127 lines
15 KiB
Plaintext
127 lines
15 KiB
Plaintext
\id TIT
|
||
|
||
|
||
\s5
|
||
\c 1
|
||
\s মঙ্গলাচৰণ; মণ্ডলী শাসন সম্বন্ধীয় কথা
|
||
\p
|
||
\v 1 ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ নিযুক্ত পাঁচনি পৌল, ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰে সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ৷
|
||
\v 2 সেই অনন্ত জীৱনৰ\f + \fr 1.2 \ft ১ যো ৫:৯-১১\f* আশাত আমাৰ সেই বিশ্বাস আৰু জ্ঞান লাভ হয়৷ অনাদি কালৰ পুৰ্ব্বেই মিছা নোকোৱা ঈশ্বৰে এই জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছিল৷
|
||
\v 3 ঈশ্বৰে তেওঁৰ বাক্য ঠিক ঠিক সময়ত প্ৰচাৰৰ দ্বাৰাই প্ৰকাশ কৰিলে৷ ঈশ্বৰে সেই কাৰ্যৰ ভাৰ মোৰ হাতত তুলি দিলে৷ আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ আজ্ঞা অনুসাৰে মই সেই বাক্য প্ৰচাৰ কৰোঁ৷
|
||
|
||
\s5
|
||
\p
|
||
\v 4 সাধৰণ বিশ্বাসৰ দৰে যথার্থ পুত্ৰ তীতৰ সমীপলৈ। পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওঁক।
|
||
\p
|
||
\v 5 অসম্পূর্ণ কার্য্যবোৰ সম্পূর্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো, ক্ৰীতি দ্বীপত মই তোমাক থৈ আহিলো।
|
||
|
||
\s5
|
||
\p
|
||
\v 6 যি জন নির্দোষী, এগৰাকী মহিলাৰ স্বামী, যি জনৰ সন্তানসকল বিশ্বাসী আৰু দুষ্ট বা অবাধ্য বুলি পৰিচিত নহয়, তেনে ব্যক্তি পৰিচাৰকৰূপে গণ্য হব।\f + \fr 1.6 \ft ১ তী ৩: ২-৯\f*
|
||
\v 7 ঈশ্বৰৰ লোকসকলক পৰিচালিত কৰা লোক ঈশ্বৰৰ ঘৰগিৰীৰদৰে। সেয়ে, সেই ব্যক্তিৰ সুনাম থকাটো প্রয়োজন। তেওঁ অহঙ্কাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুচ্ছিত, লাভ বিচৰা হব নালাগে৷
|
||
|
||
\s5
|
||
\p
|
||
\v 8 কিন্তু অতিথি সেৱক, সাধুক স্নেহ কৰোঁতা, বিবেচক, ন্যায় কৰোঁতা, পবিত্ৰ আৰু আত্মসংযমী হ'ব লাগে৷
|
||
\v 9 আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ আৰু আপত্তি দৰ্শোৱা সকলক অনুযোগ কৰিবলৈ সমর্থ হ'বৰ কাৰণে, উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে।
|
||
|
||
\s5
|
||
\p
|
||
\v 10 কিয়নো বিশেষকৈ চুন্নৎ হোৱা লোকসকলৰ মাজত অনর্থক বাক্য কওঁতা, শৃংখলাহীনতা, ভাণ্ডনা কৰোঁতা আৰু অনেক অবাধ্য লোক আছে৷
|
||
\v 11 তেওঁলোকৰ মুখ বন্ধ কৰা আৱশ্যক; তেওঁলোক এনেকুৱা মানুহ যে, কুচ্ছিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে।
|
||
|
||
\s5
|
||
\p
|
||
\v 12 তেওঁলোকৰ এজন স্বদেশীয় ভাববাদীয়ে কৈছে, যে "ক্ৰীতিৰ মানুহবোৰ মিছলীয়া, বেয়া, হিংসুক জন্তু আৰু এলেহুৱা ভাতভাৰী।"
|
||
\v 13 এই সাক্ষ্য সঁচা। তেওঁলোক যেন বিশ্বাসত নিৰাময় হয়, এই কাৰণে তুমি তেওঁলোকক কঠোৰ অনুযোগ কৰা।
|
||
|
||
\s5
|
||
\p
|
||
\v 14 আৰু যিহুদীয়া আখ্যানলৈ আৰু সত্যৰ পৰা বিমুখ হোৱা মানুহবোৰৰ আদেশলৈ মন দি সময়ৰ অপব্যৱহাৰ নকৰিবা৷
|
||
|
||
