভাৱে যিহোৱাৰ গৌৰৱৰ অৰ্থে পৰ্ব্বতৰ সীমা নিৰূপণ কৰি তাক পবিত্ৰ কৰিবলৈ’।”
\v 24 তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি পৰ্ব্বতৰ পৰা নামি যোৱা; আৰু হাৰোণক তোমাৰ লগত লৈ আহাঁ; কিন্তু পুৰোহিত আৰু লোকসকলক সীমা অতিক্রম কৰিব নিদিবা। নহ’লে মই তেওঁলোকক আক্ৰমণ কৰিম।”
\v 25 সেয়ে মোচিয়ে লোকসকলৰ ওচৰলৈ নামি গ’ল, আৰু তেওঁলোকৰ আগত সেই কথা ক’লে।
\s5
\c 20
\p
\v 1 ঈশ্বৰে এই সকলো কথা ক’লে:
\v 2 “মই যিহোৱা, তোমালোকৰ ঈশ্বৰ, মিচৰ দেশৰ বন্দীঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
\v 3 মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক।
\s5
\p
\v 4 তোমালোকে নিজৰ বাবে, স্বৰ্গত থকা, অথবা পৃথিবীত থকা, বা পানীৰ তলত থকা কোনো আকৃতিৰ মূৰ্ত্তি নাসাজিবা।
\v 5 সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা লোকসকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ।
\v 6 কিন্তু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰা সকলক মই মোৰ বিশ্বাসযোগ্য চুক্তি হাজাৰ হাজাৰ পুৰুষলৈকে দেখাও।
\s5
\p
\v 7 তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নাম অনৰ্থকৰূপে নলবা; কিয়নো, যি কোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দ্দোষী নকৰিব।
\s5
\p
\v 8 মোৰ উদ্দেশ্যে বিশ্ৰাম-দিন সোঁৱৰণ কৰি পবিত্ৰ কৰিবা।
\v 9 ছয় দিন পৰিশ্ৰম কৰি তোমালোকে সকলো কাৰ্য কৰিবা।
\v 10 কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন। সেই দিনা তোমালোকে, অথবা তোমালোকৰ পুত্র, ছোৱালী, বা তোমালোকৰ দাস, বা দাসী, বা তোমালোকৰ পশু, বা তোমালোকৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা।
\v 11 কাৰণ, মই যিহোৱাই আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ, আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ, আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ; এই হেতুকে মই যিহোৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম-দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলোঁ।
\s5
\p
\v 12 তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা।
\s5
\p
\v 13 নৰ-বধ নকৰিবা।
\s5
\p
\v 14 কোনো লোকৰ সৈতে ব্যভিচাৰ নকৰিবা।
\s5
\p
\v 15 কাৰো পৰা চুৰ নকৰিবা।
\s5
\p
\v 16 তোমালোকে তোমালোকৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।
\s5
\p
\v 17 তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ঘৰলৈ লোভ নকৰিবা; তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ভার্যালৈ লোভ নকৰিবা, অথবা তেওঁৰ দাস, তেওঁৰ দাসী, তেওঁৰ গৰু, তেওঁৰ গাধ, বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।”
\s5
\p
\v 18 তেতিয়া লোকসকলে মেঘ-গৰ্জ্জন, বিজুলী, শিঙাধ্বনি, আৰু পৰ্ব্বত ধোঁৱাময় হোৱা দেখিলে। লোকসকলে এইদৰে হোৱা দেখি ভয়ত কম্পমান হৈ তেওঁলোক দূৰত থিয় হ’ল।
\v 19 তেওঁলোকে মোচিক ক’লে, “আপুনিয়ে আমাক কথা কওক; আমি শুনিম। কিন্তু আমাৰ সৈতে ঈশ্বৰক কথা ক’বলৈ নিদিব, নহ’লে আমি মৰিম।”
\v 20 তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ভয় নকৰিবা; তোমালোকে যেন ঈশ্বৰলৈ ভয়ভক্তি ৰাখা আৰু পাপ নকৰা, সেই বাবে তোমালোকক পৰীক্ষা কৰিবলৈ তেওঁ তোমালোকৰ ওচৰলৈ আহিল।”
\v 21 সেয়ে লোকসকল দূৰত থিয় হৈ আছিল; কিন্তু মোচিয়ে যি ঠাইত ঈশ্বৰ আছিল, সেই ঘোৰ অন্ধকাৰৰ ফালে গতি কৰিলে।
\s5
\p
\v 22 যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কবা: ‘মই যে স্বৰ্গৰ পৰা তোমালোকৰ সৈতে কথা পাতিলোঁ, তোমালোকে নিজেই তাক দেখিলা।
\v 23 তোমালোকে মোৰ কাষত তোমালোকৰ বাবে আন কোনো ৰূপৰ বা সোণৰ দেৱমূৰ্তি নাসাজিবা।
\s5
\p
\v 24 তোমালোকে মোৰ অৰ্থে মাটিৰ যজ্ঞবেদী নিৰ্মাণ কৰিবা, আৰু তাৰ ওপৰতে তোমালোকৰ হোম-বলি, সমজুৱা বলি, মেৰ-ছাগ, আৰু ষাঁড়গৰুবোৰ উৎসৰ্গ কৰিবা। যি ঠাইবোৰত মই মোৰ নাম গৌৰৱম্বানিত কৰিম, সেই সকলো ঠাইতে মই তোমাৰ ওচৰলৈ আহি তোমাক আশীৰ্ব্বাদ কৰিম।
\v 25 তুমি যদি মোৰ অৰ্থে শিলৰ যজ্ঞবেদী নিৰ্মাণ কৰা, তেনেহলে তুমি সেই বেদী কটা-শিলেৰে নিৰ্মাণ নকৰিবা; কাৰণ তাৰ ওপৰত যদি তুমি তোমাৰ অস্ত্ৰ লগোৱা, তেন্তে তুমি তাক অপবিত্ৰহে কৰিবা।
\v 26 তোমাৰ গোপনীয় অংশ যেন দেখা নাযায়, সেই বাবে মোৰ যজ্ঞবেদীলৈ তুমি খটখটিয়েদি নাযাবা’।”
\s5
\c 21
\p
\v 1 “তুমি যিবোৰ বিধি তেওঁলোকৰ আগত প্ৰকাশ কৰিবা, সেয়ে এই:
\s5
\p
\v 2 ‘তুমি যদি কোনো ইব্ৰীয়া দাস কিনি লোৱা, তেওঁ ছয় বছৰৰ বাবে সেৱা কৰিব; কিন্তু সপ্তম বছৰত তেওঁ বিনামূল্যে মুক্ত হৈ যাব।
\v 3 তেওঁ যদি নিজে আহে, তেনেহ’লে তেওঁ নিজেই মুক্ত হৈ যাব। তেওঁ যদি বিবাহিত হয়, তেনেহ’লে তেওঁৰ ভাৰ্যা তেওঁৰে সৈতে মুক্ত হৈ যাব।
\v 4 যদি তেওঁৰ মালিকে তেওঁক বিয়া কৰাই দিয়ে, আৰু তেওঁ ল’ৰা বা ছোৱালী জন্ম দিয়ে, তেনেহ’লে সেই ভাৰ্যা আৰু তেওঁৰ সন্তান সকল মালিকৰ স্বত্বত থাকিব, আৰু তেওঁ নিজেই মুক্ত হৈ যাব লাগিব।
\s5
\p
\v 5 সেই দাসে যদি স্পষ্টৰূপে কয়, ‘মই মোৰ মালিকক, মোৰ ভাৰ্যাক, আৰু মোৰ সন্তানসকলক প্ৰেম কৰোঁ, সেয়ে মই মুক্ত হৈ নাযাওঁ’।
\v 6 তেতিয়া তেওঁৰ মালিকে তেওঁক ঈশ্বৰৰ ওচৰলৈ আনিব লাগিব। মালিকে তেওঁক দুৱাৰ বা দুৱাৰৰ চৌকাঠৰ দুই দাঁতিৰ এডাললৈ আনি, তেওঁৰ মালিকে বেজিৰে তেওঁৰ কাণ ফুটা কৰিব লাগিব। তেতিয়াহে দাস জনে গোটেই জীৱন তেওঁৰ মালিকৰ সেৱা কৰিব পাৰিব।
\s5
\p
\v 7 কোনো মানুহে যদি নিজৰ জীয়েকক দাসী হ’বলৈ বিক্রী কৰে, তেনেহ’লে দাসৰ দৰে তেওঁ মুক্ত হৈ যাব নোৱাৰিব।
\v 8 যিজনে তাইক নিজৰ কাৰণে মনোনীত কৰি লয়; সেই মালিকক যদি তাই সন্তুষ্ট কৰিব নোৱাৰে, তেনেহ’লে তেওঁ তাইক ঘূৰাই পঠিয়াব লাগিব। তেওঁ তাইক বিদেশীক বেচিবৰ অধিকাৰ নাথাকিব। তাইক প্রতাৰণা কৰাৰ কাৰণে তেওঁৰ সেই অধিকাৰ নাথাকিব।
\s5
\p
\v 9 তাইৰ মালিকে যদি তাইক নিজৰ পুত্রৰ বাবে ভাৰ্যা কৰি লয়, তেনেহ’লে তেওঁ তাইক নিজৰ জীয়েকৰ দৰে ব্যৱহাৰ কৰিব লাগিব।
\v 10 তেওঁ যদি নিজৰ বাবে আন এগৰাকী ভাৰ্যা আনে, তেনেহ’লে তেওঁ তাইৰ অন্ন, বস্ত্ৰ, আৰু বিবাহৰ অধিকাৰৰ বিষয়ে ত্রুটি কৰিব নোৱাৰিব।
\v 11 কিন্তু যদি তেওঁ তাইলৈ এই তিনিওটা বিষয়ত ত্ৰুটি কৰে, তেনেহ’লে তাই বিনামূল্যে মুক্ত হৈ যাব পাৰিব।
\s5
\p
\v 12 কোনো মানুহে যদি কোনো মানুহক মাৰোতে তেওঁৰ মৃত্যু হয়; তেনেহ’লে সেই ব্যক্তিৰ অৱেশ্যে প্ৰাণদণ্ড হ’ব।
\v 13 কোনো মানুহে যদি পূৰ্বপৰিকল্পনা নকৰাকৈ মাৰোতে আকস্মিকভাৱে কাৰো মৃত্যু হয়; তেনেহ’লে তেওঁ পলাই যাব পৰা ঠাই মই নিৰূপণ কৰিম।
\v 14 যদি কোনোবাই ছলেৰে দুঃসাহিয়াল হৈ কোনো লোকক বধ কৰে, তেনেহ’লে তেওঁক প্ৰাণদণ্ড দিবৰ বাবে, ঈশ্বৰৰ যজ্ঞবেদীত থাকিলেও তেওঁক লৈ যাব।
\s5
\p
\v 15 যি কোনোৱে নিজৰ পিতৃ বা মাতৃক প্ৰহাৰ কৰে, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব।
\s5
\p
\v 16 কোনোৱে যদি কোনো মানুহক অপহৰণ কৰি বিক্রী কৰে বা সেই মানুহক যদি অপহৰণকাৰীৰ হাতত পোৱা যায়, তেনেহ’লে তেওঁৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।
\s5
\p
\v 17 যি কোনোৱে নিজৰ পিতৃ বা মাতৃক শাও দিয়ে, তেওঁৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।
\s5
\p
\v 18 লোকসকলে বিবাদ কৰোঁতে, এজনে আন জনক শিল দলিয়ালে বা ভুকু মাৰিলে, তেওঁ যদি নমৰি শয্যাগত হয়,
\v 19 তাৰ পাছত তেওঁ সুস্থ হৈ লাখুটি ধৰি খোজ কাঢ়িব পৰা হয়, তেতিয়া সেই ব্যক্তিৰ নষ্ট হোৱা সময় আৰু সম্পূৰ্ণ সুস্থতাৰ কাৰণে প্ৰহাৰ কৰা জনে তাৰ মূল্য দিব লাগিব। কিন্তু সেই প্রহাৰক জন হত্যাকাৰী বুলি বিবেচিত নহব।
\s5
\p
\v 20 কোনোৱে নিজৰ দাস বা দাসীক লাখুটিৰে মাৰোঁতে, তেওঁৰ যদি মৃত্যু হয়, তেনেহ’লে তেওঁ অৱশ্যে শাস্তি পাব।
\v 21 তথাপিও তেওঁ যদি এদিন বা দুদিন জীয়াই থাকে, তেনেহ’লে তেওঁ শাস্তি নাপায়; কাৰণ তেওঁ তেওঁৰ দাস হেৰোৱাই কষ্ট ভুগিব।
\s5
\p
\v 22 পুৰুষসকলে ইজনে সিজনৰ লগত বিবাদ কৰোঁতে যদি কোনো গৰ্ভৱতী মহিলাই আঘাত পাই তেওঁৰ গৰ্ভপাত হয়, কিন্তু তেওঁৰ যদি আন কোনো ঠাইত আঘাত নহয়, তেনেহ’লে দোষী পুৰুষজনে জৰিমনা দিব লাগিব। সেই মহিলাৰ স্বামীয়ে যদি তেওঁৰ পৰা জৰিমনা বিচাৰে, তেনেহ’লে বিচাৰকৰ্ত্তাসকলে নিৰূপণ কৰা অনুসাৰে জৰিমনা দিব লাগিব।
\v 23 কিন্তু যদি গভীৰ আঘাত হয়, তেনেহ’লে প্ৰাণৰ সলনি প্ৰাণ,
\v 24 চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি,
\v 25 জুইৰ আঘাতৰ সলনি জুইৰ আঘাত, আঘাতৰ সলনি আঘাত, বা থেতেলা খোৱাৰ সলনি থেতেলা খোৱা, দিব লাগিব।
\s5
\p
\v 26 কোনো লোকে যদি নিজৰ দাস বা দাসীৰ চকুত আঘাত কৰোঁতে চকু নষ্ট হয়, তেনেহ’লে তেওঁৰ চকুৰ বাবে তেওঁক ক্ষতিপূৰণ দি মুক্ত কৰি পঠাই দিব।
\v 27 তেওঁ যদি মাৰোঁতে নিজৰ দাস বা দাসীৰ দাঁত সৰে, তেনেহ’লে সেই দাঁতৰ কাৰণে ক্ষতিপূৰণ দি তেওঁ তেওঁক মুক্ত কৰি পঠাই দিব।
\s5
\p
\v 28 কোনো গৰুৱে যদি কোনো পুৰুষ বা মহিলাক শিঙেৰে খোঁচোতে, তেওঁৰ মৃত্যু হয়, তেনেহ’লে লোকসকলে সেই গৰুটোক অৱশ্যে শিল দলিয়াই বধ কৰিব। সেই গৰুৰ মাংস খাব নোৱাৰিব; কিন্তু গৰুৰ গৰাকী সেই দোষত নির্দোষী হ’ব।
\v 29 কিন্তু যদি সেই গৰুৱে আগেও শিঙেৰে খোঁচাৰ অভ্যাস আছে, আৰু গৰাকীক সেই বিষয়ে সাৱধান কৰি দিয়াৰ পাছতো যদি গৰাকীয়ে গৰুটোক সাৱধানে নাৰাখে, আৰু সেই গৰুৱে যদি কোনো পুৰুষ বা মহিলাক খুচি মাৰে, তেনেহ’লে সেই গৰুটোক শিল দলিয়াই বধ কৰা হ’ব, লগতে গৰুটোৰ গৰাকীকো প্ৰাণদণ্ড দিয়া হ’ব।
\v 30 তেওঁৰ পৰা যদি মূল্য বিচাৰা হয়, তেনেহ’লে তেওঁ দিবলগীয়া মূল্য দিবই লাগিব।
\s5
\p
\v 31 সেই গৰুৱে যদি কোনো লোকৰ পুত্র বা জীয়েকক খোঁচে, তেনেহ’লে এই নিয়ম অনুসাৰেই গৰুৰ গৰাকীয়ে তেওঁলৈ কৰিব লাগিব।
\v 32 সেই গৰুৱে যদি কোনো লোকৰ দাস বা দাসীক খোঁচে, তেনেহ’লে গৰুৰ গৰাকীয়ে ত্ৰিশ চেকল ৰূপ দিব লাগিব, আৰু গৰুটোক শিল দলিয়াই বধ কৰা হ’ব।
\s5
\p
\v 33 কোনো লোকে যদি গাঁত মুকলি কৰি ৰাখে, বা গাঁত খানি তাক ঢাকি নথয়, আৰু সেই গাঁতত যদি কোনো গৰু বা গাধ পৰে,
\v 34 তেনেহ’লে সেই গাতৰ গৰাকীয়ে ক্ষতিপূৰণ দিব লাগিব। তেওঁ মৃত জন্তুটোৰ গৰাকীক ধন দিব লাগিব, কিন্তু সেই মৃত জন্তুটো তেওঁৰ হ’ব।
\s5
\p
\v 35 এজনৰ গৰুৱে যদি আন জনৰ গৰুক খোঁচোতে, সেই গৰু মৰে, তেনেহ’লে তেওঁলোকে জীয়াই থকা গৰুটো বেচি তাৰ মূল্য দুভাগ কৰিব, আৰু সেই মৰা গৰুটোকো দুভাগ কৰি লব।
\v 36 কিন্তু যদি সেই গৰুৱে আগেও খোঁচাৰ অভ্যাস আছে, আৰু সেই কথা গৰাকীয়ে জানিবলৈ পায়ো গৰুটোক সাৱধানে নেৰাখে, তেনেহ’লে তেওঁ সেই গৰুৰ সলনি আন গৰু দি ক্ষতিপূৰণ কৰিব লাগিব, আৰু মৰা গৰুটো তেওঁৰ নিজৰ হ’ব।”
\s5
\c 22
\p
\v 1 কোনো লোকে যদি গৰু বা মেৰ-ছাগ চুৰ কৰি বধ কৰে অথবা বিক্রী কৰে, তেনেহ’লে তেওঁ এটা গৰুৰ সলনি পাঁচটা গৰু, আৰু এটা মেৰ-ছাগৰ সলনি চাৰিটা মেৰ-ছাগ দিব লাগিব।
\v 2 চোৰে সিন্ধি দিওঁতে যদি ধৰা পৰে, আৰু তেওঁক প্ৰহাৰ কৰোঁতে যদি তেওঁ মৰে, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত কোনো লোকক হত্যাকাৰী বুলি গণিত কৰা নহ’ব।
\v 3 কিন্তু যদি সিন্ধি দিয়াৰ আগতে সূৰ্য উদয় হয়, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত হত্যাকাৰীজন দোষী হ’ব।
\p চোৰে অৱশ্যে ক্ষতিপূৰণ কৰিবই লাগিব। তেওঁৰ যদি একো নাথাকে, তেনেহ’লে চুৰি কাৰ্যৰ বাবে তেওঁ নিজে বেচা যাব।
\v 4 চোৰে চুৰ কৰা গৰু, গাধ, বা মেৰ-ছাগ যদি তেওঁৰ হাতত জীয়াই থকা পোৱা যায়, তেনেহ’লে তেওঁ তাৰ পৰিৱৰ্তে দুগুণ দিব লাগিব।
\s5
\p
\v 5 কোনো লোকে যদি শস্য-ক্ষেত্ৰত বা দ্ৰাক্ষাবাৰীত পশু চৰায় বা নিজৰ পশু মেলি দিওঁতে যদি আনৰ পথাৰত গৈ চৰে, তেনেহ’লে তেওঁ নিজৰ পথাৰৰ উত্তম শস্য, বা নিজৰ দ্ৰাক্ষাবাৰীৰ উত্তম ফল দি ক্ষতিপূৰণ কৰিব লাগিব।
\s5
\p
\v 6 জুই বিস্তাৰিত হৈ কাঁইটনিত লাগি যদি কোনো লোকৰ দমাই থোৱা শস্য, বা পথাৰৰ শস্য, বা পথাৰ গ্রাস কৰে, তেনেহ’লে যি জনে সেই জুই লগাবলৈ আৰম্ভ কৰিছিল, তেওঁ অৱশ্যে ক্ষতিপূৰণ দিব লাগিব।
\s5
\p
\v 7 কোনো লোকে যদি ধন বা বস্তু আন লোকৰ হাতত থবলৈ দিয়ে, আৰু সেয়ে যদি সেই লোকৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে চোৰ ধৰা পৰিলে, চোৰে তাৰ দুগুণ লাগিব দিব।
\v 8 কিন্তু যদি চোৰ ধৰা নপৰে, তেনেহ’লে চুবুৰীয়াৰ সম্পতিৰ ওপৰত তেওঁ হাত দিছে নে নাই সেই কথা প্রমাণ কৰিবলৈ ঘৰৰ গৰাকী বিচাৰকৰ্ত্তাৰ ওচৰলৈ যাব লাগিব।
\v 9 কোনো বস্তুৰ বাবে হোৱা সকলো বিবাদ, যেনে গৰু, গাধ, মেৰ-ছাগ বা কাপোৰ আদি যি কোনো হেৰোৱা বস্তুৰ বিষয়ে “এই বস্তু মোৰ” বুলি কোৱা দুয়ো পক্ষৰ লোক বিচাৰকৰ্ত্তাৰ ওচৰলৈ আহিব লাগিব। এই বিষয়ত বিচাৰকৰ্ত্তাই যিজনক দোষী সাব্যস্ত কৰিব, তেওঁ তেওঁৰ চুবুৰীয়াক তাৰ দুগুণ দিব লাগিব।
\s5
\p
\v 10 কোনো লোকে যদি নিজৰ চুবুৰীয়াক এটা গাধ বা গৰু, বা মেৰ-ছাগ বা আন কোনো পশু ৰাখিবলৈ দিয়ে, আৰু কোনোৱে নেদেখাকৈ সেই পশু মৰে, বা আঘাত পায়, অথবা কোনোৱে যদি লৈ যায়,
\v 11 তেনেহ’লে মই চুবুৰীয়াৰ বস্তুত হাত দিয়া নাই, এই বুলি এজনে আন জনৰ আগত যিহোৱাৰ নামেৰে শপত খাব। পশুৰ গৰাকীয়ে সেই শপতত মান্তি হ’ব লাগিব; আৰু আন জনে তাৰ বাবে ক্ষতিপূৰণ দিব নালাগিব।
\v 12 কিন্তু যদি সেই পশু তেওঁৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে তেওঁ তাৰ গৰাকীক ক্ষতিপূৰণ দিব লাগিব।
\v 13 যদি কোনো জন্তুৱে সেই পশুটো ছিন্ন বিছিন্ন কৰি টুকুৰা কৰে, তেনেহ’লে আনজনে প্ৰমাণৰ বাবে পশুটোক আনিব লাগে। তেওঁ ছিৰা পশুৰ বাবে ক্ষতিপূৰণ দিব নালাগিব।
\s5
\p
\v 14 কোনো লোকে যদি চুবুৰীয়াৰ কোনো পশু ধাৰত আনে, আৰু গৰাকী নথকা অৱস্থাত সেই পশুটোৱে আঘাত পায়, বা মৰে, তেনেহ’লে তেওঁ অৱশ্যে ক্ষতিপূৰণ দিব লাগিব।
\v 15 কিন্তু যদি গৰাকী পশুটোৰ লগত থাকে, তেনেহ’লে তেওঁ ক্ষতিপূৰণ দিব নালাগিব; পশুটো যদি ভাড়াত অনা হয়, তেনেহ’লে তাৰ বাবে ভাড়াৰ মূল্য দিব লাগিব।
\s5
\p
