forked from WA-Catalog/as_ulb
62 lines
6.6 KiB
Plaintext
62 lines
6.6 KiB
Plaintext
\id PHM -Assamese Old Version Revision
|
||
\ide UTF-8
|
||
\rem copyright Information: Creative commons Attribution- ShareAlike 4.0 License
|
||
\h ফিলী.
|
||
\toc1 ফিলীমনৰ প্ৰতি পত্ৰ
|
||
\toc2 ফিলীমন
|
||
\toc3 ফিলী.
|
||
\mt ফিলীমনৰ প্ৰতি পত্ৰ
|
||
|
||
|
||
\s5
|
||
\c 1
|
||
\s ফিলীমনৰ দাস ওনীচিমক প্ৰেমেৰে গ্ৰহন কৰিবলৈ নিবেদন
|
||
\p
|
||
\v 1 আমাৰ প্রিয় ভাই আৰু সহকর্মী ফিলীমনৰ প্রতি, বন্দীয়াৰ পৌল আৰু আমাৰ ভাই তীমথিয়;
|
||
\v 2 আৰু আমাৰ ভনী আপ্পিয়া, সহসেনা আর্খপ্প আৰু তোমাৰ ঘৰত গোট খোৱা মণ্ডলীৰ প্রতি,
|
||
\v 3 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অনুগ্রহ আৰু শান্তি কামনা কৰিলো।
|
||
|
||
\s5
|
||
\p
|
||
\v 4 মোৰ প্ৰাৰ্থনাত মই তোমাৰ নাম উল্লেখ কৰি, সদায় মোৰ ঈশ্বৰৰ ধন্যবাদ দিওঁ,
|
||
\v 5 প্রভু যীচুৰ প্রতি তোমাৰ বিশ্বাস আৰু ঈশ্বৰৰ সকলো পবিত্র লোকৰ প্রতি থকা তোমাৰ প্রেমৰ কথা শুনিবলৈ পালো।
|
||
\v 6 তোমাৰ বিশ্বাসৰ সহভাগিতা যেন আমাৰ লগত থকা সকলো উত্তম বিষয়ৰ জ্ঞানত খ্ৰীষ্টৰ অৰ্থে কাৰ্যসাধক হয়, এনে প্ৰাৰ্থনা কৰোঁ।
|
||
\v 7 হে ভাই, তোমাৰ প্রেমত মই অতি আনন্দ আৰু সান্ত্বনা পালো, কিয়নো তোমাৰ দ্বাৰা ঈশ্বৰৰ পবিত্র লোক সকলৰ হৃদয় পুনৰাই সজীৱ কৰা হ’ল।
|
||
|
||
\s5
|
||
\p
|
||
\v 8 গতিকে যি উচিত সেইটো কৰিবৰ বাবে তোমাক আজ্ঞা দিবলৈ যীচু খ্রীষ্টত মোৰ সাহস আছে,
|
||
\v 9 তথাপি মই তোমাক, তোমাৰ প্রেমৰ কাৰণে ইয়াৰ পৰিৱর্তে অনুৰোধ কৰো। মই পৌল, বৃদ্ধ হৈছো আৰু এতিয়া খ্রীষ্ট যীচুৰ কাৰণে মই বন্দী।
|
||
|
||
\s5
|
||
\p
|
||
\v 10 মোৰ বন্দী অৱস্থাত জন্ম\f + \fr 1.10 \ft ১ কৰি ৪:১৫\f* দিয়া মোৰ পুত্র ওনীচিমৰ প্রসংগত মই তোমাক অনুৰোধ কৰো।
|
||
\v 11 তেওঁ আগেয়ে তোমাৰ অনুপকাৰী আছিল কিন্তু এতিয়া তোমাৰ আৰু মোৰ বাবেও উপকাৰী হ’ল।
|
||
\v 12 যি জন মোৰ প্ৰাণৰ প্ৰিয়, তেওঁকেই মই তোমাৰ ওচৰলৈ উভতাই পঠালোঁ ।
|
||
\v 13 শুভবাৰ্ত্তাৰ কাৰণে হোৱা মোৰ বন্ধনত, তোমাৰ সলনি তেওঁ যেন মোৰ পৰিচৰ্য্যা কৰে, এই কাৰণে মই তেওঁক লগত ৰাখিব খুজিছিলোঁ৷
|
||
|
||
\s5
|
||
\p
|
||
\v 14 কিন্তু তোমাৰ অনুমতি অবিহনে মই একো কৰিবলৈ আৱশ্যক নেদেখিলো, সেয়েহে তোমাৰ সৎ গুণ উপায়ন্তৰ হৈ কৰা নহওঁক, কিন্তু স্ব-ইচ্ছাৰে হওঁক।
|
||
\v 15 সম্ভৱত: তেওঁক সদাকাল পাবৰ বাবে, তোমাৰ পৰা কিছু সময়ৰ কাৰণে পৃথক কৰা হৈছিল।
|
||
\v 16 এজন দাসৰ দৰে নহয় কিন্তু দাসতকৈ শ্রেষ্ঠ, বিশেষকৈ মোৰ বাবে এজন প্রিয় ভাইৰ দৰে, মাংস আৰু প্রভু উভয়তে তোমালৈ অধিক প্রিয়।
|
||
|
||
\s5
|
||
\p
|
||
\v 17 যদি তুমি মোক সহভাগী বুলি গণ্য কৰা তেন্তে মোৰ তুল্য বুলি তেওঁক গ্ৰহণ কৰিবা।
|
||
\v 18 আৰু তেওঁ যদি তোমাক কিবা অন্যায় কৰিলে বা ধৰুৱা হৈছে, তেন্তে তাক মোৰ বুলিয়েই গণনা কৰিবা।
|
||
\v 19 মই পৌল, নিজ মনৰ সৈতে নিজ হাতে লিখিলো, মই পৰিশোধ কৰিম। তোমাৰ জীৱনৰ কাৰণে তুমি যে মোৰ ওচৰত ঋণী, সেই বিষয়ে মই নকওঁ।
|
||
\v 20 হয় ভাই, প্রভুত মোক আনন্দিত হবলৈ দিয়া আৰু খ্রীষ্টত মোৰ প্ৰাণ পুনৰ সতেজ কৰা।
|
||
|
||
\s5
|
||
\p
|
||
\v 21 তোমাৰ আনুগত্যতাত আত্মবিশ্বাস আছে, সেয়েহে মই তোমালৈ লিখিলো, তুমি মই কোৱাতকৈও অধিক কৰিবা বুলি জানিছোঁ।
|
||
\v 22 কিন্তু সেই একে সময়তে, মোলৈ এটা থকা ঠাই যুগুত কৰি ৰাখিবা; মই আশা কৰো তোমালোকৰ প্রার্থনাৰ দ্বাৰাই মই তোমালোকৰ ওচৰলৈ আহিবলৈ অনুমতি পালো।
|
||
|
||
\s5
|
||
\p
|
||
\v 23 খ্ৰীষ্ট যীচুৰ সম্বন্ধে মোৰ লগৰ বন্দীয়াৰ ইপাফ্ৰাই তোমাক মঙ্গলবাদ কৰিছে;
|
||
\v 24 আৰু মার্ক, আৰিষ্টাৰ্খ, দীমা আৰু লূক, মোৰ এই সহকাৰী সকলেও মঙ্গলবাদ কৰিছে।
|
||
\p
|
||
\v 25 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক। আমেন।
|