\s5
|
||
\p
|
||
\v 15 শুচিসকলৰ বাবে সকলোৱেই শুচি; কিন্তু কলুষিতবোৰলৈ আৰু বিশ্বাস নকৰাসকললৈ একোৱেই শুচি নহয়৷ বৰং তেওঁলোকৰ মন আৰু বিবেক, এই উভয়ে কলুষিত।
|
||
\v 16 ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কার্য্যত তাক অস্বীকাৰ কৰে৷\f + \fr 1.16 \ft যিহি ৩৩: ৩০-৩২; মথি ১৫:৮; ২ তী ৩:৫; ১ যো ৪:২০\f* তেওঁলোক ঘিণলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎকর্মৰ বাবে অনুপযোগী।
|
||
|
||
\s5
|
||
\c 2
|
||
\s মণ্ডলীভুক্ত নানা লোকক দিব লগীয়া শিক্ষাৰ বৃত্তান্ত
|
||
\p
|
||
\v 1 কিন্তু তুমি নিৰাময় শিক্ষাৰ উপযুক্ত কথা কোৱা৷
|
||
\v 2 পৰিচাৰকসকল যেন পৰিমিত ভোগী, ধীৰ, বিবেচক, বিশ্বাসত গভীৰ, প্ৰেমত আৰু ধৈর্য্যত নিৰাময় হয়৷
|
||
|
||
\s5
|
||
\p
|
||
\v 3 সেইদৰে পৰিচাৰীকাসকলেওঁ যেন পবিত্ৰ লোকসকলৰদৰে আচাৰ-ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা বহু দ্ৰাক্ষাৰসৰ আসক্ত নহৈ, যেন উত্তম শিক্ষা দিওঁতা হয়;
|
||
\v 4 ইয়াৰ দ্বাৰা তেওঁলোকে যেন যুৱতীসকলক তেওঁলোকৰ চিন্তাধাৰাত সুস্হিৰ হবলৈ, পতি-প্ৰিয়া আৰু সন্তান-প্ৰিয়া হবলৈ উৎসাহিত কৰে, বিবেচক হবলৈ,
|
||
\v 5 নিৰ্দোষী, ঘৰ-ধৰোতা, সু-স্বভাবী, আৰু নিজ নিজ স্বামীৰ বশীভুতা হবলৈ শিকাই বুজাই সুবুদ্ধি কৰি তোলে, এনে শিক্ষাৰ দিয়া যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়৷
|
||
|
||
\s5
|
||
\p
|
||
\v 6 সেইদৰে যুৱকসকলকো সুবোধ হবলৈ উদগোৱা৷
|
||
\v 7 নিজে সকলো বিষয়তে সৎ কর্ম্মৰ আর্হি হৈ, শিক্ষা দিওঁতে শুদ্ধতা, ধীৰতা আৰু অনিন্দনীয় নিৰাময় বাক্য প্ৰকাশ কৰা;
|
||
\v 8 তেতিয়া বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কু-কথা কবলৈ নোপোৱাত, লাজ পাব।
|
||
|
||
\s5
|
||
\p
|
||
\v 9 দাসসকলে সকলো বিষয়ত তেওঁলোকৰ প্ৰভু সকলৰ আজ্ঞাধীন হব লাগে৷ তেওঁলোকৰ প্ৰতি সন্তোষ-দায়ক হব লাগে কিন্তু উত্তৰা-উত্তৰি নকৰি
|
||
\v 10 আৰু হাত লৰ নহৈ, বৰং সকলোতে উত্তম বিশ্বস্ততা দেখুৱাবলৈ তেওঁলোকক উদগোৱা যাতে আমাৰ ত্ৰাণকর্ত্তা ঈশ্বৰৰ শিক্ষাই সকলো বিষয়তে তেওঁলোকক ভূষিত কৰে৷\f + \fr 2.10 \ft মথি ৫:১৬; ফিলি ২:১৫; ১ পি ২:৯\f*
|
||
|
||
\s5
|
||
\p
|
||
\v 11 কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল;
|
||
\v 12 আৰু আমি ভক্তি লঙ্ঘণ আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধার্ম্মিক আৰু ভক্তিভাবে এই বর্তমান সংসাৰত যেন জীবন যাপন কৰোঁ, সেই অনুগ্ৰহে এনে শিক্ষা আমাক দিছে।
|
||
\v 13 এতিয়া আমি পৰম ধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকর্ত্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবির্ভাবলৈ যেন অপেক্ষা কৰি থাকো৷
|
||
|
||
\s5
|
||
\p
|
||
\v 14 আমাক সকলো অধর্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তিসকলৰদৰে সকলো সৎকর্মত উদ্দোগী হওঁ।
|