\v 16 কোনো লোকে যদি তেওঁলৈ বাগ্দান নকৰা কুমাৰী যুৱতীৰ সৈতে শয়ন কৰে, তেনেহ’লে ইয়াৰ বাবে তেওঁ অৱশ্যেই যুৱতী গৰাকীৰ গা ধন দি তেওঁক নিজৰ ভাৰ্যা কৰি ল’ব লাগিব।
\v 17 যদি যুৱতী গৰাকীৰ পিতৃয়ে সেই লোকজনলৈ বিয়া দিবলৈ অসন্মত হয়, তেনেহ’লে তেওঁ যুৱতী গৰাকীৰ কুমাৰীত্বৰ গা-ধন অনুসাৰে ধন দিব লাগিব।
\s5
\p
\v 18 তোমালোকে মায়াকৰ্ম কৰা সকলক জীয়াই থাকিব নিদিবা।
\s5
\p
\v 19 পশুৰ সৈতে যৌন সম্পৰ্ক কৰা লোকক অৱশ্যে প্ৰাণদণ্ড দিয়া হব।
\s5
\p
\v 20 যি জনে যিহোৱাৰ বাহিৰে আন কোনো দেৱতাৰ আগত বলিদান কৰে, তেওঁ নিঃশেষে বিনষ্ট হব।
\v 21 তোমালোকে বিদেশীক অন্যায় নকৰিবা, আৰু তেওঁলোকক উপদ্ৰৱ নকৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী হৈ আছিল।
\s5
\p
\v 22 তোমালোকে বিধৱা আৰু পিতৃহীন সন্তানক বেয়া ব্যৱহাৰ নকৰিবা।
\v 23 তেওঁলোকক যদি তোমালোকে কষ্ট দিয়া, আৰু তেওঁলোকে যদি মোৰ আগত কাতৰোক্তি কৰে, তেনেহ’লে মই যিহোৱাই অৱশ্যে তেওঁলোকৰ কাতৰোক্তি শুনিম।
\v 24 মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু মই তোমালোকক তৰোৱালেৰে বধ কৰিম। তোমালোকৰ ভাৰ্যাসকল বিধৱা, আৰু সন্তান সকল পিতৃহীন হ’ব।
\s5
\p
\v 25 তোমালোকে যদি মোৰ লোকসকলৰ মাজত থকা কোনো দৰিদ্ৰ লোকক ধন ধাৰে দিয়া, তেনেহ’লে তোমালোকে সুতলৈ ধাৰ দিয়া অথবা সুত আদায় কৰা লোকৰ দৰে নহবা।
\v 26 তোমালোকে যদি কেতিয়াবা তোমালোকৰ চুবুৰীয়াৰ পৰা কাপোৰ বন্ধকত লোৱা, তেনেহ’লে বেলি মাৰ যোৱাৰ আগেয়ে তাক ঘূৰাই দিব লাগিব।
\v 27 কাৰণ সেই কাপোৰখন তেওঁৰ একমাত্র গা ঢকা কাপোৰ; সেই খন নহ’লে তেওঁ কিহত শুব? তেওঁ যেতিয়া মোৰ আগত কাতৰোক্তি কৰিব, তেতিয়া মই তেওঁৰ কাতৰোক্তি শুনিম; কাৰণ মই দয়ালু।
\s5
\p
\v 28 তোমালোকৰ ঈশ্বৰ যি মই, মোক নিন্দা নকৰিবা, নাইবা তোমালোকৰ শাসনকৰ্ত্তাক শাও নিদিবা।
\s5
\p
\v 29 তোমালোকৰ শস্য, বা পেয় দ্ৰব্যৰ পৰা উৎসৰ্গ কৰিবলৈ তোমালোকে পলম কৰিব নালাগে। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰক মোৰ অৰ্থে দিব লাগিব।
\v 30 তোমালোকৰ গৰু আৰু মেৰ-ছাগৰ জাকৰ ক্ষেত্রতো সেইদৰেই কৰিবা। সেই পশুবোৰ সাত দিন নিজৰ মাকৰ লগত থাকিব, কিন্তু অষ্টম দিনা তোমালোকে সেইবোৰ মোক দিব লাগিব।
\v 31 তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ লোক হ’বা। সেয়ে পথাৰত জন্তুৱে ছিৰা ছিৰ কৰা যিকোনো মাংস তোমালোকে নাখাবা; তাৰ পৰিৱৰ্তে কুকুৰৰ আগত পেলাই দিবা।
\s5
\c 23
\p
\v 1 তোমালোকে কোনো লোকৰ অহিতে মিছা কথা নকবা। অন্যায় সাক্ষী দিবলৈ তোমালোকে দুৰ্জন লোকৰ লগত সহযোগ নকৰিবা।
\v 2 তোমালোকে কু-কৰ্ম কৰিবলৈ জনসাধাৰণক অনুসৰণ নকৰিবা; নাইবা অন্যায় বিচাৰ কৰিবলৈ জনসাধাৰণৰ পক্ষত থাকি সিদ্ধান্ত নলবা।
\v 3 তোমালোকে কোনো দৰিদ্র লোকৰ বিচাৰত তেওঁৰ পক্ষ নল’বা।
\s5
\p
\v 4 তোমালোকৰ শত্ৰুৰ গৰু বা গাধ বাট হেৰুওৱা দেখিলে, তোমালোকে অৱশ্যে তাক তেওঁৰ ওচৰলৈ উভতাই লৈ যাবা।
\v 5 তোমালোকে যদি তোমালোকক ঘৃণা কৰা কোনো লোকৰ মালবাহী গাধক বস্তুৰ ভৰত মাটিত পৰা দেখা, তেনেহ’লে সেই লোকজনক তোমালোকে এৰি থৈ নাযাবা। তেওঁৰ গাধ, লগতে তেওঁকো নিশ্চয় সহায় কৰিবা।
\s5
\p
\v 6 তোমালোকে কোনো দৰিদ্ৰ লোকৰ বিচাৰত তেওঁৰ প্রতি অন্যায় বিচাৰ নকৰিবা।
\v 7 মিছা অভিযোগ দিওঁতে আনলোকৰ সৈতে সহযোগ নকৰিবা, নিৰ্দ্দোষী বা ধাৰ্মিক লোকক হত্যা নকৰিবা; কাৰণ মই দুষ্টলোকক নিৰ্দ্দোষী নকৰিম।
\v 8 তোমালোকে ভেটী নলবা; কাৰণ ভেঁটীয়ে, ভেঁটীলোৱা সকলক অন্ধ কৰে, আৰু ধাৰ্মিক সকলৰ কথা বিপথগামী কৰে।
\v 9 তোমালোকে বিদেশী লোকক উপদ্ৰৱ নকৰিবা; কাৰণ তোমোলোকো মিচৰ দেশত বিদেশী হৈ আছিলা, সেয়ে বিদেশী লোকৰ মনৰ কথা তোমালোকে জানিব লাগে।
\s5
\p
\v 10 তোমালোকে তোমালোকৰ মাটিত ছয় বছৰৰ বাবে গুটি সিঁচিবা, আৰু তাত উৎপন্ন হোৱা শস্য চপাবা।
\v 11 কিন্তু সপ্তম বছৰত, সেই মাটি ছন পৰি থাকিবলৈ দিবা; সেয়ে তোমালোকৰ মাজৰ দৰিদ্ৰ লোকসকলে খাবলৈ পাব। তেওঁলোকে যি এৰিব, তাক বনৰীয়া পশুবোৰে খাব। এইদৰেই তোমালোকৰ দ্ৰাক্ষাবাৰী আৰু জিতগছৰ বাৰীৰ ক্ষেত্রতো কৰিবা।
\s5
\p
\v 12 তোমালোকে ছয় দিন নিজৰ কাম কৰিবা, কিন্তু সপ্তম দিনা বিশ্রাম কৰিবা। এইদৰে কৰিবা; যাতে তোমালোকৰ গৰু, গাধ, তোমালোকৰ দাসীৰ পুত্র আৰু যিকোনো বিদেশী লোকে বিশ্রাম ল’ব পাৰিব আৰু সতেজতা লাভ কৰিব।
\v 13 মই তোমালোকক যি সকলো কথা কলোঁ, সেই সকলো কথাত মনোযোগ দিবা। তোমালোকে আন দেৱতাবোৰৰ নাম উল্লেখ নকৰিবা, নাইবা তোমালোকৰ মুখৰ পৰা সেইবোৰৰ নাম শুনা নাযাওক।
\s5
\p
\v 14 তোমালোকে প্রতি বছৰে তিনিবাৰ মোৰ অৰ্থে উৎসৱ পালন কৰিবলৈ নিৰ্দ্দিষ্ট স্থানলৈ আহিব লাগিব।
\v 15 তোমালোকে খমীৰ নিদিয়া পিঠাৰ উৎসৱ পালন কৰিবা। মই দিয়া আজ্ঞা অনুসাৰে, সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিবা। সেই সময়তে এই উদ্দেশ্যৰ কাৰণে নিৰ্দ্দিষ্ট কৰা আবীব মাহত মোৰ সন্মুখত উপস্থিত হ’বা। কাৰণ এই মাহতে তোমালোক মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলা। কিন্তু তোমালোকে শুদা হাতে মোৰ ওচৰত উপস্থিত হ’ব নালাগে।
\s5
\p
\v 16 তোমালোকে শস্য দোৱাৰ উৎসৱ, অৰ্থাৎ পথাৰত যি গুটি সিঁচিলা, সেই পৰিশ্রমৰ প্ৰথম ফলৰ উৎসৱ পালন কৰিব লাগিব; আৰু বছৰৰ শেষত তোমালোকে উৎপন্ন কৰা খেতিৰ ফল চপোৱা সময়ত, ফল চপোৱা উৎসৱ পালন কৰিব লাগিব।
\v 17 তোমালোকৰ পুৰুষসকলে প্রতি বছৰে তিনি বাৰ, যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব।
\s5
\p
\v 18 তোমালোকে খমীৰ দিয়া পিঠাৰে সৈতে বলিৰ তেজ মোলৈ উৎসৰ্গ নকৰিবা। মোৰ উৎসৱৰ সময়ত বলিদান কৰা পশুৰ চৰ্বি গোটেই ৰাতিৰ পৰা ৰাতিপুৱালৈকে অৱশিষ্ট থাকিব নালাগে।
\v 19 তোমালোকৰ মাটিৰ প্ৰথম ফলৰ উত্তম ভাগ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰৰ লগত নিসিজাবা।
\s5
\p
\v 20 যাত্রা পথত তোমালোকক সুৰক্ষা দান কৰিবলৈ, আৰু মই যি ঠাই তোমালোকৰ বাবে যুগুত কৰিছোঁ, সেই ঠাইলৈ তোমালোকক লৈ যাবলৈ, মই তোমালোকৰ আগে আগে এজন দূত পঠাম।
\v 21 তেওঁলৈ মনোযোগী হ’বা আৰু তেওঁক মানি চলিবা। তেওঁক উত্তেজিত নকৰিবা, কাৰণ তেওঁ তোমালোকৰ অপৰাধ ক্ষমা নকৰিব। মোৰ নাম তেওঁত আছে।
\v 22 তোমালোকে যদি নিশ্চয়ে তেওঁৰ কথা শুনা, আৰু মই যি কলোঁ সেই সকলোকে কৰা, তেনেহ’লে মই তোমালোকৰ শত্ৰুবোৰৰ শত্ৰু আৰু প্রতিদ্বন্দীৰ প্রতিদ্বন্দী হম।
\s5
\p
\v 23 মোৰ দূত তোমালোকৰ আগে আগে যাব, আৰু ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, কনানীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলৰ দেশলৈ তোমালোকক লৈ যাব। মই তেওঁলোকক ধ্বংস কৰিম।
\v 24 তোমালোকে তেওঁলোকৰ দেৱতাবোৰৰ আগত প্ৰণিপাত নকৰিবা, সেৱা পূজাও নকৰিবা বা তেওঁলোকে কৰা কাৰ্যৰ দৰে কোনো কাৰ্য নকৰিবা। তাৰ পৰিৱৰ্তে সেইবোৰক সম্পূৰ্ণকৈ বিনষ্ট কৰিবা, আৰু তেওঁলোকৰ শিলৰ স্তম্ভবোৰ একেবাৰে ভাঙি গুড়ি কৰি পেলাবা।
\v 25 তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ সেৱা কৰিবা। তোমালোকে এইদৰে কৰিলে মই তোমালোকৰ অন্ন-জলক আশীৰ্ব্বাদ কৰিম। মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম।
\s5
\p
\v 26 তোমালোকৰ দেশত কোনো মহিলাৰ গৰ্ভপাত নহ’ব, আৰু কোনো বন্ধ্যা হৈ নাথাকিব। মই তোমালোকক দীর্ঘায়ু দিম।
\v 27 তোমালোক যি দেশলৈ যাবা সেই দেশৰ লোকসকলৰ মনত মই মোৰ ভয় জন্মাম। তোমালোকে যি লোকসকলক লগ পাবা, সেই লোকসকলক মই বধ কৰিম। মই তোমালোকৰ সকলো শত্ৰুবোৰক তোমালোকৰ ভয়ত তোমালোকৰ পৰা দূৰ কৰিম।
\v 28 মই তোমালোকৰ আগেয়ে কোদো পঠাম; সেয়ে সেইবোৰে হিব্বীয়া, কনানীয়া, আৰু হিত্তীয়া সকলক তোমালোকৰ আগৰ পৰা খেদি পঠিয়াব।
\v 29 দেশ যেন পৰিত্যক্ত নহয়, আৰু তোমালোকৰ বিৰুদ্ধে বনৰীয়া জন্তুবোৰ যেন বৃদ্ধি নাপায়, সেই বাবে মই একে বছৰতে সেইবোৰক তোমালোকৰ আগৰ পৰা খেদি নপঠিয়াম।
\s5
\p
\v 30 তাৰ পৰিৱৰ্তে তোমালোক বৃদ্ধি পাই দেশ অধিকাৰ নকৰা মানে, মই তেওঁলোকক তোমালোকৰ আগৰ পৰা অলপ অলপকৈ বাহিৰলৈ খেদি থাকিম।
\v 31 মই চূফ সাগৰৰ পৰা পলেষ্টীয়াসকলৰ সমুদ্ৰলৈকে, আৰু মৰুভূমিৰ পৰা ফৰাৎ নদীলৈকে তোমালোকৰ সীমা নিৰূপণ কৰিম। সেই দেশ নিবাসী সকলৰ ওপৰত মই তোমালোকক জয়ী কৰিম। তোমালোকে তোমালোকৰ আগৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰিবা।
\v 32 তোমালোকে তেওঁলোকৰ সৈতে, বা তেওঁলোকৰ দেৱতাবোৰৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা।
\v 33 তেওঁলোকে তোমালোকৰ দেশত বাস কৰিব নোৱাৰিব; বাস কৰিলে, তেওঁলোকে তোমালোকক মোৰ বিৰুদ্ধে পাপ কৰাব। কিয়নো তুমি যদি তেওঁলোকৰ দেৱতাবোৰক পূজা কৰা, তেনেহ’লে নিশ্চয়ে তোমালোকলৈ সেয়ে ফান্দস্বৰূপ হ’ব।
\s5
\c 24
\p
\v 1 যিহোৱাই মোচিক কলে, “তুমি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ সত্তৰজন পৰিচাৰক মোৰ ওচৰলৈ উঠি আহাঁ; আৰু তোমালোকে দূৰৰে পৰা মোক আৰাধনা কৰা।
\v 2 কেৱল মোচিহে মোৰ ওচৰলৈ আহিব। আন লোকসকল ওচৰলৈ আহিব নালাগে; বা লোকসকল তেওঁৰ লগত ওপৰলৈ উঠি আহিব নালাগে।”
\s5
\p
\v 3 তেতিয়া মোচিয়ে গৈ, যিহোৱাৰ সকলো বাক্য আৰু শাসন প্ৰণালীৰ কথা লোকসকলক ক’লে। সকলোৱে একে লগে উত্তৰ দি ক’লে, “যিহোৱাই কোৱা সকলো কথা আমি পালন কৰিম।”
\v 4 তাৰ পাছত মোচিয়ে যিহোৱাৰ সকলো বাক্য লিখিলে। ৰাতিপুৱাই উঠি, মোচিয়ে পৰ্ব্বতৰ তলত এটা যজ্ঞবেদী আৰু ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে বাৰটা স্তম্ভ নিৰ্ম্মাণ কৰিলে।
\s5
\p
\v 5 তেওঁ ইস্ৰায়েলী লোকসকলৰ মাজৰ কিছুমান যুৱকক যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলিস্বৰূপে ভতৰা গৰু উৎসৰ্গ কৰিবলৈ পঠিয়ালে।
\v 6 মোচিয়ে তেজৰ আধা অংশ, কেইটামান চৰিয়াত থলে, আৰু অৱশিষ্ট অংশ বেদীৰ ওপৰত ছটিয়াই দিলে।
\s5
\p
\v 7 তেওঁ নিয়ম-পুস্তকখন লৈ লোকসকলে শুনাকৈ পাঠ কৰিলে। তেওঁলোকে ক’লে, “যিহোৱাই যি যি কৈছে, সেই সকলোকে আমি পালন কৰিম, আৰু আমি তেওঁৰ আজ্ঞাধীন হম।”
\v 8 তাৰ পাছত মোচিয়ে সেই তেজ লৈ, লোকসকলৰ ওপৰত ছটিয়াই দিলে। মোচিয়ে ক’লে, “যিহোৱাই এই সকলো বাক্যৰ সৈতে তোমালোকক দিয়া প্রতিজ্ঞাৰ যি নিয়ম স্থাপন কৰিলে, এয়ে সেই নিয়মৰ তেজ।”
\s5
\p
\v 9 তাৰ পাছত মোচি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ মাজৰ সত্তৰ জন পৰিচাৰক পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল।
\v 10 তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ দৰ্শন পালে। নীলা আকাশৰ দৰে স্বচ্ছ নীলকান্ত বাখৰেৰে তৈয়াৰী বাটত তেওঁ থিয় হৈ আছিল।
\v 11 কিন্তু ঈশ্বৰে ঈশ্বৰে এওঁলোকৰ অহিতে তেওঁৰ হাত নাদাঙিলে। তেওঁলোকে ঈশ্বৰৰ দৰ্শন পালে আৰু তেওঁলোকে ভোজন পান কৰিলে।
\s5
\p
\v 12 যিহোৱাই মোচিক কলে, “তুমি পৰ্ব্বতলৈ মোৰ ওচৰলৈ উঠি আহাঁ, আৰু তাতে থাকা। মই লিখা ব্যৱস্থা আৰু আজ্ঞাৰ শিলৰ ফলি মই তোমাক দিম; যাতে সেইবোৰ তুমি তেওঁলোকক শিকাব পাৰা।”
\v 13 তেতিয়া মোচিয়ে আৰু তেওঁৰ পৰিচাৰক যিহোচূৱাক লগত লৈ ঈশ্বৰৰ পৰ্ব্বতলৈ উঠি গ’ল।
\s5
\p
\v 14 মোচিয়ে পৰিচাৰক সকলক ক’লে, “আমি তোমালোকৰ ওচৰলৈ উভটি নহালৈকে, তোমালোক ইয়াতে থাকা। হাৰোণ আৰু হূৰ আপোনালোকৰ লগত আছে। কোনো জনৰ যদি কিবা বিবাদ থাকে, তেওঁক তেওঁলোকৰ ওচৰলৈ যাব দিব।”
\v 15 সেই বুলি কৈ, মোচি পৰ্ব্বতলৈ উঠি গ’ল, আৰু মেঘে পৰ্ব্বত ঢাকি ধৰিলে।
\s5
\p
\v 16 সেই চীনয় পৰ্ব্বতৰ ওপৰত যিহোৱাৰ প্ৰতাপ স্থাপিত আছিল, আৰু ছয় দিনলৈকে মেঘে পৰ্ব্বত ঢাকি ৰাখিছিল। সপ্তম দিনত তেওঁ মেঘৰ মাজৰ পৰা মোচিক মাতিলে।
\v 17 ইস্ৰায়েলী লোকসকলৰ দৃষ্টিত, যিহোৱাৰ প্ৰতাপ পৰ্ব্বতৰ ওপৰত গ্ৰাসকাৰী অগ্নিৰ দৰে প্ৰকাশিত হ’ল।
\v 18 মোচি মেঘৰ মাজত সোমাই পৰ্ব্বতলৈ উঠি গ’ল। মোচি সেই পৰ্ব্বততে চল্লিশ দিন আৰু চল্লিশ ৰাতি থাকিল।
\s5
\c 25
\p
\v 1 যিহোৱাই মোচিক ক’লে,
\v 2 “মনৰ ইচ্ছাৰে প্রভাৱিত হোৱা প্রতিজন ইস্ৰায়েলী লোকৰ পৰা মোৰ অৰ্থে দান গ্রহণ কৰিবলৈ ক’বা। তুমি নিশ্চয়কৈ মোৰ অৰ্থে এই দান গ্রহণ কৰিবা।
\s5
\p
\v 3 তুমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিব লগা দান এইবোৰ: সোণ, ৰূপ, পিতল,
\v 4 আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা, ছাগলীৰ নোম,
\v 5 ৰঙা ৰং কৰা মেৰ-ছাগ পোৱালীৰ ছাল, গৰুৰ মিহি ছাল, চিটীম কাঠ,
\v 6 পবিত্র প্ৰদীপৰ বাবে তেল, অভিষেক তেলৰ বাবে মচলা, আৰু সুগন্ধি ধূপ,
\v 7 এফোদ আৰু বুকুপতাত লগাবৰ বাবে গোমেদক আৰু আন বহুমূল্য বাখৰ।
\s5
\p
\v 8 মই তেওঁলোকৰ মাজত বাস কৰিবৰ অৰ্থে, তেওঁলোকক মোৰ বাবে এটা ধৰ্মধাম নিৰ্মাণ কৰিবলৈ কোৱা।
\v 9 সেই আবাস আৰু তাৰ সকলো বস্তুৰ যি নমুনা মই তোমাক দেখুৱাম, তোমালোকে সেই নমুনাৰ দৰেই সকলো কৰিবা।
\s5
\p
\v 10 তেওঁলোকে চিটীম কাঠেৰে আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল আৰু ডেৰ হাত ওখকৈ এটা নিয়ম-চন্দুক সাজিব।
\v 11 তুমি সেই নিয়ম চন্দুকৰ ভিতৰে বাহিৰে শুদ্ধ সোণৰ পতা মাৰিবা; আৰু তাৰ ওপৰৰ চাৰিওফালৰ সীমা সোণেৰে তৈয়াৰ কৰিবা।
\s5
\p
\v 12 ইয়াৰ বাবে সোণৰ চাৰিটা আঙঠি সাঁচত বনাবা, আৰু নিয়ম চন্দুকৰ এফালে দুটা, আৰু আন ফালে দুটা, এইদৰে চাৰিওটা খুৰাত লগাবা।
\v 13 তুমি চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিবা।
\v 14 নিয়ম চন্দুক বৈ নিবৰ বাবে, সেই কানমাৰি নিয়ম-চন্দুকৰ দুয়ো ফালে থকা আঙঠিত সুমুৱাবা।
\s5
\p
\v 15 সেই কানমাৰি নিয়ম-চন্দুকৰ আঙঠিৰ ভিতৰতে থাকিব লাগে, তাৰ পৰা উলিয়াব নালাগে।
\v 16 মই তোমাক যি সাক্ষ্য ফলি দিম, সেই সাক্ষ্য ফলি নিয়ম-চন্দুকৰ ভিতৰত ৰাখিবা।
\v 17 তাৰ পাছত তুমি শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল এখন পাপাবৰণ সাজিবা।
\v 18 তুমি সোণ পিটি দুটা কৰূব সাজিবা; পাপাবৰণৰ দুই মুৰত সেই কৰূব দুটা লগাবা।
\s5
\p
\v 19 এক মুৰত এটা কৰূব আৰু আন মুৰত আনটো কৰূব লগাবা; পাপাবৰণৰ দুই মূৰত তাৰে সৈতে একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিবা।
\v 20 কৰূব দুটাই ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকিব; সেই কেইটা মুখামুখি হৈ থাকিব; আৰু কৰূব দুটাৰ দৃষ্টি পাপাবৰণৰ মাজত থাকিব।
\v 21 তুমি সেই পাপাবৰণ, নিয়ম চন্দুকৰ ওপৰত ৰাখিবা; আৰু মই তোমাক যি সাক্ষ্য-ফলি দিম, সেই ফলি নিয়ম চন্দুকৰ ভিতৰত থ’বা।
\s5
\p
\v 22 মই সেই নিয়ম চন্দুকতে তোমাৰে সৈতে সাক্ষাৎ কৰিম। পাপাবৰণৰ ওপৰৰ পৰা, সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা কৰূব দুটাৰ মাজৰ পৰা, ইস্ৰায়েলৰ লোকসকলৰ বাবে যিবোৰ আজ্ঞা দিম, সেই বিষয়ে তোমাৰে সৈতে কথা পাতিম।
\s5
\p
\v 23 তুমি দুহাত দীঘল, এহাত বহল, আৰু ডেৰ হাত ওখকৈ চিটীম কাঠৰ এখন মেজ সাজিবা,
\v 24 সেই মেজত শুদ্ধ সোণৰ পতা মাৰিবা, আৰু তাৰ চাৰিওফালে সোণৰ সীমা দিবা।
\s5
\p
\v 25 সেই মেজৰ চাৰিওফালে চাৰি আঙুলি জোখৰ এচটা কাঠ দি ফ্রেম বনাবা, আৰু সেই ফ্রেমৰ চাৰিও ফালে সোণৰ সীমা বনাবা।
\v 26 সোণৰ চাৰিটা আঙঠি সাজি, সেই আঙঠি চাৰিটা খুৰা থকা মেজৰ চাৰি চুকত লগাবা।
\v 27 মেজ বৈ নিবলৈ কানমাৰি সুমুউৱাবলৈ ফ্রেমত আঙঠি লগাবা।
\s5
\p
\v 28 তুমি মেজ বৈ নিবৰ বাবে, চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিবা।
\v 29 পেয় নৈবেদ্যৰ বাবে ব্যৱহাৰ কৰিবলৈ কাঁহি, চামুচ, টেকেলি আৰু বাটি গঢ়াবা। এই সকলোকে শুদ্ধ সোণেৰে গঢ়াবা।
\v 30 তুমি সেই মেজৰ ওপৰত মোৰ আগত সদায় দৰ্শন-পিঠা ৰাখিবা।
\s5
\p
\v 31 তুমি শুদ্ধ পিটা সোণৰ এটা দীপাধাৰ সাজিবা। দীপাধাৰৰ সৈতে তাৰ বাটিবোৰ, তাৰ তলৰ পাতবোৰ, আৰু ফুলবোৰ একেডোখৰ সোণেৰেই বনোৱা হ’ব লাগে।
\v 32 দীপাধাৰৰ কাষৰ পৰা ছয়ডাল শাখা ওলোৱা হ’ব লাগিব। তাৰে তিনি ডাল শাখা এফালৰ পৰা, আৰু আন তিনি ডাল শাখা আন ফালৰ পৰা ওলোৱা হ’ব লাগিব।
\s5
\p
\v 33 তাৰ এটা শাখাত বাদাম ফুলৰ আকৃতিৰে তিনিটা বাটি, এটা কলি, আৰু এটা ফুল থাকিব লাগিব। আন শাখাতো বাদাম ফুলৰ আকৃতিৰে তিনিটা বাটি, এটা কলি, আৰু এটা ফুল থাকিব। দীপাধাৰৰ পৰা ওলোৱা ছয়টা ডালতে সেই একে দৰেই হ’ব।
\v 34 দীপাধাৰৰ মাজভাগতো বাদাম ফুলৰ আকৃতিৰে চাৰিটা বাটি, কলি, আৰু ফুল থাকিব।
\s5
\p
\v 35 সেই দীপাধাৰৰ প্রথম যোৰ শাখাত একে ডোখৰ সোণেৰে এটা কলি, আৰু আন দ্বিতীয় যোৰ শাখাতো একে ডোখৰ সোণেৰে এটা কলি থাকিব।
\v 36 সেইবোৰৰ কলি আৰু সেইবোৰৰ শাখাবোৰ একে ডোখৰ সোণেৰে হ’ব; আৰু সেই সকলোৱেই শুদ্ধ সোণ পিটি বনোৱা হ’ব।
\s5
\p
\v 37 তুমি দীপাধাৰ আৰু ইয়াৰ সাতটা প্ৰদীপ সাজিবা। প্রদীপৰ পৰা পোহৰ ওলাবলৈ প্ৰদীপবোৰ দীপাধাৰত লগাবা।
\v 38 এঙাৰ ধৰা চেপেনা আৰু ট্রে শুদ্ধ সোণৰ হ’ব লাগিব।
\v 39 দীপাধাৰ আৰু দীপাধাৰৰ বাবে ব্যৱহাৰ কৰা সকলো বস্তু সাজিবলৈ এক কিক্কৰ শুদ্ধ সোণ ব্যৱহাৰ কৰিবা।
\v 40 মই তোমাক পৰ্ব্বতত দেখুউৱা নমুনাৰ দৰেই সেই সকলো নিশ্চয় সাজিবা।”
\s5
\c 26
\p
\v 1 তুমি দহখন পৰ্দাৰে আবাস যুগুত কৰিবা; সেই পৰ্দাৰ কাপোৰ কেইখন পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূবৰ নক্সাৰে তৈয়াৰ কৰিবা।
\v 2 প্ৰত্যেক খন পৰ্দা আঁঠাইশ হাত দীঘল, আৰু চাৰি হাত বহল, এইদৰে সকলোবোৰ পৰ্দা একে জোখৰ হ’ব লাগিব।
\v 3 পাঁচখন পৰ্দা ইখনৰ লগত সিখন একেলগে জোৰা দিব লাগিব, আৰু আন পাঁচখন পৰ্দাও একেদৰে যোৰা দিব লাগিব।
\s5
\p
\v 4 প্ৰথম জোৰা দিয়া পৰ্দা কেইখনৰ শেষৰ খনৰ চুকত, আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দা কেইখনৰ শেষৰ খনৰ চুকত নীলা বৰণীয়া জৰীৰ পাক লগাবা।
\v 5 সেই প্ৰথম খন পৰ্দাৰ কিনাৰত পঞ্চাশটা জৰীৰ পাক লগাবা, আৰু জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ কিনাৰতো পঞ্চাশটা জৰীৰ পাক লগাবা। এইদৰে কৰিবা যাতে, জৰীৰ পাক দুশাৰী মুখামুখি হ’ব।
\v 6 সোণৰ পঞ্চাশটা হাঁকোটা গঢ়াই সেই হাঁকোটাৰে কাপোৰ দুখন ইখনৰ সৈতে সিখনক বান্ধিবা; সেইদৰে কৰিলে আবাস একলগ হ’ব।
\s5
\p
\v 7 সেই আবাস ঢাকিবলৈ তম্বুৰ দৰে ছাগলীৰ নোমেৰে পৰ্দা যুগুত কৰিবা। তুমি এঘাৰখন পৰ্দা যুগুত কৰিব লাগিব।
\v 8 প্ৰতিখন পৰ্দা দীঘলে ত্রিশ হাত আৰু বহলে চাৰি হাত হ’ব; সেই এঘাৰখন পৰ্দা একে জোখৰ হ’ব লাগিব।
\v 9 পাঁচখন পৰ্দা ইখনৰ লগত সিখনক জোৰা লগাবা, আৰু আন ছয়খন পৰ্দাও ইখনৰ লগত সিখনক জোৰা লগাবা। তুমি ষষ্ঠ পৰ্দাখন দুতৰপীয়া কৰি তম্বুৰ সন্মুখত থবা।
\s5
\p
\v 10 প্ৰথম জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত পঞ্চাশটা জৰীৰ পাক লগাবা, আৰু সেই দৰে জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ আউঠিতো পঞ্চাশটা জৰীৰ পাক লগাবা।
\v 11 পিতলৰ পঞ্চাশটা হাঁকোটা গঢ়াই, সেই হাঁকোটাৰে জৰীৰ পাক যোৰা দি তম্বু ল’গ লগাবা। তাৰ পাছত তম্বুৰ ঢাকনিৰ দৰে একেলগে যোৰা দিবা, সেয়ে এটাৰ দৰে হ’ব।
\s5
\p
\v 12 সেই তম্বুৰ পৰ্দা কেইখনৰ পৰা ওলমি থকা আধা কাপোৰ আবাসৰ পাছফালে ওলমি থাকিব লাগিব।
\v 13 তম্বুৰ পৰ্দা কেইখনৰ এফালে এহাত দীঘল, আৰু আনফালে এহাত দীঘল হ’ব লাগিব। তম্বুৰ বাকী থকা পৰ্দাৰ দীঘল অংশ আবাসৰ এটা ফালে ওলমি থাকিব লাগিব, আৰু আন ফালৰ ওলমি থকা অংশ আবাস ঢাকি ৰাখিব।
\v 14 তুমি ৰঙা ৰং কৰা মেৰ-ছাগ পোৱালীৰ ছালেৰে তম্বুৰ বাবে এটা আবৰণ যুগুত কৰিবা। তাৰ ওপৰত আন এটা আবৰণ মিহি ছালেৰে যুগুত কৰিবা।
\s5
\p
\v 15 তুমি আবাসৰ বাবে চিটীম কাঠৰ থিয়কৈ তক্তা যুগুত কৰিবা।
\v 16 প্রতিখন তক্তা দহ হাত দীঘল, আৰু ডেৰ হাত বহল হ’ব।
\v 17 প্ৰতিখন তক্তাত একে ধৰণৰ দুটা ভাগ ওলাই থকা হ’ব লাগিব; যাতে ইখন তক্তা সিখন তক্তাৰ লগত যোৰা দিব পাৰি। আবাসৰ কাৰণে এইদৰেই তক্তা তৈয়াৰ কৰিবা।
\v 18 তুমি আবাসৰ বাবে তক্তা যুগুত কৰোঁতে, বিশখন তক্তা দক্ষিণ দিশৰ বাবে তৈয়াৰ কৰিবা।
\s5
\p
\v 19 সেই বিশখন তক্তাৰ তলত চল্লিশটা ৰূপৰ চুঙী লগাবা, এখন তক্তাৰ তলত দুটা স্তম্ভমূলৰ বাবে দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটা দুটাকৈ স্তম্ভমূলৰ বাবে দুটাকৈ চুঙী লগাবা।
\v 20 তুমি আবাসৰ দ্বিতীয় ফালৰ উত্তৰদিশত বিশখন তক্তা তৈয়াৰ কৰিব লাগিব।
\v 21 আৰু সেইবোৰত চল্লিশটা ৰূপৰ চুঙী লগাবা; প্রথম তক্তাৰ তলত দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটাকৈ চুঙী থাকিব।
\s5
\p
\v 22 আবাসৰ পশ্চিমদিশে পাছফালৰ বাবে ছয়খন তক্তা তৈয়াৰ কৰিবা।
\v 23 তুমি আবাসৰ পাছফালৰ চুক দুটাৰ বাবে দুখন তক্তা যুগুত কৰিবা।
\v 24 প্ৰত্যেক তক্তা তলৰ ফালে খোলা হৈ থাকিব, কিন্তু ওপৰফালে একেডাল আঙঠিতে যোৰা লাগি থাকিব। এইদৰেই পিছফালৰ দুয়োটা চুকৰ বাবেও হ’ব।
\v 25 তাত আঠখন তক্তা ৰূপৰ চুঙীৰ সৈতে একেলগে থাকিব লাগিব। সৰ্ব্বমুঠ ষোল্লটা চুঙী হ’ব লাগিব। প্রথম তক্তাৰ তলত দুটা চুঙী, আৰু আনখন তক্তাৰ তলতো দুটা চুঙী থাকিব। এইদৰে বাকীবোৰ তক্তাতো থাকিব লাগিব।
\s5
\p
\v 26 তুমি আবাসৰ এটা ফালৰ তক্তাৰ বাবে চিটীম কাঠৰ ছয়ডাল পথালি ডাং বনাবা।
\v 27 আবাসৰ আনফালৰ তক্তাৰ বাবে পাঁচডাল, আৰু আবাসৰ পশ্চিমদিশে থকা পাছফালৰ তক্তাৰ বাবেও পাঁচডাল চিটীম কাঠৰ পথালি ডাং বনাবা।
\v 28 তক্তাৰ মাজত থকা ডাং ডাল তক্তাবোৰৰ মাজেদি এমুৰৰ পৰা আন মুৰলৈকে যাব।
\s5
\p
\v 29 সেই তক্তাবোৰত সোণৰ পতা মাৰিবা, আৰু ডাংবোৰ সুমুৱাবলৈ, সোণৰ চক্র গঢ়াবা; আৰু ডাংবোৰতো সোণৰ পতা মাৰিবা।
\v 30 তোমাক পৰ্ব্বতত আবাসৰ যি আচনি দেখুউৱা হৈছিল, তুমি সেইদৰেই তাক তৈয়াৰ কৰিবা।
\s5
\p
\v 31 তুমি নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এখন পৰ্দা যুগুত কৰিবা। সেই পৰ্দা নিপুণ শিল্পকাৰে কৰূবৰ নক্সাৰে তৈয়াৰ কৰিব লাগিব।
\v 32 তুমি সেই পৰ্দাবোৰ, সোণৰ পতা মৰা চিটীম কাঠৰ চাৰিটা খুটাৰ ওপৰত ওলমাই দিবা। সেই খুটাবোৰৰ হাঁকোটা সোণৰ হ’ব লাগিব, আৰু সেই খুঁটা ৰূপৰ চাৰিটা চুঙীৰ ওপৰত থাকিব।
\v 33 তুমি পৰ্দাবোৰ হাঁকোটাবোৰত ওলমাবা; আৰু তাৰ ভিতৰলৈ নিয়ম চন্দুকৰ সাক্ষ্য ফলি আনিবা। সেই পৰ্দাই পবিত্ৰ-স্থান আৰু অতি পবিত্ৰ-স্থানৰ মাজত প্ৰভেদ ৰাখিব।
\s5
\p
\v 34 তুমি অতি পবিত্ৰ-স্থানত সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থ’বা।
\v 35 মেজখন পৰ্দাৰ বাহিৰত ৰাখিবা, মেজৰ বিপৰীতে আবাসৰ দক্ষিণ ফালে দীপাধাৰ ৰাখিবা, আৰু মেজখন উত্তৰফালে থ’ব লাগিব।
\s5
\p
\v 36 তম্বুৰ প্রবেশ দুৱাৰৰ বাবে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে ফুল বছা এখন পৰ্দা যুগুত কৰিবা।
\v 37 সেই পৰ্দা ওলমাবলৈ চিটীম কাঠৰ পাঁচটা খুঁটা যুগুত কৰিবা, আৰু সেইবোৰত সোণৰ পতা মাৰিবা। সেইবোৰৰ হাঁকোটা সোণৰ হ’ব; আৰু সেইবোৰৰ বাবে পিতলৰ পাঁচটা চুঙী সাঁচত ঢালিবা।
\s5
\c 27
\p
\v 1 তুমি যজ্ঞবেদীটো চিটীম কাঠেৰে সাজিবা। সেই বেদীৰ দীঘলে পাঁচ হাত, বহলে পাঁচ হাত হ’ব লাগিব। যজ্ঞবেদীৰ চাৰিও দিশ সমান হ’ব লাগিব, আৰু ওখই তিনি হাত হ’ব লাগিব।
\v 2 তুমি তাৰ চাৰিও চুকে ওলাই থকা অংশ, গৰুৰ শিঙৰ আকৃতিৰে তৈয়াৰ কৰিব লাগিব। শিং কেইটা যজ্ঞবেদিৰ সৈতে একেলগে তৈয়াৰ কৰিব লাগিব; আৰু তাত পিতলৰ পতা মাৰিব লাগিব।
\s5
\p
\v 3 তুমি যজ্ঞবেদীৰ সকলো সামগ্রী তৈয়াৰ কৰিবা: ছাঁই পেলোৱা পাত্ৰ, হেঁতা, চৰিয়া, মাংস খোঁচা সঁজুলি, আৰু অঙঠা ধৰা পাত্ৰ। সেই সকলো সঁজুলি পিতলেৰে গঢ়াবা।
\v 4 যজ্ঞবেদীৰ বাবে পিতলৰ এটা জালি গঢ়াবা, আৰু সেই জালিৰ চাৰিওটা চুকত পিতলৰ চাৰিটা চক্র লগাবা।
\s5
\p
\v 5 তুমি সেই জালি, যজ্ঞবেদীৰ ভিতৰৰ স্তৰত লগাবা। সেই জালি বেদীৰ তলৰ আধা ভাগলৈকে পাব।
\v 6 বেদিৰ বাবে চিটীম কাঠৰ কান্ধমাৰি সাজিবা, আৰু তাত পিতলৰ পতা মাৰিবা।
\s5
\p
\v 7 কান্ধমাৰি কেইডাল চক্রৰ ভিতৰত সুমুৱাই ৰাখিবা; আৰু যজ্ঞবেদি কঢ়িয়াবলৈ কান্ধমাৰিবোৰ বেদীৰ দুয়ো কাষে ৰাখিব লাগিব।
\v 8 তুমি সেই যজ্ঞবেদী তক্তাৰে ফোঁপোলা কৰি সাজিবা। পৰ্ব্বতত তোমাক যি দৰে দেখুৱা হৈছিল, সেইদৰেই তৈয়াৰ কৰিবা।
\s5
\p
\v 9 তুমি আবাসৰ বাবে চোতাল প্রস্তুত কৰিব লাগিব। চোতালৰ দক্ষিণফালে মিহি শণ সূতাৰ এশ হাত দীঘল কাপোৰ ওলমাবা।
\v 10 সেই কাপোৰ ওলমাবলৈ বিশটা খুঁটা; আৰু সেইবোৰৰ বাবে পিতলৰ বিশটা চুঙী; খুটাবোৰৰ হাঁকোটা আৰু মাৰি কেইডাল ৰূপৰ হ’ব লাগিব।
\s5
\p
\v 11 সেইদৰে উত্তৰফালে এশ হাত দীঘল কাপোৰ বিশটা খুটাৰ সৈতে থাকিব। সেই খুটাবোৰত বিশটা পিতলৰ চুঙী, আৰু হাঁকোটা লগা থাকিব আৰু মাৰি কেইডাল ৰূপৰ হ’ব লাগিব।
\v 12 সেই চোতালৰ পশ্চিমফালে পঞ্চাশহাত দীঘল পৰ্দা থাকিব। তাত দহটা খুঁটা আৰু দহটা চুঙী থাকিব।
\v 13 পূবদিশে চোতালখন পঞ্চাশ হাত দীঘল হ’ব লাগিব।
\v 14 প্রবেশ দুৱাৰৰ এফালে ওলমাই থোৱা পৰ্দা পোন্ধৰ হাত দীঘল হ’ব লাগিব; আৰু সেই পৰ্দাৰ বাবে তিনিটা চুঙীৰে সৈতে তিনিটা খুঁটা লাগিব।
\v 15 আনদিশে পোন্ধৰ হাত দীঘল কাপোৰ ওলমাব লাগিব। তাৰ বাবে তিনিটা চুঙী আৰু তিনিটা খুঁটা হ’ব।
\s5
\p
\v 16 চোতালখনৰ দুৱাৰৰ বাবে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি শণ সূতাৰে ফুল বছা বিশ হাত দীঘল এখন পৰ্দা তৈয়াৰ কৰিব লাগিব। সেই পৰ্দাৰ চাৰিটা খুঁটা, আৰু সেই খুটাবোৰৰ বাবে চাৰিটা চুঙী লাগিব।
\s5
\p
\v 17 চোতালৰ সকলো খুটাবোৰত ৰূপৰ মাৰি, ৰূপৰ হাঁকোটা আৰু পিতলৰ চুঙী থাকিব লাগিব।
\v 18 চোতাল দীঘলে এশ হাত, পথালিয়ে পঞ্চাশ হাত, আৰু ওখই পাঁচ হাত। চোতালৰ চাৰিওফালে ওলমি থকাকৈ পকোৱা মিহি শণ সূতাৰ পৰ্দা, আৰু চুঙীবোৰ পিতলৰ হ’ব।
\v 19 আবাসৰ কাৰ্যত ব্যৱহাৰ হোৱা সকলো সামগ্রী, আবাস আৰু চোতালৰ কাৰণে সকলো তম্বুৰ খুটি পিতলৰ হ’ব লাগিব।
\s5
\p
\v 20 সদায় প্ৰদীপ জ্বলাই পোহৰ কৰিবলৈ, খান্দি উলিওৱা জিতগছৰ গুটিৰ শুদ্ধ তেল তোমাৰ ওচৰলৈ আনিবলৈ, তুমি ইস্ৰায়েলী লোকসকলক আজ্ঞা দিবা।
\v 21 সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত থকা পৰ্দাৰ বাহিৰত যিহোৱাৰ আগত গধূলিৰ পৰা ৰাতিপুৱালৈকে প্রদীপ জ্বলি থাকিবৰ বাবে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তত্বাৱধান ল’ব লাগিব। এয়ে ইস্ৰায়েলী লোকসকলে পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি।
\s5
\c 28
\p
\v 1 পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলী লোকসকলৰ মাজৰ পৰা তোমাৰ ককায়েক হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক তুমি নিজে মাতি আনিবা।
\v 2 তোমাৰ ককায়েৰা হাৰোণৰ বস্ত্র মোৰ উদ্দেশ্যে পবিত্ৰ কৰি সংৰক্ষিত কৰি ৰাখিবা।
\v 3 মোৰ অৰ্থে পুৰোহিতৰ কাৰ্য কৰিবলৈ হাৰোণক পবিত্ৰকৃত কৰিবলৈ মই দিয়া জ্ঞানৰ আত্মাৰে পৰিপূৰ্ণ হোৱা নিপূণ লোকসকলক তেওঁৰ বস্ত্ৰ যুগুত কৰিবলৈ তুমি আজ্ঞা কৰিবা।
\s5
\p
\v 4 তেওঁলোকে তৈয়াৰ কৰিব লগীয়া বস্ত্ৰ এই বোৰ: এটা বুকুপটা, এফোদ, চোলা, হাতে বোৱা কোট চোলা, পাগুৰি, আৰু টঙালি। তেওঁলোকে এইসকলো বস্ত্র তৈয়াৰ কৰি পবিত্ৰ কৰিব; আৰু মোৰ উদ্দেশ্যে সংৰক্ষিত কৰি ৰাখিব। পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, তোমাৰ ককায়েক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে এই সকলো বস্ত্ৰ হ’ব।
\v 5 শিল্পকাৰে সোণালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা ব্যৱহাৰ কৰিব লাগিব।
\s5
\p
\v 6 তেওঁলোকে সোণালী আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া ঊল, আৰু মিহি পকোৱা শণ সূতাৰে সেই এফোদ বস্ত্ৰ তৈয়াৰ কৰিব। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব।
\v 7 এফোদৰ ওপৰৰ দুয়ো কান্ধৰ চুকত লগাবলৈ দুপাত স্কন্ধপটি থাকিব।
\v 8 এফোদৰ দৰেই কঁকালত বান্ধিবৰ বাবে এডাল টঙালি এফোদৰ সৈতে সোণোৱালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, ও পকোৱা মিহি শণ সূতাৰে তৈয়াৰ কৰা হ’ব।
\v 9 তুমি দুটা গোমেদক বাখৰ ল’বা, আৰু তাৰ ওপৰত ইস্ৰায়েলৰ বাৰ জন পুত্ৰৰ নাম খোদিত কৰাবা।
\v 10 তেওঁলোকৰ জন্মৰ ক্ৰম অনুসাৰে ছয় জনৰ নাম এটা বাখৰত আৰু বাকী ছয় জনৰ নাম আন এটা বাখৰৰ ওপৰত ক্ষোদিত কৰাবা।
\v 11 পাথৰৰ খনিকৰে মোহৰত খোদিত কৰাৰ দৰেই সেই দুটা বাখৰৰ ওপৰতো ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম ক্ষোদিত কৰাবা। তুমি সেই বাখৰ দুটা সোণত খটোৱাব লাগিব।