||
|
||
\s5
|
||
\v 15 তুমি এইবোৰ কথা কৈ সম্পূর্ণ ক্ষমতাৰে উদগোৱা আৰু অনুযোগ কৰা; তোমাক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা।
|
||
|
||
\s5
|
||
\c 3
|
||
\p
|
||
\v 1 তুমি তেখেতসকলক সোঁৱৰাবা; তেখেতসকলে যেন আধিপত্য আৰু ক্ষমতা পোৱা লোকসকলৰ বশীভুত হৈ তেওঁলোকৰ আজ্ঞা পালন কৰে, সকলো সৎকর্ম্মত যুগুত হয় থাকে
|
||
\v 2 আৰু কোনো ব্যক্তিক নিন্দা নকৰি, নির্ব্বিৰোধী আৰু ক্ষান্ত স্বভাবী হৈ সকলো মানুহৰ প্ৰতি মৃদুভাব প্ৰকাশ কৰক৷
|
||
|
||
\s5
|
||
\p
|
||
\v 3 কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ দাস্য-কর্ম্ম কৰা, হিংসা আৰু অসূয়তাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।
|
||
|
||
\s5
|
||
\p
|
||
\v 4 কিন্তু যেতিয়া আমাৰ ত্ৰাণকর্ত্তা ঈশ্বৰৰ মধুৰ স্বভাব আৰু মনুষ্য জাতিলৈ প্ৰেম প্ৰকাশিত হল,
|
||
\v 5 তেতিয়া আমি কৰা ধর্ম্ম-কর্ম্মৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ\f + \fr 3:5 \ft যো ৩:৩,৫\f* স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে৷
|
||
|
||
\s5
|
||
\p
|
||
\v 6 তাৰ কাৰণে সেই আত্মা আমাৰ ত্ৰাণকর্ত্তা যীচু খ্ৰীষ্ট্ৰ দ্বাৰাই ঈশ্বৰে আমাৰ ওপৰত বাহুল্যৰূপে বাকি দিলে,
|
||
\v 7 যাতে তেওঁৰ অনুগ্ৰহত আমি ধার্মিক বুলি গনিত হৈ, অনন্ত জীৱণৰ আশা অনুসাৰে উত্তৰাধিকাৰী\f + \fr 3:7 \ft ১ পি ১:৩-৫\f* হব পাৰো৷
|
||
|
||
\s5
|
||
\p
|
||
\v 8 এই কথা বিশ্বাসযোগ্য৷ ঈশ্ৱৰত বিশ্ৱাস কৰা সকলে যাতে তেওঁলোকৰ সন্মুখত থকা সৎকর্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে তোমাক এই আজ্ঞা মই দিছোঁ৷ এইবোৰ কথা সকলো লোকৰ পক্ষে উত্তম আৰু লাভজনক।
|
||
|
||
\s5
|
||
\p
|
||
\v 9 কিন্তু মূঢ় বাদ-বিচাৰ, বংশাৱলী, বিবাদ আৰু বিধানৰ বিষয়ে বাগযুদ্ধ, এই সকলোৰে পৰা তুমি পৃথকে থাকিবা; কিয়নো সেইবোৰ অনুপকাৰী আৰু অনর্থক।
|
||
\v 10 দলভেদী মানুহক দুই এবাৰ চেতনা দিয়াৰ পাছত তেনেলোকক অগ্ৰাহ্য কৰা;
|
||
\v 11 তেনে মানুহ যে বিপথগামী আৰু নিজ প্ৰমাণত দোষী হৈ পাপ কৰে, তাক তুমি জানা।
|
||
\s শেষ-আদেশ আৰু মঙ্গলবাদ
|
||
|
||
\s5
|
||
\p
|
||
\v 12 মই তোমাৰ তালৈ আর্ত্তিমা বা তুখিকক পঠালো, নীকপলিত মোৰ তালৈ বেগাই আহিবলৈ তুমি যত্ন কৰা; কিয়নো মই সেই ঠাইতে জাৰ-কালি কটাবলৈ স্থিৰ কৰিলোঁ।
|
||
\v 13 পণ্ডিত চিনাক আৰু আপল্লকো অতি যত্নেৰে পঠাবা যাতে তেওঁলোকৰ একোৰে অভাৱ নহয়।
|
||
|
||
\s5
|
||
\p
|
||
\v 14 আমাৰ মানুহবোৰ যেন নিষ্ফল নহয়, তাৰ কাৰণে প্ৰয়োজনীয় অভাব দূৰ কৰিবলৈ সৎকর্মত লাগি থাকিবলৈ শিকক।
|
||
|
||
\s5
|
||
\p
|
||
\v 15 মোৰ লগত থকা সকলোৱে তোমাক মঙ্গলবাদ কৰিছে। বিশ্বাসত থাকি আমাক প্ৰীতি কৰা সকলক মঙ্গলবাদ দিবা। তোমালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন....................................................
|