\v 12 ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণীয় বাখৰ হ’বলৈ, তুমি সেই দুটা বাখৰ এফোদৰ দুয়ো কান্ধত লগাবা। সেয়ে হাৰোণে তেওঁৰ দুয়ো কান্ধত তেওঁলোকৰ নাম সোঁৱৰণৰ অৰ্থে যিহোৱাৰ সাক্ষাতে বহন কৰিব।
\s5
\p
\v 13 তুমি নিশ্চয়কৈ সেই বাখৰ দুটা লগাবলৈ সোণ ব্যৱহাৰ কৰিবা।
\v 14 দুটা পকোৱা ৰচিৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বাখৰ লগোৱা সোণত লগাই দিবা।
\s5
\p
\v 15 সিদ্ধান্ত লওঁতা বিচাৰকৰ বাবে তুমি এটা বুকুপটা তৈয়াৰ কৰিবা। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব; এফোদ বস্ত্ৰৰ দৰে তাক প্রস্তুত কৰিবা। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি শণ সূতাৰ লগত সোণেৰে তৈয়াৰ কৰিবা।
\v 16 তুমি বুকুপতাৰ চাৰিওদিশ সমানে দুতৰপীয়াকৈ ভাজ কৰিবা। সেয়ে দীঘলে এবেগেত আৰু পথালিয়েও এবেগেত হ’ব।
\s5
\p
\v 17 বুকুপতাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱাবা। তাৰ প্ৰথম শাৰীত এটা পদ্মৰাগ মণি, এটা পোখৰাজ, আৰু এটা ৰক্তমণি।
\v 18 দ্বিতীয় শাৰীত এটা মৰকত, এটা নীলকান্ত, আৰু এটা হীৰা।
\v 19 তৃতীয় শাৰীত এটা নীলকান্তমণি, এটা আকীক, আৰু এটা নীলা।
\v 20 আৰু চতুৰ্থ শাৰীত এটা পান্না, গোমেদক, আৰু সূৰ্য্যকান্ত মণি। এই সকলোবোৰ সোণৰ ওপৰত খটোৱাব লাগিব।
\s5
\p
\v 21 এই পাথৰবোৰ ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম অনুসাৰে স্থিৰ কৰা হ’ব। মোহৰত খোদিত কৰাৰ দৰেই তেওঁলোকৰ নাম প্ৰত্যেক পাথৰত বাৰ ফৈদ অনুসাৰে ক্ষোদিত কৰা হ’ব লাগিব।
\v 22 বুকুপটাত লগাবলৈ, তুমি পকোৱা ৰচীৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰিবা।
\v 23 তুমি বুকুপটাৰ বাবে সোণৰ দুটা আঙঠি গঢ়াই, সেই দুটা আঙঠি বুকুপটাৰ দুই মুৰত লগাবা।
\v 24 সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই চুকত লগাবা।
\s5
\p
\v 25 শিকলি দুডালৰ দুই মূৰ, পাথৰ খটোৱা সোণত লগাবা। তাৰ পাছত এফোদৰ আগফালৰ কান্ধৰ ওপৰত লগাবা।
\v 26 তুমি সোণৰ দুটা আঙঠি গঢ়াবা, আৰু বুকুপটাৰ দুই মূৰত, এফোদৰ সন্মুখত থকা ভিতৰ দাঁতিত লগাবা।
\s5
\p
\v 27 তুমি আৰু দুটা সোণৰ আঙঠি গঢ়াবা, আৰু এফোদৰ আগফালে থকা দুপাত স্কন্ধপটিৰ তল ভাগত লগাবা। অৱশেষত এফোদৰ বাবে বোৱা টঙালি বান্ধিবলৈ ইয়াৰ ওপৰত লগাবা।
\v 28 বুকুপটা যেন এফোদৰ বোৱা টঙালিৰ ওপৰত থাকে, আৰু এফোদৰ পৰা এৰাই নাযায়, সেই বাবে নীলা বৰণীয়া ফিতাৰে সেই বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিবা।
\s5
\p
\v 29 হাৰোণ যেতিয়া পবিত্ৰ স্থানত প্ৰৱেশ কৰিব, তেতিয়া তেওঁ বিচাৰকৰ বুকুপটা পিন্ধিব লাগে আৰু তেনেদৰেই ঈস্ৰায়েলৰ বাৰ গৰাকী পুত্ৰৰ নাম তেওঁৰ বুকুত বহন কৰিব লাগে আৰু তেনেকৈয়ে সদায়ে যিহোৱাৰ নাম তেওঁলোকক সোঁৱৰাই দিয়া হব।
\v 30 বিচাৰকৰ বুকুপটাত উৰীম আৰু থুম্মিম লগাবা। যিহোৱাৰ আগলৈ যোৱাৰ পৰত বিচাৰকৰ চিনৰূপে হাৰোণৰ বুকুত ওলমি থকিব লাগে।
\s5
\p
\v 31 তুমি এফোদৰ চোলা সম্পূৰ্ণ বেঙুনীয়া ৰঙৰ কাপোৰেৰে তৈয়াৰ কৰিবা।
\v 32 তাৰ সোঁ মাজত, মুৰ সুমুৱাবলৈ এটা বাট থাকিব। সেয়ে নাফাটিবলৈ মুৰ সোমোৱা অংশৰ চাৰিওফাল সিপিনীয়ে বোৱা হ’ব লাগিব।
\s5
\p
\v 33 তুমি তাৰ তল দাঁতিৰ চাৰিওফালে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে ডালিমৰ চানেকী তুলিবা, আৰু তাৰ মাজে মাজে চাৰিওফালে সোণৰ জুনুকা থাকিব।
\v 34 সেই এফোদৰ তল দাঁতিত চাৰিওফালে এটা সোণৰ জুনুকা, এটা ডালিম, আৰু এটা সোণৰ জুনুকা, এটা ডালিম এইদৰে থাকিব।
\v 35 হাৰোণে যেতিয়া পৰিচৰ্যা কৰিব, তেতিয়া সেই বস্ত্র পিন্ধিব। তেওঁ যেতিয়া যিহোৱাৰ পবিত্র-স্থানত যিহোৱাৰ আগলৈ যাব, আৰু ওলাই আহিব, তেতিয়া সেই জুনুকাৰ শব্দ শুনা যাব। এইদৰে কৰাত তেওঁৰ মৃত্যু নহ’ব।
\s5
\p
\v 36 তুমি শুদ্ধ সোণৰ এচটা পতা গঢ়িবা, আৰু মোহৰত খোদিত কৰাৰ দৰে সেই পতাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ” এই কথা ক্ষোদিত কৰিবা।
\v 37 তুমি সেই পতা নীলা বৰণীয়া ফিতাৰে পাগুৰিৰ আগফালে লগাবা।
\v 38 সেয়ে হাৰোণৰ কপালত থাকিব। ইস্ৰায়েলীসকলে পবিত্র কৰি উৎসৰ্গ কৰা পবিত্ৰ দানত থকা যিকোনো দোষ হাৰোণে বব। তেওঁলোক যেন যিহোৱাৰ আগত গ্ৰহণীয় হয়, সেইবাবে পাগুৰি সদায় তেওঁৰ কপালৰ ওপৰত থাকিব।
\s5
\p
\v 39 তুমি মিহি শণ সূতাৰে কোট চোলা আৰু পাগুৰি তৈয়াৰ কৰিবা, আৰু এটা ফুল বছা টঙালিও তৈয়াৰ কৰিবা।
\s5
\p
\v 40 হাৰোণৰ পুত্ৰসকলৰ বাবে কোট চোলা, টঙালি, আৰু পাগুৰি তেওঁলোকৰ মৰ্য্যদা আৰু শোভাৰ বাবে তৈয়াৰ কৰিবা।
\v 41 তোমাৰ ককায়েৰ হাৰোণ, আৰু তেওঁৰ সৈতে তেওঁৰ পুত্ৰসকলক সেইবোৰ পিন্ধিবা, আৰু মোৰ পৰিচৰ্যাৰ বাবে পুৰোহিতৰ কাৰ্য কৰিবলৈ তুমি তেওঁলোকক পবিত্ৰ কৰি অভিষিক্ত কৰিবা, আৰু পুৰোহিত পদত নিযুক্ত কৰিবা।
\s5
\p
\v 42 তেওঁলোকৰ গোপনীয় অংশ ঢাকিবলৈ, কঁকালৰ পৰা কৰঙণলৈকে তুমি তেওঁলোকলৈ শণ সূতাৰ বস্ত্র তৈয়াৰ কৰিবা।
\v 43 যেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকল সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাব, বা পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ বেদীৰ ওচৰ চাপিব, তেতিয়া তেওঁলোকে যেন সেই বস্ত্র পৰিধান কৰে। তেওঁলোকে নিশ্চয়কৈ এইদৰে কৰিব লাগিব যাতে তেওঁলোকে পাপৰ ভাৰ বব লগা নহয় আৰু তেওঁলোকৰ মৃত্যু নহয়। এয়ে হাৰোণ আৰু তেওঁৰ ভাবি বংশৰ পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।
\s5
\c 29
\p
\v 1 মোৰ পৰিচৰ্যাৰ বাবে পুৰোতহিৰ কাৰ্য কৰিবলৈ, এতিয়া তুমি তেওঁলোকক পবিত্ৰ কৰিবৰ বাবে এই কাৰ্য কৰিবা; এটা নিৰ্ঘূণী দমৰা আৰু দুটা নিৰ্ঘূণী মতা মেৰ-ছাগ ল’বা।
\v 2 খমিৰ নিদিয়া পিঠা, তেল মিহলোৱা খমীৰ নিদিয়া পিঠা, আৰু তেল সনা খমীৰ নিদিয়া পাতল পিঠা ল’বা। সেইবোৰ মিহি আটাগুড়িৰে তৈয়াৰ কৰিবা।
\s5
\p
\v 3 এটা পাচিত সেইবোৰ ৰাখিবা; আৰু সেই পাচিৰ সৈতে দমৰা আৰু দুটা মেৰ-ছাগ উপহাৰ দিবা।
\v 4 হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলক তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত আনি তেওঁলোকক গা ধুৱাবা।
\s5
\p
\v 5 তুমি সেই বস্ত্রবোৰ, হাৰোণৰ কোট চোলা, এফোদ বস্ত্র, এফোদ আৰু বুকুপটা, আৰু এফোদৰ নিপুণৰূপে বোৱা টঙালি ল’বা আৰু তেওঁক পিন্ধাবা।
\v 6 তেওঁৰ মুৰত পাগুৰি পিন্ধাই তাৰ ওপৰত পবিত্ৰ মুকুট লগাবা।
\v 7 তাৰ পাছত অভিষেক কৰা তেল ল’বা, আৰু তেওঁৰ মুৰত বাকি, তেওঁক অভিষেক কৰিবা।
\v 8 তুমি তেওঁৰ পুত্ৰসকলক আনিবা; আৰু কোট চোলা পিন্ধাবা।
\v 9 হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কঁকালত টঙালি বান্ধিবা, আৰু তেওঁলোকৰ মুৰত পাগুৰি মাৰি দিবা। পুৰোহিত পদৰ কার্য এক চিৰস্থায়ী বিধিৰ দ্বাৰাই তেওঁলোকৰ অধিকাৰত থাকিব। এইদৰেই তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক মোৰ পৰিচৰ্যাৰ বাবে পবিত্রকৃত কৰিবা।
\s5
\p
\v 10 তুমি সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ সেই দমৰাটো লৈ আনিবা; তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে দমৰাটোৰ মুৰত হাত দিব লাগিব।
\v 11 তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত যিহোৱাৰ সন্মুখত সেই দমৰাটো বধ কৰিবা।
\s5
\p
\v 12 তুমি বধ কৰা দমৰাটোৰ কিছু অংশ তেজ লৈ, আঙুলিৰে বেদীৰ শিঙত লগাবা, আৰু বাকী তেজখিনি বেদীৰ ভিত্তিমূলত বাকি দিবা।
\v 13 তাৰ প্রতিটো অংশত থকা তেল, কলিজাৰ ওপৰত থকা তেলীয়া ভাগ, ঘিলা দুটা, আৰু সেই দুটাৰ ওপৰত থকা তেল লৈ, বেদীত জ্বলাবা।
\v 14 কিন্তু সেই দমৰাটোৰ মাংস আৰু তাৰ লগতে ছাল আৰু গোবৰ তম্বুৰ বাহিৰ ফালে জুইত পুৰি ভষ্ম কৰি দিবা; সেয়ে পাপাৰ্থক বলি হ’ব।
\s5
\p
\v 15 তুমি এটা মেৰ-ছাগ পোৱালিও লগত ল’বা। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগটোৰ মুৰত হাত দিব।
\v 16 তুমি সেই মেৰ-ছাগটো বধ কৰিবা। তাৰ পাছত সেই বধ কৰা মেৰ-ছাগটোৰ তেজ লৈ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
\v 17 তুমি মেৰ-ছাগটো কাটি টুকুৰা টুকুৰ কৰিবা। তাৰ ভিতৰৰ অংশ আৰু ঠেংবোৰ ধুবা; ধুই মাংসৰ টুকুৰাবোৰৰ সৈতে মূৰটো একেলগে বেদীৰ ওপৰত থবা।
\v 18 তাৰ পাছত সম্পূৰ্ণ মেৰ-ছাগটো বেদীত জ্বলাই দিবা; সেয়ে মোৰ অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোম-বলি হ’ব। এয়ে মোৰ বাবে সুমধুৰ সুগন্ধ উৎপন্ন কৰিব; এয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
\s5
\p
\v 19 তাৰ পাছত তুমি আনটো মেৰ-ছাগ পোৱালি ল’বা। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগটোৰ মুৰত হাত দিব।
\v 20 তুমি সেই মেৰ-ছাগ বধ কৰিবা আৰু তাৰ অলপ তেজ লৈ, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ সোঁ কাণৰ অগ্রভাগত, তেওঁলোকৰ সোঁ হাতৰ বুঢ়া আঙুলি, আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাবা। তেজৰ বাকী থকা অংশ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
\s5
\p
\v 21 তুমি বেদীৰ ওপৰত থকা তেজ, আৰু অভিষেক কৰা তেলৰ কিছু অংশ লৈ, হাৰোণৰ ওপৰত, তেওঁৰ বস্ত্ৰৰ ওপৰত, তেওঁৰ পুত্ৰসকলৰ ওপৰত আৰু তেওঁলোকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দিবা। এইদৰে তেওঁ, তেওঁৰ বস্ত্ৰ, তেওঁৰ পুত্ৰ আৰু তেওঁলোকৰ বস্ত্ৰ পবিত্ৰীকৃত হ’ব।
\s5
\p
\v 22 তুমি মেৰ-ছাগটোৰ চৰ্বি, নেগুৰৰ চৰ্বি, ভিতৰৰ অংশত থকা চৰ্বি, কলিজাৰ ওপৰত থকা চৰ্বি, ঘিলা দুটা আৰু তাৰ ওপৰত থকা চৰ্বি, আৰু পাছফালৰ সোঁ কৰঙন ল’বা; কাৰণ সেয়ে মোৰ বাবে পুৰোহিতক পবিত্রকৃত কৰিবৰ বাবে লোৱা মেৰ-ছাগ।
\v 23 তুমি যিহোৱাৰ সন্মুখত থকা খমীৰ নিদিয়া পিঠাৰ সেই পাচিটোৰ পৰা এটা পিঠা, তেল মিহলোৱা এটা পিঠা, আৰু খমীৰ নিদিয়া এটা পাতল পিঠা ল’বা।
\s5
\p
\v 24 হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ হাতত সেই সকলোকে দিবা। তেওঁলোকে যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিবৰ বাবে সেই পিঠাবোৰ ওপৰলৈ তুলি ধৰিব।
\v 25 তুমি তেওঁলোকৰ হাতৰ পৰা আহাৰ লৈ, সেইবোৰ হোমবলিৰ সৈতে সুঘ্ৰাণৰ অৰ্থে বেদীত জ্বলাই দিবা। ই যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
\s5
\p
\v 26 তুমি হাৰোণক পবিত্রকৰণৰ অৰ্থে লোৱা মেৰ-ছাগৰ বুকু ল’বা, আৰু ওপৰলৈ তুলি লৈ, যিহোৱাক দিয়াৰ দৰে উপহাৰ দিবা। তাৰ পাছত সেই অংশ তোমাৰ খোৱাৰ বাবে থবা।
\v 27 মোলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ পবিত্রকৰণৰ যি মেৰ-ছাগটোৰ বুকু ওপৰলৈ তুলি ধৰিবা আৰু উপহাৰ দিয়া কৰঙণ, সেই দুয়োটাকে তুমি পবিত্ৰ কৰিবা।
\v 28 ইস্রায়েলী সকলৰ পৰা পোৱা হাৰোণ আৰু তেওঁৰ বংশৰ লোকসকলৰ এয়ে চিৰস্থায়ী বিধি হ’ব। কিয়নো সেয়ে উত্তোলনীয় উপহাৰ। ইস্ৰায়েলী লোকসকলৰ মঙ্গলাৰ্থক বলিৰ পৰা দিব লগীয়া এয়ে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উত্তোলনীয় উপহাৰ।
\s5
\p
\v 29 পবিত্র বস্ত্ৰ পিন্ধি অভিষিক্ত আৰু নিযুক্ত হ’বলৈ হাৰোণৰ পাছত তেওঁৰ পবিত্ৰ বস্ত্ৰ তেওঁৰ পুত্ৰসকলৰ বাবে হ’ব।
\v 30 তেওঁৰ পুত্ৰসকলৰ মাজৰ যি জনে তেওঁৰ সলনি পুৰোহিত হৈ পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ সাক্ষাৎ কৰা তম্বুত সোমাব, সেই জনেই সেই বস্ত্ৰ সাত দিন পিন্ধিব।
\s5
\p
\v 31 তুমি মোৰ উদ্দেশ্যে পুৰোহিতসকলক পবিত্রকৃত কৰিবলৈ, মেৰ-ছাগ পোৱালিটোৰ মাংস এক পবিত্ৰ স্থানত সিজাব লাগিব।
\v 32 সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগ মাংস আৰু পাচিত থকা পিঠা ভোজন কৰিব লাগিব।
\v 33 মোৰ পৰিচৰ্যাৰ বাবে তেওঁলোকক পবিত্ৰ কৰিবলৈ আৰু তেওঁলোকৰ প্ৰায়শ্চিত্ত হ’বলৈ, তেওঁলোকে মাংস আৰু পিঠা ভোজন কৰিব। কিন্তু আন কোনো লোকে সেইবোৰ ভোজন কৰিব নালাগে; কাৰণ সেই সকলো পবিত্ৰ বস্তু।
\v 34 সেই নিযুক্তকৰণৰ মাংস আৰু পিঠাৰ পৰা যদি কিছু অৱশিষ্ট ৰাতিপুৱালৈকে থাকি যায়, তেনেহ’লে সেই অৱশিষ্ট ভাগ জুইত পুৰি ভস্ম কৰিব লাগিব। এইটো কোনেও ভোজন কৰিব নোৱাৰিব, কাৰণ সেয়ে মোৰ বাবে পবিত্রকৃত কৰি ৰখা মাংস আৰু পিঠা।
\s5
\p
\v 35 মই তোমাক কৰিবলৈ দিয়া সকলো আজ্ঞা অনুসাৰে, হাৰোণ আৰু তেওঁৰ পুত্ৰসকললৈ কৰিবা। এনেকি তেওঁলোকক মোৰ বাবে পবিত্রকৃত কৰিবলৈ তুমি সাত দিন ল’বা।
\v 36 তুমি প্ৰায়শ্চিত্তৰ বাবে প্ৰতি দিনে পাপাৰ্থক বলিৰূপে এটা ভতৰা গৰু বলি দিবা। এইদৰে প্ৰায়শ্চিত্ত বেদী শুচি কৰিবলৈ ইয়াকে কৰিব লাগিব। এই বেদী পবিত্ৰ কৰি ইয়াক অভিষেক কৰিবা, আৰু মোৰ বাবে পৃথক কৰি ৰাখিবা।
\v 37 তুমি সাত দিন ধৰি প্ৰায়শ্চিত্ত কৰি বেদী পবিত্ৰ কৰিবা। তাৰ পাছত সেই বেদী অতি পবিত্ৰ হ’ব। বেদীৰ সংস্পৰ্শত যি কোনোৱে আহিব, তেৱোঁ পবিত্ৰ হৈ যাব।
\s5
\p
\v 38 সেই যজ্ঞবেদীৰ ওপৰত তুমি প্রতিদিনে এবছৰীয়া দুটা মেৰ-ছাগ পোৱালি বলি উৎসৰ্গ কৰিবা।
\v 39 তাৰে এটা ৰাতিপুৱা, আনটো গধূলি উৎসৰ্গ কৰিবা।
\s5
\p
\v 40 প্ৰথম মেৰ-ছাগ পোৱালিটোৰ লগত হিনৰ চাৰি ভাগৰ এভাগ খুন্দি উলিওৱা হিন তেল মিহলোৱা এক ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, আৰু পেয় নৈবেদ্যৰ বাবে হিনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰস দিবা।
\s5
\p
\v 41 দ্বিতীয় মেৰ-ছাগ পোৱালিটো গধূলি উৎসৰ্গ কৰিবা। ৰাতিপুৱাৰ ভক্ষ্য আৰু পেয় নৈবেদ্যৰ দৰেই কৰিবা; সেয়ে সুমধুৰ সুগন্ধ উৎপন্ন কৰি যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
\v 42 তোমাৰ সৈতে কথা পাতিবলৈ য’ত মই তোমাক সাক্ষাৎ কৰিম, সেই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত যিহোৱাৰ সন্মুখত এয়ে তোমালোকৰ পুৰুষানুক্ৰমে সদায় কৰিবলগীয়া হোমবলি হ’ব।
\s5
\p
\v 43 সেই ঠাইতে মই ইস্ৰায়েলী লোকসকলৰ সৈতে সাক্ষাৎ কৰিম; তাতে মোৰ প্ৰতাপৰ দ্বাৰাই সেই তম্বু পবিত্ৰকৃত হ’ব।
\v 44 মই সেই সাক্ষাৎ কৰা তম্বু আৰু যজ্ঞবেদী পবিত্ৰ কৰিম, আৰু মোৰ অৰ্থে পুৰোহিত কাৰ্য কৰিবলৈ হাৰোণক আৰু তেওঁৰ পুত্ৰসকলকো পবিত্ৰ কৰিম।
\s5
\p
\v 45 মই ইস্ৰায়েলী লোকসকলৰ মাজত বাস কৰিম, আৰু তেওঁলোকৰ ঈশ্বৰ হম।
\v 46 তেতিয়া যিজন সৰ্বশক্তিমান ঈশ্বৰে তেওঁলোকৰ মাজত বাস কৰিবলৈ তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱা যে মই, সেই কথা তেওঁলোকে জানিব। ময়েই তেওঁলোকৰ ঈশ্বৰ যিহোৱা।
\s5
\c 30
\p
\v 1 তুমি ধূপ জ্বলাবৰ বাবে চিটীম কাঠেৰে এটা বেদী সাজিবা।
\v 2 সেয়ে এহাত দীঘল, এহাত বহল হ’ব; আৰু সেই বেদীৰ চাৰিওদিশ সমান হ’ব। ওখই দুহাত; তাৰ শিংবোৰ একে ডোখৰ কাঠেৰে হ’ব লাগিব।
\s5
\p
\v 3 তুমি বেদীটোৰ ওপৰত, চাৰিও ফালে আৰু শিংবোৰত শুদ্ধ সোণৰ পতা মাৰি আৱৰণ কৰিবা। তাৰ চাৰিওফালৰ কিনাৰত সোণ লগাবা।
\v 4 তুমি সোণৰ দুটা আঙঠি গঢ়াই, ছিৰিৰ তলত দুই কাষৰ দুই চুকত লগাবা। বেদীটো বৈ নিবলৈ আঙঠি দুটা কানমাৰি সুমুউৱাৰ ঠাই হ’ব।
\s5
\p
\v 5 সেই কানমাৰি চিটীম কাঠেৰে সাজিবা, আৰু তাত সোণৰ পটা মাৰিবা।
\v 6 তুমি ধূপবেদিটো সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ পৰ্দাৰ আগফালে ৰাখিব লাগিব। সেই পৰ্দা সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণৰ ওচৰত থাকিব। সেই ঠাইতে মই তোমালোকৰ সৈতে সাক্ষাৎ কৰিম।
\s5
\p
\v 7 হাৰোণে প্রতি ৰাতিপুৱা সুগন্ধি ধূপ জ্বলাব। প্ৰতি ৰাতিপুৱা প্ৰদীপ পৰিষ্কাৰ কৰা সময়ত তেওঁ সেই ধূপ জ্বলাব।
\v 8 গধূলিও প্ৰদীপ জ্বলোৱাৰ সময়ত তেওঁ ধূপ জ্বলাব। সেয়ে তোমালোকৰ পুৰুষানুক্ৰমে যিহোৱাৰ সন্মুখত নিত্য ধূপদাহ হ’ব।
\v 9 তোমালোকে তাৰ ওপৰত সাধাৰণ ধূপ, বা হোম বলি, বা ভক্ষ্য নৈবেদ্য উৎসৰ্গ নকৰিবা, আৰু তাৰ ওপৰত পেয় নৈবেদ্যও নাঢালিবা।
\s5
\p
\v 10 বছৰত এবাৰ হাৰোণে তাৰ শিংবোৰ পবিত্রকৃত কৰিব। তোমালোকৰ পুৰুষানুক্ৰমে প্ৰায়শ্চিত্তাৰ্থক পাপ-বলিৰ তেজেৰে তেওঁ বছৰত এবাৰ পবিত্রকৃত কৰিব। এই বেদী যিহোৱাৰ উদ্দেশ্যে অতি পবিত্ৰ হ’ব।
\s5
\p
\v 11 যিহোৱাই মোচিক কলে,
\v 12 “তুমি যেতিয়া ইস্ৰায়েলৰ জনসংখ্যা গণনা কৰিবা, তেতিয়া তেওঁলোকৰ প্ৰতিজনে যিহোৱাৰ উদ্দেশ্যে নিজৰ নিজৰ প্ৰাণৰ অৰ্থে মুক্তি ধন দিব লাগিব। তুমি তোমাৰ পাছত তেওঁলোকৰ গণনা কৰিব লাগিব। তুমি তেওঁলোকক গণনা কৰিবা, তাতে তেওঁলোকৰ মাজত মহামাৰী নহ’ব।
\v 13 প্রতিজন লোকে গণনা কৰা সময়ত আধা চেকল ৰূপ দিব লাগিব। তেওঁ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে আধা চেকল দিব। আধা চেকলত বিশ গেৰা হয়; সেই আধা চেকল যিহোৱাৰ উদ্দেশ্যে দিবলগা উপহাৰ।
\v 14 বিশ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোক প্রতিজনে গণনা কৰা সময়ত, যিহোৱালৈ উপহাৰ দিব লাগিব।
\s5
\p
\v 15 তোমালোকে প্ৰাণৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ সেই উপহাৰ দিয়াৰ সময়ত, ধনী লোকসকলে আধা চেকলতকৈ অধিক নিদিব, আৰু দুখীয়া লোকসকলে তাতকৈ কম নিদিব।
\v 16 তুমি ইস্ৰায়েলী লোকসকলৰ পৰা সেই প্ৰায়শ্চিত্তৰ ধন ল’ব লাগিব, আৰু সেই ধন সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ অৰ্থে দিব লাগিব। তোমালোকৰ প্ৰাণৰ প্ৰায়শ্চিত্তৰ বাবে সেয়ে ইস্ৰায়েলী লোকসকলৰ সোঁৱৰণৰ অৰ্থে যিহোৱাৰ আগত থাকিব।”
\s5
\p
\v 17 যিহোৱাই মোচিক কলে,
\v 18 “প্রক্ষালনৰ বাবে তুমি পিতলৰ এটা প্ৰক্ষালন-পাত্ৰ গঢ়াবা, আৰু তাত পিতলৰ খুৰা লগাবা। তুমি সেই প্রক্ষালন পাত্র সাক্ষাৎ কৰা তম্বু আৰু হোম বেদীৰ মাজত থবা; আৰু তুমি ইয়াৰ ভিতৰত পানী ভৰাই ৰাখিবা।
\s5
\p
\v 19 হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তাত থকা পানী লৈ নিজৰ হাত ভৰি ধুব।
\v 20 তেওঁলোকে যেতিয়া সাক্ষাৎ কৰা তম্বুত সোমাব, বা যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ, তেওঁৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ দগ্ধ কৰিবলৈ বেদীৰ ওচৰলৈ যাব, তেতিয়া তেওঁলোকৰ যেন মৃত্যু নহয়, সেই কাৰণে তেওঁলোকে নিজৰ হাত ভৰি ধুব।
\v 21 তেওঁলোকৰ মৃত্যু নহবলৈ তেওঁলোকৰ নিজৰ হাত ভৰি ধুব লাগিব। এয়ে তেওঁ আৰু তেওঁৰ বংশৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব।”
\s5
\p
\v 22 যিহোৱাই মোচিক ক’লে,
\v 23 “তুমি নিজৰ বাবে বিশেষ বিশেষ সুগন্ধি দ্ৰব্য, অৰ্থাৎ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে, পাঁচশ চেকল গন্ধৰস, আৰু দুশ পঞ্চাশ চেকল সুগন্ধি ডালচেনি, দুশ পঞ্চাশ চেকল সুগন্ধি বচ,
\v 24 পাঁচ শ চেকল তেজপাত, আৰু এক হিন জিতগছৰ তেল ল’বা।
\v 25 সেইবোৰেৰে তুমি অভিষেকৰ অৰ্থে পবিত্ৰ তেল, অৰ্থাৎ সুগন্ধি দ্ৰব্য ব্যৱসায়ীয়ে তৈয়াৰ কৰা অনুসাৰে সুগন্ধি তেল যুগুত কৰিবা। সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব।
\s5
\p
\v 26 তুমি সাক্ষাৎ কৰা তম্বু, সাক্ষ্য ফলিৰ নিয়ম চন্দুক,
\v 27 মেজ আৰু তাৰ সকলো সঁজুলি, দীপাধাৰ আৰু তাৰ সঁজুলিবোৰ, ধূপ বেদী,
\v 28 হোমবেদি আৰু তাৰ সকলো সঁজুলি, প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা সেই অভিষেক তেলেৰে অভিষেক কৰিবা।”
\s5
\p
\v 29 সেই সকলোকে অভিষেক কৰি পবিত্ৰ কৰিবা; তাতে সেই সকলো বস্তু মোৰ বাবে পবিত্ৰ আৰু সংৰক্ষিত হ’ব। সেইবোৰৰ সংস্পৰ্শত যি লোক আহিব, তেৱোঁ পবিত্ৰ হ’ব।
\v 30 মোৰ উদ্দেশ্যে পুৰোহিত কাৰ্য কৰিবলৈ, তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক অভিষেক কৰি তেওঁলোকক পবিত্ৰ কৰিবা।
\v 31 তুমি ইস্ৰায়েলী লোকসকলক কবা, “তোমালোকৰ পুৰুষানুক্ৰমে মোৰ বাবে সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব।
\s5
\p
\v 32 মানুহৰ গাত সেই তেল ব্যৱহাৰ কৰা নহ’ব। সেই তেলৰ দৰে আন কোনো তেল প্রস্তুত কৰা নহ’ব; কাৰণ সেয়ে মোৰ বাবে পবিত্ৰ কৰি সংৰক্ষিত কৰা তেল।
\v 33 যি কোনোৱে এই তেলৰ দৰে আন সুগন্ধি প্রস্তুত কৰিব, বা যি কোনোৱে গাত তাৰ অলপো লগাব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
\s5
\p
\v 34 যিহোৱাই মোচিক ক’লে, “তুমি নিজৰ বাবে সুগন্ধি দ্ৰব্য, অৰ্থাৎ নাটাফ, নখী, হেল্বনা, এই সকলো সুগন্ধি দ্ৰব্যৰ, আৰু নিৰ্মল কুন্দুৰুৰ প্ৰতিটো সমান পৰিমাণে লোৱা।
\v 35 সেইবোৰৰ দ্বাৰাই সুগন্ধি-দ্ৰব্য ব্যৱসায়ীৰ সূত্র অনুসাৰে লোণ মিহলোৱা এক নিৰ্মল পবিত্ৰ সুগন্ধি ধূপ যুগুত কৰা।
\v 36 সেই ধূপ গুড়ি কৰি মিহি কৰিবা, যি সাক্ষাৎ কৰা তম্বুত মই তোমাৰে সৈতে সাক্ষাৎ কৰিম, সেই সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ সন্মুখত তাক থবা। সেয়ে তোমালোকলৈ অতি পবিত্ৰ হ’ব।
\s5
\p
\v 37 তুমি যি সুগন্ধি ধূপ প্রস্তুত কৰিবা, সেই সূত্র অনুসাৰে তোমালোকৰ বাবে ধূপ প্রস্তুত নকৰিবা। সেয়ে তোমাৰ মানত যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।
\v 38 যি কোনোৱে নিজৰ বাবে এইদৰে সুগন্ধি তৈয়াৰ কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
\s5
\c 31
\p
\v 1 তাৰ পাছত যিহোৱাই মোচিক ক’লে,
\v 2 “চোৱা, মই যিহূদা ফৈদৰ পৰা হূৰ, হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলক নাম কাঢ়ি মাতিলোঁ।
\s5
\p
\v 3 মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্রকাৰ শিল্পকৰ্মৰ বাবে প্রজ্ঞা, বুদ্ধি, আৰু জ্ঞান দিম।
\v 4 সোণ, ৰূপ, আৰু পিতলত শিল্পিসুলভ নক্সাৰে কাম কৰিব।
\v 5 তেওঁ পাথৰ কটা, পাথৰ খটোৱা আৰু কাঠৰ কাম, এই সকলো প্রকাৰৰ শিল্পকৰ্ম কৰে।
\s5
\p
\v 6 চোৱা, মই দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াবক তেওঁৰ সহকাৰী নিযুক্ত কৰিলোঁ। সকলো জ্ঞানী লোকৰ হৃদয়ত দক্ষতাৰে পৰিপূৰ্ণ কৰিলোঁ; সেয়ে মই তোমাক যিবোৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলোঁ, সেই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব।
\v 7 সাক্ষাৎ কৰা তম্বু, সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণ, আৰু তম্বুৰ সকলো আচবাবপত্র।
\v 8 মেজ আৰু তাৰ সামগ্রী, শুদ্ধ সোণৰ দীপাধাৰাৰ সৈতে তাৰ সকলো সামগ্রী, ধূপবেদী,
\v 9 হোমবেদিৰ সৈতে সকলো সামগ্রী, প্ৰক্ষালন-পাত্ৰৰ সৈতে তাৰ খুৰা।
\s5
\p
\v 10 এই সকলো বোৱা বস্ত্রৰ লগত সংযুক্ত কৰা হৈছিল। পুৰোহিতৰ পৰিচৰ্যাৰ বাবে পুৰোহিত হাৰোণ আৰু তেওঁৰ পুত্ৰসকল বাবে এই সকলো পবিত্ৰ বস্ত্ৰ।
\v 11 অভিষেক তেল, আৰু পবিত্ৰ স্থানৰ বাবে মধুৰ সুগন্ধি ধূপ। মই যিদৰে তোমাক আজ্ঞা কৰিলোঁ, সেইদৰেই শিল্পকাৰ সকলে সকলো বস্তু তৈয়াৰ কৰিব।”
\s5
\p
\v 12 যিহোৱাই মোচিক ক’লে,
\v 13 “তুমি ইস্ৰায়েলী লোকসকলক কোৱা, ‘তোমালোকে নিশ্চয় মোৰ বিশ্ৰাম-দিন পালন কৰিব লাগিব। ময়েই যে তোমালোকৰ যিহোৱা, ইয়াক যেন তোমালোকে বুজি পোৱা, সেই বাবে তোমালোকৰ পুৰুষানুক্ৰমে মোৰ আৰু তোমালোকৰ মাজত এয়ে এক চিন হ’ব।
\v 14 সেয়ে তোমালোকে বিশ্ৰাম-দিন পালন কৰিব লাগিব; কিয়নো তোমালোকৰ বাবে সেয়ে পবিত্ৰ দিন। যিজনে সেই দিন অপবিত্ৰ কৰিব, অৱশ্যেই তেওঁৰ প্ৰাণ দণ্ড হ’ব; কিয়নো যিকোনোৱে সেই দিনা কাম কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
\v 15 ছয়দিন কাম কৰিব লাগিব, কিন্তু সপ্তম দিন সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন; সেই বিশ্ৰাম দিনত যি কোনোৱে কাম কৰিব, তাৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।
\s5
\p
\v 16 এই হেতুকে ইস্ৰায়েলী লোকসকলে চিৰস্থায়ী বিধিৰূপে পুৰুষানুক্ৰমে মানি চলিবলৈ এই বিশ্ৰাম দিন পালন কৰিবা।
\v 17 মোৰ আৰু ইস্ৰায়েলী লোকসকলৰ মাজত এয়ে চিৰস্থায়ী চিন হ’ব; কাৰণ যিহোৱাই ছয়দিনতে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি সপ্তম দিনা বিশ্ৰাম কৰিবৰ বাবে বিশ্রাম লৈছিল’।”
\s5
\p
\v 18 যিহোৱাই যেতিয়া চীনয় পৰ্ব্বতত মোচিৰ সৈতে কথা পাতি শেষ কৰিলে, তেতিয়া ঈশ্বৰে নিজৰ হাতেৰে লিখা সাক্ষ্য-ফলি দুখন মোচিক দিলে।
\s5
\c 32
\p
\v 1 পৰ্ব্বতৰ পৰা নামি আহিবলৈ মোচিৰ পলম হোৱা দেখি, লোকসকলে হাৰোণৰ চাৰিওফালে গোট খাই তেওঁক ক’লে, “আহক, আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰোঁ। কিয়নো যি মোচিয়ে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিছিল, সেই মোচিৰ কি হ’ল, সেই বিষয়ে আমি একো নাজানো।”
\v 2 তেতিয়া হাৰোণে তেওঁলোকক ক’লে, “তোমালোকে তোমালোকৰ ভাৰ্যা, পুত্র আৰু জীয়ে সকলৰ কাণৰ সোণৰ ফুলিবোৰ সোলোকাই মোৰ ওচৰলৈ আনা।”
\s5
\p
\v 3 সকলো লোকে নিজৰ নিজৰ কাণৰ পৰা সোণৰ ফুলিবোৰ সোলোকাই হাৰোণৰ ওচৰলৈ আনিলে।
\v 4 হাৰোণে তেওঁলোকৰ পৰা সোণ ল’লে, আৰু সেইবোৰ সাঁচত ঢলি এটা দামুৰিৰ আকৃতিৰে সোণৰ দামুৰি তৈয়াৰ কৰিলে। তাৰ পাছত লোকসকলে ক’লে, “হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া।”
\s5
\p
\v 5 হাৰোণে যেতিয়া এইবোৰ দেখিলে, তেতিয়া সেই দামুৰিটোৰ আগত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; আৰু “কাইলৈ যিহোৱাৰ সন্মানৰ উদ্দেশ্যে উৎসৱ হ’ব”; এইবুলি তেওঁ ঘোষণা কৰিলে।
\v 6 লোকসকলে তাৰ পাছ দিনা ৰাতিপুৱাতে উঠি হোম-বলি উৎসৰ্গ কৰিলে, আৰু মঙ্গলাৰ্থক বলি দিলে। তাৰ পাছত তেওঁলোকে ভোজন পান কৰিবলৈ বহিলে, আৰু ভোজন কৰাৰ পাছত উঠি আনন্দেৰে উৎসৱ পালন কৰিলে।
\s5
\p
\v 7 তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ লোকসকলৰ ওচৰলৈ বেগাই যোৱা; কাৰণ যি লোকসকলক তুমি মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোকে নিজেই নিজকে ভ্ৰষ্ট কৰিছে।
\v 8 তেওঁলোকক যি পথত যাবলৈ মই আজ্ঞা দিছিলোঁ, সেই পথৰ পৰা তেওঁলোকে ক্ষিপ্রবেগে ঘূৰিলে। তেওঁলোকে নিজৰ বাবে সাঁচত ঢলা এটা দামুৰি নিৰ্মাণ কৰিলে, আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে ক’লে, ‘হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া’।”
\s5
\p
\v 9 যিহোৱাই মোচিক পুনৰ ক’লে, “মই সেই লোকসকলক দেখিলোঁ। চোৱা, তেওঁলোক ঠৰডিঙীয়া লোক।
\v 10 সেয়ে এতিয়া মোক বাধা দিবলৈ চেষ্টা নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, সেয়ে মই তেওঁলোকক সংহাৰ কৰিম। তাৰ পাছতহে মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম।”
\v 11 কিন্তু মোচিয়ে তেওঁৰ ঈশ্বৰ যিহোৱাক শান্ত কৰিবলৈ চেষ্টা কৰি ক’লে, “হে যিহোৱা, আপোনাৰ লোকসকলৰ বিৰুদ্ধে কিয় ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ তেওঁলোকক আপুনি মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
\s5
\p
\v 12 ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’ বুলি কবলৈ মিচৰীয়া সকলক কিয় সপযোগ দিয়া। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক।
\v 13 আপোনাৰ দাস অব্ৰাহাম, ইচহাক, আৰু ইস্ৰায়েলক সোঁৱৰণ কৰক। তেওঁলোকৰ আগত আপুনি নিজৰ নামেৰে শপত দি তেওঁলোকক কৈছিলে, ‘মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা কলোঁ, সেই গোটেইখন দেশ তোমালোকৰ বংশক দিম। তেওঁলোকে চিৰকাল অধিকাৰ কৰিব’।”
\v 14 তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল, তাৰ পৰা ক্ষান্ত হ’ল।
\s5
\p
\v 15 তাৰ পাছত মোচিয়ে ঘূৰি, সাক্ষ্য ফলি দুখন হাতত লৈ পৰ্ব্বতৰ পৰা নামি আহিল। সেই ফলিৰ আগফালৰ আৰু পিছফালৰ দুয়ো পিঠিতে লিখা আছিল।
\v 16 সেই ফলি দুখন ঈশ্বৰে নিজৰ হাতেৰে তৈয়াৰ কৰা। সেই দুখন ফলিৰ লিখনীও ঈশ্বৰে নিজে লিখা আছিল।
\s5
\p
\v 17 যিহোচূৱাই যেতিয়া লোকসকলৰ চিঞঁৰ শুনিলে, তেতিয়া তেওঁ মোচিক ক’লে, “ছাউনিত যুদ্ধৰ শব্দ হৈছে।”
\v 18 কিন্তু মোচিয়ে তেওঁক ক’লে,
\q1 “এয়ে জয় ধ্বনিৰ শব্দ নহয়;
\q1 আৰু পৰাজয়ী লোকসকলৰো শব্দ নহয়,
\q1 কিন্তু গান গোৱাৰহে শব্দ মই শুনিবলৈ পাইছোঁ।”
\s5
\p
\v 19 মোচিয়ে যেতিয়া তম্বুৰ ওচৰ চাপি আহিল, তেতিয়া তেওঁ সেই দামুৰিটোক দেখিলে, আৰু লোকসকলে তেতিয়া নাচি আছিল। তেওঁ খঙত জলি-পকি শিলৰ ফলি দুখন তললৈ দলিয়াই পেলালে যাৰ ফলত ফলি দুখন পৰ্ব্বতৰ তলত পৰি ভাঙি চুৰমাৰ হ’ল।
\v 20 লোকসকলে নিৰ্মাণ কৰা দামুৰিটো মোচিয়ে ভঙি নষ্ট কৰিলে আৰু তাক জুইত পুৰি নৰম কৰি পিহি পিহি ধূলি কৰি, ধুলিখিনি পানীত মিহলাই দিলে আৰু ধূলি মিলোৱা সেই পানী সকলোকে পান কৰিবলৈ বাধ্য কৰালে।
\s5
\p
\v 21 তাৰ পাছত মোচিয়ে হাৰোণক ক’লে, “এই লোকসকলে তোমাক কি কৰিছিল যে তুমি তেওঁলোকক এনে মহাপাপত পেলালা?”
\v 22 হাৰোণে ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ ক্ৰোধ প্ৰজ্বলিত নহওঁক; আপুনি এই লোকসকলক জানে, যে তেওঁলোক দুষ্ট কাৰ্যত কিমান আসক্ত।
\v 23 তেওঁলোকে মোক ক’লে, ‘আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰক; কাৰণ যি মোচিয়ে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই মোচিৰ কি হ’ল, সেই বিষয়ে আমি নাজানো’।
\v 24 সেয়ে মই তেওঁলোকক ক’লোঁ, ‘যি কোনো লোকৰ সোণৰ অলঙ্কাৰ আছে, সেই সকলোবোৰ সোলোকাই দিয়ক’। তেতিয়া তেওঁলোকে সেই সোণবোৰ মোক দিলে, আৰু মই সেইবোৰ জুইত পেলাই দিলোঁ; আৰু এই দামুৰি বাহিৰলৈ ওলাই আহিল।”
\s5
\p
\v 25 মোচিয়ে দেখিলে যে, হাৰোণৰ লোকসকলৰ ওপৰত নিয়ন্ত্রণ হেৰাইছে আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলি, তেওঁলোক শত্রুবোৰৰ আগত হাঁহিয়াতৰ পাত্র হৈছে।
\v 26 তেতিয়া মোচিয়ে তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ ক’লে, “যিজন যিহোৱাৰ ফলীয়া, তেওঁ মোৰ ওচৰলৈ আহক।” লেবীৰ সকলো লোক তেওঁৰ চাৰিওকাষে গোট খালে।
\v 27 তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তোমালোক প্ৰতিজনে নিজৰ তৰোৱাল নিজৰ কাষত বান্ধা, আৰু তম্বুৰ চাৰিওফালৰ এটা প্রবেশ দুৱাৰৰ পৰা আন প্রবেশ দুৱাৰলৈকে ঘূৰি গৈ নিজৰ ভাই, বন্ধু আৰু চুবুৰীয়ক বধ কৰা’।”
\s5
\p
\v 28 তেতিয়া লেবীয়া লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। সেইদিনা লোকসকলৰ মাজত প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হ’ল।
\v 29 মোচিয়ে লেবীয়া লোকসকলক ক’লে, “আজিৰ পৰা যিহোৱাই তোমালোকক তেওঁৰ সেৱাৰ বাবে উৎসৰ্গ কৰিলে; কাৰণ তোমালোক প্রতিজনে তোমালোকৰ ভাইসকলৰ বিৰুদ্ধে কাৰ্য কৰিলা, সেয়ে যিহোৱই তোমালোকক আজি আশীৰ্ব্বাদ কৰিলে।”
\s5
\p
\v 30 তাৰ পাছদিনা মোচিয়ে লোকসকলক ক’লে, “তোমালোকে মহাপাপ কৰিলা। মই এতিয়া যিহোৱাৰ ওচৰলৈ যাওঁ; যদি পাৰোঁ তেনেহ’লে মই তোমালোকৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম।”
\v 31 মোচিয়ে যিহোৱাৰ ওচৰলৈ উভটি গৈ ক’লে, “হায় হায়, এই লোকসকলে মহাপাপ কৰিলে; আৰু নিজৰ বাবে এটা সোণৰ দেৱতা নিৰ্মাণ কৰিলে।
\v 32 তথাপি এতিয়া অনুগ্রহ কৰি তেওঁলোকক ক্ষমা কৰক; কিন্তু যদি আপুনি ক্ষমা নকৰে, তেনেহ’লে আপুনি লিখা আপোনাৰ পুস্তকৰ পৰা মোৰ নাম বাহিৰ কৰি দিয়ক।”
\s5
\p
\v 33 যিহোৱাই মোচিক ক’লে, “যি জনে মোৰ বিৰুদ্ধে পাপ কৰিলে, সেই জনৰ নামহে মই মোৰ পুস্তকৰ পৰা বাহিৰ কৰিম।
\v 34 এতেকে এতিয়া যোৱা, মই যি দেশৰ বিষয়ে তোমাক কৈছিলোঁ, সেই দেশলৈকে লোকসকলক লৈ যোৱা। চোৱা, মোৰ দূত তোমাৰ আগে আগে যাব; কিন্তু যি দিনা তেওঁলোকে দণ্ড পাব লাগে; সেই দিনা তেওঁলোকৰ পাপৰ দণ্ড মই দিম।”
\v 35 তাৰ পাছত যিহোৱাই লোকসকলৰ ওপৰত মহামাৰী পঠাই আঘাত কৰিলে; কিয়নো লোকসকলে হাৰোণক দামুৰি নিৰ্মাণ কৰিবলৈ বাধ্য কৰিছিল।
\s5
\c 33
\p
\v 1 যিহোৱাই মোচিক ক’লে, “ইয়াৰ পৰা যোৱা, যি দেশ তোমাৰ বংশক দিম বুলি মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত শপত কৰিছিলোঁ, সেই দেশলৈ, মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা লোকসকলৰ সৈতে তুমি যোৱা।
\v 2 মই তোমাৰ আগে আগে এজন দূত পঠাম, আৰু কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলক খেদিম।
\v 3 গাখীৰ আৰু মৌজোল বৈ থকা দেশলৈ যোৱা। কিন্তু মই তোমালোকৰ লগত নাযাওঁ; কাৰণ তোমালোক ঠৰডিঙীয়া লোক। মই হয়তো বাটতে তোমালোকক বিনষ্ট কৰিব পাৰোঁ।”
\s5
\p
\v 4 লোকসকলে যেতিয়া সেই সমস্যাৰ কথা শুনিলে, তেতিয়া তেওঁলোকে শোক কৰিলে; আৰু কোনো এজনেও অলঙ্কাৰ পৰিধান নকৰিলে।
\v 5 যিহোৱাই মোচিক কৈছিল, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কোৱা, ‘তোমালোক ঠৰডিঙীয়া লোক। মই যদি তোমালোকৰ মাজলৈ এক মুহূৰ্তৰ বাবেও যাওঁ, তেনেহ’লে মই তোমালোকক বিনষ্ট কৰিম। সেয়ে তোমালোকৰ লগত মই কি কৰিব লাগে, সেই বিষয়ে যেতিয়ালৈকে মই সিদ্ধান্ত নলওঁ, তেতিয়ালৈকে তোমালোকে নিজৰ অলঙ্কাৰ খুলি ৰাখিবা’।”
\v 6 তেতিয়া ইস্ৰায়েলী লোকসকলে হোৰেব পৰ্ব্বতৰ পৰাই নিজৰ অলঙ্কাৰবোৰ পৰিধান নকৰিলে।
\s5
\p
\v 7 মোচিয়ে তম্বুৰ কাপোৰ এটা লৈ, তম্বুৰ বাহিৰত কিছু দূৰত তৰিলে; আৰু তাৰ নাম সাক্ষাৎ কৰা তম্বু ৰাখিলে। যিহোৱাক বিচাৰা প্ৰতিজনে তম্বুৰ বাহিৰত থকা সেই সাক্ষাৎ কৰা তম্বুলৈ যায়।
\v 8 মোচি যেতিয়া সেই তম্বুৰ ভিতৰলৈ যায়, তেতিয়া সকলো লোকে উঠি প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হয়। মোচিয়ে যেতিয়ালৈকে সেই তম্বুত নোসোমায়, তেতিয়ালৈকে লোকসকলে মোচিক চাই থাকে।
\s5
\p
\v 9 মোচি যেতিয়াই তম্বুত সোমায়, তেতিয়াই মেঘ-স্তম্ভ নামি আহি তম্বুৰ প্রবেশ দুৱাৰত স্থিতি লয়, আৰু যিহোৱাই মোচিৰে সৈতে কথা পাতে।
\s5
\p
\v 10 লোকসকলে যেতিয়াই তম্বুৰ প্রবেশ দুৱাৰত মেঘ-স্তম্ভ স্থিতি হোৱা দেখে, তেতিয়াই প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ আৰাধনা কৰে।
\v 11 যিদৰে মানুহে নিজৰ বন্ধুৰ লগত কথা পাতে, সেইদৰে যিহোৱাই মুখামুখি মোচিৰ লগত কথা পাতে। তাৰ পাছত মোচিয়ে তম্বুৰ পৰা ওলাই আহে, কিন্তু তেওঁৰ যুৱক পৰিচাৰক, নুনৰ পুত্ৰ যিহোচূৱা তম্বুৰ ভিতৰতে থাকে।
\s5
\p
\v 12 মোচিয়ে যিহোৱাক ক’লে, “চাওক, আপুনি এই লোকসকলক লৈ মোক যাত্রা কৰিব কৈছে; কিন্তু মোৰ লগত যি জনক পঠাব, তেওঁৰ বিষয়ে আপুনি মোক জানিব দিয়া নাই। আপুনি কৈছিল, মই নামৰ দ্বাৰাই তোমাক জানো, আৰু তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পালা।
\v 13 এতিয়া মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পালোঁ, তেনেহ’লে বিনয় কৰিছোঁ, মই যেন আপোনাক জানি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, সেই বাবে মোক আপোনাৰ পথ দেখাওক; আৰু এই লোকসকল যে আপোনাৰেই লোক ইয়াকো সোঁৱৰণ কৰক।”
\s5
\p
\v 14 তেতিয়া যিহোৱাই উত্তৰ দিলে, “মই স্বয়ং তোমাৰ লগত যাম, আৰু মই তোমাক বিশ্ৰাম দিম।”
\v 15 মোচিয়ে তেওঁক ক’লে, “যদি আপুনি স্বয়ং মোৰ লগত নাযায়, তেনেহ’লে আমাক ইয়াৰ পৰা লৈ নাযাব।
\v 16 আপুনা যদি আমাৰ লগত নাযয় তেন্তে আমি কেনেকৈ জনিম যে মোক আৰু এই লোকসমূহক লৈ আপুনি সুখী? তাৰোপৰি কিহক লৈ মই আৰু এই লোক সমূহ পৃথিবীৰ আন লোকতকৈ পৃথক বুলি গণিত হম।”
\s5
\p
\v 17 যিহোৱাই মোচিক ক’লে, “এই যি কথা তুমি ক’লা, তাকো মই কৰিম। কিয়নো তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পাইছা, আৰু মই তোমাক তোমাৰ নামে সৈতে জানো।”
\v 18 তেতিয়া মোচিয়ে ক’লে, “বিনয় কৰিছোঁ মোক আপোনাৰ প্ৰতাপ দেখাওক।”
\s5
\p
\v 19 যিহোৱাই ক’লে, “মই তোমাৰ ওচৰেৰে মোৰ সকলো ধাৰ্মিকতা গমন কৰাম, আৰু তোমাৰ আগত মোৰ নাম
\f +
\ft নাম যিহোৱা
\f* ঘোষণা কৰিম। যাক মই অনুগ্ৰহ কৰিব খোজোঁ, তাক মই অনুগ্ৰহ কৰিম, আৰু যাক মই দয়া কৰিব খোজোঁ, তাক মই দয়া কৰিম।”
\v 20 কিন্তু যিহোৱাই পুনৰ ক’লে, “তুমি মোৰ চেহেৰা দেখা নোপোৱা; কাৰণ কোনো মানুহে মোক দেখাৰ পাছত জীয়াই নাথাকে।”
\s5
\p
\v 21 যিহোৱাই ক’লে, “চোৱা, মোৰ ওচৰত এটা শিল আছে, আৰু তুমি সেই শিলটোৰ ওপৰত থিয় হ’বা।
\v 22 তোমাৰ আগেদি যেতিয়া মোৰ প্ৰতাপ গমন কৰিব, তেতিয়া মই তোমাক শিলটোৰ ফাটত থম, আৰু মোৰ গমন শেষ নোহোৱালৈকে মোৰ হাতেৰে তোমাক ঢাকি ধৰিম।
\v 23 তাৰ পাছত মই তোমাৰ ওপৰৰ পৰা হাত গুচাম, আৰু তুমি মোৰ পাছফাল দেখিবলৈ পাবা, কিন্তু মোৰ মুখ দেখা নাপাবা।”
\s5
\c 34
\p
\v 1 যিহোৱাই মোচিক ক’লে, “তুমি প্রথম ফলিৰ দৰে দুখন শিলৰ ফলি কাটা। তুমি ভঙা আগৰ সেই ফলি দুখনত যি যি লিখা আছিল, সেই সকলো কথা, মই পুনৰ এই দুখন ফলিত লিখিম।
\v 2 তুমি ৰাতিপুৱাতে যুগুত হৈ চীনয় পৰ্ব্বতলৈ উঠি আহিবা। পৰ্ব্বতৰ ওপৰত মোৰ ওচৰত উপস্থিত হ’বা।
\s5
\p
\v 3 আন কোনো লোক তোমাৰ লগত নাহিব; আৰু গোটেই পৰ্ব্বতত কোনো লোক যেন দেখা পোৱা নাযায়। গৰু মেৰ-ছাগৰ জাকোবোৰো যেন পৰ্ব্বতৰ আগত চৰি নাথাকে।”
\v 4 সেয়ে মোচিয়ে আগৰ নিচিনা শিলৰ দুখন ফলি কাটি, যিহোৱাৰ আজ্ঞা অনুসাৰে ৰাতিপুৱাই উঠি চীনয় পৰ্ব্বতলৈ গ’ল। যিহোৱাই নিৰ্দেশ দিয়া অনুসাৰে শিলৰ সেই ফলি দুখনো লগত লৈ গ’ল।
\s5
\p
\v 5 যিহোৱা মেঘৰ মাজত নামি আহিল; আৰু মোচিৰ সৈতে সেই ঠাইত থিয় হ’ল। তেওঁ “যিহোৱা” নাম উচ্চাৰণ কৰিলে।
\v 6 যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
\v 7 হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ আৰু আজ্ঞা লঙ্ঘন কৰা সকলৰ পাপৰ ক্ষমাকৰোতা ।তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে। তৃতীয় চতুৰ্থ পুৰুষলৈকে তেওঁলোকৰ সন্তানক পিতৃৰ অপৰাধৰ প্ৰতিফল দিওঁতা।”
\s5
\p
\v 8 তেতিয়া মোচিয়ে বেগাই মাটিলৈ মূৰ দোঁৱাই প্ৰণিপাত কৰিলে,
\v 9 তাৰ পাছত মোচিয়ে কলে, “হে প্ৰভু, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেনেহ’লে বিনয় কৰিছোঁ আমাৰ লগত যাওঁক। কিয়নো এইলোক ঠৰডিঙীয়া লোক; আৰু আমাৰ অপৰাধ আৰু পাপ ক্ষমা কৰি, আমাক নিজৰ অধিকাৰৰ অৰ্থে গ্ৰহণ কৰক।”
\s5
\p
\v 10 যিহোৱাই কলে, “চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলোঁ। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে, ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা, তেওঁলোক সকলোৱে যিহোৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম, সেয়ে ভয়ঙ্কৰ হ’ব।
\v 11 মই তোমাক যি আজ্ঞা দিছোঁ আজি তাক পালন কৰা। মই ইমোৰীয়া, কনানীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলক তোমাৰ আগৰ পৰা খেদি বাহিৰ কৰিম।
\s5
\p
\v 12 সাৱধান, তোমালোক যি দেশলৈ গৈ আছা, সেই দেশত নিবাস কৰা লোকসকলৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা। যদি কৰা, তেনেহ’লে সেয়ে তোমাৰ মাজত ফান্দ স্বৰূপ হ’ব।
\v 13 তাৰ পৰিৱৰ্তে, তোমালোক তেওঁলোকৰ যজ্ঞবেদিবোৰ ভাঙিব লাগিব। তেওঁলোকৰ স্তম্ভবোৰ গুড়ি কৰিবা, আৰু তেওঁলোকৰ আচেৰা দেৱীৰ দণ্ডবোৰ কাটি পেলাবা।
\v 14 তুমি অন্য কোনো দেৱতাৰ আৰাধনা নকৰিবা; কাৰণ, মই যিহোৱা, যাৰ নাম ঈৰ্ষাম্বিত; তেওঁ নিজ মৰ্য্যাদা ৰখাত ঈৰ্ষাম্বিত ঈশ্বৰ।
\s5
\p
\v 15 তুমি সেই দেশ নিবাসী সকলৰ সৈতে কোনো চুক্তি নকৰিবা; কাৰণ তেওঁলোকে ব্যভিচাৰ কৰে আৰু দেৱতাবোৰৰ আগত তেওঁলোকে বলিদান কৰে। তেওঁলোকে তেওঁলোকৰ নৈবেদ্য ভোজনৰ বাবে তোমালোকক নিমন্ত্রণ কৰিব।
\v 16 তেওঁলোকৰ কোনো কোনো জীয়াৰীক তোমালোকৰ পবিত্ৰসকলৰ কাৰণে ভাৰ্য্যা ৰূপে পাবলৈ ইয়াকো ইচ্ছা কৰিব পাৰা। কিন্তু তেওঁলোক মিছা দেৱতাৰ উপাসক জীয়াৰী। তেওলোকে তোমালোকৰ পুত্ৰ সকলকো সিহতৰ দৰেই বিপথগমী কৰিব পাৰে।
\v 17 তুমি নিজৰ বাবে কোনো দেৱমূৰ্তি নিৰ্মাণ নকৰিবা।
\s5
\p
\v 18 তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা। মই তোমালোকক আজ্ঞা দিয়াৰ দৰে আবীব মাহৰ নিৰূপিত কালত সাত দিন ধৰি খমীৰ নিদিয়া পিঠা খাবা। কিয়নো সেই আবীব মাহতে তুমি মিচৰ দেশৰ পৰা ওলাই আহিলা।
\v 19 প্রথমে জন্ম হোৱা সকলো মোৰ, এনেকি গৰু, মেৰ-ছাগ সকলো পশু জাকৰ মাজতো সকলো প্রথমে জগা মতা পশু মোৰ।
\v 20 তোমালোকে প্রথমে জগা গাধ কিনিব খোজা যদি এটা মেৰ-ছাগ দিব লাগিব; কিন্তু যদি কিনি লব নোখোজা, তেনেহ’লে তোমালোকে গাধটোৰ ডিঙি নিশ্চয় ভাঙিব লাগিব। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰসকলক তোমালোকে কিনি ল’ব লাগিব। কোনো এজনো শুদা হাতে মোৰ আগত উপস্থিত নহ’বা।
\s5
\p
\v 21 তোমালোকে ছয় দিন পৰিশ্ৰম কৰিবা, কিন্তু সপ্তম দিনা বিশ্ৰাম কৰিবা। শস্য ৰোৱা আৰু শস্য দোৱা সময়ত অৱশ্যে বিশ্ৰাম কৰিবা।
\v 22 তোমালোক সপ্তাহৰ পৰ্ব্ব পালন কৰিবা। ঘেঁহু কটাৰ প্ৰথম ফল এই পৰ্ব্বত ব্যৱহাৰ কৰিবা, আৰু বছৰৰ শেষত ফল চপোৱাৰ পৰ্ব্ব পালন কৰিবা।
\s5
\p
\v 23 বছৰত তিনিবাৰ তোমালোকৰ পুৰুষসকল ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব।
\v 24 মই তোমালোকৰ পৰা পৰজাতিসকলক দূৰ কৰিম, আৰু তোমালোকৰ দেশৰ সীমা বিস্তাৰ কৰিম। তোমালোক অৱশ্যে বছৰত তিনিবাৰ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব, যাতে কোনেও তোমালোকৰ দেশ অধিকাৰ কৰাৰ চেষ্টা নকৰে।
\s5
\p
\v 25 তোমালোকে মোৰ নৈবেদ্য হিচাপে তেজ উৎসৰ্গ কৰোঁতে তাৰ লগত খমীৰ নিদিবা। নিস্তাৰ-পৰ্ব্বত উৎস্বৰ্গিত মাংস পাছদিনা ৰাতিপুৱালৈকে নাৰাখিবা।
\v 26 তোমালোকে নিজৰ খেতিৰ প্ৰথম ফলৰ উত্তম ভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা। তোমালোকে মেৰ-ছাগ পোৱালিক তাৰ মাকৰ গাখীৰে সৈত্যে নিসিজাবা।”
\s5
\p
\v 27 তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তোমাক মই যি সকলো কথা কলোঁ, সেই সকলো লিখি ৰাখা। ইয়াৰ দ্বাৰাই তোমাৰ আৰু ইস্ৰায়েলৰ লগত মই এটি নিয়ম স্থিৰ কৰিলোঁ।”
\v 28 মোচি সেই ঠাইত যিহোৱাৰ সৈতে চল্লিশ দিন চল্লিশ ৰাতি বাস কৰিছিল। মোচিয়ে চল্লিশ দিন একো ভোজন পান কৰা নাছিল; আৰু তেওঁ সেই দুখন ফলিত নিয়মৰ বাক্য, দহ আজ্ঞা লিখিছিল।
\s5
\p
\v 29 মোচি যেতিয়া সেই দুখন ফলি লৈ চীনয় পৰ্ব্বতৰ পৰা নামি আহিল, তেতিয়া যিহোৱাৰ লগত কথা পতাৰ পাছত তেওঁৰ চেহেৰা যে উজ্জ্বল হৈ আছিল, সেই কথা মোচিয়ে নিজে জনা নাছিল।
\v 30 হাৰোণ আৰু ইস্ৰায়েলৰ সকলো লোকে মোচিৰ চেহেৰা উজ্জ্বল দেখি, তেওঁলোকে তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰিলে।
\v 31 কিন্তু মোচিয়ে তেওঁলোকক মাতিলত, তেতিয়া হাৰোণ আৰু সমাজৰ মূখ্যলোক সকল তেওঁৰ ওচৰলৈ ওভটি আহিল। তেতিয়া মোচিয়ে তেওঁলোকৰ লগত কথা পাতিলে।
\v 32 তাৰ পাছত, ইস্ৰায়েলৰ লোকসকল মোচিৰ ওচৰ চাপিলে। তেওঁ চীনয় পৰ্ব্বতত যিহোৱাই যিবোৰ আজ্ঞা দিছে সেই সকলো তেওঁলোকক ক’লে।
\v 33 মোচিয়ে যেতিয়া তেওঁলোকৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া মোচিয়ে নিজৰ চেহেৰা ওৰণি লৈ ঢাকি ল’লে।
\s5
\p
\v 34 মোচিয়ে যেতিয়াই যিহোৱাৰ লগত কথা পাতিবলৈ তেওঁৰ সন্মুখলৈ গৈছিল, তেতিয়া সেই ওৰণি গুচাইছিল। কিন্তু ঘূৰি অহাৰ লগে লগে তেওঁ পুনৰ ওৰণি লৈছিল। তেওঁ যি সকলো নিৰ্দেশ পাইছিল, সেই সকলো তম্বুৰ বাহিৰলৈ আহি ইস্ৰায়েলৰ লোকসকলক কৈছিল।
\v 35 তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁৰ চেহেৰাত এটা উজ্জ্বলতা দেখা পাইছিল। কিন্তু মোচিয়ে যিহোৱাৰ লগত কথা পাতিবলৈ পুনৰ ভিতৰলৈ নোযোৱালৈকে, নিজৰ চেহেৰা ওৰণিৰে ঢাকি লৈছিল।
\s5
\c 35
\p
\v 1 মোচিয়ে ইস্ৰায়েলৰ লোকসকলক গোট খুৱালে, আৰু তেওঁলোকক ক’লে, “তোমালোকে পালন কৰিবলৈ যিহোৱাই দিয়া আজ্ঞা এইবোৰ।
\v 2 ছয়দিন কাম কৰিবা, কিন্তু সপ্তম দিনা তোমালোকলৈ পবিত্ৰ দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব; যি কোনোৱে সেই দিনা কাম কৰিব, তাৰ নিশ্চয় প্ৰাণদণ্ড হ’ব।
\v 3 বিশ্ৰাম দিনত তোমালোকৰ কাৰো ঘৰত জুই নজ্বলাবা।”
\s5
\p
\v 4 মোচিয়ে ইস্ৰায়েলৰ সকলো সমাজক কলে, “যিহোৱাই দিয়া আজ্ঞা এইবোৰ;
\v 5 যিহোৱাৰ বাবে তোমালোকে উপহাৰ আনা। ইচ্ছাকৃত মনেৰে আনিব বিচাৰা উপহাৰসমূহ এইবোৰ; সোণ, ৰূপ আৰু পিতল;
\v 6 নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা, আৰু ছাগলীৰ নোম।
\v 7 ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, তহচ জন্তুৰ ছাল, আৰু চিটীম কাঠ।
\v 8 প্ৰদীপৰ বাবে তেল, আৰু অভিষেক তেল আৰু সুগন্ধি ধূপৰ বাবে গন্ধদ্ৰব্য।
\v 9 এফোদ আৰু বুকুপটাৰ বাবে গোমেদক আৰু আন বহুমূলীয়া পাথৰ।
\s5
\p
\v 10 তোমালোকৰ মাজৰ প্ৰত্যেক দক্ষতাসম্পন্ন লোক আহক, আৰু যিহোৱাই আজ্ঞা কৰা সকলোকে তৈয়াৰ কৰক।
\v 11 আবাসৰ তম্বু, আবৰণ, হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী
\v 12 চন্দুক আৰু তাৰ কানমাৰি, পাপাবৰণ আৰু আঁৰ কৰি ৰখা পৰ্দা।
\s5
\p
\v 13 তেওঁলোকে মেজৰ সৈতে তাৰ খুটাবোৰ, আৰু তাৰ সকলো সঁজুলি, দৰ্শন-পিঠা;
\v 14 দীপ্তিৰ বাবে দীপাধাৰ আৰু তাৰ প্রয়োজনীয় সামগ্রী, প্ৰদীপবোৰ, আৰু প্ৰদীপৰ বাবে তেল;
\v 15 ধূপ-বেদি আৰু তাৰ খুটাবোৰ, অভিষেকৰ তেল আৰু সুগন্ধি ধূপ, আবাসৰ প্রবেশ দুৱাৰত ওলমাবলৈ পৰ্দা,
\v 16 হোমবলিৰ বাবে বেদি আৰু তাৰ পিতলৰ জালি, খুটাবোৰ আৰু তাৰ সামগ্রী, ডাঙৰ পাত্র আৰু তাৰ খুৰা আনিব।
\s5
\p
\v 17 তেওঁলোকে চোতালত ওলমাবলৈ তাৰ খুঁটা, চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দাবোৰ,
\v 18 আবাসৰ খুঁটা, চোতালৰ খুটাৰ সৈতে সেইবোৰৰ ৰচি,
\v 19 তেওঁলোকে পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবৰ বাবে বোৱা মিহি বস্ত্ৰ, পুৰোহিতৰ কৰ্ম কৰিবলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ আনিব।”
\s5
\p
\v 20 তাৰ পাছত গোটেই ইস্ৰায়েলৰ সমাজ মোচিৰ আগৰ পৰা আঁতৰি গ’ল।
\v 21 যিসকলৰ হৃদয়ত প্রবৃত্তি আৰু মনত ইচ্ছা জন্মিল তেওঁলোকে যিহোৱাৰ বাবে উপহাৰ আনিলে। তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ, তম্বুৰ সম্পৰ্কীয় সকলো সামগ্রীৰ, আৰু পবিত্ৰ বস্ত্ৰৰ বাবে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে।
\v 22 পুৰুষ আৰু স্ত্ৰী যিসকল লোকৰ ইচ্ছা জন্মিল, তেওঁলোক সকলোৱে ব্রোচ, কাণফুলি, আঙঠি, আৰু অলঙ্কাৰ, সকলো ধৰণৰ সোণৰ অলঙ্কাৰ আনিলে। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে সোণৰ উপহাৰ আনিলে।
\s5
\p
\v 23 যিসকল লোকৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা, ছাগলীৰ নোম, ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, আৰু তহচ জন্তুৰ ছাল আছিল, তেওঁলোকে প্ৰতিজনে সেইবোৰ আনিলে।
\v 24 প্রতিজনে যিহোৱাৰ উদ্দেশ্যে ৰূপ বা পিতল উপহাৰ স্বৰূপে আনিলে; আৰু যিসকলৰ চিটীম কাঠ আছিল, তেওঁলোক যিকোনো কাৰ্যত ব্যৱহাৰ কৰিবলৈ সেইবোৰ আনিলে।
\s5
\p
\v 25 প্রত্যেক দক্ষতাসম্পন্ন মহিলা নিজৰ হাতেৰে সূতা কাটি নীলা, বেঙুনীয়া, ৰঙা বৰণীয়া আৰু মিহি শণ সূতা আনিলে।
\v 26 যিসকল মহিলাৰ হৃদয়ত উৎসাহ জন্মিছিল তেওঁলোকে মেৰ-ছাগ নোমৰ সূতা কাটিলে।
\s5
\p
\v 27 মূখ্যলোক সকলে এফোদ আৰু বুকুপটাত লগাবলৈ গোমেদ আৰু আন পাথৰ আনিলে।
\v 28 তেওঁলোকে মছলা আৰু প্ৰদীপৰ বাবে তেল, অভিষেকৰ তেল, আৰু সুগন্ধি ধূপৰ বাবে সুগন্ধি দ্ৰব্য আনিলে।
\v 29 ইস্ৰায়েলৰ সকলো লোকে ইচ্ছাকৃত ভাৱে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে। প্রত্যেক পুৰুষ আৰু মহিলাই ইচ্ছা কৃতভাৱে উপহাৰ প্রদান কৰিলে। যিহোৱাই মোচিক যিসকলো কৰিবলৈ আজ্ঞা কৰিছিল, উপহাৰ সামগ্রীৰ সহায়ত মোচিয়ে সেই সকলো তৈয়াৰ কৰিলে।
\s5
\p
\v 30 তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, যিহোৱাই যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলৰ নাম কাঢ়ি মাতিলে।
\v 31 যিহোৱাই বচলেলক তেওঁৰ আত্মাৰে পৰিপূৰ্ণ কৰিলে, তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা, আৰু সকলো প্ৰকাৰ শিল্প কৌশল দিলে।
\v 32 তেওঁ সোণ, ৰূপ, আৰু পিতলৰ সামগ্রী তৈয়াৰ কৰি তাৰ ওপৰত কাৰুকাৰ্য কৰিব।
\v 33 পাথৰ কাটি খুদিত কৰিব পাৰে, আৰু কাঠেৰেও সকলো প্ৰকাৰ শিল্প কৰ্ম কৰিব পাৰে।
\s5
\p
\v 34 যিহোৱাই বচলেল আৰু অহলীয়াবক শিক্ষা দান কৰিবলৈ বিশেষ ক্ষমতা দিলে, অহলীয়াব হ’ল দান বংশৰ অহীচামকৰ পুত্ৰ।
\v 35 যিহোৱাই এই দুয়োজনক সকলো প্রকাৰ কাৰ্য কৰিবলৈ বিশেষ দক্ষতা দিলে। তেওঁলোক সূতাৰ আৰু ধাতুৰ কাৰ্য কৰাত দক্ষতাসম্পন্ন। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বছা কৰ্ম, আৰু কাপোৰ বোৱা কাৰ্য কৰে। তেওঁলোকে সকলো প্রকাৰৰ শিল্পকাৰ্য কৰে, আৰু তেওঁলোক শিল্পীসুলভ নক্সাকাৰ।
\s5
\c 36
\p
\v 1 সেয়ে পবিত্ৰ-স্থানৰ সকলো কাৰ্য ভালদৰে কৰিবলৈ, যিহোৱাই বচলেল আৰু অহলীয়াৰ সৈতে আন যি সকলো লোকক দক্ষতা আৰু বুজিব পৰা শক্তি দিলে, সেই সকলো জ্ঞানী লোকে যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিব।”
\s5
\p
\v 2 তাৰ পাছত মোচিয়ে বচলেল আৰু অহলীয়াবৰ সৈতে যিহোৱাই যিসকল লোকক দক্ষতা দিছিল, আৰু ইচ্ছাকৃত ভাৱে তেওঁলোকৰ লগত কাম কৰিবলৈ আহিছিল, তেওঁলোকক মাতিলে।
\v 3 তেওঁলোকে, পবিত্ৰ-স্থানৰ নিৰ্মাণ কাৰ্যৰ বাবে ইস্ৰায়েলী লোকসকলে আনি দিয়া সকলো উপহাৰ মোচিৰ পৰা গ্রহণ কৰিলে। লোকসকলে প্ৰতি ৰাতিপুৱা মোচিৰ আগত ইচ্ছাকৃত ভাৱে দান আনিছিল।
\v 4 সেয়ে পবিত্ৰ স্থানত কাম কৰি থকা সকলো দক্ষতা সম্পন্ন লোকসকল কামৰ পৰা আহিল।
\s5
\p
\v 5 তেওঁলোকে মোচিক ক’লে, “যিহোৱাই যিবোৰ কাম কৰিবলৈ আজ্ঞা দিছিল, সেই কাৰ্যৰ বাবে প্রয়োজনীয় বস্তুতকৈ লোকসকলে অধিক বস্তু আনি আছে।”
\v 6 সেয়ে মোচিয়ে নিৰ্দেশ দিলে যে, তম্বুত থকা লোকসকলে পবিত্ৰ-স্থানৰ কাৰ্যৰ বাবে আৰু উপহাৰ আনিব নালাগে। তেতিয়া লোকসকলে উপহাৰ অনা বন্ধ কৰিলে।
\v 7 কিয়নো সকলো কাৰ্য কৰিবৰ অর্থে তেওঁলোকৰ যথেষ্ট বস্তু আছিল, এনেকি প্রয়োজনতকৈ অধিক আছিল।
\s5
\p
\v 8 সেয়ে তেওঁলোকৰ মাজত শিল্পকাৰ্য কৰা লোকসকলে আবাসৰ কাৰ্য আৰম্ভ কৰিলে। তেওঁলোকে পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে দহখন পৰ্দা তৈয়াৰ কৰিলে। তেওঁলোকে পৰ্দাৰ ওপৰত কৰূবৰ ছবি আঁকিলে। এই কাৰ্য অতি নিপূণ শিল্পকাৰ বচলেলৰ কাম আছিল।
\v 9 প্ৰত্যেকখন পৰ্দাই সমান জোখৰ আছিল, আঠাইশ হাত দীঘল, আৰু চাৰি হাত বহল।
\v 10 তাৰ পাছত বচলেলে পাঁচখন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে, আৰু আন পাঁচখনো ইখনক সিখনৰ লগত জোৰা দিলে।
\s5
\p
\v 11 তেওঁ নীলা জৰীৰ পাক প্ৰথমে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত লগালে, আৰু দ্বিতীয়তে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিতো নীলা জৰীৰ পাক দিলে।
\v 12 সেই প্ৰথমখন পৰ্দাৰ পঞ্চাশটা আউঠিত পঞ্চাশটা জৰীৰ পাক, আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দাৰ শেষৰ আউঠিত পঞ্চাশটা জৰীৰ পাক দিলে। সেই জৰীৰ পাক দুশাৰী মুখামুখিকৈ লগালে।
\v 13 তেওঁ সোণৰ পঞ্চাশটা হাঁকোটা গঢ়াই, সেই হাঁকোটাৰে পৰ্দা দুখন ইখনক সিখনৰ লগত বান্ধিলে; আৰু এইদৰে সেই আবাস একলগ কৰি এটা কৰা হ’ল।
\s5
\p
\v 14 সেই আবাসৰ ওপৰৰ তম্বুৰ বাবে ছাগলীৰ নোমেৰে কাপোৰ যুগুত কৰিলে। তেওঁ এঘাৰখন পৰ্দা যুগুত কৰিলে।
\v 15 প্ৰতিখন পৰ্দা সমান জোখৰ আছিল, দীঘলে ত্ৰিশ হাত, আৰু বহলে চাৰি হাত।
\v 16 তেওঁ পাঁচখন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে, আৰু আন ছয়খন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে।
\v 17 প্ৰথমে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত পঞ্চাশটা জৰীৰ পাক, আৰু তেনেকুৱাই জোৰা দিয়া দ্বিতীয়খন পৰ্দাৰ শেষৰ আউঠিত পঞ্চাশটা জৰীৰ পাক দিলে।
\s5
\p
\v 18 বচলেলে প্রথম আৰু দ্বিতীয়তে জোৰা দিয়া পৰ্দাবোৰ লগলগাই তম্বু একে লগ কৰিবৰ অৰ্থে পিতলৰ পঞ্চাশটা হাঁকোটা গঢ়ালে।
\v 19 ৰঙা ৰং কৰা মেৰ-ছাগৰ ছালেৰে তম্বুৰ বাবে এটা আবৰণ আৰু তাৰ ওপৰতো তহচ জন্তুৰ ছালেৰে আৰু এটা আবৰণ যুগুত কৰিলে।
\s5
\p
\v 20 বচলেলে আবাসৰ বাবে চিটীম কাঠেৰে থিয়কৈ দিয়া তক্তা যুগুত কৰিলে।
\v 21 তাৰ এখন তক্তা দহ হাত দীঘল, আৰু ডেৰ হাত বহল আছিল।
\v 22 প্ৰতিখন তক্তাত তেওঁ একে জোখৰ দুটাকৈ ওলোৱা অংশ কৰিলে; এইদৰে তাৰ আবাসৰ সকলো তক্তা কৰিলে।
\v 23 এইদৰে আবাসৰ বাবে যি তক্তা প্রস্তুত কৰিলে তাৰে বিশখন তক্তা দক্ষিণ ফালৰ বাবে যুগুত কৰিলে।
\s5
\p
\v 24 বচলেলে সেই বিশখন তক্তাৰ তলত ৰূপৰ চল্লিশটা চুঙী গঢ়ালে; এখন তক্তাৰ তলত তাৰ দুটা খুটাৰ বাবে দুটা চুঙী, আৰু আন আন তক্তাৰ তলতো দুটাকৈ চুঙী গঢ়ালে।
\v 25 আবাসৰ দ্বিতীয় ফালৰ উত্তৰ দিশে বিশখন তক্তা যুগুত কৰিলে,
\v 26 আৰু সেইবোৰৰ বাবে ৰূপৰ চল্লিশটা চুঙী গঢ়ালে। এখন তক্তাৰ তলত দুটা চুঙী, আৰু আনবোৰ তক্তাৰ তলতো দুটাকৈ চুঙী লগালে।
\s5
\p
\v 27 আবাসৰ পিছফালৰ পশ্চিম দিশৰ বাবে ছয় খন তক্তা যুগুত কৰিলে।
\v 28 আবাসৰ পিছফালৰ চুক দুটাৰ বাবে দুখন তক্তা যুগুত কৰিলে।
\s5
\p
\v 29 প্ৰত্যেক তক্তাৰ তলৰ ফাল খোলা ৰাখিলে, কিন্তু ওপৰ ফালে আঙঠিৰে একলগ কৰা হ’ল। দুয়োটা চুকৰ বাবে দুয়োখন তক্তা এইদৰে কৰা হ’ল।
\v 30 ৰূপৰ চুঙীৰে সৈতে আঠখন তক্তা আছিল। সেইবোৰৰ বাবে ৰূপৰ চুঙী সৰ্বমুঠ ষোল্লটা, প্ৰত্যেক তক্তাৰ তলত দুটাকৈ চুঙী লগোৱা হ’ল।
\s5
\p
\v 31 বচলেলে আবাসৰ এফালৰ তক্তাৰ বাবে পাঁচডাল,
\v 32 আৰু আবাসৰ আন ফালৰ তক্তাৰ বাবে পাঁচডাল, আৰু আবাসৰ পশ্চিম দিশে থকা পাছফালৰ তক্তাৰ বাবেও পাঁচডাল চিটীম কাঠৰ পথালি ডাং যুগুত কৰিলে।
\v 33 কিন্তু মাজৰ ডাং ডাল তক্তাবোৰৰ মাজেদি এমুৰৰ পৰা আন মুৰলৈকে যোৱাকৈ কৰিলে।
\v 34 সেই তক্তাবোৰত সোণৰ পতা মাৰিলে, আৰু ডাংবোৰ সুমুৱাবলৈ, সেইবোৰত সোণৰ আঙঠি গঢ়ালে; আৰু ডাং বোৰতো সোণৰ পতা মাৰিলে।
\s5
\p
\v 35 বচলেলে নীলা, বেঙেনা, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এখন পৰ্দা তৈয়াৰ কৰিলে। সেই পৰ্দাত নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূবৰ নক্সা তৈয়াৰ কৰা হ’ল।
\v 36 পৰ্দাৰ বাবে চিটীম কাঠৰ চাৰিটা খুঁটা বনাই, সেইবোৰত সোণৰ পতা মাৰিলে। খুটাৰ বাবে সোণৰ হাঁকোটা গঢ়ালে, আৰু ৰূপৰ চাৰিটা চুঙী সাঁচত ঢালিলে।
\s5
\p
\v 37 তেওঁ তম্বুৰ দুৱাৰৰ বাবে নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে বোৱা, শিল্পকাৰে ফুল বছা এখন পৰ্দা যুগত কৰিলে।
\v 38 পৰ্দাৰ বাবে পাঁচোটা খুঁটা আৰু সেইবোৰৰ হাঁকোটা বনালে। খুটাবোৰৰ ওপৰভাগত আৰু মাৰিবোৰত সোণৰ পতা মাৰিলে। সেইবোৰৰ বাবে পাঁচটা পিতলৰ চুঙী তৈয়াৰ কৰিলে।
\s5
\c 37
\p
\v 1 তাৰ পাছত বচলেলে চিটীম কাঠৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল, আৰু ডেৰ হাত ওখকৈ নিয়ম চন্দুক নিৰ্মাণ কৰিলে।
\v 2 তেওঁ নিয়ম চন্দুকৰ বাহিৰে ভিতৰে শুদ্ধ সোণৰ পতা মাৰিলে, আৰু তাৰ চাৰিওফালৰ কিনাৰ বোৰত সোণ লগালে।
\v 3 তেওঁ তাৰ খুটাৰ বাবে সোণৰ চাৰিটা চক্র গঢ়ালে। তাৰ এফালে দুটা আন ফালে দুটা এই দৰে তাৰ চাৰিটা খুৰাত লগালে।
\v 4 আৰু তেওঁ চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাত সোণৰ পতা মাৰিলে।
\v 5 তেওঁ চন্দুক বৈ নিবলৈ, সেই কানমাৰি চন্দুকৰ দুই কাষে থকা আঙঠি সুমুৱালে।
\v 6 তেওঁ শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল আৰু ডেৰ হাত বহলকৈ এখন পাপাবৰণ সাজিলে।
\s5
\p
\v 7 বচলেলে সোণ পিটাই দুটা সোণৰ কৰূব সাজিলে, আৰু পাপাবৰণৰ দুই মূৰত ৰাখিলে।
\v 8 এটা মূৰত এটা কৰূব আৰু আনটো মূৰত আন এটা কৰূব হ’ল। পাপাবৰণৰ দুই মুৰত একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিলে।
\v 9 কৰূবে ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকি ধৰিলে; আৰু কৰূব দুটা মুখামুখি হৈ থাকিল; আৰু কৰূবৰ দৃষ্টি পাপাবৰণৰ মাজ ভাগত আছিল।
\s5
\p
\v 10 তেওঁ দুহাত দীঘল, এহাত বহল, আৰু ডেৰ হাত ওখকৈ চিটীম কাঠৰ মেজ সাজি, তাত শুদ্ধ সোণৰ পতা মাৰিলে।
\v 11 মেজখনত তেওঁ সোণৰ পতা মাৰিলে, আৰু তাৰ ওপৰৰ চাৰিওফালৰ দাঁতিত সোণ লগালে।
\v 12 তাৰ চাৰিওফালে চাৰি আঙুলি জোখৰ এটা কাঠৰ ফ্রেম যুগুত কৰিলে, আৰু ফ্রেমৰ চাৰিওকাষৰ দাঁতি সোণৰ কৰিলে।
\v 13 তেওঁ তাৰ বাবে সোণৰ চাৰিটা আঙঠি সাঁচত ঢালিলে। সেই আঙঠি চাৰিটা খুঁটা থকা ঠাইৰ চাৰি চুকত লগালে।
\s5
\p
\v 14 মেজ বৈ নিবলৈ, আৰু কানমাৰি সুমুৱাবলৈ সেই আঙঠি ফ্রেমৰ কাষত লগালে।
\v 15 তেওঁ মেজ বৈ নিবৰ কাৰণে চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিলে।
\v 16 মেজৰ ওপৰত থকা পাত্ৰবোৰ, অৰ্থাৎ তাৰ কাঁহি, চামুচ, বাটি, আৰু দ্ৰাক্ষাৰস ঢালিবলৈ পাত্ৰ প্রস্তুত কৰিলে। সেই সকলো শুদ্ধ সোণেৰে গঢ়ালে।
\s5
\p
\v 17 তেওঁ শুদ্ধ সোণ হাতুৰিৰে পিটি এটা দীপাধাৰ সাজিলে; তাৰ খুৰা, গা ভাগ, তাত কটা বাটি, কলি, আৰু ফুল একে ডোখৰ সোণেৰে গঢ়িলে।
\v 18 তাৰ এফালৰ পৰা তিনিটা শাখা, আৰু আনফালৰ পৰা তিনিটা শাখা, এই দৰে সেই দীপাধাৰৰ দুই ফালৰ পৰা ছটা শাখা ওলাল।
\v 19 তাৰ প্রথম শাখাত বাদাম ফুলৰ আকৃতিৰে তিনিটা বাটি, এটা কলি, আৰু এটা ফুল, আৰু আনটো শাখাত বাদাম ফুলৰ আকৃতিৰে তিনিটা বাটি, এটা কলি, আৰু এটা ফুল কৰিলে। দীপাধাৰৰ পৰা ওলোৱা ছয়োটা শাখাত একে দৰেই কৰিলে।
\s5
\p
\v 20 সেই দীপাধাৰৰ মাজ ভাগতো বাদাম ফুলৰ আকৃতিৰে চাৰিটা বাটি, তাৰ কলি আৰু ফুল কৰিলে।
\v 21 সেই দীপাধাৰৰ প্রথম জোৰা শাখাৰ তলত একে ডোখৰ সোণতে এটা কলি আৰু আনটো শাখাৰ তলতো একে ডোখৰ সোণতে এটা কলি আছিল। এইদৰে তৃতীয় শাখাতো একে ডোখৰ সোণতে এটা কলি আছিল। এইদৰেই দ্বীপাধাৰৰ পৰা বহিৰ ওলোৱা ছয়োটা শাখাতে একেদৰে কৰা আছিল।
\v 22 সেইবোৰৰ কলি আৰু সেইবোৰৰ ডাল একে ডোখৰ সোণতেই আছিল। সেই সকলোৱেই শুদ্ধ সোণ হাতুৰিৰে পিটি গঢ়োৱা হৈছিল।
\s5
\p
\v 23 বচলেলে দীপাধাৰৰ সাতোটা প্ৰদীপ, চেপেনা আৰু তাৰ ট্রে শুদ্ধ সোণেৰে গঢ়ালে।
\v 24 সেই দীপাধাৰ আৰু তাৰ সকলো বস্তু এক কিক্কৰ শুদ্ধ সোণেৰে নিৰ্মাণ কৰিলে।
\s5
\p
\v 25 বচলেলে চিটীম কাঠেৰে ধূপ-বেদি নিৰ্মান কৰিলে। সেই বেদি এহাত দীঘল, আৰু এহাত বহল; তাৰ চাৰিওফালৰ চাৰিওটা চুক সমান; তাৰ ওখই দুহাত; আৰু তাৰ শিং একে ডোখৰ কাঠেৰেই তৈয়াৰ কৰা হ’ল।
\v 26 তেওঁ ধূপ বেদিত, ইয়াৰ ওপৰত, কাষত, আৰু শিংবোৰত শুদ্ধ সোণেৰে পতা মাৰিলে। তেওঁ চাৰিওফালৰ দাঁতিও সোণেৰে তৈয়াৰ কৰিলে।
\s5
\p
\v 27 ধূপ বেদি বৈ নিবৰ বাবে কানমাৰি সুমুৱাবলৈ, তেওঁ সোণৰ দুটা খাৰুৱা গঢ়ালে, আৰু দাঁতিৰ তলত দুয়ো ফালে লগালে।
\v 28 তেওঁ চিটীম কাঠেৰে কানমাৰি সাজি, তাত সোণৰ পতা মাৰিলে।
\v 29 সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা লোক সকলৰ দৰে, তেওঁ অভিষেকৰ পবিত্ৰ তেল, আৰু শুদ্ধ সুগন্ধি ধূপ যুগুত কৰিলে।
\s5
\c 38
\p
\v 1 বচলেলে চিটীম কাঠেৰে পাঁচ হাত দীঘল,পাঁচ হাত বহল, আৰু তিনি হাত ওখকৈ চাৰিওদিশ আৰু চাৰিওটা চুক সমানকৈ হোমবলিৰ অৰ্থে বেদী সাজিলে।
\v 2 তেওঁ তাৰ চাৰিওটা চুক ষাঁড় গৰুৰ শিঙৰ আকৃতিত সাজিলে। সেই শিংবোৰ বেদিৰ সৈতে একে ডোখৰ কাঠেৰেই সাজিলে; আৰু তাত পিতলৰ পতা মাৰিলে।
\v 3 তেওঁ বেদীৰ সকলো সামগ্রী যেনে, ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেঁতা, চৰিয়া, মাংস খোঁচা যাঠি, আৰু জুই ধৰা পাত্ৰ, এই সকলো সামগ্রী পিতলেৰে গঢ়ালে।
\s5
\p
\v 4 তেওঁ বেদীৰ বাবে পিতলৰ জালি গঢ়ালে, আৰু বেদীৰ তলৰ পৰা ওপৰলৈকে আধা অংশত সেই জাল লগালে।
\v 5 কানমাৰি সুমুৱাবলৈ, চাৰিটা আঙঠি সাঁচত ঢালিলে, আৰু পিতলৰ সেই জালিৰ চাৰি চুকত লগালে।
\s5
\p
\v 6 বচলেলে চিটীম কাঠেৰে মাৰি সাজিলে, আৰু তাত পিতলৰ পতা মাৰিলে।
\v 7 বেদি বৈ নিবৰ বাবে, তেওঁ তাৰ কাষত থকা আঙঠিত কানমাৰি সুমুৱালে; তেওঁ সেই বেদী তক্তাৰে ফোঁপোলাকৈ নিৰ্মাণ কৰিলে।
\s5
\p
\v 8 যি মহিলাসকলে সাক্ষাৎ কৰা তম্বুৰ প্রবেশ দুৱাৰত সেৱা কৰিছিল, সেই মহিলাসকলৰ পিতলৰ দৰ্পণেৰে বচলেলে ডাঙৰ প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুঁটা গঢ়ালে।
\s5
\p
\v 9 তেওঁ চোতালখনো যুগুত কৰিলে। চোতালৰ দক্ষিণ দিশে পকোৱা মিহি শণ সূতাৰে এশ হাত দীঘল পৰ্দা যুগুত কৰিলে।
\v 10 বিশটা খুটাৰ পৰা পৰ্দাবোৰ ওলমোৱা হৈছিল, আৰু খুটাবোৰৰ বিশটা চুঙী পিতলৰ আছিল। খুটাবোৰৰ হাঁকোটা আৰু শলি ৰূপৰ আছিল।
\s5
\p
\v 11 একেদৰেই উত্তৰ দিশৰ বাবেও পৰ্দা যুগুত কৰিলে। সেইবোৰো এশ হাত দীঘল আছিল। সেইবোৰৰ খুঁটা বিশটা; আৰু খুটাবোৰৰ বিশটা চুঙী পিতলৰ আছিল, আৰু সেই খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল।
\v 12 আৰু পশ্চিম দিশৰ পৰ্দা পঞ্চাশ হাত দীঘল আছিল। সেইবোৰৰ খুঁটা দহটা, আৰু খুটাবোৰৰ চুঙী দহটা আছিল; আৰু খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল।
\s5
\p
\v 13 চোতালখনৰ পূৱ দিশও পঞ্চাশ হাত দীঘল আছিল।
\v 14 প্রবেশ দুৱাৰৰ এটা কাষৰ পৰ্দা পোন্ধৰ হাত দীঘল আছিল; আৰু সেইবোৰৰ খুঁটা তিনিটা আৰু খুটাবোৰৰ চুঙী তিনিটা আছিল।
\v 15 চোতালৰ প্রবেশ দুৱাৰৰ আন কাষতো একেদৰে পোন্ধৰ হাত দীঘল পৰ্দা আছিল। সেইবোৰৰ খুঁটা তিনিটা আৰু খুটাবোৰৰ চুঙী তিনিটা আছিল।
\v 16 চোতালৰ চাৰিও দিশৰ পৰ্দাবোৰ পকোৱা মিহি শণ সূতাৰে তৈয়াৰী আছিল।
\s5
\p
\v 17 খুটাবোৰৰ চুঙীবোৰ পিতলেৰে তৈয়াৰ কৰিছিল। খুটাবোৰৰ বাবে হাঁকোটা আৰু মাৰিবোৰ ৰূপেৰে তৈয়াৰ কৰিছিল। খুটাবোৰৰ মূৰ ৰূপেৰে তৈয়াৰ কৰা হৈছিল; আৰু চোতালৰ আটাইবোৰ খুটাতে ৰূপৰ মাৰি লগোৱা হৈছিল।
\v 18 চোতালৰ দুৱাৰৰ পৰ্দাবোৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে বোৱা, আৰু শিল্পকাৰে ফুল বাছি তৈয়াৰ কৰিছিল। পৰ্দাখন আছিল দীঘলে বিশ হাত, আৰু ওখই পাঁচ হাত, চোতালৰ বাকী পৰ্দাবোৰৰ জোখৰ আছিল।
\v 19 পৰ্দাৰ বাবে চাৰিটা খুঁটা; আৰু চাৰিটা পিতলৰ চুঙী; আৰু সেইবোৰৰ হাঁকোটা ৰূপৰ আছিল। খুটাৰ ওপৰভাগ আৰু মাৰি বোৰ ৰূপেৰে তৈয়াৰী।
\v 20 আবাসৰ আৰু চোতালৰ চাৰিওফালৰ খুটাবোৰ পিতলৰ আছিল।
\s5
\p
\v 21 মোচিৰ নিৰ্দেশ অনুসাৰে, সাক্ষ্য ফলি থকা আবাসৰ সকলো বস্তুৰ সংখ্যাৰ বৃত্তান্ত লিখিবলৈ পুৰোহিত হাৰোণৰ পুত্ৰ ঈথামৰে লেবীয়া সকলক আদেশ দিলে।
\v 22 যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলে, যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে সকলোকে কৰিলে।
\v 23 দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াব তেওঁৰ সহায়কাৰী আছিল, তেওঁ এজন দক্ষতাসম্পন্ন লোক আৰু নিপুণ শিল্পকাৰ আছিল। তেওঁ নীলা, বেঙুনীয়া আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বাছিব জনা লোক আছিল।
\s5
\p
\v 24 পবিত্র স্থানৰ প্রকল্পৰ বাবে ব্যৱহাৰ হোৱা সকলো উপহাৰৰ সোণ পবিত্ৰ স্থানৰ চেকলৰ জোখৰ অনুপাতে ঊনত্ৰিশ কিক্কৰ আৰু সাত শ ত্ৰিশ চেকল আছিল।
\v 25 সমাজৰ দ্বাৰাই দিয়া ৰূপৰ ওজন পবিত্ৰ স্থানৰ চেকলৰ জোখৰ অনুপাতে এশ কিক্কৰ আৰু এক হাজাৰ সাত শ পঁয়সত্তৰ চেকল আছিল।
\v 26 বা বিশ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকপিয়ল অনুসাৰে ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন লোকৰ প্ৰতিজনে এক এক বেকা, অৰ্থাৎ পবিত্ৰ স্থানৰ চেকল অনুসাৰে আধা চেকলকৈ ৰূপ দিছিল।
\s5
\p
\v 27 এশ কিক্কৰ ৰূপ পবিত্ৰ স্থান আৰু পৰ্দাৰ চুঙীৰ বাবে খৰচ কৰা হ’ল। প্ৰত্যেক চুঙীত এক কিক্কৰকৈ এশ চুঙীৰ বাবে এশ কিক্কৰ ৰূপ খৰচ কৰা হ’ল।
\v 28 এক হাজাৰ সাত শ পঁয়সত্তৰ চেকল ৰূপেৰে তেওঁ খুটাবোৰৰ হাঁকোটা তৈয়াৰ কৰিছিল। সেইবোৰৰ মুৰত, ৰূপৰ পতা মাৰিছিল, আৰু সেইবোৰৰ বাবে মাৰি তৈয়াৰ কৰা হৈছিল।
\v 29 উপহাৰৰ পৰা পোৱা পিতলৰ ওজন সত্তৰ কিক্কৰ দুই হাজাৰ চাৰিশ চেকল আছিল।
\s5
\p
\v 30 এইবোৰেৰে তেওঁ সাক্ষাৎ কৰা তম্বুৰ প্রবেশ দুৱাৰৰ বাবে চুঙী, পিতলৰ বেদী, পিতলৰ জালিকটা, আৰু বেদীৰ সকলো সামগ্রী তৈয়াৰ কৰিছিল।
\v 31 চোতালৰ বাবে চুঙী, চোতালৰ প্রবেশ দুৱাৰৰ বাবে চুঙী, আবাসৰ বাবে সকলো খুঁটা, আৰু চোতালৰ বাবে সকলো খুঁটা গঢ়ালে।
\s5
\c 39
\p
\v 1 যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতাৰে, পবিত্ৰ স্থানত পৰিচৰ্যা কৰিবৰ বাবে নিপুণৰূপে বোৱা মিহি বস্ত্ৰ, আৰু হাৰোণৰ বাবে পবিত্ৰ বস্ত্ৰ যুগুত কৰিলে।
\s5
\p
\v 2 তেওঁ সোণ, আৰু নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এফোদ বস্ত্ৰখন যুগুত কৰিলে।
\v 3 তেওঁলোকে সোণ পিটি পতা কৰি, কাটি মিহি গুণা তৈয়াৰ কৰি নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰ কাপোৰত নিপুণ শিল্পকাৰ্য্যৰ দ্বাৰাই কাম কৰালে।
\s5
\p
\v 4 তেওঁলোকে ওপৰৰ দুয়োফালে এফোদৰ কান্ধত লগাবলৈ স্কন্ধপটি যুগুত কৰিলে।
\v 5 এফোদৰ কঁকালত বান্ধিবৰ বাবে তাৰ লগত নিপুণৰূপে বোৱা কাপোৰৰ সোণোলী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে টঙালি প্রস্তুত কৰিলে। যিহোৱাই মোচিক আজ্ঞা কৰাৰ দৰে তেওঁলোকে সেই সকলো কৰিলে।
\s5
\p
\v 6 তেওঁলোকে মোহৰ কটাৰ দৰে কটা, ইস্ৰায়েলৰ বাৰজন পুত্ৰৰ নাম থকা, সোণত খটোৱাবলৈ গোমেদ পাথৰ যুগুত কৰিলে।
\v 7 সেয়ে ইস্ৰায়েলৰ পুত্ৰসকলৰ সোঁৱৰণীয় পাথৰ স্বৰূপে তাক এফোদৰ স্কন্ধপটিৰ ওপৰত লগালে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই কৰিলে।
\s5
\p
\v 8 এফোদ তৈয়াৰ কৰাৰ দৰে, তেওঁ সোণোলী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে নিপুণ শিল্পকাৰ্যেৰে বুকুপটা যুগুত কৰিলে।
\v 9 এই বুকুপটা চাৰিচুকীয়া আছিল। তেওঁলোকে বুকুপটাটো দুতৰপীয়া কৰিলে; সেয়ে দীঘে এবেগেত, বহলে এবেগেত আছিল।
\s5
\p
\v 10 তেওঁলোকে তাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱালে। প্ৰথম শাৰীত ৰুবী, পীতমণি, আৰু মৰকত;
\v 11 দ্বিতীয় শাৰীত পদ্মৰাগ, নীলকান্ত, আৰু হীৰা;
\v 12 তৃতীয় শাৰীত পেৰোজ, যিষ্ম, আৰু কটাহেলা;
\v 13 আৰু চতুৰ্থ শাৰীত বৈদূৰ্য্য, গোমেদক আৰু সূৰ্যকান্ত আছিল; এই সকলো পাথৰ সোণত খটোৱা হ’ল।
\s5
\p
\v 14 এই পাথৰ ইস্ৰায়েলৰ বাৰজন পুত্রৰ নাম অনুসাৰে, একাদিক্রমে ডাঙৰৰ পৰা সৰুলৈকে লিখা হ’ল; মোহৰত খোদিত কৰা দৰে প্ৰত্যেক পাথৰত বাৰ ফৈদৰ বাবে এজন এজন পুত্ৰৰ নাম ক্ষুদিত কৰা হ’ল।
\v 15 তেওঁলোকে ৰছীৰ দৰে পকোৱা মালাৰ নিচিনা দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বুকুপটাত লগাই দিলে।
\v 16 তেওঁলোকে সোণৰ দুটা আঙঠি তৈয়াৰ কৰি, বুকুপটাৰ দুই মূৰত সেই আঙঠি দুটা লগালে।
\s5
\p
\v 17 মালাৰ দৰে গঁথা সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই মূৰত থকা আঙঠি দুটাত লগালে।
\v 18 মালাৰ দৰে গঁথা শিকলি দুডালৰ দুই মূৰ সোণৰ খাপ দুটাত লগালে, এফোদৰ আগফালে স্কন্ধপটি দুটাৰ ওপৰত লগালে।
\s5
\p
\v 19 সোণৰ দুটা আঙঠি গঢ়াই, বুকুপটাৰ দুই মূৰত এফোদৰ সন্মুখত থকা ভিতৰৰ দাঁতিত লগালে।
\v 20 তাৰ পাছত আৰু দুটা আঙঠি গঢ়াই, এফোদৰ স্কন্ধপটি দুটাৰ তল ভাগত তাৰ আগফালে, জোৰা দিয়া ঠাইৰ ওচৰত, এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত তাক লগালে।
\s5
\p
\v 21 বুকুপটা এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত যেন থাকে, আৰু এফোদৰ পৰা যেন এৰাই নাযায়, সেই বাবে তেওঁলোকে নীলা ফিতাৰে বুকুপটা তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে।
\s5
\p
\v 22 বচলেলে এফোদৰ চোলা সিপিনীয়ে বোৱা, সম্পূৰ্ণ বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰ কৰিলে।
\v 23 সেই চোলাত মূৰ সুমুৱাবলৈ সোঁ মাজত খোলা আছিল। সেয়ে নাফাটিবৰ বাবে, ডিঙিৰ চাৰিওফালটো চিলোৱা হৈছিল।
\v 24 তেওঁলোকে সেই চোলাৰ তল দাঁতিত, নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা, আৰু পকোৱা মিহি শণ সূতাৰে ডালিমৰ নক্সা তুলিলে।
\v 25 তেওঁলোকে শুদ্ধ সোণৰ জুণুকা গঢ়াই, সেই জুণুকাবোৰ ডালিমৰ মাজে মাজে চোলাৰ তলৰ দাঁতিৰ চাৰিওফালে লগাই দিলে।
\v 26 পৰিচৰ্যা কৰোঁতে, পিন্ধিবলৈ চোলাৰ তল দাঁতিত এটা জুণুকা, এটা ডালিম, এটা জুণুকা, এটা ডালিম এই দৰে চোলাৰ চাৰিওফালে লগাই দিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে।
\s5
\p
\v 27 তেওঁলোকে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বাবে মিহি শণ সূতাৰে কোট চোলা প্রস্তুত কৰিলে।
\v 28 মিহি শণ সূতাৰ পাগুৰি, পকোৱা মিহি শণ সূতাৰে কপালত বন্ধা কাপোৰ, মিহি শণ সূতাৰে গুপ্তাঙ্গ ঢাকিবলৈ কাপোৰ প্রস্তত কৰিলে।
\v 29 পকোৱা মিহি শণ সূতা আৰু নীলা, বেঙেনা, আৰু ৰঙা বৰণীয়া সূতাৰে, শিল্পকাৰে ফুল বছা টঙালি যুগুত কৰিলে।
\s5
\p
\v 30 যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে শুদ্ধ সোণৰ পবিত্ৰ মুকুট যুগুত কৰিলে, আৰু মোহৰত খোদিত কৰাৰ দৰে তাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ”, এই বচন ক্ষুদিত কৰিলে।
\v 31 তেওঁলোকে পাগুৰিৰ ওপৰত মুকুট বান্ধিবলৈ, নীলা বৰণীয়া ফিতা লগালে।
\s5
\p
\v 32 এই দৰে সাক্ষাৎ কৰা তম্বুৰ আবাসৰ সকলো কাৰ্য কৰি শেষ কৰিলে, যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই ইস্ৰায়েলৰ লোকসকলে সকলো কাৰ্য কৰিলে।
\v 33 তেওঁলোকে মোচিৰ ওচৰলৈ সেই আবাস লৈ গ’ল; অৰ্থৎ তম্বু, আৰু তাৰ সকলো সামগ্রী, তাৰ হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী,
\v 34 ৰঙা ৰং কৰা মেৰ-ছাগৰ ছালৰ আৱৰণ, তহচ জন্তুৰ ছালৰ আৱৰণ, আৰু আঁৰ কৰি ৰখা পৰ্দা,
\v 35 সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু তাৰ কানমাৰি, আৰু পাপাবৰণ তেওঁৰ ওচৰলৈ নালে।
\s5
\p
\v 36 মেজ, তাৰ সকলো সঁজুলি, আৰু দৰ্শন-পিঠা;
\v 37 শুদ্ধ সোণৰ দীপাধাৰ আৰু শাৰী পাতি ৰখা প্ৰদীপবোৰ, তাৰ সকলো সঁজুলি, আৰু প্ৰদীপৰ বাবে তেল;
\v 38 সোণৰ বেদী, অভিষেক কৰা তেল, সুগন্ধি ধূপ, আৰু তম্বুৰ দুৱাৰৰ বাবে পৰ্দা।
\v 39 পিতলৰ বেদী তাৰ লগৰ পিতলৰ জালি, তাৰ কানমাৰি, আৰু তাৰ সকলো সঁজুলি, প্ৰক্ষালন-পাত্ৰ, আৰু তাৰ খুৰা,
\v 40 চোতালৰ পৰ্দাবোৰ, তাৰ খুঁটা আৰু চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দা, তাৰ ৰছী আৰু তম্বুৰ খুটি, আৰু সাক্ষাৎ কৰা তম্বুৰ বাবে আবাসৰ কাৰ্যৰ সকলো সজুলি,
\v 41 পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ নিপুণৰূপে প্রস্তুত কৰা মিহি বস্ত্ৰ, আৰু পুৰোহিত কৰ্ম কৰিবলৈ হাৰোণ পুৰোহিতৰ পবিত্ৰ বস্ত্ৰ, আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ তেওঁৰ ওচৰলৈ নি দেখোৱালে।
\s5
\p
\v 42 যি যি কৰ্ম কৰিবলৈ যিহোৱাই মোচিক আজ্ঞা কৰিছিল, সেই সকলোকে ইস্ৰায়েলৰ লোকসকলে কৰিলে।
\v 43 তাৰ পাছত মোচিয়ে সেই সকলো কাম চাই সেই কাম সম্পূৰ্ন হোৱা দেখিলে। যিহোৱাৰ আজ্ঞা অনুসাৰেই সকলোকে কৰিলে; সেয়ে মোচিয়ে তেওঁলোকক আশীৰ্ব্বাদ কৰিলে।
\s5
\c 40
\p
\v 1 তাৰ পাছত যিহোৱাই মোচিক কলে,
\v 2 “তুমি নতুন বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা সাক্ষাৎ কৰা তম্বুৰ আবাস স্থাপন কৰিবা।
\s5
\p
\v 3 তুমি তাৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুক ৰাখি পৰ্দাৰে সেই চন্দুক আঁৰ কৰি ৰাখিবা।
\v 4 মেজ ভিতৰলৈ আনি তাক সজাই ৰাখিবা; আৰু দীপাধাৰ ভিতৰলৈ আনি, তাৰ ওপৰত প্ৰদীপবোৰ জ্বলাই দিবা।
\s5
\p
\v 5 ধূপ জ্বলাবৰ বাবে সোণৰ বেদীটো সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত ৰাখিবা, আৰু আবাসৰ দুৱাৰত পৰ্দাবোৰ লগাই দিবা।
\v 6 সাক্ষাৎ কৰা তম্বুৰ আবাসৰ দুৱাৰৰ সন্মুখত হোমবেদী ৰাখিবা।
\v 7 সাক্ষাৎ কৰা তম্বু আৰু হোম-বেদীৰ মাজত প্ৰক্ষালন-পাত্ৰ থৈ, তাত পানী ভৰাবা।
\v 8 চাৰিওফালে চোতাল যুগুত কৰিবা, আৰু চোতালৰ দুৱাৰত পৰ্দাবোৰ লগাবা।
\v 9 তুমি অভিষেক কৰা তেল লৈ, আবাস আৰু তাৰ সকলোকে অভিষেক কৰি, তাক আৰু তাৰ সকলো বস্তু পবিত্ৰ কৰিবা; তাতে সেয়ে পবিত্ৰ হ’ব।
\v 10 তুমি হোম-বেদীটো আৰু তাৰ সকলো সঁজুলি অভিষেক কৰি, সেই বেদি পবিত্ৰ কৰিবা; তাতে সেই বেদী অতি পবিত্ৰ হ’ব।
\v 11 তুমি প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা অভিষেক কৰি তাক পবিত্ৰ কৰিবা।
\v 12 তুমি হাৰোণক আৰু তেওঁৰ পুত্রসকলক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ আনি, তেওঁলোকক পানীৰে গা ধুৱাবা।
\v 13 হাৰোণক পবিত্ৰ বস্ত্ৰ পিন্ধাই, মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ তেওঁক অভিষেক কৰি পবিত্ৰ কৰিবা।
\s5
\p
\v 14 তেওঁৰ পুত্ৰসকলকো আনি, কোট চোলা পিন্ধাবা।
\v 15 তেওঁলোকৰ পিতৃক যেনেকৈ অভিষেক কৰিবা, তেনেকৈ, তেওঁলোকেও মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ পুত্রসকলক অভিষেক কৰিবা। তাতে সেই অভিষেকেই তেওঁলোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী পুৰোহিত পদৰ চিন হ’ব।”
\v 16 মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।
\s5
\p
\v 17 পাছে দ্বিতীয় বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা আবাস স্থাপন কৰা হ’ল।
\v 18 যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাস স্থাপন কৰিবলৈ, তাৰ চুঙী বহুৱাই, তক্তা খুৱাই, ডাং সুমুৱাই, আৰু তাৰ খুটাবোৰ তুলি,
\v 19 সেই আবাসৰ ওপৰত তম্বু তৰিলে, আৰু তাৰ ওপৰত তম্বুৰ আৱৰণ লগালে।
\v 20 পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষ-ফলি দুখন লৈ নিয়ম চন্দুকটোৰ ভিতৰত ভৰাই, চন্দুকত কানমাৰি লগাই, নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থৈ,
\v 21 আৰু আবাসৰ ভিতৰলৈ নিয়ম চন্দুকটো আনি, আঁৰ কৰি ৰখা পৰ্দা লগাই, সাক্ষ-ফলিৰ নিয়ম চন্দুক ঢাকিলে।
\v 22 যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাসৰ উত্তৰ ফালে পৰ্দাৰ বাহিৰত সাক্ষাৎ কৰা তম্বুত মেজ ৰাখিলে,
\v 23 তাৰ ওপৰত যিহোৱাৰ সন্মুখত পিঠা সজাই থলে।
\s5
\p
\v 24 পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুত মেজৰ সন্মুখত আবাসৰ দক্ষিণ ফালে দীপাধাৰ ৰাখিলে।
\v 25 যিহোৱাৰ সন্মুখত প্ৰদীপবোৰ জ্বলাই দিলে।
\v 26 পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ পৰ্দাৰ আগত সোণৰ বেদী ৰাখিলে।
\v 27 তাৰ ওপৰত সুগন্ধি ধূপ জ্বলালে।
\v 28 পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাসৰ দুৱাৰৰ পৰ্দা লগালে,
\v 29 আৰু সাক্ষাৎ কৰা তম্বুত আবাসৰ দুৱাৰৰ মুখত হোম-বেদী ৰাখি তাৰ ওপৰত হোমবলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলে।
\v 30 পাছে যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ আৰু হোম-বেদীৰ মাজত, প্ৰক্ষালন-পাত্ৰ ৰাখি ধুবলৈ তাত পানী ভৰাই থলে।
\v 31 তাৰ পৰাই মোচি, হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলে নিজৰ নিজৰ হাত ভৰি ধোৱে।
\v 32 যেতিয়া তেওঁলোকে সাক্ষাৎ কৰা তম্বুত সোমায়, বা বেদীৰ ওচৰলৈ আহে, তেতিয়া ধোৱে।
\v 33 পাছে তেওঁ আবাসৰ আৰু হোম-বেদীৰ চাৰিওফালে চোতাল যুগুত কৰিলে; আৰু চোতালৰ দুৱাৰত পৰ্দা লগালে। এইদৰে মোচিয়ে কাৰ্য সমাপ্ত কৰিলে।
\s5
\p
\v 34 তাৰ পাছত মেঘে সাক্ষাৎ কৰা তম্বুটো ঢাকি ধৰিলে, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিলে।
\v 35 মোচিয়ে সাক্ষাৎ কৰা তম্বুত সোমাব নোৱাৰিলে; কিয়নো মেঘ তাৰ ওপৰত আছিল, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিছিল।
\v 36 পাছে আবাসৰ ওপৰৰ পৰা মেঘ উঠিলে, ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰে।
\v 37 কিন্তু আবাসৰ ওপৰৰ পৰা যদি মেঘ আঁতৰি নাযায়, তেওঁলোকে যাত্ৰা নকৰে।
\v 38 কিয়নো গোটেই ইস্ৰায়েল বংশৰ চকুৰ আগত, তেওঁলোকৰ আটাই যাত্ৰাত, দিনত যিহোৱাৰ মেঘ আবাসৰ ওপৰত আছিল, আৰু ৰাতি অগ্নি আবাসৰ ভিতৰত আছিল।